সমাগত নিৰ্বাচন : শাসকীয় মিত্রদলৰ মাজত হোৱা নাই আসন বুজাবুজি, কেইবাটাও সমষ্টিক লৈ নিমিলা অংক
কেইখন আসনত নিৰ্বাচন খেলিব অগপই ? বিজেপিৰ লগত অগপৰ হোৱা নাই আনুষ্ঠানিক আলোচনা ।

Published : February 27, 2026 at 5:43 PM IST
|Updated : February 27, 2026 at 5:58 PM IST
গুৱাহাটী : ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচনৰ ব্যস্ত পৰিৱেশ । নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে । সকলো ৰাজনৈতিক দলেই এতিয়া সমাগত বিধানসভা নিৰ্বাচনকলৈ ব্যস্ত ।
শাসক-বিৰোধী উভয়ে নিজৰ নিজৰ এজেণ্ডা লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে; কিন্তু নির্বাচন চমু চাপি আহিলেও শাসক আৰু বিৰোধী উভয় মিত্ৰজোঁটতে আসন বিতৰণক লৈ জটিলতা এতিয়াও অব্যাহত আছে । বৰং নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই জটিলতা অধিক তীব্ৰতৰ হৈ পৰিছে ।
বিৰোধী যিদৰে ঐক্যবদ্ধ হ'ব পৰা নাই সেইদৰে শাসক পক্ষৰ মাজতো আসন বুজাবুজিকলৈ থকা জটিলতা দূৰ হোৱা নাই । বিশেষকৈ বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজি এতিয়াও নিমিলা অংক হৈ আছে ।
লক্ষ্য়ণীয় বিষয় যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে যে তেওঁলোকৰ মাজত কোনো সমস্যা নাই আৰু আধাঘণ্টা আলোচনাত বহিলেই সকলো সমাধান হৈ যাব; কিন্তু তেনে দাবীৰ বিপৰীতে আসন বুজাবুজিৰ বিষয়টো জটিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত দুয়োটা দলৰ নেতৃবৃন্দৰ মাজত এতিয়ালৈকে আনুষ্ঠানিক আলোচনাই হোৱা নাই বুলি চৰ্চিত হৈছে । অৱশ্যে এই কথা অগপৰ সভাপতি অতুল বৰায়ো স্বীকাৰ কৰিছে ।

আসন বুজাবুজি সন্দৰ্ভত এদিন পূৰ্বে অগপ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়, "আমাৰ ছাৰ্ভে চলি আছে আৰু ছাৰ্ভে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ওলায় । জিকাৰ সম্ভাৱনা থকা সমষ্টিবোৰৰ কথা আমি ভাবিম । বিজেপিৰে আমাৰ অনানুষ্ঠানিক আলোচনা হৈছে যদিও আনুষ্ঠানিক আলোচনা হোৱা নাই । যাৰ বাবে আমি কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম সেই কথা এতিয়াও খাটাংকৈ ক'ব পৰা নাই ।"
কেইখন আসনত নিৰ্বাচন খেলিব অগপই :
উল্লেখ্য যে নিৰ্বাচনলৈ আৰু বেছি দিন নাই; কিন্তু তেনেস্থলটো অগপৰ সভাপতিগৰাকীয়ে কেইখন আসনত নিৰ্বাচন খেলিব সেই কথা এতিয়াও ক'ব পৰা নাই । সভাপতিগৰাকীয়ে পূৰ্বৰ নিৰ্বাচনৰ হিচাপহে দিছে । অতুল বৰাই কয় যে অগপই ২০১৬ চনত ৩১ খন আৰু ২০২১ চনত ২৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । সেইফালৰ পৰা চাবলৈ গ'লে এইবাৰ আসনৰ সংখ্যা দুই-তিনিখন কমিবহে পাৰে । ইফালে, অগপৰ ভিতৰ চ'ৰাত এইবাৰ ৪০ খন আসনৰ দাবী উত্থাপন হৈছে । আনহাতে নিৰ্বাচন আহিলে মিত্রদলৰ মাজত আঁকোৰগোজা স্থিতি থকাটো স্বাভাৱিক বুলি ভাৱে অতুল বৰাই । আলোচনাৰ মাজেৰে সকলো সমাধান হ'ব বুলি তেওঁ আশাবাদী যদিও নিৰ্বাচনলৈ কিন্তু বেছি দিন নাই ।

বিজেপিৰ লগত অগপৰ আলোচনা হোৱা নাই :
অগপৰ সভাপতিৰ এনে মন্তব্যৰ বিপৰীতে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সদৰী কৰা অনুসৰি ইতিমধ্যে তেওঁ অগপৰ সৈতে দুবাৰ আলোচনাত বহিছে । ইয়াৰ বিপৰীতে আঞ্চলিক দলটোৰ সভাপতি অতুল বৰাই কয়, "আমাৰ লগত বিজেপিৰ এতিয়ালৈকে আনুষ্ঠানিক কোনো আলোচনা হোৱা নাই ।"
বিজেপিৰ ৮০টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত: মুখ্যমন্ত্ৰী
ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ সদৰী কৰে যে বিজেপিৰ ৮০টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত হৈ আছে । আনহাতে বৃহস্পতিবাৰে নিশা কেবিনেটৰ পাছত দিয়া সংবাদমেলত মিত্রতাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্য়মন্ত্রী শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "মিত্রতাৰ ক্ষেত্রত ৰাভা যৌথ মঞ্চৰ লগত আমাৰ হৈ গৈছে । বি পি এফৰ লগত আমাৰ হৈ যাব । আমি ভাবো অগপৰ লগত ৯-১০ মাৰ্চৰ ভিতৰত কৰি দিম । প্ৰায় আমাৰ হৈ গৈছে । ৯-১০ মাৰ্চৰ ভিতৰত ঘোষণা কৰিব পাৰিম আৰু আমাৰ প্ৰাৰ্থীৰ নামো ওলাই যাব । ৰাজ্যসভাৰ নিৰ্বাচনটোৰ বাবে আমি অলপ লাহেকৈ গৈ আছো ।"
ইউ পি পি এল কংগ্ৰেছৰ লগত নাযায় : মুখ্যমন্ত্ৰী
"ইউ পি পি এলৰ লগত দুটা-তিনিটা কথাত সহমত অনাৰ বাবে প্ৰায় চূড়ান্ত হৈছে । কিবা কাৰণত এলাইন্স নহ'ব পাৰে; কিন্তু সহমত হ'ব পাৰে । গতিকে তাতো এটা প্ৰক্ৰিয়া চলি আছে । অহা দুই-তিনি দিনত সকলো স্পষ্ট হৈ যাব; কিন্তু এটা কথা স্পষ্ট যে ইউ পি পি এল কংগ্ৰেছৰ লগত নাযায় ।" এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।
পূৰ্বতকৈ অধিক সমষ্টি দাবী অগপৰ :
মুখ্যমন্ত্ৰী আৰু অগপৰ সভাপতিৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰা এটা কথা স্পষ্ট যে দুয়োটা মিত্রদলৰ মাজত আসন বুজাবুজি চূড়ান্ত হোৱা নাই আৰু আসনকলৈ কিছু জটিলতা আছে । যাৰ বাবে বিষয়টো যথেষ্ট পলম হৈ আছে । ইফালে, অগপ নেতৃত্বৰ এনে স্থিতিৰ বিপৰীতে অগপৰ অধিকাংশ জিলা সমিতিয়ে বিজেপিয়ে এৰি দিবলগীয়া সমষ্টিৰ সংখ্যাক লৈ শীৰ্ষ নেতৃত্বক চাপ দিছে । যাৰ বাবে এইবাৰ অগপই পূৰ্বতকৈ অধিক সমষ্টি বিজেপিৰ পৰা দাবী কৰিছে ।
অগপই বান্ধি দিছে চৰ্ত :
অগপৰ সভাপতি অতুল বৰাই ইতিমধ্যে সদৰী কৰিছে যে অগপৰ শিপা থকা সমষ্টিবোৰ বিচাৰি উলিয়াই তেনে সমষ্টিত যোৱা দিনবোৰত সাংগঠনিক কাম কৰি থকা হৈছে । নিৰ্বাচন সমাগত যদিও অগপ শিপাৰ সন্ধানতে আছে । ইফালে , অগপৰ তৃণমূলৰ নেতা-কৰ্মীসকলে বিজেপিৰ ওচৰত আন এক দাবীও উত্থাপন কৰিছে । সেই অনুসৰি অগপৰ বিধায়ক নথকা জিলাত কমেও এটা সমষ্টি বিজেপিয়ে এৰি দিব লাগে । তদুপৰি এন ডি এৰ জয়ৰ এশ শতাংশ সম্ভাৱনা থকা এটাকৈ সমষ্টিও অগপই বিচাৰিছে । বিধানসভাত দলৰ সদস্য বৃদ্ধি কৰাটো অগপই বিচাৰিছে। অগপৰ এনেবোৰ চৰ্তৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ বাবে সমষ্টিৰ বুজাবুজি কৰাটো এই সময়তো সহজ হৈ থকা নাই ।
ইফালে, বিজেপিৰো তৃণমূলৰ নেতা-কৰ্মীসকলে এইবাৰ অগপৰ বহু সমষ্টিত নিজা প্ৰাৰ্থী দিয়াৰ বাবে নেতৃত্বৰ প্ৰতি অনুৰোধ কৰিছে । যাৰ ফলত সমষ্টিৰ ভাগবটোৱাৰা কৰাটো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই । লক্ষণীয় বিষয় যে অগপৰ নেতৃত্বৰ বৰ্তমানৰ স্থিতিৰ বিপৰীতে অগপৰ কেইবাজনো জ্যেষ্ঠ নেতাই নিজকে নির্দিষ্ট সমষ্টিত ইতিমধ্যে প্রার্থীৰূপে প্ৰক্ষেপ কৰিছে । জয়নাথ শর্মা, ডাঃ কমলাকান্ত কলিতা আদিয়ে নিজকে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাত শীর্ষ নেতৃত্ব অস্বস্তিত পৰিছে ।
বিটিচিত নিমিলা অংক :
আনহাতে শাসক পক্ষৰ বাবে বিটিচিৰ হিচাপ-নিকাচ বৰ্তমানলৈ নিমিলা অংকই হৈ আছে । ইতিমধ্যে বিপিএফৰ লগত মিত্রতা নিশ্চিত বুলি ঘোষণা কৰা হৈছে । ইয়াৰ বিপৰীতে ইউ পি পি এলৰ লগত কি হ'ব সেয়া অদ্যপি স্পষ্ট হোৱা নাই । ইউ পি পি এলৰ লগত বিজেপিৰ মিত্ৰতাৰ বান্ধোন এতিয়াও এক ডাঙৰ প্ৰশ্ন হৈ ৰৈছে । বিটিচিৰ পৰিষদীয় নির্বাচনত বিজেপিয়ে প্ৰৱঞ্চনা কৰা বুলি বিশ্বাস কৰে ইউ পি পি এলৰ তৃণমূলৰ কৰ্মীৰ লগতে বহু নেতাই । সেই কাৰণে বিধানসভা নিৰ্বাচনত ইউ পি পি এলে এককভাৱে প্রতিদ্বন্দ্বিতা কৰাটো দলীয় কৰ্মীয়ে বিচাৰিছে । যাৰ বাবে ইউ পি পি এলৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে মিত্রতাৰ বিপৰীতে সহমতৰ কথা কৈছে ।
বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰস্তুত :
মিত্রদলৰ লগত আসন বুজাবুজি চূড়ান্ত হোৱা নাই যদিও বিজেপিয়ে ইতিমধ্যে নিজৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে আৰু মুখ্যমন্ত্রীয়ে শীঘ্ৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথাও সদৰী কৰিছে । বাজপেয়ী ভৱনত চলা চৰ্চা অনুসৰি যিবোৰ সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সকলোৱে জানে সেইবোৰৰ প্রার্থী তালিকাত স্বাভাৱিকতে কোনো জটিলতা নাই । সেই তালিকাই ঘোষণাৰ সম্ভাৱনা আছে আৰু ইয়াকে লৈ শেহতীয়া কেইবাখনো নির্বাচনী বৈঠকত দলীয় নেতৃত্বই আলোচনা কৰিছে । ইফালে, প্ৰাৰ্থী তালিকা ঘোষণা নকৰিলেই বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজৰ নিজৰ সমষ্টিত পূৰ্ণোদ্যমে প্ৰচাৰ অভিযান চলাই আছে ।

