ETV Bharat / politics

নিৰ্বাচনী ৰণশিঙা বজালে অগপই : আসন বুজাবুজিৰ পূৰ্বেই মধ্য গুৱাহাটীত বিশাল সংকল্প সমাৰোহ

বিজেপিয়ে অগপক মধ্য গুৱাহাটী সমষ্টিটো এৰি দিব নে ?

Sankalpa Samaroh of AGP in Guwahati Central Assembly Constituency
ধ্য গুৱাহাটী (চেণ্ট্ৰেল) সমষ্টিত ৰণশিঙা বজালে অগপই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 1, 2026 at 8:46 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: মিত্রদল বিজেপিৰে আসন বুজাবুজি চূড়ান্ত হোৱাৰ পূৰ্বেই মধ্য গুৱাহাটী বিধানসভা সমষ্টিত নিৰ্বাচনী ৰণশিঙা বজালে অগপই । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পশ্চিম গুৱাহাটী সমষ্টিটো নোহোৱা হৈ নতুনকৈ মধ্য গুৱাহাটী (চেণ্ট্ৰেল) সমষ্টি হয় ।

অগপৰ পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এইব‍াৰ মধ্য গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে । মিত্রদল বিজেপিয়ে অগপক মধ্য গুৱাহাটী সমষ্টিটো এৰি দিব নে নাই সেই কথা এতিয়াও নিশ্চিত হোৱা নাই ৷ কিন্তু এই অনিশ্চয়তাৰ মাজতে দেওবাৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হয় অগপৰ বিশাল 'সংকল্প সমাৰোহ' ।

অগপৰ বিশাল সংকল্প সমাৰোহ (ETV Bharat Assam)

অগপ শক্তিশালী মানে আঞ্চলিকতাবাদ শক্তিশালী :

অগপৰ মধ্য গুৱাহাটী বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত আয়োজন কৰা 'সংকল্প সমাৰোহ'ৰ যোগেদি অগপই গুৱাহাটীত নিৰ্বাচনৰ ৰণশিঙা বজায় । সমাৰোহত অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰাই কয়, "নিৰ্বাচনলৈ বেছি দিন নাই । দলৰ কৰ্মকৰ্তাসকলে দলটোক শক্তিশালী কৰিবলৈ ৰাজ্যজুৰি অহোপুৰুষাৰ্থ কৰিছে । বহুত প্ৰত্যাহ্বান আহিছে যদিও আমি সকলো নেওচি আগুৱাই গৈছো । ৰাইজৰ তেজেৰে গঢ়া অগপ দলটোক আমি ৰাইজৰ মাজত জীয়াই ৰাখিব লাগিব । অগপ শক্তিশালী মানে আঞ্চলিকতাবাদ শক্তিশালী ।"

অসম চুক্তি ৰূপায়ণত আগুৱাই যাব পাৰিছো :

সভাপতি বৰাই কয়, "কংগ্ৰেছ দীঘলীয়া সময় শাসনত আছিল । কংগ্ৰেছে বিদেশী অনা বাবেই অসম আন্দোলন হৈছিল । কংগ্ৰেছৰ অপকৰ্মই জনসাধাৰণক অতিষ্ঠ কৰিছিল । দীঘলীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি হৈছিল আৰু অসম চুক্তি ৰূপায়ণৰ বাবেই অগপৰ জন্ম । অগপ দল দুবাৰ শাসনত আছিল যদিও কেন্দ্ৰত থকা চৰকাৰৰ সমৰ্থন নোপোৱা বাবেই আমি সফল হ'ব নোৱাৰিলো । যাৰ বাবে অসমৰ ৰাইজে আমাক শাসনলৈ অহাৰ সুবিধা নিদিলে । এন ডি এৰ অংশীদাৰ হৈ আমি বহুত কাম কৰিব পাৰিলো । অসম চুক্তি ৰূপায়ণৰ ক্ষেত্রত আমি আগুৱাই যাব পাৰিছো । বিদেশীক পুচবেক কৰিব পাৰিছো ।"

Sankalpa Samaroh of AGP in Guwahati Central Assembly Constituency
অগপৰ বিশাল সংকল্প সমাৰোহ (ETV Bharat Assam)

কংগ্ৰেছৰ লগত থকা বিৰোধী শক্তিক উৎখাতৰ সংকল্প :

সভাপতিগৰাকীয়ে লগতে কয়, "গুৱাহাটী ৰূপ সলনি হ'ল । নতুন নতুন আন্তঃগাঁথনি হৈছে । এইবাৰ অসমৰ জনতাই পুনৰ এন ডি এক শাসনভাৰ দিব । অসম চুক্তি ৰূপায়িত হোৱাটো আমি বিচাৰো । জাতীয় সমস্যা সমাধানৰ বাবে কাম কৰিব লাগিব । নিবনুৱা সমস্যা এটা ডাঙৰ সমস্যা । চৰকাৰখনে ডেৰ লাখৰো অধিক চাকৰি দিছে । ঘৰে ঘৰে সংস্থাপন আৰু উৎপাদন আমাৰ লক্ষ্য । কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা বিৰোধী শক্তিক উৎখাতৰ সংকল্প আমি ল'ব লাগিব । বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা সমাজ জীৱনৰ লগত জড়িত ব্যক্তি । এজন বিধায়ক হিচাপে কৰণীয়খিনি তেওঁ কৰি আহিছে । তেওঁ সমষ্টিৰ ৰাইজৰ মাজতে থাকে । বিধানসভাত তেওঁ সমষ্টিক লৈ সৰৱ হৈ থাকে । সমস্যাৰ সমাধানৰ বাবে সবলভাৱে বিধানসভাত উত্থাপন কৰি আহিছে ।"

পৰীক্ষাৰ দৰে কষ্ট কৰিব লাগিব :

সভাপতি বৰাই কয়, "এইবাৰ পুনৰ আমাৰ চৰকাৰ হ'ব তাত কোনো সন্দেহ নাই । ৰাজ্যখনৰ বৰ্তমানৰ দ্ৰুত বিকাশ পূৰ্বতে কেতিয়াও হোৱা নাই । দেশৰ দ্ৰুত বিকশিত ৰাজ্য হৈছে অসম । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ এন ডি এৰ চৰকাৰ হ'ব । আমি এটা ধৰ্মনিৰপেক্ষ আঞ্চলিক ৰাজনৈতিক দল । এইখন চৰকাৰৰ দিনত সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হৈছে । খিলঞ্জীয়া ৰাইজে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে । আমি আমাৰ দলটোৰ গৌৰৱ ঘূৰাই আনিব লাগিব । এই সময়টো গুৰুত্বপূৰ্ণ সময় । পৰীক্ষাৰ দৰে কষ্ট কৰিব লাগিব এই নিৰ্বাচনত । মহানগৰত আমাৰ সবল ভেটি থাকিব লাগিব ।"

Sankalpa Samaroh of AGP in Guwahati Central Assembly Constituency
অগপৰ বিশাল সংকল্প সমাৰোহ (ETV Bharat Assam)

সভাপতিগৰাকীয়ে পুনৰ কয়, "অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ, পৰিচয় আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অসমবাসীৰ ত্যাগৰ বিনিময়ত অগপ দল প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতিষ্ঠাকালৰে পৰা অগপই অসম-অসমীয়াৰ হকে সমৰ্পিতভাৱে কাম কৰি আহিছে । অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অনাগত দিনবোৰতো অগপৰ গৌৰৱ ধ্বজা ধৰি ৰাখি আমি সেৱা আগবঢ়াই যোৱাৰ বাবে সংকল্পবদ্ধ ।"

বিধানসভাত ৩০ বছৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ :

সংকল্প সমাৰোহত অংশ গ্ৰহণ কৰি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয়, "বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৩০ বছৰ বিধানসভাত আছে । তেওঁ বিধানসভাৰ পৰা কিবা নহয় কিবা উন্নয়নৰ কাম আনে । তেওঁ বিধানসভাত সদায়ে সৰৱ হৈ থাকে । তেওঁ সমষ্টিক লৈ সদায় সচেতন আৰু বিধানসভাৰ পৰা সমষ্টিবাসীৰ বাবে কিবা নহয় কিবা আদায় কৰি আনে ।"

গুৱাহাটীৰ পাহাৰত ভূমিৰ পট্টা :

গুৱাহাটীৰ পাহাৰত ভূমিৰ পট্টা দিয়াৰ প্ৰসংগত কাৰ্যকৰী সভাপতি মহন্তই কয়, "বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পাহাৰৰ বাসিন্দাৰ ভূমিৰ পট্টাৰ বিষয়টো প্ৰায়ে কৈ থাকে । এই বিষয়টো মুখ্যমন্ত্রীৰ দৃষ্টিগোচৰ হৈছে । পাহাৰৰ মাটিৰ ক্ষেত্রত কেইখনমান আইনে বাধা দি আহিছে । পাহাৰ খহি পৰাৰ আশংকা হয় । দেবোত্তৰ মাটিৰ কথা আছে । পাহাৰত ভূমিৰ পট্টা যিকোনো প্ৰকাৰে দিব পাৰো তাৰ প্ৰস্তাৱ কেবিনেটত উত্থাপন কৰা হ'ব । নিৰ্বাচনৰ পূৰ্বে পাহাৰত মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰা হ'ব । পাহাৰৰ বাসিন্দাই শীঘ্ৰেই ভাল খবৰ পাব । আইনৰ সংশোধন কৰা হ'ব । পাহাৰত থকা খিলঞ্জীয়া লোকে মাটিৰ পট্টা নিশ্চিতভাৱে পাব । তাৰ বাবে আমাৰ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।"

Sankalpa Samaroh of AGP in Guwahati Central Assembly Constituency
অগপৰ বিশাল সংকল্প সমাৰোহ (ETV Bharat Assam)

১০ লাখ লোকে মাটিৰ পট্টা পাইছে :

কাৰ্যকৰী সভাপতি মহন্তই পুনৰ কয়, "অগপ বিজেপিৰ অংশীদাৰ । মিত্ৰজোঁটত থাকি অসম চুক্তিৰ বহু দফা ৰূপায়ণ কৰিবলৈ সক্ষম হৈছো । ১০ লাখ লোকে মাটিৰ পট্টা পাইছে । আমি অসমৰ উন্নয়ণৰ অংশীদাৰ হৈছো । মিত্ৰজোঁটৰ চৰকাৰখনত ৰাইজে বিচৰা ধৰণে উন্নয়ন লাভ কৰিছে । খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হৈছে । ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আপোনালোকে আশীৰ্বাদ দিব লাগিব যাতে মিত্রজোঁটৰ চৰকাৰখন পুনৰ আহে ।"

সমাৰোহত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ আগবঢ়ায় । অগপৰ মধ্য গুৱাহাটী বিধানসভা সমষ্টি সমিতিৰ সভাপতি হেমেন ডেকাই শলাগৰ শৰাই আগবঢ়ায় । সংকল্প সমাৰোহত লোকসভাৰ সাংসদ তথা জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কেন্দ্ৰীয় সমিতিৰ ডাঃ কমলা কলিতা, মনোজ শইকীয়া, সুনীল ডেকা, ধৰ্মেশ্বৰ ৰয়, ডাঃ জয়নাথ শৰ্মা, হিৰণ্য কোঁৱৰ, অপূৰ্ব ভট্টাচাৰ্য, অংশুমান দত্ত, কিশোৰ দাসকে ধৰি দলৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:বিজেপিৰ লগত সন্মানজনক মিত্ৰতা বিচাৰে অসম গণ পৰিষদে : দেৰগাঁৱৰ পিছত টীয়কত অগপই দেখুৱালে শক্তি

আনুষ্ঠানিক আলোচনা নোহোৱা বাবে সমষ্টিৰ কথা খাটাংকৈ ক'ব পৰা হোৱা নাই : অতুল বৰা