লাহৰীঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ ভয়ংকৰ বিদ্ৰোহ
২০২১ চনৰ পৰা আচিফ নাজাৰ বিধায়ক হিচাপে আছে । অৰ্থাৎ প্ৰায় অর্ধ শতাব্দী ধৰি এই সমষ্টিৰ ৰাজনীতি এটা পৰিয়ালৰ মাজতেই সীমাবদ্ধ হৈ আছে ।

Published : March 16, 2026 at 7:21 PM IST
ধিং : প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত অব্যাহত আছে বিদ্ৰোহ । বঙহৰ যুঁজত এইবাৰ বিধ্বস্ত হোৱাৰ দিশে গতি কৰিছে লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছ । বিধায়ক আচিফ মহম্মদ নাজাৰ আৰু ডাঃ ফৰিদুল হুছেইনৰ টিকটক লৈ লাহৰীঘাট সমষ্টিত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত বিদ্ৰোহ আৰম্ভ হোৱাৰ লগতে দলীয় নেতৃত্বৰ বিৰুদ্ধে থিয় দিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ ।
কংগ্ৰেছৰ দ্বিতীয়খন তালিকা প্ৰকাশ হৈছে যদিও এই তালিকাত লাহৰীঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভৰ নাম নাই । আগতীয়াকৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ হুংকাৰ- বিধায়ক আচিফ মহম্মদ নাজাৰে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিলে দল ত্যাগ কৰাৰ সিদ্ধান্ত ল'ব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
এই কথা দলীয় হাইকমাণ্ডক লিখিতভাৱে অৱগত কৰিছে । তাকে লৈ সমষ্টিটোত আৰম্ভ হৈছে তীব্ৰ অঁৰিয়াঅঁৰি । যোৱাটো বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্ৰতাৰ ফলত বিধায়ক আচিফ মহম্মদ নাজাৰ জয়ী হৈছিল । মাত্ৰ ১৭০০ ভোটৰ ব্যৱধানত জয়ী হোৱা বিধায়ক আচিফ মহম্মদ নাজাৰে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিলে শোচনীয় পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে । সেয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লাহৰীঘাট সমষ্টিৰ বিশিষ্ট চিকিৎসক ডাঃ ফৰিদুল হুছেইনক দলে টিকট দিব লাগে বুলি দাবী জনাইছে ।
ভুৰাগাঁও জিলা পৰিষদৰ কংগ্ৰেছ দলৰ সদস্য, মৈৰাবাৰী জিলা পৰিষদৰ অভিভাৱক ইজ্জত আলীকে ধৰি মৈৰাবাৰী ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতিয়ে দাবী কৰিছে, যদি আচিফ মহম্মদ নাজাৰক দলীয় টিকট প্ৰদান কৰা হয় তেন্তে এই লাহৰীঘাট সমষ্টিটো এ আই ইউ ডি এফ দলৰ দখললৈ যাব । বিধায়ক আচিফ মহম্মদ নাজাৰে দলীয় কৰ্মীসকলক গুৰুত্ব নিদিয়ে বুলিও অভিযোগ উত্থাপন কৰিছে পঞ্চায়ত প্ৰতিনিধিসকলে ।

উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত লাহৰীঘাট সমষ্টিৰ বিধায়ক আচিফ মহম্মদ নাজাৰক পুনৰ প্ৰাৰ্থিত্ব দিয়াৰ বাবে এ পি চি চিয়ে কুচকাৱাজ আৰম্ভ কৰিছে । ইয়াকে লৈ বিতুষ্ট হৈ পৰিছে অধিকাংশ পঞ্চায়ত প্ৰতিনিধি আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ । এই সমষ্টিত দীৰ্ঘদিন ধৰি একেটা পৰিয়ালৰ ৰাজনৈতিক আধিপত্য চলি আহিছে ।
১৯৬৭, ১৯৭২ আৰু ১৯৭৮ চনত আবুল কাচেম এই সমষ্টিৰ পৰা বিধায়ক আছিল । তাৰ পাছত ১৯৯৬ চনৰ পৰা ২০১৬ চনলৈকে একেটা পৰিয়ালৰে সৰু ভাতৃ প্ৰয়াত ডাঃ নজৰুল ইছলাম একেৰাহে ৫ টা কাৰ্যকালত দুবাৰকৈ বিধায়ক আৰু ২০০২ চনৰ পৰা ২০১৬ চনলৈ তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰীসভাত তিনিটা কাৰ্যকাল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
২০২১ চনৰ পৰা তেওঁৰ পুত্ৰ আচিফ নাজাৰে বিধায়ক হিচাপে দায়িত্ব লৈ আছে । অৰ্থাৎ প্ৰায় অর্ধ শতাব্দী ধৰি এই সমষ্টিৰ ৰাজনীতি এটা পৰিয়ালৰ মাজতেই সীমাবদ্ধ হৈ আছে । কিন্তু দুৰ্ভাগ্যজনক যে দীৰ্ঘ সময় ক্ষমতাত থকাৰ পিছতো লাহৰীঘাট সমষ্টিৰ উন্নয়ন আজিও বহু ক্ষেত্ৰত কাগজৰ পাততহে সীমাবদ্ধ হৈ আছে । ৰাস্তা-ঘাটৰ বেয়া অৱস্থা, বানপানীৰ সমস্যা, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ দুৰ্বল ব্যৱস্থা, কৃষকৰ দুখ-কষ্ট এইবোৰ সমস্যাই আজিও সমষ্টিৰ ৰাইজক কষ্ট দিছে । বহু সময়ত দেখা যায় যে সমষ্টিৰ বহু গাঁও এতিয়াও উন্নয়নৰ মৌলিক সুবিধাৰ পৰা বঞ্চিত ।
বিগত দিনত প্ৰয়াত ডাঃ নজৰুল ইছলামে তিনিটা কাৰ্যকাল মন্ত্ৰিত্ব হৈ থাকিলেও সমষ্টিৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ স্থায়ী সমাধান কৰিব পৰা নাই । তথাপিও লাহৰীঘাটৰ ৰাইজে মন্ত্ৰীগৰাকীৰ প্ৰতি আস্থা ৰাখি তেওঁৰ পুত্ৰ আচিফ নাজাৰকো কংগ্ৰেছৰ প্ৰতীকত ভোট দি জিকাইছিল । কিন্তু বৰ্তমান সময়ত বহু ৰাইজৰ মাজত গভীৰ হতাশা সৃষ্টি হৈছে । ৰাইজৰ ধাৰণা হৈছে যে বিধায়ক আচিফ নাজাৰৰ সময়ছোৱাত উন্নয়নৰ ক্ষেত্ৰত কোনো উল্লেখযোগ্য পৰিৱর্তন দেখা নাযায় ।
বহু মানুহৰ অভিযোগ— বিধায়কজনক ৰাইজৰ মাজত কম দেখা যায়, সমস্যা সমাধানত আগ্ৰহো তেনেই সীমিত । ফলস্বৰূপে লাহৰীঘাট সমষ্টিৰ বহু সচেতন ভোটাৰে অনুভৱ কৰিছে যে একেটা পৰিয়ালৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক আধিপত্যই সমষ্টিৰ সুস্থ গণতান্ত্ৰিক পৰিবেশকো ক্ষতিগ্ৰস্ত কৰিছে । নতুন চিন্তা, নতুন নেতৃত্ব আৰু নতুন উদ্যমৰ অভাৱৰ বাবে সমষ্টিৰ সামগ্ৰিক উন্নয়ন বাধাগ্ৰস্ত হৈছে । সেয়ে লাহৰীঘাট সমষ্টিৰ বাবে এজন যোগ্য, পৰিশ্ৰমী, শিক্ষিত আৰু ৰাইজৰ মাজত গ্ৰহণযোগ্য নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ দাবী তুলিছে ।
এই সন্দৰ্ভত ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতিয়ে কয়, "যোৱা বিধানসভা নিৰ্বাচনত ইউ ডি এফ আৰু কংগ্ৰেছে এলায়েন্সত ইলেকচন খেলিছিল লাহৰীঘাট সমষ্টিত । প্ৰাক্তন মন্ত্ৰী ডঃ নজৰুল ইছলাম জীৱিত অৱস্থাত ইলেকচন খেলা হৈছিল । সেই সময়তো ১৭০০ ভোটত ইউ ডি এফৰ এলায়েন্সত জিকিব পাৰিছিলোঁ । তেতিয়াই মানুহে বহুত বিদ্ৰোহ কৰিছিল লাহৰীঘাটত যে আমাক নতুন কেনডিডেট লাগে, নতুন মুখ লাগে । তেতিয়া আমাৰ দলীয় নেতৃত্বই আদৰি লৈছিল, আকোঁৱালি লৈছিল । এইবাৰ যিটো বিদ্ৰোহ আৰম্ভ হৈছে লাহৰীঘাটত আমাৰ সমষ্টিৰ চুকে-কোণে দলীয় প্ৰচাৰৰ বাবে ঘূৰি ফুৰিছোঁ আৰু ৰাইজৰ মুখে মুখে এটা কথাই শুনা পাইছোঁ এইবাৰ যদি দলে পৰিৱৰ্তন নকৰে তেতিয়া ৰাইজে পৰিৱৰ্তন কৰি দেখুৱাব ।"

