কংগ্ৰেছে কোৱা মিত্ৰতাৰ বল ৰাইজৰ দলৰ ক'ৰ্টত নাই; মিত্ৰতা সন্দৰ্ভত ৰাইজৰ দলৰ স্পষ্টীকৰণ
চূড়ান্ত হোৱা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা । নিৰ্বাচনৰ আসন বুজাবুজিক লৈ আউল । ৰাইজৰ দলৰ প্ৰশ্ন, মিত্ৰতা আচলতে কাৰ ক'র্টত ?

Published : March 2, 2026 at 7:48 PM IST
গুৱাহাটী : সমাগত অসম বিধানসভাৰ নিৰ্বাচন । কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়াও চূড়ান্ত হোৱা নাই বিৰোধী মিত্ৰজোঁটৰ আসন বুজাবুজি । বিশেষকৈ প্ৰধান বিৰোধী কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ মিত্ৰতাক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই । আনহাতে, নিৰ্বাচনৰ আসন বুজাবুজিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত এতিয়াও চলি আছে মতানৈক্য ।
সোমবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কার্যলয়ত এক সংবাদমেল অনুষ্ঠিত হয় । নিৰ্বাচনকেন্দ্ৰিক মিত্ৰতা সম্পৰ্কত ৰাইজৰ দলৰ তৰফৰ পৰা অসমবাসীলৈ স্পষ্টীকৰণ দিয়াৰ বাবে সংবাদমেলখন অনুষ্ঠিত কৰা হয় ।
সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়াই কয়, "অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত এইকেইদিন বক্তব্য ৰাখি কৈ আছে যে কংগ্ৰেছৰ তৰফৰ পৰা ৰাইজৰ দলক এটা ভাল প্রস্তাৱ দিয়া হৈছে । ৰাইজৰ দলৰ উত্তৰৰ বাবে বাট চাই আছে । মিত্রতাৰ বল এতিয়া ৰাইজৰ দলৰ ক'ৰ্টত । কিন্তু এই কথা সত্য নহয় । আচলতে মিত্ৰতাৰ আলোচনাৰ প্ৰথম দিনটোৰ পৰা মিত্ৰতাৰ বল কংগ্ৰেছৰ ক'ৰ্টতে আছে ।"
তেওঁ লগতে কয়, "গৌৰৱ গগৈয়ে আমাৰ দলক দিয়া যি ভাল প্রস্তাৱৰ কথা কৈছে, সেই প্রস্তাৱত আমি বিচৰা সমষ্টিৰ ৪ খন আসনহে পোনপটীয়াকৈ আমাৰ দলক এবি দিয়া হৈছে । ৰাইজৰ দলে প্রথমে ২৭ খন আসনৰ এক তালিকা কংগ্ৰেছ দলৰ নেতৃত্বক প্রদান কৰিছিলোঁ । পৰৱৰ্তী সময়ত কংগ্ৰেছৰ লগত আলোচনামর্মে এই তালিকা ২২ খনলৈ সীমিত কৰোঁ । কিন্তু কংগ্রেছ নেতৃত্বই জনায় যে ২২ খন আসন দিব নোৱাৰে । সেয়ে ৰাইজৰ দলৰ কর্ণধাৰ সমিতিৰ সিদ্ধান্ত অনুসৰি ১৫ খন আসনত খেলাৰ সিদ্ধান্ত গ্রহণ কৰি আমি ১৮ টা সমষ্টিৰ এখন তালিকা দিওঁ । এইখন তালিকাৰ ওপৰতে কংগ্ৰেছ দলে দায়িত্ব দিয়া প্রদেশ কংগ্রেছৰ চাৰিগৰাকী শীর্ষ নেতা ক্রমে বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ প্রদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন আৰু প্রদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতি ৰিপুণ বৰাৰ লগত ৰাইজৰ দলৰ বৈঠক অনুষ্ঠিত হয় ।"
বৈঠক সন্দৰ্ভত তেওঁ কয়, "এই বৈঠকত আমি দিয়া ১৮ টা সমষ্টিৰ তালিকাৰ পৰা আমাক পোনপটীয়াকৈ প্রতিদ্বন্দ্বিতাৰ বাবে ৪ টা সমষ্টি আৰু বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ বাবে আন ৪ টা সমষ্টিৰ প্রস্তাব দিয়ে । লগতে তালিকাত নথকা আন ৫ টা সমষ্টিত প্রতিদ্বন্দ্বিতাৰ প্রস্তাৱো দি য়ে। দলে বিচাৰি থকা ১৫ টা সমষ্টিৰ পৰা এইদৰে ১৩ টা সমষ্টিৰ প্রস্তাৱ আমাক দি জনায় যে বাকী দুটা সমষ্টি প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আমাক আলোচনাৰ মাধ্যমেৰে দিব । এইটোৱেই হ'ল গৌৰৱ গগৈয়ে কৈ থকা ৰাইজৰ দলক কংগ্ৰেছে দিয়া ভাল প্রস্তাৱ ।"
ৰাইজৰ দলৰ অসন্তুষ্টি সন্দৰ্ভত তেওঁ কয়, "আমি এই প্রস্তাৱত অসন্মত হওঁ, কিয়নো ৰাইজৰ দলে নির্বাচনী প্রস্তুতি চলাই থকা আৰু লগতে জয়ৰ সম্ভাৱনা থকা সমষ্টিৰ আসন নিদি নিবিচৰা আসনত আমাক প্ৰতিদ্বন্দ্বিতাৰ প্রস্তাৱ দিয়া হৈছে । আমি বিচৰা আসনত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰাৰো প্ৰস্তাৱ আমাক দিয়া হৈছিল । ১৯ ফেব্ৰুৱাৰীত এই বৈঠক অনুষ্ঠিত হৈছিল । পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ নেতৃত্বৰ লগত সমষ্টিকেন্দ্রিক টেলিফোনিক কথা-বার্তাতো আমি আমাৰ অসন্মতিৰ কথা জনাই আহিছোঁ । এই সময়ছোৱাত কেতিয়াবা কোনোবাখন আসন এৰি দিয়াটো নিশ্চিত বুলি কয় । কিন্তু পিছত জনায় যে নহ'ব ।"
তেওঁ লগতে কয়, "২৬ ফেব্ৰুৱাৰীত যোগেন্দ্র যাদৱ ডাঙৰীয়াই দলৰ সভাপতি অখিল গগৈক সাক্ষাৎ কৰে । এই বৈঠকত বিশিষ্ট অধিবক্তা তথা অসম নাগৰিক সন্মিলনৰ শান্তনু বৰঠাকুৰ ডাঙৰীয়াও উপস্থিত থাকে । তেখেতসকলৰ পৰামৰ্শ অনুসৰি মিত্ৰতাৰ স্বাৰ্থত, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি কেৱল আমাৰ দলে বিচাৰি থকা আসনৰ পৰা আৰু কেৱল এখন আসন এৰি দিয়াৰ প্রস্তাৱ তেখেতসকলৰ জৰিয়তে আগবঢ়াওঁ ।"
আনহাতে, কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয়, "আজিৰ তাৰিখত কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলৰ কেনো প্রত্যক্ষ আলোচনা চলি থকা নাই । কিন্তু যোগেন্দ্র যাদৱ ডাঙৰীয়াই জনোৱা মতে আলোচনা চলি আছে, আলোচনা যোগাত্মক বুলিও কৈ আছে । কিন্তু কোনো ধৰণৰ নিশ্চিত যোগাত্মক খবৰ আমি পোৱা নাই । ৰাইজৰ দলে সেয়ে প্রশ্ন উত্থাপন কৰে মিত্ৰতাৰ বল এতিয়া আচলতে কাৰ ক'ৰ্টত ? ৰাইজৰ দলৰ ক'ৰ্টত নে কংগ্ৰেছৰ ক'ৰ্টত ? ৰাইজৰ দলে মিত্রতাকেন্দ্রিক অচলাৱস্থাত দলে কি কৰা উচিত, তাক লৈ অসমবাসী বাইজৰ পৰামর্শ বিচাৰিছোঁ ।"
উল্লেখ্য যে সম্প্ৰতি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত নিৰ্বাচনৰ আসন বুজাবুজি সন্দৰ্ভত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা চূড়ান্ত হ'ব নে নাই সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

