ETV Bharat / politics

প্ৰাৰ্থীক জানো আহক : নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ডাঃ হৰিকান্ত দাসৰ মনৰ কথা...

লখিমপুৰৰ নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ডাঃ হৰিকান্ত দাস । চিকিৎসা সেৱা এৰি প্রথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত নমা ডাঃ হৰিকান্ত দাসৰ বিষয়ে জানো আহক...

Assam Assembly election 2026
লখিমপুৰৰ নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ডাঃ হৰিকান্ত দাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 12:30 PM IST

6 Min Read
Choose ETV Bharat

লখিমপুৰ : অৱশেষত মিত্ৰতা নহ’লগৈ । কংগ্রেছে আঁকোৱালি নল’লে ৰাইজৰ দলক । সেয়ে ৰাইজৰ দলেও নিজাকৈ বিভিন্ন সমষ্টিত দলীয় প্রার্থীৰ নাম ঘোষণা কৰে ।

ইতিমধ্যে ৰাইজৰ দলে লখিমপুৰৰ ৭৫ নং নাওবৈচা সমষ্টিত দলীয় প্রার্থী ৰূপে ঘোষণা কৰে ডাঃ হৰিকান্ত দাসৰ নাম । পিছে কোন এইজন হৰিকান্ত দাস ? প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত নামিব খোজা ৰাইজৰ দলৰ নাওবৈচা সমষ্টিৰ প্ৰাৰ্থীগৰাকীক এই প্ৰতিবেদনত জানো আহক ।

লখিমপুৰৰ নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ডাঃ হৰিকান্ত দাস (ETV Bharat Assam)

ডাঃ হৰিকান্ত দাস, পেশাত এজন চিকিৎসক । পিছে তেওঁ সাধাৰণতে বিনামূলীয়াকৈ আগবঢ়াই চিকিৎসা সেৱা । চিকিৎসা ক্ষেত্রৰ পৰা তেওঁ বৰ্তমান ৰাজনীতিলৈ আহিল । ৰাইজৰ দলৰ তেওঁ নাওবৈচা সমষ্টিৰ প্ৰাৰ্থী ।

শেষৰটো বিধানসভাৰ নিৰ্বাচনত নাওবৈচা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল ১২ জন প্ৰাৰ্থীয়ে । তাৰ ভিতৰত ৫২ হেজাৰ ৯০৫ টা ভোট লাভ কৰি কংগ্রেছৰ ভৰত নৰহে বিজয় সাব্যস্ত কৰে ৷ পিছে পাঁচটা বছৰত সমষ্টিটোত বিধায়কজনে বিশেষ একো কাম নকৰাৰ অভিযোগ সমষ্টিবাসীৰ ।

মাজে সময়ে সমষ্টিৰ ৰাইজে প্ৰতিবাদো কৰে । ৰাস্তাঘাট, শিক্ষা, চিকিৎসা আদি প্ৰায় সকলো দিশত পিছ পৰি ৰ’ল নাওবৈচা সমষ্টি ।

Assam Assembly election 2026
৭৫ নং নাওবৈচা সমষ্টিৰ বিষয়ে জানো আহক... (ETV Bharat Assam)

সমাগত নিৰ্বাচনক লৈ আন সমষ্টিৰ দৰে নাওবৈচাটো বিভিন্ন দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে খদমদম লগাইছে । কংগ্রেছৰ পৰা জয় প্ৰকাশ দাস প্ৰাৰ্থিত্ব প্ৰত্যাশীৰূপে আছে যদিও দলে এই পৰ্যন্ত দলে আনুষ্ঠানিক ঘোষণা কৰা নাই । শাসকীয় দলৰ পৰা কেইবাজনেও সমষ্টিটো প্ৰাৰ্থিত্ব দাবী কৰিছে । এই পৰ্যন্ত কেৱল ৰাইজৰ দলেহে ডাঃ হৰিকান্ত দাসক প্ৰাৰ্থী ৰূপে ঘোষণা কৰিছে ।

  • কিয় ৰাজনীতি লৈ আহিল ডাঃ হৰিকান্ত দাস ?

ডাঃ হৰিকান্ত দাস ৰাইজৰ দলৰ উপ সভাপতি । তেওঁ কয়, ‘‘মই প্ৰায় বিনামূলীয়া কৈ ৰাইজক চিকিৎসা সেৱা কৰি আহিছো । বিশেষকৈ মেলেৰিয়া মহামাৰীৰ সময়ত, ক’ভিড কালত গাঁৱে ভূঞে গৈ চিকিৎসা, পৰামৰ্শ আৰু সজাগতাৰ ক্ষেত্রত কাম কৰিছিলো । পিছে এনেবোৰ ক্ষেত্রত শক্তিশালীভাৱে কাম কৰিবলৈ, অপ শক্তি, অপ কৰ্মৰ পৰা নৱ প্ৰজন্মক ৰক্ষা কৰিবলৈ বিধানসভাৰ মজিয়াত সজোৰে বিষয়বোৰ উত্থাপন কৰিবলৈ জাতীয় ভাৱাপন্নতাৰে কাম কৰিবলৈ ৰাজনৈতিক দলৰ প্ৰয়োজন । সেই কথা উপলদ্ধি কৰি ৰাইজৰ দলত যোগদান কৰিলো । ২০১৯ ৰ কা আন্দোলনৰ সময়ত এনে আইন প্ৰতিহত কৰাৰ বাবে এখন চৰকাৰৰ পৰিকল্পনা কৰি ২০২০ ৰ ২ অক্টোবৰত ৰাইজৰ দলৰ জন্ম দিছিলো । তাৰ আগতে অনুসূচীত জাতি ছাত্র সন্থা, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, আছু আদিৰেও জড়িত আছিলো ।’’

Assam Assembly election 2026
৭৫ নং নাওবৈচা সমষ্টিত কোন, কোন দলৰ প্ৰাৰ্থিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ? (ETV Bharat Assam)

নাওবৈচা সমষ্টিত সমাগত নিৰ্বাচনৰ যুঁজখনৰ সাম্ভাব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘নিশ্চিতভাৱে কংগ্রেছ প্ৰতিদ্বন্দ্বীৰূপে থাকিব । কিন্তু কংগ্রেছৰ বিৰুদ্ধে নহয় ফেচিষ্ট বিজেপিৰ বিৰুদ্ধেহে যুঁজখন হ’ব ৰাইজৰ দলৰ লগত । কংগ্রেছৰ যিসকল লোকে বিজেপিক ওফৰাব বিচাৰে সেইসকলেও আমাকে ভোট দিব ।’’

উল্লেখ্য যে, নাওবৈচা সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১ লাখ ৭৫ হেজাৰ, ৮৬১ জন । ইয়াৰে ৮৮ হেজাৰ ৬৬৮ জন পুৰুষ আৰু ৮৭ হেজাৰ ৪৪২ গৰাকী মহিলা ভোটাৰ । তৃতীয় লিংগৰ ভোটাৰ আছে ৩ গৰাকী ।

Assam Assembly election 2026
নাওবৈচা সমষ্টিত মুঠ ভোটাৰ (ETV Bharat Assam)
  • সমষ্টিটোৰ পূৰ্বৰ বিধায়কসকল

১৯৬৭ চনত প্রথম নিৰ্বাচন অনুষ্ঠিত হোৱা নাওবৈচা সমষ্টিত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ অন্যতম আছিল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা । তেওঁ সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । পৰৱৰ্তী সময়ত কংগ্রেছৰ লীলা কান্ত দাস, জনতা পার্টীৰ আলাউদ্দিন আহমেদ, অগপৰ জগত হাজৰিকা, কংগ্রেছৰ মণি কুমাৰ চুব্বা, অগপৰ মণিৰাম পাঠৰি, কংগ্রেছৰ চুলতান ছিদ্দিক, দুবাৰকৈ কংগ্রেছৰ সঞ্জয়ৰাজ চুব্বা, এআইইউডিএফৰ মামুন ইমদাদুল হক চৌধুৰী আৰু শেহতীয়াকৈ কংগ্রেছৰ ভৰত নৰহ ।

১৯৬৭ চনৰ পৰা বৰ্তমানলৈকে থকা বিধায়কসকলৰ তালিকা এনেধৰণৰ -

  1. ড৹ ভূপেন হাজৰিকা
  2. লীলা কান্ত দাস, কংগ্রেছ
  3. আলাউদ্দিন আহমেদ,জনতা পার্টী
  4. জগত হাজৰিকা, অগপ
  5. মণি কুমাৰ চুব্বা, কংগ্রেছ
  6. মণিৰাম পাঠৰি,অগপ
  7. চুলতান ছিদ্দিক, কংগ্রেছ
  8. সঞ্জয়ৰাজ চুব্বা, কংগ্রেছ
  9. মামুন ইমদাদুল হক চৌধুৰী, এআইইউডিএফ
  10. ভৰত নৰহ, কংগ্রেছ
  • এইবাৰ কেনে হ’ব সমষ্টিটোৰ ৰূপৰেখা ?

কংগ্রেছৰে ৰাইজৰ দলৰ মিত্রতা নোহোৱাৰ বাবে ৰাইজৰ দলে ডাঃ হৰিকান্ত দাসক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিলে । ৰাইজৰ দলৰ বিপৰীতে নিশ্চিতভাৱে কংগ্রেছেও সমষ্টিটোত প্ৰাৰ্থী দিব । সমষ্টিটোত কংগ্রেছৰ পৰা শক্তিশালীভাৱে প্ৰাৰ্থিত্ব দাবী কৰিছে জয় প্ৰকাশ দাসে । দাসকে কংগ্রেছে প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ।

আনহাতে শাসকীয় বিজেপি দলৰো আছে কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী । তাৰ উপৰি অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হ’ল ড৹ ৰমানন্দ দাস । জিলাখনৰ বিহপুৰীয়া, ৰঙানদী, লখিমপুৰ আৰু ঢকুৱাখনা সমষ্টিত বিজেপি দলে প্ৰাৰ্থী দিব । ইতিমধ্যে এই কথা স্পষ্ট ।

Assam Assembly election 2026
৭৫ নং নাওবৈচা সমষ্টিত কিমান উন্নয়ন হৈছে ? (ETV Bharat Assam)

ৰঙানদী সমষ্টিটো অগপই দাবী কৰি আছিল ৷ কিন্তু সমষ্টিটোত বিজেপিহে প্ৰাৰ্থী দিব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে ৷ মুখ্যমন্ত্রীৰ এই ঘোষণাৰ পাছতে ক্ষুদ্ধ হৈ অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত খাউণ্ড ৷ তাৰ পাছতে খাউণ্ডে অগপ দল ত্যাগ কৰি কংগ্রেছত যোগদান কৰে । ফলত জিলাখনৰ পাঁচটা সমষ্টিৰ ভিতৰত বাকী থকা নাওবৈচা সমষ্টিটো অগপই দাবী কৰিছে ।

বিজেপিয়ে এই সমষ্টিটো অগপক এৰি দিবনে নাই সন্দেহ আছে । শেষত গৈ এই সমষ্টিটো বিজেপিহে প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আছে । সেয়া হ’লে বিশেষকৈ সংখ্যা লঘু অধ্যুষিত সমষ্টিটো কাৰ হাতলৈ যাব সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন । কিয়নো ৰাইজৰ দলে সৰ্বাধিক কংগ্রেছৰ ক্ষতি কৰাৰ সম্ভাৱনা আছে ।

আনহাতে বিজেপিৰ প্ৰাৰ্থী হ’লে কেনেকুৱা হ’ব প্ৰতিচ্ছবি ? নাইবা অগপক এৰি দিলে তেতিয়া কেনে হ’ব নিৰ্বাচনী প্ৰেক্ষাপট ? এইবোৰ এতিয়া উত্তৰবিহীন প্ৰশ্ন হৈ পৰিছে ।

লগতে পঢ়ক : ৰাইজৰ দলৰ দুজনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা : নাওবৈচাওত হৰিকান্ত দাস আৰু ধেমাজিত বাবুল সোণোৱাল

লগতে পঢ়ক : অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?