ETV Bharat / politics

১৩ খন আসনতে সন্তুষ্ট ৰাইজৰ দল, প্ৰকাশ পালে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা

মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে ৰাইজৰ দলে । ঘোষণা কৰিলে ১৩ টা সমষ্টিৰ ভিতৰত ১২ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ।

Raijor Dal announces final candidate list for 13 lac in Assam polls 2026
১৩ খন আসনতে সন্তুষ্ট ৰাইজৰ দল, প্ৰকাশ পালে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 7:56 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰকাশ পালে ৰাইজৰ দলৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা । শনিবাৰে নিশা দলটোৱে প্ৰকাশ কৰে প্ৰাৰ্থীৰ চূড়ান্ত তালিকাখন । কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত ১৩ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে দলটোৱে । গৌৰীপুৰ, পূব গোৱালপাৰা, মানস, দলগাঁও, ধিং, কলিয়াবৰ, তেজপুৰ, চিচিবৰগাঁও, মাৰ্ঘেৰিটা, ডিগবৈ, শিৱসাগৰ আৰু মৰিয়নী সমষ্টিত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰে যদিও বোকাখাত সমষ্টিৰ প্ৰাৰ্থী কোন হ'ব সেয়া ঘোষণা কৰিব দেওবাৰে ।

সমষ্টি অনুসৰি দলটোৱে প্ৰাৰ্থিত্ব দিলে-

  1. গৌৰীপুৰ- আবুল মিঞা
  2. পূব গোৱালপাৰা- আব্দুৰ ৰছিদ মণ্ডল
  3. মানস- অঞ্জন তালুকদাৰ
  4. দলগাঁও- আজিজুৰ ৰহমান
  5. ধিং- মেহবুব মোক্তাব
  6. কলিয়াবৰ- প্ৰদীপ কুমাৰ বৰুৱা
  7. তেজপুৰ- অলক নাথ
  8. চিচিবৰগাঁও- দুলাল চন্দ্ৰ বৰুৱা
  9. মাৰ্ঘেৰিটা- ৰাহুল ছেত্ৰী
  10. ডিগবৈ- দুলাল মৰাণ
  11. শিৱসাগৰ- অখিল গগৈ
  12. মৰিয়নী- ড৹ জ্ঞানশ্ৰী বৰা
  13. বোকাখাত- দেওবাৰে ঘোষণা হ’ব
Raijor Dal announces final candidate list for 13 lac in Assam polls 2026
ৰাইজৰ দলৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা (ETV Bharat Assam)

প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ কৰি পূৰ্বে ঘোষণা প্ৰাৰ্থীসকলৰ ভিতৰত যিসকলক বাতিল কৰা হ'ল তেওঁলোকৰ ওচৰ ক্ষমা-প্ৰাৰ্থনা কৰি অখিল গগৈয়ে উল্লেখ কৰে, "বিৰোধী দলসমূহৰ মিত্ৰতাৰ বাবে, ফেচিষ্ট সাম্প্ৰদায়িক শক্তি বিজেপি-আৰএছএছক প্ৰতিহত কৰাৰ স্বাৰ্থত, ল'বলগীয়া এই কঠোৰ সিদ্ধান্তৰ বাবে সংশ্লিষ্ট সকলোৰে ওচৰত দলৰ সভাপতি হিচাপে মই দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষমা বিচাৰিছোঁ ।"

উল্লেখ্য যে বিৰোধী ঐক্য়ৰ পৰা ৰাইজৰ দলক একপ্ৰকাৰ বাদ দিয়াৰ পিছতেই অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এককভাৱেই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি চলাইছিল কুচ-কাৱাজ । সেই অনুসৰি ঘোষণা কৰিছিল বহুকেইজন প্ৰাৰ্থীৰ নাম । কিন্তু কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই দলত্যাগ কৰাৰ পিছত পুনৰ ৰাইজৰ দলৰ কাষচাপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলটো । বৃহস্পতিবাৰে দুয়োটা দলৰ মাজত চূড়ান্ত হয় মিত্ৰতা ।

ৰাইজৰ দলে ১৬ খন আসন বিচাৰিছিল যদিও মিত্ৰতাৰ স্বাৰ্থত মাত্ৰ ১৩ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় । ইতিমধ্যে অখিল গগৈ, জ্ঞানশ্ৰী বৰাকে আদি কৰি কেইবাজনেও মনোনয়ন দাখিল কৰিছে যদিও বাকী থকাসকলে সোমবাৰে মনোনয়ন দাখিল কৰিব বুলি দলীয় সূত্ৰই সদৰী কৰে । এই মিত্ৰতাৰ ফলত মন্দিয়া সমষ্টিত প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ শ্বেৰমান আলী আহমেদ টিকট বঞ্চিত হ’বলগীয়া হয় ৷

লগতে পঢ়ক: প্ৰাৰ্থী প্ৰক্ষেপক লৈ মুঠেও সচেতন নহয় কংগ্ৰেছ, আন দলক সহায় কৰিব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাই: মুখ্যমন্ত্ৰী

কিয় বাধ্য হ’ল কংগ্ৰেছ এৰিবলৈ ? ৰাইজে নজনা বহু কথাই ক’লে প্ৰদ্যুৎ বৰদলৈয়ে