মৰিগাঁৱত শান্তিপূৰ্ণ ভোটগ্ৰহণ : পূৰ্বতকৈ ভোটদানৰ হাৰ বৃদ্ধি
সন্ধিয়া ৫ বজালৈকে ৮৮.৯৫ শতাংশ ভোটদান ৷ ভোটগ্ৰহণ সম্পন্ন কৰি উভতি অহা প্ৰথমটো দল আৰু প্ৰথম দুটাকৈ মহিলা দলক জিলা আয়ুক্তই ব্যতিক্ৰমীভাৱে আদৰণি জনায় ।

Published : April 9, 2026 at 11:19 PM IST
মৰিগাঁও: বৃহস্পতিবাৰে পুৱা ৭ বজাৰ আৰম্ভ হোৱা ভোটগ্ৰহণৰ সন্ধিয়া পাঁচ বজাত সামৰণি পৰে ৷ মৰিগাঁও জিলাত আজি অনুষ্ঠিত হোৱা ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ।
মৰিগাঁও নিৰ্বাচনী জিলাত বিয়লি ৫ বজালৈকে প্ৰায় ৮৮.৯৫ শতাংশ ভোটদান হয় । জিলাখনৰ ৫২ নং জাগীৰোড(অঃ জাঃ) সমষ্টিত ৮৭.০৫ শতাংশ, ৫৩ নং লাহৰীঘাট সমষ্টিত ৯৩.৪৪ শতাংশ আৰু ৫৪ নং মৰিগাঁও সমষ্টিত সন্ধিয়া ৫ বজালৈকে ৮৪.৫৬ শতাংশ ভোটদান হয় ।
ভোটগ্ৰহণৰ দিনটোত বতৰে কোনো বাধা-বিঘিনি নঘটোৱাত জিলাখনত ভোটদানৰ হাৰ সন্তোষজনক আছিল । বৃহস্পতিবাৰে পুৱাৰে পৰা ভোটদাতাসকলে ব্যাপক উৎসাহেৰে ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হয় । প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ বাবে ন্যূনতম সা-সুবিধাসমূহ আগবঢ়োৱা হয় । ৰুগীয়া, বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ ভোটাৰসকলক হুইল চেয়াৰৰ সুবিধা প্ৰদান কৰে জিলা প্ৰশাসনে ।

আনহাতে, ভোটগ্ৰহণ সম্পন্ন কৰি উভতি অহা দলসমূহে মৰিগাঁও মহাবিদ্যালয় খেলপথাৰত স্থাপন কৰা কাউণ্টাৰত নিজৰ নিজৰ ইভিএম আৰু যাৱতীয় প্র-পত্ৰসমূহ জমা দিয়ে । ভোটগ্ৰহণ সম্পন্ন কৰি উভতি অহা প্ৰথমটো দল আৰু প্ৰথম দুটাকৈ মহিলা দলক জিলা আয়ুক্তই গামোচা, গোলাপ ফুল আৰু চকলেটেৰে আদৰণি জনায় । তেনেস্থলত মৰিগাঁও সমষ্টিৰ ৬৪ নং বৰঙাবাৰী মজলীয়া বিদ্যালয়(পূব) ভোটগ্ৰহণ কেন্দ্ৰৰ দলটো উভতি অহা প্ৰথমটো দলত পৰিণত হয় । আনহাতে, মৰিগাঁও সমষ্টিৰ ১৯ নং মাণিপুৰ মজলীয়া বিদ্যালয়(দক্ষিণ) আৰু মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়(পশ্চিম) ভোটগ্ৰহণ কেন্দ্ৰৰ দল দুটা ভোটগ্ৰহণ সম্পন্ন কৰি উভতি অহা প্ৰথম দুটা মহিলা দলত পৰিণত হয় । মৰিগাঁও মহাবিদ্যালয়ত স্থাপন পৰা ষ্ট্ৰং ৰুমত ইভিএম আৰু ভিভিপেটসমূহ ৰখা হ'ব । জিলাখনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছিল ।

মৰিগাঁৱৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অনামিকা তিৱাৰীয়ে ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোক তথা আন সকলো পক্ষক ধন্যবাদ জনোৱাৰ আৰু অভিনন্দন জ্ঞাপন কৰে । তেওঁ সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, এইবাৰ মুঠ ৯৬৮ টা ভোটগ্ৰহণ কেন্দ্ৰত (জাগীৰোড: ৩৩৫, লাহৰীঘাট: ৩৫৫, মৰিগাঁও: ২৭৮) ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ সংখ্যা সংৰক্ষিতসহ ৪,৭২৪ জন । অৰ্থাৎ ১,১৮১ জনকৈ প্ৰিজাইডিং, প্ৰথম পুলিং, দ্বিতীয় পুলিং আৰু তৃতীয় পুলিং বিষয়া নিয়োগ কৰা হয় । মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৫০ টা আৰু ভোটগ্ৰহণকাৰীৰ সংখ্যা আছিল দুশৰো অধিক । এইবাৰ অধিকাংশ মহিলা ভোটগ্ৰহণ কেন্দ্ৰলৈ মহিলা ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীসকলক ই-অটোত প্ৰেৰণ কৰা হয় ।
মৰিগাঁও জিলাত মুঠ পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা ৭,৬৬,৫৮৮ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৩,৮৬,৯৯২ জন, মহিলা ভোটাৰ ৩,৭৯,৫৮২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ১৪ গৰাকী ।
লগতে পঢ়ক: প্ৰতিকূল বতৰ, ইভিএম বিকলৰ পিছতো বৰপেটাত ৯২.৮৩ শতাংশ ভোটদান

