ETV Bharat / politics

মহিলাৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাত হেঙাৰ নেকি পুৰুষ প্ৰধান সমাজ ?

'২৬ত সক্ৰিয় ৰাজনীতিলৈ অহা প্ৰায়সংখ্যক মহিলা প্ৰাৰ্থী বিফল হোৱাৰ কাৰণ ৷

ASSAM ASSEMBLY ELECTION 2026
মহিলাৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাত হেঙাৰ নেকি পুৰুষ প্ৰধান সমাজ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 6, 2026 at 6:15 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : তৃতীয়বাৰৰ বাবে ৰাজ্যত শাসনৰ ক্ষমতা দখল কৰিলে বিজেপি নেতৃত্বাধীন এনডিএই ৷ ১২৬ টা সমষ্টিৰ ভিতৰত ১০২ টা সমষ্টিত এনডিএৰ প্ৰাৰ্থীৰ বৃহৎ জয়ী হৈছে ৷ পিছে এইবাৰৰ নিৰ্বাচনত কিমানগৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচিত হ'ল ? যিসময়ত মহিলা আসন সংৰক্ষণ বিধেয়কক লৈ শাসক বিৰোধী, জনসাধাৰণৰ মাজত চৰ্চা হৈছিল তেনেস্থলত '২৬ৰ নিৰ্বাচনত মাত্ৰ সাতগৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচিত হৈছে ৷ ইয়াৰ কাৰণ কি ? শাসকীয় পক্ষই কমকৈ মহিলা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিৰোধীয়ে কেইবাগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ৷ কিন্তু ফলাফলৰ পাছত প্ৰশ্ন উঠিছে মহিলাসকল সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাটো পুৰুষপ্ৰধান সমাজে নিবিচাৰে নেকি ?

উল্লেখ্য যে, এইবাৰ বিধানসভালৈ মাত্ৰ সাতগৰাকী মহিলা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ৷ দুগৰাকীক বাদ দি পাঁচগৰাকী নতুন মহিলা বিধায়ক ৷ পুৰণি দুগৰাকী হ'ল অজন্তা নেওগ আৰু দিপ্তীময়ী চৌধুৰী ৷ আনহাতে নতুন মুখবোৰৰ ভিতৰত আছে বিজেপিৰ মঙলদৈৰ বিধায়িকা নীলিমা দেৱী, হাফলঙৰ বিধায়িকা ৰূপালী লাংথাছা, ডিফুৰ বিধায়িকা নিছ' তেৰাংপী, ধুবুৰীৰ কংগ্ৰেছ বিধায়িকা বেবী বেগম আৰু কোকৰাঝাৰৰ বিপিএফৰ বিধায়িকা শিউলী মহিলাৰী ।

'২৬ত সক্ৰিয় ৰাজনীতিলৈ অহা প্ৰায়সংখ্যক মহিলা প্ৰাৰ্থী কিয় বিফল হৈছে ? মহিলা প্ৰাৰ্থী বিজয়ৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতা, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীগৰাকী ৰাইজৰ সৈতে থকা নিৰাপদ দূৰত্ব নে অন্য কাৰণে অগ্ৰাধিকাৰ লাভ কৰে ? এই সন্দৰ্ভত মঙলদৈ সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়িকা নীলিমা দেৱীয়ে কয়, "পূৰ্বৰ তুলনাত মহিলাসকল যথেষ্ট সক্ৰিয় । বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ৰাজনীতিত মহিলাসকলৰ অংশগ্ৰহণ বাঢ়িছে ৷ ভোটাৰ হিচাপে চালে মহিলা ভোটাৰৰ সংখ্যাটো বেছি । মহিলাখিনিক আমি কেনেকৈ ৰাজনীতিত ধৰি ৰাখিব পাৰো সেইটো আমাৰ উদ্দেশ্য হ'ব লাগিব ।"

তেওঁ লগতে কয়, "লোকসভা, বিধানসভাৰ তুলনাত পৌৰসভা আৰু পঞ্চায়ত নিৰ্বাচনত মহিলাৰ আসন সংৰক্ষণ সমান সমান । সেই হিচাপে প্ৰাৰ্থিত্ব দিয়া হয় । মহিলাসকল সকলো ক্ষেত্ৰত আগবাঢ়িছে ৷ তাৰ মাজতো সাংগঠনিক দিনটোত কাম কৰা, ৰাজনৈতিক সভালৈ যোৱা আৰু প্ৰতিদ্বন্দ্বিতা কৰা বিষয়টো সম্পূৰ্ণ পৃথক হয় । মহিলাগৰাকীৰ নেতৃত্ব দিয়াৰ গুণ থাকিব লাগিব । এনেকুৱা হ'ব নালাগিব যে মহিলা সংৰক্ষণত এগৰাকীক টিকট দিয়া হ'ল কিন্তু সময়ত তেওঁ সেই ৱাৰ্ডটো চলাব নোৱাৰি কোনোবা পুৰুষক চলাবলৈ দিছে । এনেকুৱা হ'লে নহ'ব ।"

তেওঁ মহিলাসকলক আহ্বান জনায় কয়,"সততা আৰু নিষ্ঠাৰে ৰাজনীতি কৰিবলৈ আগুৱাই আহক । ৰাজনীতি কৰা নিয়ম-নীতি বা যিটো দলত থাকিব সেই দলৰ নিয়ম-নীতি জানি যাতে ৰাজনীতিৰ লগত জড়িত হয় । এইবাৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিটো দলে মহিলা প্ৰাৰ্থী দিছিল । কিন্তু বিজেপিৰ পৰা চাৰিগৰাকী, কংগ্ৰেছ আৰু বিপিএফ আৰু অগপৰ পৰা এগৰাকীকৈ মহিলা প্ৰাৰ্থী জয়ী হৈছে । এইবাৰ নিৰ্বাচনত মুঠ ৭ গৰাকী মহিলা প্ৰাৰ্থী জয়ী হৈছে ।"

কেৱল প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবাঢ়িলে নহ'ব, দলৰ গ্ৰহণযোগ্যতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনীতিত প্ৰৱেশ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে নৱ-নিৰ্বাচিত বিধায়ীকাগৰাকীয়ে ৷ শেহতীয়া নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ কয়,"বিজেপিৰ তুলনাত কংগ্ৰেছে বেছি মহিলা প্ৰাৰ্থী দিছিল । ১৩ গৰাকী দিছিল কিন্তু এগৰাকী জয়ী হ'ল । বৰ্তমানৰ ৰাইজ সজাগ আৰু সচেতন ৷ দলটোৰ লগতে প্ৰাৰ্থীগৰাকীক চাইহে ৰাইজে ভোট প্ৰদান কৰে । কোৱালিটি আৰু কোৱাণ্টিটী দুটা বস্তু থাকে ।"

কুংকি চৌধুৰী, জ্ঞানশ্ৰী বৰাৰ সন্দৰ্ভত বিধায়িকা দেৱীয়ে কয়,"শিক্ষাগত অৰ্হতাৰ লগতে এজন প্ৰাৰ্থীৰ ক্ষেত্ৰত বহুত কথাৰ লগতে দলটোৰ ওপৰতো কিছু কথা নিৰ্ভৰ কৰে । দলটোক ৰাইজে গ্ৰহণ কৰিছে নে নাই তাৰ ওপৰতো নিৰ্ভৰ কৰে ৷ দলটোৰ গ্ৰহণযোগ্যতা নাই বাবে তেওঁলোক পৰাস্ত হৈছে । "

উল্লেখ্য যে এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে বহুসংখ্যক মহিলা নেত্রী আছিল যদিও বিজেপি দলে ছয়গৰাকীকহে নিৰ্বাচনী যুঁজত থিয় কৰালে । বিজেপি দলৰ প্ৰাৰ্থিত্ব লাভ কৰা মহিলা প্ৰাৰ্থীসকল আছিল গোলাঘাটত অজন্তা নেওগ, মঙলদৈত নীলিমা দেৱী, বিৰছিং জৰুৱাত মাধবী দাস, ডিফুত নিচ' তেৰাংপী, হাফলং সমষ্টিত ৰূপালী লাংথাছা, দলগাঁও সমষ্টিৰত সুশ্ৰী কৃষ্ণা সাহা । আনহাতে মিত্ৰদল অগপই বঙাইগাঁও সমষ্টিৰ পৰা দিপ্তীময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল । বিপিএফে কোকৰাঝাৰ সমষ্টিত শিউলী মহিলাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ।

ইপিনে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা মুঠ ১৪ গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল । কামৰূপ মহানগৰৰ পাঁচটা সমষ্টিৰ তিনিটা সমষ্টিত বিৰোধী ঐক্য মঞ্চই মহিলা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । কংগ্ৰেছে দিছপুৰ সমষ্টিত মীৰা বৰঠাকুৰ, জালুকবাৰীত বিদিশা নেওগ, ধুবুৰী সমষ্টিৰ পৰা বেবী বেগম, খুমটাই সমষ্টিৰ পৰা ৰ'জলীনা তিৰ্কী, মঙলদৈ সমষ্টিৰ পৰা ৰিজুমণি তালুকদাৰ, হোজাই সমষ্টিৰ পৰা জিলী চৌধুৰী, দেৰগাঁও সমষ্টিৰ পৰা সাগৰিকা বৰা, হাজো শুৱালকুছি সমষ্টিৰ পৰা নন্দিতা দাস, নাহৰকটীয়াৰ পৰা প্ৰণতি ফুকন, টিয়কৰ পৰা পল্লৱী শইকীয়া গগৈ, ৰামকৃষ্ণ নগৰৰ পৰা সুৰুচি ৰয়, ৰাইজৰ দলে মৰিয়নীৰ পৰা ডঃ জ্ঞানশ্ৰী বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ।

লগতে পঢ়ক:আছুৰ কৰ্মকৰ্তাৰ পৰা মুখ্যমন্ত্ৰীৰ আসনলৈ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উত্থানৰ কাহিনী