ETV Bharat / politics

'২১ৰ নিৰ্বাচনৰ পিছত সৰুপথাৰৰ পৰা কংগ্ৰেছৰ নেতাসকলে পলায়ন কৰিছে নেকি !

নামঘৰ, মন্দিৰত সেৱা জনাই সৰুপথাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ।

Assam Assembly Election 2026
সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 3:22 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ : নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীসকলে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । বিৰোধী তথা শাসক পক্ষৰ নেতাসকলৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ৰাজনীতিও অব্যাহত আছে । তাৰ মাজতে সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে কংগ্ৰেছক লক্ষ্য কৰি ল'লে । বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিশ্বজিৎ ফুকনে দাবী কৰে যে সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ নেতাসকলে পলায়ন কৰিছে ।

তেওঁ কয়, "গৌৰৱ গগৈ ইয়াৰ সাংসদ আছিল । তেওঁ গুচি গ'ল, ৰ'জলিনা তিৰ্কী ইয়াৰ এম এল এ আছিল তেওঁ গুচি গ'ল । জাতীয় পৰিষদৰ নেতা ৰাজু ফুকন যিয়ে ২০২১ চনৰ নিৰ্বাচনত ভোট পাইছিল ২৭,০০০ টা । তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰি জীৱন চুতীয়া নামৰ এজন ব্যক্তিক বিক্ৰী কৰিলে । মই বিশ্বাস কৰোঁ অহা নিৰ্বাচনত জীৱন চুতীয়াই প্ৰতিদ্বন্দ্বিতা নকৰে । এবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত সকলোৱে গম পায় যে সৰুপথাৰৰ জনসাধাৰণৰ মৰম আৰু আশীৰ্বাদ কাৰ লগত আছে ।"

২১ৰ নিৰ্বাচনৰ পিছত সৰুপথাৰৰ পৰা কংগ্ৰেছৰ নেতাসকলে পলায়ন কৰিছে : বিশ্বজিৎ ফুকন (ETV Bharat)

মুঠতে সৰুপথাৰ বিধানসভা সমষ্টিত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে । বিজেপিৰ প্ৰাৰ্থী তথা বিধায়ক বিশ্বজিৎ ফুকনে দ্বিতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰাৰ পিছতেই সমৰ্থকসকলৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে ফুকনে সমষ্টিটোৰ চুকে-কোণে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে সৰুপথাৰৰ প্ৰেমহৰাৰ চিলাৰায় খেলপথাৰত এখন বিশাল নিৰ্বাচনী সভাত তেওঁ অংশগ্ৰহণ কৰে । চিলাৰায় খেলপথাৰত আয়োজিত এই সভাত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ শ শ লোকে অংশগ্ৰহণ কৰে ।

Assam Assembly Election 2026
ঐতিহাসিক জালজৰী শিৱ মন্দিৰত সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকন (ETV Bharat)

ভাষণ প্ৰসংগত বিশ্বজিৎ ফুকনে যোৱা ৫ বছৰত সৰুপথাৰ সমষ্টিত হোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে । বিজেপি প্ৰাৰ্থীগৰাকীয়ে বিৰোধী দলসমূহকো লক্ষ্য কৰি লয় ।

ভাষণ প্ৰসংগত তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ দিনত সৰুপথাৰে যি অৱহেলাৰ সন্মুখীন হৈছিল, বিজেপি চৰকাৰৰ দিনত সেই ধাৰা সলনি হৈছে আৰু সৰুপথাৰ এতিয়া এক নতুন পৰিচয়ৰ দিশে আগবাঢ়িছে ।

Assam Assembly Election 2026
সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ প্ৰচাৰ অভিযান (ETV Bharat)

প্ৰচাৰৰ সমান্তৰালকৈ বিজেপি প্ৰাৰ্থীগৰাকীয়ে নেদেখাজনৰ আশিস বিচাৰিও নামঘৰ, মন্দিৰত সেৱা লৈছে । বুধবাৰে নিশা বৰপথাৰৰ ঐতিহাসিক জালজৰী শিৱ মন্দিৰত উপস্থিত হৈ বিশ্বজিৎ ফুকনে ভগৱান শিৱৰ চৰণত সেৱা জনায় । তেওঁ শৰাই আগবঢ়াই মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰে । সমান্তৰালকৈ অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ নামঘৰসমূহৰ পৰম্পৰা ৰক্ষা কৰি নিশা বৰপথাৰৰ ঐতিহাসিক পাভজান হেজাৰী বৰনামঘৰৰ সৌজন্যত আধ্যাত্মিক পৰিৱেশত অবিৰত ভাগৱত পাঠ অনুষ্ঠানতো বিশ্বজিৎ ফুকনে সেৱা লয় । পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলো তেওঁৰ সৈতে উপস্থিত থাকে ।

ভগৱানৰ ওচৰত সেৱা জনায় তেওঁ কয়, "এয়া প্ৰচাৰ অভিযান নহয়, গাঁৱৰ ৰাইজে আমাৰ বাবে মন্দিৰত শৰাই দিছিল । আমি ৰাইজৰ লগত আহি এই শিৱ মন্দিৰত সেৱা জনাইছোঁ । এয়া প্ৰচাৰ অভিযান বুলি ক'ব নোৱাৰি কিন্তু দিনে-ৰাতিয়ে আমি অন্যান্য ঠাইত প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছোঁ ।"

লগতে পঢ়ক :

নিৰ্বাচন নৌহওঁতেই বৰপেটা হেৰুৱালে কংগ্ৰেছে : দলীয় প্ৰাৰ্থীৰ মনোনয়ন বাতিল

শিৱসাগৰত জ্বলিল অসমীয়া বাতৰি কাকত, কুশল দুৱৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অখিল গগৈৰ