ETV Bharat / politics

মুকাভিনয়, দেৱাল অংকন, নিৰ্বাচনী বিহুগীতেৰে যুৱ ভোটাৰক আকৰ্ষণৰ চেষ্টা

মৰিগাঁও জিলা প্ৰশাসনে ‘অমূল্য’ শীৰ্ষক এটি শুভংকৰ আৰু ‘আমাৰ ভোট অমূল্য ভোট’ শীৰ্ষক প্ৰচাৰ বাক্যৰে নৱপ্ৰজন্মৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আহিছে ৷

ASSAM ASSEMBLY ELECTION 2026
মৰিগাঁৱৰ একাংশ যুৱ ভোটাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 8:11 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: মৰিগাঁৱত ভোটাৰৰ প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ চমুকৈ স্বীপ কোষৰ উদ্যোগত ভোটাৰৰ মাজত ব্যাপক সজাগতা কাৰ্যসূচী অব্যাহত আছে । এজনো যোগ্য নাগৰিক যাতে এই বৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা বাদ নপৰে, সেয়া সুনিশ্চিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।

ভোটাৰসকলক আকৰ্ষিত কৰি ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে অলপতে 'অমূল্য' শীৰ্ষক এটি শুভংকৰ মুকলি কৰা হয় । লগতে "আমাৰ ভোট অমূল্য ভোট" শীৰ্ষক প্ৰচাৰ বাক্য, প্ৰতীকচিহ্ন আৰু নিৰ্বাচনী গীত মুকলি কৰা হয় । স্বীপ কোষৰ উদ্যোগত নিৰ্বাচনী বিহুগীত মুকলি কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে ।

ASSAM ASSEMBLY ELECTION 2026
অমূল্য শীৰ্ষক এটি শুভংকৰ মুকলি (ETV Bharat Assam)

তদুপৰি সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক তথা উত্তৰ-পূৰ্বাঞ্চলত মুকাভিনয়ৰ পথ প্ৰদৰ্শকস্বৰূপ মইনুল হকৰ মুকাভিনয়েৰে ভোটাৰ সজাগতা অভিযান চলোৱা হৈছে । জাগীৰোড বিধানসভা সমষ্টিৰ ১০৯ বছৰীয়া সৰুমলা মেধিয়ে তৃণমূল পৰ্যায়ৰ প্ৰচাৰ আইকন হিচাপে সকলোকে ভোটদানৰ বাবে আহ্বান জনায় । ইয়াৰোপৰি স্বীপ কোষৰ উদ্যোগত বলীউডৰ জনপ্ৰিয় ছবিৰ সংলাপ ব্যৱহাৰ কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে ।

ASSAM ASSEMBLY ELECTION 2026
দেৱাল অংকনৰ প্ৰয়াস (ETV Bharat Assam)

ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে 'গণতন্ত্ৰ বজাৰ' শিৰোনামেৰে বজাৰসমূহত ব্যৱসায়ী আৰু ৰাইজৰ মাজত গণতন্ত্ৰৰ বাৰ্তা বিলাই দিয়াৰ প্ৰয়াস অব্যাহত আছে । লগতে স্বীপ কোষৰ উদ্যোগত সমাজ কল্যাণ বিভাগৰ দ্বাৰা ভোটদানৰ বাবে সজাগতা অভিযান চলোৱা হৈছে । মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলকো ভোটদানৰ প্ৰতি সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে ।

আনহাতে একেটা উদ্দেশ্যৰে ২৭ মাৰ্চ অৰ্থাৎ শুকুৰবাৰে বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । তদুপৰি বিশ্ব জল দিৱসত পানী যোগান আঁচনিসমূহৰ সৈতে ৰাইজৰ দ্বাৰা ভোটাৰ সজাগতাৰ বাবে ভোটদানৰ বাবে সমূহীয়া সংকল্প গ্ৰহণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । 'গণতন্ত্ৰৰ দেৱাল' শিৰোনামেৰে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদ আৰু বিভিন্ন ঠাইত দেৱাল অংকন কৰিও সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে ।

ASSAM ASSEMBLY ELECTION 2026
বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰ পোষ্টাৰ (ETV Bharat Assam)

উল্লেখ্য যে, ৯ এপ্ৰিলত অসমত এটা পৰ্যায়ত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । যাক কেন্দ্ৰ কৰি মৰিগাঁও জিলা প্ৰশাসনে যুদ্ধংদেহী প্ৰস্তুতি অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: মহানন্দ সৰকাৰে ২ কোটিত টিকট লৈ ৫ কোটিত বিক্ৰী কৰিছে : বৰপেটাত বিস্ফোৰক অভিযোগ টিকট বঞ্চিত কংগ্ৰেছীৰ