ETV Bharat / politics

প্ৰাৰ্থীক জানো আহক : নন্দীগিৰি ভূঞা ৰাজনীতিলৈ কিয় আহিল ?

নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ (অংসৰক্ষিত) নিৰ্দলীয় প্ৰাৰ্থী, সমাজসেৱক নন্দীগিৰি ভূঞা । নিজৰ আৰ্জিত ধনেৰে আৰ্তজনক সহায় কৰা সমাজকৰ্মী নন্দীগিৰি ভূঞা ৰাজনীতিলৈ কিয় ?

Sissiborgaon constituency
চিচিবৰগাঁৱত সমাজসেৱক নন্দীগিৰি ভূঞা ৰাজনীতিলৈ কিয় আহিল ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 1:46 PM IST

6 Min Read
Choose ETV Bharat

জোনাই : অসম বিধানসভাৰ নিৰ্বাচনত সমাগত । আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন সমষ্টিত ইতিমধ্যে শাসকীয় বিৰোধী দলৰ প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । ইয়াৰ সমান্তৰালকৈ নতুনকৈ গঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিত বিজেপি, কংগ্ৰেছ দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি মুঠ ৮ জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ।

চিচিবৰগাঁও সমষ্টি

চিচিবৰগাঁৱত সমাজসেৱক নন্দীগিৰি ভূঞা ৰাজনীতিলৈ কিয় আহিল ? (ETV Bharat Assam)

নতুনকৈ গঠিত হৈছে ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টি । শেহতীয়াকৈ চিচিবৰগাঁও এটা বিধানসভা সমষ্টি হিচাপে চিহ্নিত হয় । পূৰ্বতে ধেমাজি জিলাত দুটা সমষ্টি আছিল আৰু দুয়োটা সমষ্টিয়েই জনজাতিসকলৰ বাবে সংৰক্ষিত আছিল । বৰ্তমান তিনিটা সমষ্টি হৈছে আৰু চিচিবৰগাঁও সমষ্টিটো অংসৰক্ষিত । আন দুটা সমষ্টি হৈছে ক্ৰমে ধেমাজি আৰু জোনাই ।

নতুনকৈ গঠিত ৭৯ নং চিচিবৰগাঁও সমষ্টিত ৮ গৰাকীকৈ প্ৰাৰ্থীয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰিছে । চিচিবৰগাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে ব্যৱসাসী তথা সমাজকৰ্মী হিচাপে পৰিচিত নন্দীগিৰি ভূঞাই । ১৯৮৪ চনৰ ১ নৱেম্বৰত চিচিবৰগাঁৱত জন্মগ্ৰহণ কৰা নন্দীগিৰি ভূঞাৰ পিতৃৰ নাম মণি ভূঞা, মাতৃ হৈছে বন্তি ভূঞা ।

কি উদ্দেশ্য লৈ ৰাজনীতিলৈ আহিছে নন্দীগিৰি ভূঞা

চিচিবৰগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ ব্যৱসায় বৃত্তিত জড়িত হয় নন্দীগিৰি ভূঞা । কিন্তু আৰ্তজনক সহায় কৰা সমাজকৰ্মী নন্দীগিৰি ভূঞা ৰাজনীতিলৈ কিয় ?১০ টকা উপাৰ্জন কৰি ৭ টকা দৰিদ্ৰ-বঞ্চিত লোকক খুৱাই আত্মতৃপ্তি লাভ কৰা নন্দীগিৰি ভূঞাই জানিবলৈ দিয়া মতে, "ৰাজনীতিলৈ মই নিজে ইচ্ছাকৃতভাৱে আহিব বিচৰা নাছিলোঁ । যিহেতু সমাজসেৱাৰ ক্ষেত্ৰত আজি প্ৰায় ১০-১১ বছৰৰ পৰাই জড়িত হৈ আছোঁ আৰু এই সমাজৰ কামখিনি কৰোঁতে মোৰ ব্যক্তিগত ফালৰ পৰা যিখিনি কৰিব পৰা যায় কৰি গৈছিলোঁ । তাৰ মাজতে ৰাইজে মোক অনুৰোধ বা উপদেশ দিছে যে আপুনি যিহেতু নিজৰ ব্যক্তিগত ব্যৱসায়ৰ ধনেৰে যিখিনি সমাজৰ হৈ কাম কৰি আছে, হয়তো ৰাজনৈতিক পৰিসৰত থাকিলে সমাজসেৱাৰ কামটো বহল পৰিসৰত কৰিব পাৰিব আৰু চৰকাৰৰ ফালৰ সঁহাৰিখিনিও প্ৰকৃততে সুবিধা পাবলগা জনসাধাৰণক নিৰপেক্ষভাৱে দিব পাৰিব । এইবুলি ৰাইজে অনুৰোধ কৰিছে চিচিবৰগাঁও সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাটো । গতিকে ৰাইজৰ অনুৰোধত ৰাইজৰ হকে কাম কৰিবলৈ মই ৰাজনীতিলৈ ওলাই আহিছোঁ ।"

Sissiborgaon constituency
চিচিবৰগাঁৱত সমাজসেৱক নন্দীগিৰি ভূঞা ৰাজনীতিলৈ কিয় আহিল ? (ETV Bharat Assam)

তেওঁ লগতে কয়, "অন্য প্ৰতিনিধিতকৈ ভাল আৰু নিৰপেক্ষভাৱে কাম কৰিব পাৰিম বুলি ভাবি ওলাই আহিছোঁ । গতিকে মই শিক্ষা, কৰ্মসংস্থান, চিকিৎসা, উন্নয়ন আদিক মূল ইছ্যু হিচাপে লৈ সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ উদ্দেশ্যৰে ৰাজনীতিত জড়িত হৈছোঁ ।"

জয়ী হোৱাটো নিশ্চিত

নিজৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি তেওঁ কয়, "ৰাইজৰ যি বিপুল সঁহাৰি আছে, ৰাইজৰ প্ৰতি মোৰ আস্থা আছে, বিশ্বাস-ভৰসা আছে, গতিকে মই চিচিবৰগাঁও বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলি নিশ্চিতভাৱে জয়ী হ'ম । কিয়নো মোক ৰাইজে বাধ্য কৰাইছে যে নন্দীগিৰি ভূঞা ৰাজনীতিলৈ আহক । গতিকে মোৰ উদ্দেশ্য এটাই, মই এই সমষ্টিৰ পৰা জয়ী হৈ আহিম । চিচিবৰগাঁও সমষ্টিবাসীৰ হৈ উন্নয়নৰ হকে কাম কৰিম ।"

সমষ্টিটোত কৰিবলগীয়া মূল কাম নিবনুৱা সমস্যা সমাধান কৰা

তেওঁ কয়, "চিচিবৰগাঁও সমষ্টিত কৰিবলগীয়া মূল কাম হৈছে নিবনুৱা সমস্যা সমাধান কৰা । তদুপৰি ৰাস্তা-ঘাট, গৰাখহনীয়া আদি কিছু কৰিবলগীয়া আছে । বৰ্তমান বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনও যথেষ্ট কৰিছে, এয়া স্বীকাৰ কৰিব লাগিবই । শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীক আগবঢ়াই নিয়াটোও দায়িত্ব । কিন্তু প্ৰথম কামেই হ'ব মোৰ নিবনুৱা সমস্যা সমাধান কৰা । কিয়নো অকল আমাৰ চিচিবৰগাঁও সমষ্টিৰ পৰাই নহয়, অসমৰ বিভিন্ন সমষ্টিৰ ল'ৰা-ছোৱালীয়ে বহিঃৰাজ্যত ১০-১৫০ হাজাৰ টকাৰ বিনিময়ত কৰ্মসংস্থাপন বিচাৰি যায় । এয়া হ'ল আমাৰ ইয়াত কৰ্মসংস্থাপন নোপোৱা । গতিকে আমি নিজা ঠাইত ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিজা ঠাইতে সংস্থাপন হোৱাকৈ কাম কৰিব লাগিব

Sissiborgaon constituency
চিচিবৰগাঁৱত সমাজসেৱক নন্দীগিৰি ভূঞা ৰাজনীতিলৈ কিয় আহিল ? (ETV Bharat Assam)

নন্দীগিৰি ভূঞাৰ কৰ্মজীৱন

যুৱ অৱস্থাৰ পৰাই কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে নিজৰ ভৰিত থিয় দি ধন আৰু জনৰ গৰাকী হোৱা নন্দীগিৰি ভূঞা বহুতৰ বাবে এক প্ৰেৰণা আৰু জীৱন্ত উদাহৰণ । দহ টকা উপাৰ্জন কৰি সাত টকা দৰিদ্ৰ-বঞ্চিত লোকক খুৱাই আত্মতৃপ্তি লাভ কৰা যুৱকজনৰ বদান্যতাৰ কাহিনী বৃহত্তৰ চিচিবৰগাঁও সমষ্টিৰ ৰাইজৰ মুখে মুখে ।

নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি দিছে বহু জৰাজীৰ্ণ বাট-পথ, প্ৰস্ৰাৱগাৰ, শৌচাগাৰ, কালভাৰ্টৰ লগতে অনেক ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান নিৰ্মাণ কৰিছে । বান, খহনীয়া, দুৰ্ঘটনা আদি ৰাইজৰ যিকোনো দুৰ্দিনৰ সময়ত নিশা দুপৰলৈকে দেখা পোৱা মানুহজনেই হ'ল নন্দীগিৰি । গুৰুতৰ ৰোগত আক্ৰান্ত আৰু দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত অনেক লোকৰ চিকিৎসা সেৱাত সাধ্যানুযায়ী সাহায্য আগবঢ়াই তেওঁ আত্মতৃপ্তি লাভ কৰে ।

তদুপৰি, ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত বহু মেধাৱী আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বিদ্যাৰ্থীক মুক্তহস্তে সহায়ৰ হাত আগবঢ়াই বদান্যতাৰ পৰিচয় দাঙি ধৰিছে আহিছে । তেওঁৰ আকুণ্ঠ সহায়তে বৰ্তমান মেডিকেল আৰু ইঞ্জিনীয়াৰিং কলেজত পঢ়ি আছে অনেক মেধাৱী ছাত্ৰ-ছাত্ৰী । নিজা উপাৰ্জনৰ ৭০ শতাংশ ধনেই ব্যয় কৰি আহিছে ৰাইজৰ কামত । ৰাইজৰ কাম ত্বৰান্বিত কৰিবলৈ প্ৰতিষ্ঠা কৰিছে নন্দীগিৰি সমাজ কল্যাণ সমিতি আৰু নন্দীগিৰি ন্যাস ।

বিগত প্ৰায় কুৰিটা বছৰে সমাজৰ কাম কৰি অহা নন্দীগিৰিক মুক্তভাৱে কাম কৰিবলৈ এখন আসনৰ প্ৰয়োজন । কাৰোবাৰ হেঁচাত নহয়, বৰঞ্চ ৰাইজৰ প্ৰবল দাবীতে নিৰ্বাচনত নামিছে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক :প্ৰাৰ্থীক জানো আহক : নৱগঠিক ডিমৰীয়া সমষ্টিক লৈ কি পৰিকল্পনা এন ডি এৰ প্ৰাৰ্থী ডঃ তপন দাসৰ ?
লগতে পঢ়ক :মই মানুহৰ বাবে মানুহৰ মাজত থাকি তেওঁলোকৰ সমস্যাৰ বুজ লৈ কাম কৰিবলৈ আহিছোঁ : কুংকি চৌধুৰী