প্ৰাৰ্থীক জানো আহক : ৰঙিয়া সমষ্টিক লৈ কি কি পৰিকল্পনা ভৱেশ কলিতাৰ ?
তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা বিজেপি মিত্ৰজোঁটৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ভৱেশ কলিতাই ।

Published : March 26, 2026 at 3:55 PM IST
ৰঙিয়া : অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে । অসমৰ প্ৰতিটো সমষ্টিতে ৰাজনৈতিক দলবোৰে প্ৰচাৰ আৰম্ভ কৰিছে । প্ৰাৰ্থীসকলেও দিনে-ৰাতিয়ে ভোটাৰৰ কাষ চাপিবলৈ ধৰিছে ।
তাৰ মাজতে আজি আমি জানো আহক কামৰূপ জিলাৰ এক গুৰুত্বপূৰ্ণ ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ বিষয়ে । সমষ্টিটোৰ পৰা এইবাৰো মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে টিকট লাভ কৰিছে বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাই ।
ভৱেশ কলিতা হৈছে অসমৰ এজন প্ৰমুখ ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতা । তেওঁ বৰ্তমান ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । তেওঁ ১৯৯৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক হয় । আনহাতে ২০০১ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীও লাভ কৰে । তেওঁৰ শিক্ষা গ্ৰেজুৱেট প্ৰফেছনেল শ্ৰেণীৰ অন্তৰ্গত । এই যোগ্যতাৰ ভিত্তিত তেওঁ অধিবক্তা হিচাপেও কাম কৰিছে । তেওঁ ছাত্ৰাৱস্থাৰ পৰাই ৰাজনীতিৰ প্ৰতি আগ্ৰহী আছিল আৰু ১৯৯১ চনতেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল । শিক্ষাজীৱন সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ৰাজনীতি আৰু ব্যৱসায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হয় ।

ভৱেশ কলিতাৰ ৰাজনৈতিক জীৱন
ভৱেশ কলিতাই মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে ১৯৯১ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল । শৈক্ষিক জীৱনতেই সংঘ তথা ৰাজনীতিৰ সৈতে জড়িত হৈ ভৱেশ কলিতাই পিছত যথেষ্ট অগ্ৰগতি লাভ কৰে । তেওঁ ১৯৯২ চনত কমলপুৰ বিজেপি মণ্ডলৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে । তাৰ পিছত ১৯৯৪ চনত কামৰূপ (মধ্য) জিলা বিজেপিৰ সাধাৰণ সম্পাদক হয় । ইয়াৰ পিছত তেওঁ ২০০৫ ৰ পৰা ২০০৮ লৈ উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে । ২০০৬ চনৰ পৰা ২০১১ চনলৈ অসম প্ৰদেশ বিজেপিৰ সম্পাদক হয় । তাৰ পিছত তেওঁ ২০১১ চনত অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক হয় । ভৱেশ কলিতা ২০২১ চনৰ ২৬ জুনৰ পৰা ২০২৫ চনৰ ১৭ জানুৱাৰী পৰ্যন্ত অসম বিজেপিৰ ৰাজ্যিক সভাপতি আছিল । সভাপতি হিচাপে তেওঁৰ কাৰ্যকাল প্ৰায় ৩ বছৰ ২০৪ দিন আছিল । তেওঁৰ পূৰ্বসূৰী আছিল ৰণজিৎ কুমাৰ দাস আৰু উত্তৰসূৰী দিলীপ শইকীয়া ।
ৰাজনৈতিক জীৱন সন্দৰ্ভত ভৱেশ কলিতাই ই টিভি ভাৰতৰ আগত কয়, "মই ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ সৈতে জড়িত । মই পঢ়ি থকা দিনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত আছিলোঁ । তাৰ পিছত মই ভাৰতীয় জনতা যুৱ পৰিষদৰ সৈতেও জড়িত হৈছিলোঁ । তাৰ মাজতে মই আইনৰ লগতো জড়িত হ'লোঁ । মই বিজ্ঞানৰ স্নাতক আছিলোঁ যদিও এল এল বিও কৰিছিলোঁ । ২০০৮ চনৰ পৰা মই সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত । বিজেপি দলটোৰ সৈতে তেতিয়াৰ পৰাই মই ৰাইজৰ মাজত সক্ৰিয়ভাৱে কাম কৰি আছোঁ ।"

নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত
ভৱেশ কলিতাই ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হয় । এই নিৰ্বাচনত তেওঁ পূৰ্বৱৰ্তী বিধায়ক ঘনশ্যাম কলিতাতকৈ ৩২,০৬৭ টা ভোট অধিক লাভ কৰি জয়লাভ কৰে । তাৰ পিছত তেওঁ পুনৰ ৰঙিয়া সমষ্টিৰ পৰা ২০২১ চনৰ নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু পুনৰ জয়লাভ কৰে । তেওঁ বিপক্ষৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টী ( মাৰ্ক্সবাদী)ৰ ড৹ ভগৱান দেৱ মিশ্ৰতকৈ ২০,২২০ ৰো অধিক ভোট লাভ কৰি বিজয়ী হয় । এইবাৰ পুনৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে তেওঁ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । তেওঁ ইতিমধ্যে ৰাজহুৱা সভাত কেইবাবাৰো বিধানসভাত তৃতীয় তথা অন্তিমবাৰৰ বাবে ৰাইজক প্ৰতিনিধিত্ব কৰিব বুলি ঘোষণা কৰিছে ।
ইয়াৰ পিছত তেওঁ ৰাজনৈতিক জীৱনৰ পৰা আঁতৰি যাব নেকি বুলি জানিবলৈ বিচৰাত যথেষ্ট কৌশলপূৰ্ণভাৱে কয় যে বিধানসভাৰ পিছত তেওঁৰ লক্ষ্য লোকসভালৈ নিৰ্বাচিত হোৱাৰ । তেওঁ এই বিষয়ে কয়, "কোনে কৈছে মই সন্যাস লম ? মই ইয়াৰ পিছতো সক্ৰিয় ৰাজনীতিত থাকিম । দলৰ হৈ কাম কৰিম । মই বিধানসভা নিৰ্বাচনৰ হে কথা কৈছিলোঁ । ইয়াৰ পিছত মই অন্য কথা চিন্তা কৰিম । বিধানসভা নিৰ্বাচনত ৩ বাৰ অৱতীৰ্ণ হ'লেই হ'ল আৰু । কিছুমান মানুহে এঠাইতে ৩০ বছৰলৈ খামোচ মাৰি ধৰি থাকে । কিন্তু মই তেনেকুৱা ব্যক্তি নহয় ।"
উল্লেখ্য যে ভৱেশ কলিতা সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত ২০১৮-২০২১ চনলৈ স্থান লাভ কৰিছিল । সেই সময়ত তেওঁৰ দায়িত্বসমূহ আছিল জলসিঞ্চন (স্বতন্ত্ৰ), ৰাজহ আৰু দুৰ্যোগ প্ৰশমন আৰু শিক্ষা । ২০২১ চনৰ মে' মাহত ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁক মন্ত্ৰীসভাৰ পৰা বাদ দিয়া হয় আৰু পিছত তেওঁ অসম বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্ত হয় । সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত তেওঁ শিক্ষা বিভাগৰ সৈতে জড়িত আছিল যদিও পূৰ্ণাঙ্গ মন্ত্ৰী নাছিল । ৰঙিয়া সমষ্টিৰ পৰা তেওঁ ইতিমধ্যে দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিছে । এই সময়ছোৱাত তেওঁ সমষ্টিৰ উন্নয়নৰ বিভিন্ন কামত জড়িত হৈছে । তেওঁৰ কাৰ্যকালত কিবা কাম ৰৈ গ'ল নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত ভৱেশ কলিতাই কয় যে তেওঁৰ দৃষ্টিত সমষ্টিটোত আৰু বহু কাম কৰিবলৈ বাকী আছে । সমষ্টিটোত ইতিমধ্যে যথেষ্ট কাম হৈছে । কিন্তু ৰাইজৰ সুবিধাৰ্থে আৰু বহু কাম সম্পূৰ্ণ কৰিব লাগিব বুলি তেওঁ দোহাৰে ।

তেওঁ কয়, "নগৰৰ খোৱাপানী যোগান আঁচনিৰ কাম আধৰুৱা হৈ আছে । কাম চলি আছে যদিও সম্পূৰ্ণ হোৱা নাই । ১৫ কোটি টকাৰ আঁচনিখনৰ কাম সম্পূৰ্ণ হ'লেই ৰাইজে বিশুদ্ধ খোৱাপানী লাভ কৰিব । দ্বিতীয়তে ৰঙিয়াৰ মহকুমা অসামৰিক চিকিৎসালয়খনক জিলা চিকিৎসালয়লৈ ৰূপান্তৰ কৰিবলৈ প্ৰস্তাৱ দিছিলোঁ । তাত ৩ মহলীয়া এটা ঘৰ বনোৱাৰ লগতে এটা ব্লাড বেংক বনোৱাৰ পৰিকল্পনা কৰা হৈছে । ইতিমধ্যে এই প্ৰস্তাৱ গৃহীত হৈছে । তৃতীয়তে ৰঙিয়াৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কাম এটা বাকী ৰৈ গ'ল । সেইটো হৈছে ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলিৰ ৰে'লগেটৰ বাবে থকা উৰণ সেতুখনৰ নিৰ্মাণৰ কাম । এই সেতুখন নিৰ্মাণৰ প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতো স্থানীয় কেইগৰাকীমান ব্যক্তিৰ বাধা আৰু কিছু কাৰিকৰী খেলিমেলিৰ বাবে নিৰ্মাণ সম্ভৱপৰ হৈ উঠা নাই ।"
ইফালে এইবাৰৰ নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাণজিৎ চৌধুৰী অৱতীৰ্ণ হৈছে । প্ৰতিদ্বন্দ্বী হিচাপে বিৰোধী শক্তিশালী হয় নে বুলি প্ৰশ্ন কৰাত তেওঁ কয়, "বিৰোধীৰ তৰফৰ পৰা যিয়েই নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ । বিৰোধী অবিহনে গণতন্ত্ৰ শক্তিশালী নহয় । কিন্তু বৰ্তমান বিৰোধীৰ আসনত থকা দলটোৱে নিজৰ কাৰ্যকালত কি কাম কৰিছিল ? আমাৰ ৰাইজৰ প্ৰতি দায়ৱদ্ধতা আছে । আমি আমাৰ কাম কৰি যাম । মই জনতাৰ হৃদয়ত থাকিব বিচাৰোঁ । জনতাৰ বাবে ২৪ ঘণ্টা কাম কৰিব বিচাৰোঁ । মই সকলোকে মাত দিও । মোক ভোট দিয়া সকলকো মই মাত দিওঁ, বিৰোধী শিবিৰৰ লোককো মই মাত দিওঁ ।"
ভৱেশ কলিতা ৰঙিয়াৰ সমাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি । ৰঙিয়াৰ বিভিন্ন অনুষ্ঠানত তেওঁক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈ আহিছে । সমষ্টিটোৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে তেওঁ জড়িত হৈ ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু সময়ে ক'ব নিৰ্বাচনত ভোটাৰ কাৰ পক্ষত ৰায় দিয়ে ।
লগতে পঢ়ক :
প্ৰাৰ্থীক জানো আহক: ঐতিহাসিক নাওবৈচা সমষ্টিক লৈ কংগ্ৰেছ প্ৰাৰ্থী জয় প্ৰকাশ দাসৰ পৰিকল্পনা কি ?
প্ৰাৰ্থীক জানো আহক : নৱগঠিক ডিমৰীয়া সমষ্টিক লৈ কি পৰিকল্পনা এন ডি এৰ প্ৰাৰ্থী ডঃ তপন দাসৰ ?

