প্ৰাৰ্থীক জানো আহক: মৰাপাট কল পুনৰুজ্জিৱীত কৰাৰ পৰা সম-অধিকাৰলৈ কলিয়াবৰক লৈ কি কি সপোন প্ৰদীপ বৰুৱাৰ ?
কলিয়াবৰ সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ মনোনীত ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱাই কি পৰিকল্পনাৰে ভোটাৰ ৰাইজৰ কাষ চাপিব, জানো আহক-

Published : March 26, 2026 at 5:30 PM IST
কলিয়াবৰ: অসমৰ বিধানসভাৰ সমষ্টিসমূহৰ নতুনকৈ সীমা নিৰ্ধাৰণ হোৱাৰ পিছত প্ৰথমবাৰ বাবে অহা ৯ এপ্ৰিলত অসমৰ ভোটাৰে ভোটদান কৰিব । ইতিমধ্যে, কলিয়াবৰত অগপ-বিজেপি মিত্ৰজোঁটৰ কেশৱ মহন্ত; কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱা, নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড় আৰু জ্যোতিষ্ক ৰঞ্জন গোস্বামীৰ মনোনয়ন গৃহীত হোৱালৈ চাই কলিয়াবৰৰ নিৰ্বাচনী যুঁজখন চাৰিকোণীয়া হ'ব বুলি ধাৰণা কৰা হৈছে ।
আনুষ্ঠানিক নিৰ্বাচনী প্ৰচাৰ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব যদিও সকলো প্ৰাৰ্থী, দলীয় কৰ্মী-সমৰ্থক উৎসাহিত হোৱা পৰিলক্ষিত হৈছে । কি কি পৰিকল্পনাৰে ভোটাৰ ৰাইজৰ ওচৰলৈ গৈ মন জয় কৰিব সেই লৈ কৌশল, চিন্তা-চৰ্চা চলি আছে ৰাজনৈতিক দলসমূহৰ মাজত । এই সন্দৰ্ভত কলিয়াবৰ সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ মনোনীত ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱাই কি কয়, কি পৰিকল্পনাৰে ভোটাৰ ৰাইজৰ কাষ চাপিব, জানো আহক-
‘‘অসমত এইবাৰ এক ব্যতিক্ৰমী নিৰ্বাচন হ'ব । এতিয়া মিত্ৰতাৰ এটা নতুন ধাৰাৰ সৃষ্টি হৈছে । এইবাৰ কংগ্ৰেছ দলৰ নেতৃত্বত অসমীয়া জাতিৰ ঐক্য বৰ্তাই ৰাখিবলৈ অসমৰ বিভিন্ন আঞ্চলিক মতাদৰ্শৰ দলৰ লগত ৰাষ্ট্ৰীয় দলৰ সংমিশ্ৰণৰে অসমৰ ভৱিষ্যত প্ৰজন্মক সঠিক পথেৰে গতি কৰাবৰ বাবে এইটো এটা পৰিৱৰ্তনৰ নতুন দিশ, নতুন দিগন্ত । কিয়নো অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, ৰাইজৰ দলৰ অখিল গগৈ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মিলি অসমৰ যি জাতীয় চেতনা, এই চেতনাক সজীৱ কৰি ৰখাৰ কাৰণে চেষ্টা কৰিছে ।’’ আৰম্ভণিতেই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদীপ কুমাৰ বৰুৱাই ৷
কলিয়াবৰ বিধানসভা সমষ্টিটো কংগ্ৰেছে ৰাইজৰ দলক এৰি দিয়াত কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলত যোগদান কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে প্ৰদীপ বৰুৱা ৷ ইটিভি ভাৰতৰ আগত তেওঁ কয়, ‘‘ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ঐতিহ্য যোৱা দহ বছৰত অৱক্ষয় হ’বলৈ আৰম্ভ কৰিছে । আমাৰ উপৰিপুৰুষে ভৱিষ্যত প্ৰজন্মৰ বাবে গঢ়ি তোলা ঐতিহাসিক কলিয়াবৰৰ দিশহাৰা হতাশগ্ৰস্ত নৱপ্ৰজন্মৰ বাবে সমাজিক সৌষ্ঠৱ বচাই ৰখাটো আমাৰ প্ৰধান দায়িত্ব হ'ব । মই এগৰাকী পিতৃ হিচাপে হতাশগ্ৰস্ত নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা চিন্তা কৰাটো মোৰ অন্যতম প্ৰধান দায়িত্ব হ'ব । কলিয়াবৰত ধনিক আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত পাৰ্থক্য বৃদ্ধি পাইছে । সম-অধিকাৰৰ পৰা বহুলোক বঞ্চিত হৈছে । ইয়াৰ পৰিত্ৰাণৰ ব্যৱস্থা কৰিব লাগিব ।’’
তদুপৰি, কলিয়াবৰত বন্ধ হৈ থকা অসম সমবায় মৰাপাট কলক কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ'লে পুনৰ উৎপাদনক্ষম কৰি তোলাটো কলিয়াবৰৰ বিধায়ক হিচাপে প্ৰথম কাম হ'ব বুলি কয় প্ৰদীপ কুমাৰ বৰুৱাই । তেওঁ কয়, ‘‘যিটো প্ৰতিষ্ঠানে কলিয়াবৰৰ হাজাৰ-বাৰশ দৰিদ্ৰ পৰিয়ালক এমুঠি অন্নৰ যোগান ধৰিছিল, এই কলটো বন্ধ হৈ গ'ল । কৃষক-শ্ৰমিকৰ সন্তানৰ উপাৰ্জনৰ পথটো এই চৰকাৰৰ দিনত বন্ধ হৈ গ'ল । দুখীয়াৰ ভাত মুঠি পুনৰ যোগাৰ কৰিবলৈ এই কলটো পুনৰ কাৰ্যক্ষম কৰিব লাগিব ।’’
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত জখলাবন্ধাৰ দৰে ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা বাণিজ্যিক কেন্দ্ৰ ক ধ্বংস কৰিবলৈ ওলোৱা কাৰ্যৰ বাবে যোৱা চৰকাৰখনক তীব্ৰ সমালোচনা কৰে বৰুৱাই ।
বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাৰ ধৰ্মৰ বিষয়ে বৰুৱাই কয়, ‘‘কংগ্ৰেছ দলৰ নেতৃত্বত ৰাইজৰ দল, অসম জাতীয় পৰিষদ দলৰ সক্ৰিয়তাৰে অসমৰ বিৰোধী ঐক্যমঞ্চ শক্তিশালী । আমাৰ কলিয়াবৰত ৰাইজৰ দল শক্তিশালী নহয়, কিন্তু কংগ্ৰেছ দলে মিত্ৰতাৰ ধৰ্ম পালন কৰি ৰাইজৰ দলক সক্ৰিয়তাৰে সহযোগ কৰিছে । বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটতকৈ আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে মিত্ৰতাৰ ধৰ্ম বেছি ভালকৈ বুজি পাইছে । মোক ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে নহয়, মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অকুণ্ঠ সহযোগিতা আগ বঢ়াইছে ।’’
সমাগত নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জয়ী হোৱাৰ ক্ষেত্ৰত আশাবাদী প্ৰাৰ্থীগৰাকীয়ে কয়, ‘‘কলিয়াবৰ সচেতন, বিবেকবান ভোটাৰৰ স্থান । কলিয়াবৰৰ সমাজ জীৱনৰ লগত, কলিয়াবৰীয়া ৰাইজৰ সুখে-দুখে যোৱা ত্ৰিশ বছৰে জড়িত হৈ আছোঁ । মোৰ তেনে একো ক্ষমতা নাই । মই এবাৰ কলিয়াবৰ আঞ্চলিক পঞ্চায়ত সভাপতি আছিলোঁ । কলিয়াবৰীয়া ৰাইজৰ মোৰ প্ৰতি আন্তৰিকতা আছে বুলি ভাবোঁ । যেতিয়া নৱপ্ৰজন্মৰ মাজত ম'বাইলৰ প্ৰসাৰ বৃদ্ধি পাইছিল, তেতিয়া কিতাপৰ প্ৰতি ধাউতি বৃদ্ধি কৰিবলৈ কলিয়াবৰীয়া ৰাইজ আৰু বহুকেইজন জ্যেষ্ঠ ব্যক্তিৰ সহযোগত আঞ্চলিক পঞ্চায়তৰ সভাপতি হৈ থকাৰ সময়ত ড৹ ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতিত এটা লাইব্ৰেৰী আৰম্ভ কৰিছিলোঁ । এতিয়া মহকুমা লাইব্ৰেৰী হ'ল । য'ত শিশুৰ পৰা বৃদ্ধলৈকে এক সুন্দৰ পঢ়াৰ পৰিৱেশ সৃষ্টি হৈছে ।’’
‘‘কথাৰে নহয় বন্ধু কামেৰে পৰিচয় । বহু সামাজিক কাম কৰিছোঁ । ৰাইজৰ লগত এক সম্পৰ্ক ৰক্ষা কৰিছোঁ । ময়ো এতিয়া নিৰ্বাচনৰ আগত কথাৰ ফুলজাৰি নামাৰোঁ । মোৰ মনত কিছুমান সঙ্কল্প লৈছোঁ, সপোন আছে, যিবোৰ পূৰ্ণ কৰিম । মই নিজকে এতিয়াও তৰুণ বুলিয়েই ভাবোঁ, কাৰণ মোৰ চকুত সপোন আছে, মোৰ চকুত ভৱিষ্যত আছে । সেই ভৱিষ্যত কলিয়াবৰৰ নতুন প্ৰজন্ম আৰু এই নতুন প্ৰজন্মৰ ভৱিষ্যতৰ বাবে মই দায়বদ্ধ ।’’ শেষত এইদৰে কয় প্ৰদীপ কুমাৰ বৰুৱাই ৷
লগতে পঢ়ক:
বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিবলৈ গৌৰৱ গগৈয়ে সাত জনম ল'ব লাগিব : সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ হুংকাৰ

