৩৪নং ডিমৰীয়া সমষ্টিত কংগ্ৰেছৰ নতুন মুখ: খিলঞ্জীয়াৰ হকে যুঁজ দিয়াৰ সংকল্প কিশোৰ কুমাৰ বৰুৱাৰ
ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ক্ষেত্ৰীৰ সন্তান কিশোৰ কুমাৰ বৰুৱাক । কি পৰিকল্পনা বৰুৱাৰ ? এক প্ৰতিবেদন ।

Published : March 26, 2026 at 7:42 PM IST
সোণাপুৰ: গুৱাহাটী মহানগৰীৰ পাঁচ সমষ্টিৰ অন্যতম নৱগঠিত ৩৪নং ডিমৰীয়া বিধানসভা সমষ্টিক লৈ এতিয়া ৰাজনৈতিক তৎপৰতা তুংগত উঠিছে । এইবাৰ এই সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এক বিশেষ চমক দি এগৰাকী স্থানীয় তথা ভূমিপুত্ৰ যুৱকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তেওঁ হৈছে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ বৰুৱা ।
ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু কংগ্ৰেছৰ কৌশল:
ডিমৰীয়াবাসীৰ দীৰ্ঘদিনীয়া দাবী আছিল যে এইবাৰ যিকোনো দলেই নহওক কিয়, প্ৰাৰ্থীগৰাকী ডিমৰীয়াৰ এজন স্থায়ী বাসিন্দা হ'ব লাগে । ৰাইজৰ এই আৱেগক সন্মান জনাই কংগ্ৰেছ দলে ক্ষেত্ৰীৰ সন্তান কিশোৰ কুমাৰ বৰুৱাক নিৰ্বাচনী যুঁজত নমাই দিছে । ইয়াৰ জৰিয়তে দলটোৱে সমষ্টিটোৰ খিলঞ্জীয়া ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে ।
ৰাজনৈতিক যাত্ৰা আৰু অভিজ্ঞতা:
ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছ প্ৰাৰ্থী ৰাজনীতিত নতুন মুখ কিশোৰ কুমাৰ বৰুৱাই তেওঁৰ ২০ বছৰীয়া দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ কথা উল্লেখ কৰে । ২০০৩ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা বৰুৱাই ২০০৬ চনত ক্ষেত্ৰী মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লৈছিল । পৰৱৰ্তী সময়ত তেওঁ ডিমৰীয়া ব্লক কংগ্ৰেছ আৰু বৰ্তমান মহানগৰ জিলা কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আছে । শৈক্ষিক দিশত তেওঁ ডিমৰীয়া মহাবিদ্যালয়ৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰিছে ।
সমষ্টিটোক লৈ সপোন আৰু পৰিকল্পনা:
নিজৰ সমষ্টিটোক এখন ‘আটকধুনীয়া’ ঠাই হিচাপে গঢ়ি তোলাৰ সপোন দেখে কিশোৰ কুমাৰ বৰুৱাই ।
তেওঁৰ পৰিকল্পনাৰ মূল দিশসমূহ হ'ল:
- প্ৰাকৃতিক ভাৰসাম্য: ডিমৰীয়াৰ প্ৰাকৃতিক সৌন্দৰ্য বিনষ্ট নকৰাকৈ আধুনিকতাৰ পৰশ দিয়া ।
- মৌলিক সা-সুবিধা: উন্নত চিকিৎসা সেৱা (Medical Facility), যাতায়ত আৰু উন্নত পথৰ নিৰ্মাণ ।
- ভূমি পট্টাৰ সমস্যা: বিশেষকৈ কাৰ্বি বসতিপ্ৰধান এলেকাত থকা ভূমি পট্টাৰ সমস্যা সমাধানৰ বাবে শক্তিশালী পদক্ষেপ লোৱা ।
- উদ্যোগ বনাম খিলঞ্জীয়া: উদ্যোগপতিসকলে ভূমি পট্টা পোৱাৰ বিপৰীতে খিলঞ্জীয়া কাৰ্বি ৰাইজে কিয় ভূমি পট্টা পোৱা নাই, সেই বৈষম্য দূৰ কৰাৰ চেষ্টা কৰা ।
- খোৱাপানীৰ সমস্যা: স্বাধীনতাৰ ৭৮ বছৰ পাছতো সমাধান নোহোৱা খোৱাপানীৰ সমস্যা আৰু জলজীৱন মিচনৰ আঁচনি পানী যোগান কাৰ্যকৰী কৰা।
ৰাইজৰ প্ৰতি আহ্বান:
সাক্ষাৎকাৰত বৰুৱাই কয়, "মই ৰাইজৰ মাজৰে এজন । ৰাইজে এজন স্থানীয় ব্যক্তিক আশা কৰিছিল আৰু কংগ্ৰেছ দলে মোক সেই সুযোগ দিছে । মই নিৰ্বাচিত হ'লে ডিমৰীয়াৰ জ্বলন্ত সমস্যাসমূহ বিধানসভাত উত্থাপন কৰিম ।" তেওঁ লগতে উল্লেখ কৰে যে তেওঁ নেতিবাচক ৰাজনীতি বা আনক সমালোচনা কৰাতকৈ উন্নয়নমূলক কামতহে গুৰুত্ব দিব ।
বিশেষকৈ অসমৰ গৌৰৱ জুবিন গাৰ্গৰ সৈতে জড়িত 'জুবিনক্ষেত্ৰ'ক জগতত জিলিকাই তোলাৰ বাবেও তেওঁ প্ৰচেষ্টা চলাব বুলি আশ্বাস দিয়ে । বৰ্তমান ডিমৰীয়াৰ প্ৰতিটো প্ৰান্তত কিশোৰ কুমাৰ বৰুৱাক লৈ ৰাইজৰ মাজত এক স্বতঃস্ফূৰ্ত সঁহাৰি দেখা গৈছে । এতিয়া লক্ষণীয় হ'ব যে নিৰ্বাচনৰ ফলাফলত এই সঁহাৰিয়ে কি মোৰ লয় ।

