ETV Bharat / politics

বৰষুণৰ মাজতো উৎসাহী ভোটাৰ : শোণিতপুৰত ২০২১ চনৰ তুলনাত বৃ্দ্ধি ভোটদানৰ হাৰ

৫ বজালৈ অসমত ৮৪.৪২% ভোটদান ৷ শোণিতপুৰত ভোটদানৰ হাৰে অতিক্ৰম কৰিলে ৮২% ৷

ASSAM ASSEMBLY ELECTION 2026
ভোটদানৰ পিছত এক দম্পতী (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : April 9, 2026 at 11:54 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: প্ৰতিকূল পৰিস্থিতিৰ মাজতো অসমত ভোটাৰে ব্যাপক হাৰত ভোটগ্ৰহণত অংশগ্ৰহণ কৰে ৷ সন্ধিয়া ৫ বজালৈ মুঠ ভোটদানৰ হাৰ ৮৪.৪২% ৷ ৰাজ্যজুৰি এই ভোটদানৰ হাৰক গণতান্ত্ৰিক চেতনাৰ এক শক্তিশালী প্ৰতিফলন হিচাপে দেখা হৈছে ।

শোণিতপুৰ জিলাতো দিনৰ ভাগত কিছু পৰিমাণে বতৰ ভাল আছিল ৷ অৱশ্যে বিয়লি প্ৰতিকূল পৰিস্থিতিক উপেক্ষা কৰি ভোটাৰসকলে উৎসাহেৰে ভোটদান কৰে ৷ জিলাখনত সন্ধিয়া ৫ বজালৈ প্ৰায় ৮২.২৩% ভোটদান হৈছে বুলি জানিবলৈ দিয়ে জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত আনন্দ কুমাৰ দাসে ৷

ASSAM ASSEMBLY ELECTION 2026
শোণিতপুৰত ২০২১ চনৰ তুলনাত বৃ্দ্ধি ভোটদানৰ হাৰ (ETV Bharat Assam)

উল্লেখযোগ্য যে দিনৰ ভাগত একাংশ সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত সৰু-সুৰা সংঘাতৰ অভিযোগ উত্থাপিত হ’লেও কোনো গুৰুত্বপূৰ্ণ অপ্ৰিয় ঘটনা সংঘটিত নোহোৱাকৈ নিৰ্বাচন সম্পন্ন হয় ৷ সমগ্ৰ জিলাখনত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে ।

সমষ্টি অনুসৰি ভোটদানৰ হাৰত ৮৩.৪৯% ৰ সৈতে শীৰ্ষস্থানত আছে ৬৮ নং ৰঙাপৰা বিধানসভা সমষ্টি ৷ ইয়াৰ পিছত ৬৬ নং বৰচলা বিধানসভা সমষ্টিত ৮২.৬২%, ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিত ৮২.৫১%, ৬৭ নং তেজপুৰ বিধানসভা সমষ্টিত ৮২.১৭% আৰু ৬৫ নং ঢেকীয়াজুলি বিধানসভা সমষ্টিত ৮০.৭৩% ভোটদান হৈছে বুলি নিৰ্বাচনী আয়োগৰ তথ্যত প্ৰকাশ ।

ASSAM ASSEMBLY ELECTION 2026
বৰষুণৰ মাজতো উৎসাহী ভোটাৰ (ETV Bharat Assam)

পুৱাৰে পৰা বৰষুণৰ মাজতো ভোটাৰসকলে দীঘলীয়া শাৰী পাতি ভোটকেন্দ্ৰত উপস্থিত হয় আৰু সুশৃংখলভাৱে ভোটদান কৰে ৷ নিৰ্বাচনী কৰ্তৃপক্ষ আৰু নিৰাপত্তা বাহিনীৰ সমন্বয়ত প্ৰতিটো কেন্দ্ৰতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় ।

উল্লেখযোগ্য যে, ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত শোণিতপুৰ জিলাত মুঠ ভোটদানৰ হাৰ আছিল ৭৮.২৩% । এইবাৰ সন্ধিয়া ৫ বজালৈ সেই হাৰৰ তুলনাত ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি দেখা গৈছে যদিও চূড়ান্ত তথ্যত এই সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে । সেই সময়ত জিলাখনত ৮ টা সমষ্টি আছিল, যাক এইবাৰ পুনৰ সীমা নিৰ্ধাৰণৰ পিছত ৫ টালৈ হ্ৰাস কৰা হৈছে ।

ASSAM ASSEMBLY ELECTION 2026
সচেতনতাৰ পৰিচয় দি এওঁলোকে ভোটদান কৰিলে (ETV Bharat Assam)

জিলা প্ৰশাসনে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ শান্তিপূৰ্ণ পৰিচালনাত সন্তুষ্টি প্ৰকাশ কৰিছে । বৰষুণৰ মাজতো ভোটাৰৰ এই সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু দায়বদ্ধতাক পুনৰ এবাৰ প্ৰমাণ কৰে ৷

লগতে পঢ়ক: প্ৰতিকূল বতৰ, ইভিএম বিকলৰ পিছতো বৰপেটাত ৯২.৮৩ শতাংশ ভোটদান