মুখ্যমন্ত্রীৰ বুজনিত শান্ত হ'ল দিছপুৰৰ বিধায়ক : লক্ষ্য এতিয়া ২০২৯ৰ লোকসভা নিৰ্বাচন
মুখ্যমন্ত্রীয়ে কি ক'লে সেই কথা ৰাজহুৱাকৈ ক'ব নোৱাৰো বুলি সংবাদ মাধ্যমৰ আগত ক'লে অতুল বৰাই ।

Published : March 22, 2026 at 7:40 PM IST
গুৱাহাটী : বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নোপোৱা দিছপুৰৰ বিধায়ক অতুল বৰাৰ লক্ষ্য এতিয়া ২০২৯ৰ লোকসভা নিৰ্বাচন । প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত দিছপুৰৰ পৰা নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'ব বুলি হুংকাৰ দিয়াৰ পিছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা অতুল বৰাৰ ঘৰত উপস্থিত হৈ আলোচনাত মিলিত হৈছিল । সেই আলোচনাত মুখ্যমন্ত্রীয়ে দিয়া বুজনিৰ পাছতে শান্ত হৈছে অতুল বৰা ।
দেওবাৰে বিধায়ক অতুল বৰাই গুৱাহাটীৰ নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলৰ যোগেদি অতুল বৰাই ঘোষণা কৰে যে তেওঁ নিৰ্দলীয়ভাৱে নিৰ্বাচন নেখেলে আৰু দিছপুৰ সমষ্টিত কাকো সহায় নকৰো । তেওঁ ডিমৰীয়া সমষ্টিত অগপ প্ৰাৰ্থীক সহায় কৰিব ।
তেওঁ কয়, "মুখ্যমন্ত্ৰী মোৰ ঘৰত আহোতে কৈ দিছো অহা লোকসভা নিৰ্বাচনত মই গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম । ২০২৯ চনত মই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ম । মই জীৱনত কিছু কথা গোপনীয় কৰি নৰখাৰ বাবে আজি মোৰ এই অৱস্থা । ২০২৯ চনত মই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ম । আজিৰ পৰা মোৰ নতুন জীৱন আৰম্ভ হ’ব । আজিৰ পৰা মই মনে মনে থাকিম । মোৰ সমষ্টিৰ কৰ্মীৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত লৈছো । প্ৰদ্যুৎ বৰদলৈ মোৰ ঘৰত আহিলে সহায় কৰিম নে নাই সেয়া মোৰ মনৰ ওপৰত নিৰ্ভৰ কৰিব । মন ভাল থাকিলে কথা পাতিম, মন ভাল নাথাকিলে কথা নাপাতো ।"
তেওঁ লগতে কয়, "মুখ্যমন্ত্রীয়ে মোৰ লগত আলোচনা কৰিছিল । মোক দিয়াৰ কথা আছিল । কিন্তু বিশেষ কাৰণত এনে এটা পৰিস্থিতি হ'ল । মুখ্যমন্ত্রীৰ পৰামৰ্শ অনুসৰি মই ডিমৰীয়াত প্ৰচাৰ চলাম । দীঘলীয়া আলোচনাৰ অন্তত মই মুখ্যমন্ত্রীক ২০২৯ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি স্পষ্ট । মুখ্যমন্ত্রীয়ে কি ক'লে সেই কথা মই ক'ব নোৱাৰো ।"
ইফালে দেওবাৰে নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই দিছপুৰৰ বিধায়ক অতুল বৰাক সাক্ষাৎ কৰি আশীৰ্বাদ লয় । এই সাক্ষাতৰ পাছতে অতুল বৰাই কয়, "দিপ্লুৰঞ্জন শৰ্মাক মই সহায় কৰিম । সিদ্ধাৰ্থ ভট্টাচাৰ্যই যেতিয়া আশীৰ্বাদ দিছে মই কিয় সহায় নকৰিম । সিদ্ধাৰ্থ ভট্টাচাৰ্যই বেয়া পালেও সহায় কৰিম ।"

