ETV Bharat / politics

প্ৰথমখন প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে সাজু কংগ্ৰেছ : যোৰহাটৰ পৰাই পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈয়ে !

উজনি আৰু উত্তৰ অসমৰ সমষ্টিসমূহৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত ।

Congress-somoy-poriborton-jatra
কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 1, 2026 at 4:26 PM IST

10 Min Read
Choose ETV Bharat

গুৱাহাটী: বিধানসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই । শাসকীয় দল বিজেপি আৰু বিৰোধী কংগ্ৰেছ উভয়ে নিৰ্বাচনক লৈ ব্যাপক তৎপৰ হৈছে । দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাজ্যজুৰি আৰম্ভ কৰিছে ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ ৷

আনহাতে তৃতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী লোৱাৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে 'জন আশীৰ্বাদ যাত্রা'।

Congress-somoy-poriborton-jatra
কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ (ETV Bharat Assam)

১০০ খন আসনত কংগ্ৰেছ, ২৫ খন আন দলক :

কংগ্ৰেছে ৰাজ্যজুৰি ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ লগতে বিৰোধী মিত্রদলসমূহৰ সৈতে আসন বুজাবুজিৰ প্ৰক্ৰিয়াও আগুৱাই নিছে । কংগ্ৰেছে আসন বুজাবুজিৰ সমান্তৰালভাৱে নিজ দলৰ প্ৰাৰ্থী পেনেলো চূড়ান্ত কৰাৰ দিশে অগ্ৰসৰ হৈছে । সময় পৰিৱৰ্তনৰ যাত্রাত ব্যস্ত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সাংবাদিকৰে হোৱা বাৰ্তালাপত সদৰী কৰিছে যে কংগ্ৰেছ দল নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে । প্ৰায় ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছ দলে । বাকী আসনসমূহ মিত্রদলক এৰি দিব কংগ্ৰেছে । বিজেপিক ৰোধিবলৈ কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যবদ্ধ হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সমান্তৰালকৈ কংগ্ৰেছে প্ৰায় ৪০ খন আসনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত কৰাৰ বাবে সাজু হৈছে ।

Congress-somoy-poriborton-jatra
কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ (ETV Bharat Assam)

যোৰহাটৰ প্ৰাৰ্থী হ'ব গৌৰৱ গগৈ :

ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে । এই ইংগিত দিছে সাংসদ গৌৰৱ গগৈয়ে । ইফালে, চৰ্চা অনুসৰি সাংসদ গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে । উজনিত বিজেপিৰ বিৰুদ্ধে যুঁজ এখন দিয়াৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই গৌৰৱ গগৈক যোৰহাটৰ পৰা নিৰ্বাচনী যুঁজত নমাব বিচাৰিছে । কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীয়ে বিভিন্ন দিশ চালি-জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি চৰ্চা চলিছে ।

কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা সাজু :

ইফালে, মিত্রদলক লৈ সমস্যা নথকা সমষ্টিক লৈ কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা সাজু কৰিছে । বিশেষকৈ উজনি আৰু উত্তৰ অসমৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত কৰা হৈছে । লক্ষণীয় বিষয় যে বিৰোধী মিত্রদলসমূহৰ সৈতে আসন বুজাবুজিৰ প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে নিজ দলৰ প্ৰাৰ্থী পেনেল চূড়ান্ত কৰাৰ দিশেও অগ্ৰসৰ হৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ । সম্প্রতি বিজেপি মিত্রজোঁটৰ দুৰ্গৰূপে পৰিচিত হৈ থকা উজনি-উত্তৰ অসমৰ ৪৩ টা সমষ্টিৰ ভিতৰত ৩০ টা সমষ্টিৰ বাবে দলীয় প্রার্থী পেনেল কংগ্ৰেছে যুগুতাইছে ।

Congress-somoy-poriborton-jatra
কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ত গৌৰৱ গগৈ (ETV Bharat Assam)

প্ৰদেশ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰই জনোৱা মতে, ৭ মাৰ্চত নতুন দিল্লীত কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । অসমৰ নিৰ্বাচনৰ বাবে এ আই চি চিয়ে প্রিয়ংকা গান্ধীৰ অধ্যক্ষতাত গঠন কৰা স্ক্রীনিং কমিটীৰ বৈঠকৰ বাবে ইতিমধ্যে প্রার্থী পেনেল চূড়ান্ত কৰিছে ৰাজীৱ ভৱনে । দিল্লীত হ'বলগীয়া বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ প্রদ্যুৎ বৰদলৈ, প্রাক্তন সাংসদ ৰিপুণ বৰা, সাংসদ ৰকিবুল হুছেইনকে ধৰি শীৰ্ষ নেতাসকলে অংশগ্রহণ কৰিব । এই বৈঠকতে প্রদেশ কংগ্ৰেছৰ অসমৰ প্ৰাৰ্থী পেনেল সন্দৰ্ভত আলোচনা কৰি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হ'ব ।

জ্যেষ্ঠ মুখপাত্রগৰাকীয়ে জনোৱা মতে, স্ক্রীনিং কমিটীৰ বৈঠকত প্রথম পৰ্যায়ত মিত্রদলৰ মাজত প্রার্থিত্বক লৈ বিবাদ নথকা উজনি আৰু উত্তৰ অসমৰ সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হ'ব । উজনি অসমৰ শদিয়াৰ পৰা বোকাখাতলৈ আৰু উত্তৰ অসমৰ জোনাইৰ পৰা ঢেকীয়াজুলিলৈ ৪৩ টা সমষ্টি আছে । ইয়াৰে প্ৰায় ১৩ টা বিধানসভা সমষ্টি কংগ্ৰেছে মিত্রদল অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু বাওঁপন্থী দল চি পি আই(এম এল) ক এৰি দিয়াৰ ক্ষেত্ৰত সহমত পোষণ কৰিছে । এনে পৰিপ্ৰেক্ষিততে কংগ্ৰেছে মিত্রদলক এৰি দিবলগীয়া উজনি-উত্তৰ অসমৰ সমষ্টি কেইটাক বাদ দি স্ক্রীনিং কমিটীৰ বৈঠকত আন সমষ্টি কেইটাৰ প্রার্থী পেনেলক লৈ আলোচনা হ'ব ।

মিত্রদলে ক'ত খেলিব ?

কংগ্ৰেছে মিত্রদল অসম জাতীয় পৰিষদক শদিয়া, খোৱাং, ডিব্ৰুগড়, মাহমৰা, ধেমাজি, সৰুপথাৰ সমষ্টি এৰি দিয়াৰ বাবে ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে । ইফালে, বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলক চিচিবৰগাঁও, ডিগবৈ, শিৱসাগৰ, মৰিয়নী, বোকাখাত, তেজপুৰ সমষ্টি এৰি দিয়াৰ বাবে কংগ্ৰেছে সিদ্ধান্ত গ্রহণ কৰিছে । আন এটা বিৰোধী মিত্ৰদল চি পি আই (এম এল)ক বিহালী সমষ্টি এৰি দিয়াৰ কথাও বিবেচনা কৰিছে কংগ্ৰেছে । এই সমষ্টি কেইটাক বাদ দি কংগ্ৰেছে বাকী সমষ্টি কেইটাৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে অগ্ৰসৰ হৈছে ।

Congress-somoy-poriborton-jatra
কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ত গৌৰৱ গগৈ (ETV Bharat Assam)

প্রদ্যুৎ বৰদলৈৰ পুত্ৰৰ হ'ব অভিষেক !

অৱশ্যে ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ বুজাবুজি সম্পূৰ্ণ হোৱা নাই । কেইবাটাও সমষ্টিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ লগত মনোমালিন্য আছে । কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্রতাৰ স্বৰূপটো দুই-এদিনতে স্পষ্ট হ'ব । ইফালে, চৰ্চা অনুসৰি মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছে প্রার্থিত্ব দিব পাৰে সমষ্টিটোৰ দীৰ্ঘকালৰ প্রাক্তন বিধায়ক তথা বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক । বিজেপিৰ ভাস্কৰ শৰ্মাৰ হাতত শোচনীয়ভাৱে পৰাজিত হৈ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ নিজেই মাৰ্ঘেৰিটা এৰি ধৰ্মীয় সংখ্যালঘু বসতিপ্রধান নগাঁও লোকসভা সমষ্টিলৈ ঢাপলি মেলি সাংসদ নির্বাচিত হৈছে । এনে পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনৰ বিৰতিত বিদেশৰ পৰা উভতি অহা সাংসদ প্রদ্যুৎ বৰদলৈৰ পুত্ৰ আৰু ৰাজনীতিত তেনেই অপৈণত প্রতীক বৰদলৈ মাৰ্ঘেৰিটাত পৰা অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে । সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী হৈছে ৰাহুল ছেত্ৰী ।

তিনিচুকীয়া-মাকুম সমষ্টিত কাৰ ভাগ্য় উদয় হ'ব ?

সেইদৰে বিজেপিৰ ব্যাপক প্রভাৱ থকা তিনিচুকীয়া সমষ্টিত কংগ্ৰেছৰ শক্তিশালী প্রার্থী নাই । ভাষিক সংখ্যালঘু আৰু হিন্দীভাষী সম্প্ৰদায়ৰ ব্যাপক প্রভাৱ থকা তিনিচুকীয়া সমষ্টিত কংগ্ৰেছৰ প্রার্থী হিচাপে নাম ওলাইছে ডেভিদ ফুকনৰ । আনহাতৰ ডুমডুমাত কংগ্ৰেছে প্রাক্তন বিধায়ক দুর্গা ভূমিজক পুনৰ প্রার্থিত্ব প্ৰদান কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । নৱগঠিত মাকুম সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ ব্যাপক জনগাঁথনি পৰিলক্ষিত হৈছে । এই সমষ্টিটোত বিজেপিয়ে এজন চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ যো-জা চলোৱাৰ বিপৰীতে কংগ্ৰেছে চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুক প্রার্থিত্ব প্ৰদানৰ বাবে পেনেলত নাম পঠিওৱা বুলি জানিব পৰা গৈছে ।

Congress-somoy-poriborton-jatra
কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ (ETV Bharat Assam)

সেইদৰে চাবুৱা-লাহোৱাল সমষ্টিৰ বাবে কংগ্ৰেছৰ প্রার্থী পেনেলত নাম আছে প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ । এই সমষ্টিত বিজেপিয়ে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা আৰু চাবুৱাৰ অগপ বিধায়ক পোনাকণ বৰুৱাক বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতাত নমোৱাৰ চৰ্চা চলিছে ।

দুলীয়াজান বিধানসভা সমষ্টিত কংগ্ৰেছৰ অতি সম্ভাৱনাপূর্ণ প্ৰাৰ্থীৰূপে চৰ্চাত আছে আহোম জনগোষ্ঠীৰ যুৱপ্ৰাৰ্থী ধ্রুবজ্যোতি গগৈ । লক্ষণীয় বিষয় যে ২০২১ চনৰ নিৰ্বাচনত বিৰোধীৰ ভোট বিভাজনৰ বাবেহে বিগত বিধানসভা নিৰ্বাচনত দুলীয়াজানত পৰাজিত হ'বলগীয়া হৈছিল কংগ্ৰেছৰ যুৱ প্রার্থী ধ্রুবজ্যোতি গগৈ । ২০২১ চনৰ নিৰ্বাচনত বিজেপিৰ তেৰছ গোৱালাই ৫৪,৭৬২ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি গগৈয়ে ৪৬,৬৫২ টা ভোট আৰু আন এটা বিৰোধী দল অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে ২৪,১৯২ টা ভোট লাভ কৰিছিল । অর্থাৎ বিৰোধী দল কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুজনে মুঠ ভোট পাইছিল ৭০,৮৪৪ টা ।

বিগত নিৰ্বাচনত দুলীয়াজানত কংগ্ৰেছ আৰু অজাপৰ এজন উমৈহতীয়া প্রার্থী হোৱা হ'লে প্রায় ১৬ হেজাৰ ভোটত সমষ্টিটো বিৰোধীয়ে দখল কৰাৰ সম্ভাবনা প্রবল আছিল । দুলীয়াজান সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ সমান্তৰালভাৱে আছে আহোম জনগোষ্ঠীৰো বৃহৎসংখ্যক ভোটাৰ । সমষ্টিটোত কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি গগৈৰ উপৰি পৰাণজ্যোতি গগৈৰ নাম পেনেলত অন্তৰ্ভুক্ত হোৱা বুলি জনা গৈছে । সমষ্টিটোত ৰাজীৱ সিংহ বৰা, ৰাজীৱ ফুকন, স্মৃতা গগৈ আদিয়েও বিচাৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ।

নাহৰকটীয়াত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিজেপি বিধায়ক তৰংগ গগৈৰ বিৰুদ্ধে কংগ্ৰেছে প্রাক্তন মন্ত্রী প্রণতি ফুকনক প্ৰাৰ্থিত্ব দিব বুলি চৰ্চা চলিছে । টিংখাঙত উদ্যোগ আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াৰ বিৰুদ্ধে কংগ্ৰেছে প্রার্থিত্ব দিব আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতি ঘনিষ্ঠ প্রাক্তন বিষয়া বিপুল গগৈক । টিংখাঙত আছে আহোম জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠ ভোটাৰ । সোণাৰি সমষ্টিৰ বাবে কংগ্ৰেছে উৎপল গগৈৰ নাম পেনেলত ৰাখিছে । শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া আৰু ডিমৌ সমষ্টিৰ বাবে অজয় গগৈৰ নাম প্রার্থী পেলেনত অন্তৰ্ভুক্ত কৰিছে কংগ্ৰেছে ।

Congress-somoy-poriborton-jatra
কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত তিতাবৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰ লক্ষণীয়ভাৱে বৃদ্ধি পোৱাত তিতাবৰৰ প্ৰাৰ্থী পেনেলত বিধায়ক ভাস্কৰ বৰুৱাৰ উপৰি প্ৰাণ কুৰ্মীৰ নাম অন্তর্ভুক্ত হৈছে কংগ্ৰেছৰ প্রার্থী পেনেলত । ইফালে, যোৰহাট সমষ্টিৰ বাবে নাই কংগ্ৰেছৰ জয়ী হ'ব পৰ‍কৈ কোনো শক্তিশালী প্রার্থী নাই । যাৰ বাবে কংগ্ৰেছৰ নেতৃত্বই যোৰহাটত সাংসদ গৌৰৱ গগৈক প্ৰাৰ্থীত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলীয় সূত্রে জানিব পৰা গৈছে । অৱশ্যে প্ৰাৰ্থী পেনেলেত প্ৰশান্ত দত্ত, কৃষাণু বৰুৱা, দিব্যজ্যোতি লেখক, গীতাৰ্থ শৰ্মাবৰুৱাৰ নাম আছে ।

চৰ্চাত পল্লৱী শ‍ইকীয়া গগৈ - সাগৰিকা বৰা :

টীয়কত কংগ্ৰেছৰ প্রার্থিত্বৰ দাবীদাৰ হৈছে প্রয়াত বিধায়ক মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী শ‍ইকীয়া গগৈ । দেৰগাঁও সমষ্টিৰ বাবে সাগৰিকা বৰা, ভূপেন গগৈ, পৰাণজ্যোতি শ‍ইকীয়া, গোলাঘাট বিধানসভা সমষ্টিৰ বাবে বিতোপন শ‍ইকীয়া, দীপাংকৰ বৰা, খুমটাই সমষ্টিৰ বাবে সৰুপথাৰৰ প্রাক্তন বিধায়ক ৰ'জলীনা তিৰ্কী আৰু পৰাণজ্যোতি শ‍ইকীয়াৰ নাম প্ৰাৰ্থী পেনেলত অন্তর্ভুক্ত কৰিছে কংগ্ৰেছে ।

মাজুলীত প্রাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগুৰ উপৰি বিষ্ণু কমল পায়েঙৰ নাম কংগ্ৰেছৰ পেনেলত অন্তর্ভুক্ত হৈছে । আনহাতে জোনাই সমষ্টিত ৰাজু মেদক, ঢকুৱাখনা সমষ্টিত আনন্দ নৰহ আৰু সুৰজিৎ দলে, লখিমপুৰ সমষ্টিত ঘন বুঢ়াগোহাঁই আৰু প্ৰাক্তন সাংসদ ৰাণী নৰহ, ৰঙানদী সমষ্টিত পংকজ শ‍ইকীয়া, বিহপুৰীয়া সমষ্টিত নাৰায়ণ(ৰাম) ভূঞাৰ লগতে নৱজ্যোতি বৰা আৰু হেমন্ত গগৈ, গহপুৰত শংকৰ কুটুম, নাওবৈচাত ডাঃ জয়প্রকাশ দাস, বিশ্বনাথত জয়ন্ত বৰা, ডাঃ ৰঞ্জন গগৈ আৰু মৃগেন ভাগৱতী, শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিত দাদুল বৰকাকতি, প্রাক্তন সাংসদ আৰ পি শর্মা, পার্থজ্যোতি বৰা আৰু আৰমান আলী, বৰছলা সমষ্টিত প্রাক্তন সাংসদ ৰিপুণ বৰা, ৰঙাপৰা সমষ্টিত কাৰ্তিক কুৰ্মী আৰু গিৰীণ ভূঞা, ঢেকীয়াজুলি সমষ্টিত বাতাছ ওৰাং, প্রাণেশ্বৰ বসুমতাৰী, বেণু নাথৰ নাম কংগ্ৰেছৰ প্রার্থী পেনেলত অন্তর্ভুক্ত হোৱা বুলি জানিব পৰা গৈছে। এনেদৰে প্ৰথমখন প্ৰাৰ্থী তালিকাৰ বাবে সাজু হৈছে কংগ্ৰেছ ।

লগতে পঢ়ক:ৰাইজে এইখন চৰকাৰক সমালোচনা কৰিবলৈ ভয় কৰে: গৌৰৱ গগৈ

'পিঞ্জৰাত বন্দী অসমীয়া নাৰী': গৌৰৱ গগৈ