ETV Bharat / politics

প্ৰাৰ্থী প্ৰক্ষেপক লৈ মুঠেও সচেতন নহয় কংগ্ৰেছ, আন দলক সহায় কৰিব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাই: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে মনোনয়ন দাখিলৰ চূড়ান্ত তাৰিখ অৰ্থাৎ ২৩ মাৰ্চৰ এদিন পিছত ভৱানীপুৰ-সৰভোগ সমষ্টিত এক বিশাল ৰোডশ্ব’ অনুষ্ঠিত হ’ব ।

ASSAM ASSEMBLY ELECTION 2026
হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ANI

Published : March 22, 2026 at 7:34 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই প্ৰায়সমূহ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ ৷ অহা 23 মাৰ্চ সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ৷ সোমবাৰেও শাসক-বিৰোধী উভয় পক্ষৰে কেবাগৰাকীও প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে মনোনয়ন দাখিলৰ চূড়ান্ত তাৰিখ অৰ্থাৎ ২৩ মাৰ্চৰ এদিন পিছত ভৱানীপুৰ-সৰভোগ সমষ্টিত এক বিশাল ৰোডশ্ব’ অনুষ্ঠিত হ’ব ।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিজেপি নেতৃত্বাধীন এনডিএই ২৪ মাৰ্চৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে । "ভৱানীপুৰ-সৰভোগ সমষ্টিত ৰোড শ্ব' অনুষ্ঠিত হ'ব, এই ৰোড শ্ব’ৱে প্ৰায় ৪০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । কিন্তু ২৬ মাৰ্চৰ পৰা নিয়মীয়া প্ৰচাৰ আৰম্ভ হ'ব ।"

চমৰীয়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়া হৈছিল যদিও শেহতীয়া খবৰ অনুসৰি বিজেপি প্ৰাৰ্থী জ্যোৎস্না কলিতাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে ৷ এই সন্দৰ্ভত স্পষ্ট কৰি দি তেওঁ কয় যে ভুলকৈ বিজেপি আৰু অসম গণ পৰিষদ (অগপ) দুয়োটা দলক টিকট আৱণ্টন দিয়া হৈছিল । মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে চমৰীয়াত বিজেপিৰ কোনো প্ৰাৰ্থী নাথাকিব; আমাৰ প্ৰাৰ্থী দলগাঁৱত থাকিব ।"

বিৰোধী দলক সমালোচনা কৰি শৰ্মাই দাবী কৰে যে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পিছত বিজেপিৰ স্থিতি শক্তিশালী হৈছে, কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাখন জয় নিশ্চিত কৰাৰ পৰিৱৰ্তে আন এটা দলক সহায় কৰিবলৈ প্ৰকাশ কৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

"কংগ্ৰেছৰ তালিকাখন যেন কাৰোবাক সহায় কৰিবলৈ প্ৰকাশ কৰা হৈছে । তেওঁলোকে শক্তিশালী প্ৰাৰ্থী নিদিয়ে বা কাকো টিকট দিবলৈ চেষ্টা কৰা নাই, কাৰণ ৰাজীৱ ভৱনত হিন্দু লোক নাই ।" মুখ্যমন্ত্ৰীয়ে লগতে কয় ৷ শুকুৰবাৰে অসম কংগ্ৰেছে ৭ জন প্ৰাৰ্থীৰ চতুৰ্থ তালিকা প্ৰকাশ কৰে ৷ ১২৬খন আসনৰ ভিতৰত এই বিধানসভা নিৰ্বাচনত মুঠ ৯৪ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দলটোৱে ৷

ইফালে শনিবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে দুজন প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰে, য’ত চিচিৰবৰগাঁৱৰ পৰা জীৱন গগৈ আৰু দলগাঁও আসনৰ পৰা সুশ্ৰী কৃষ্ণা সাহাক প্ৰক্ষেপ কৰিছে । ইয়াৰ ফলত বিজেপিৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি পাইছে, ১৯ মাৰ্চত দলটোৱে ৮৮ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল । অসমত ৯ এপ্ৰিলত ১২৬খন আসনৰ বিধানসভাৰ বাবে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ আৰু কংগ্ৰেছৰ মাজত যুঁজ হ’ব, ৪ মে’ত হ’ব ভোটগণনা ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকাল নিশ্চিত কৰাৰ দিশত তীব্ৰ যুঁজ দিব, আনহাতে কংগ্ৰেছে শাসকীয় দলটোক পৰাস্ত কৰি পুনৰ ক্ষমতালৈ অহাৰ লক্ষ্য লৈছে ।

লগতে পঢ়ক:

কিয় বাধ্য হ’ল কংগ্ৰেছ এৰিবলৈ ? ৰাইজে নজনা বহু কথাই ক’লে প্ৰদ্যুৎ বৰদলৈয়ে

মুখ্যমন্ত্রীতকৈ পত্নীৰ সম্পত্তি বেছি : পাঁচ বছৰত মন্ত্রী-বিধায়কৰ বৃদ্ধি হ'ল সম্পত্তিৰ পৰিসৰ, শপতনামাত ওল‍াল তথ্য