বিপদত সুৰেন দৈমাৰী ! আইন বিৰুদ্ধ কাম কৰাৰ অভিযোগত কংগ্ৰেছৰ গোচৰ
আকস্মিকভাৱে ভোটদানৰ এদিন পূৰ্বে দুষ্টচক্ৰৰ প্ৰৰোচনাত কংগ্ৰেছ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই দল ত্যাগ কৰা বুলি দৈমাৰীয়ে ঘোষণা কৰিছিল ।

Published : April 9, 2026 at 9:43 PM IST
গুৱাহাটী: ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৬নং ওদালগুৰি সমষ্টিৰ মনোনীত প্ৰাৰ্থী(সংৰক্ষিত) সুৰেণ দৈমাৰীৰ বিৰুদ্ধে আইন বিৰুদ্ধ কাম কৰাৰ অভিযোগ ৷ ইতিমধ্যে প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।
দলীয় প্ৰাৰ্থিত্ব গ্ৰহণ কৰা সুৰেণ দৈমাৰীয়ে নিৰ্বাচনী আয়োগৰ নিয়ম অনুযায়ী মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত দলীয় প্ৰতীক চিহ্নত নিজৰ প্ৰচাৰ চলাই আছিল ৷ তাৰপিছতে আকস্মিকভাৱে ভোটদানৰ এদিন পূৰ্বে দুষ্টচক্ৰৰ প্ৰৰোচনাত কংগ্ৰেছ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই দল ত্যাগ কৰা বুলি দৈমাৰীয়ে ঘোষণা কৰিছিল ।
যি সময়ত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব বুলি দাবী কৰি আছিল সেই সময়তে কংগ্ৰেছ প্ৰাৰ্থীকে দলে গুৰুত্ব নিদিলে ৷ ফলত ভোটগ্ৰহণলৈ মাজত কেইটামান ঘণ্টা থকাৰ সময়তে ওদালগুৰিৰ প্ৰাৰ্থীয়ে পদত্যাগ কৰে ৷
সুৰেণ দৈমাৰীক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ উপৰিও দলীয় কাম-কাজ আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে ৩০ লাখ টকা আৰটিজিএছযোগে প্ৰদান কৰিছিল । দলীয় অনুশাসন ভংগ কৰি সুৰেণ দৈমাৰীয়ে ভোটগ্ৰহণৰ কেইঘণ্টামান পূৰ্বে দলৰ পৰা পদত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৱমূৰ্তি ম্লান কৰাৰ লগতে দলীয় পুঁজিৰ অপব্যৱহাৰ কৰে ।
প্ৰাৰ্থীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক(সাংগঠনিক) ৰামান্না বৰুৱাই বৃহস্পতিবাৰে দলৰ কেইবাজনো সতীৰ্থক লগত লৈ ভঙাগড় থানাত গোচৰ ৰুজু কৰে ।
এজাহাৰ দাখিলৰ সময়ত সেৱাদলৰ অধ্যক্ষ দীপ বায়ন, কংগ্ৰেছৰ শীৰ্ষ নেতা পাৰ্থপ্ৰতীম দাস, অধিবক্তা নিৰন বৰা, মনালিছা বৰুৱা, গীতালি দাস, মইনাজান বেগম, মৌচুমী নেওগ, উত্তম সৰকাৰকে আদি কৰি কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক: বৰাকৰ ৩ জিলাৰ ১৩ বিধানসভা সমষ্টিত ভোটগ্ৰহণ সুকলমে সম্পন্ন : ৮০ শতাংশৰ ওপৰত ভোটদান

