ভোটগণনাৰ দিনাই ৰাজহাঁড় ভাগিব হিমন্ত বিশ্ব শৰ্মাৰ: জাকিৰ হুছেইন শিকদাৰ
বৃহস্পতিবাৰে পাকাবেতবাৰীৰ দেউকুৰা, লাচাংগাত ভোটাৰৰ কাষত কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ । এইবাৰ অসমত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি দাবী শিকদাৰৰ ।

Published : March 26, 2026 at 9:54 PM IST
জনিয়া: সমগ্ৰ ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে ৷ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পাছত নৱগঠিত পাকাবেতবাৰী সমষ্টিত কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক ৷ বৃহস্পতিবাৰে পাকাবেতবাৰীৰ দেউকুৰা, লাচাংগাত ভোটাৰৰ কাষত কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ । সংবাদ মাধ্যমৰ আগত বিজেপি তথা নিৰ্বাচন আয়োগক তীক্ষ্ণ সমালোচনা কৰে নেতাগৰাকীয়ে ৷
তেওঁ কয়, ‘‘এইবাৰ অসমত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৰাইজে বিচৰা নাই ।’’ পাকাবেতবাৰী সমষ্টিৰ ৰাইজে নব্বৈ শতাংশ ভোট প্ৰদান কৰি কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক জয়ী কৰাব বুলি দাবী কৰে জাকিৰ হুছেইন শিকদাৰে ।
তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ ৰাজহাড় ভাঙিব বুলি কয়, তেখেতৰ নিজৰেই ৰাজহাড় ইতিমধ্যে ভাঙি গৈছে । আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা তেওঁৰ ৰাজহাড়ডাল একেবাৰে ভাঙি যাব । ফলাফলৰ দিনা তেওঁ ৰাজ্যপালৰ ওচৰত গৈ পদত্যাগ কৰিবলৈ বাধ্য হ'ব । কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ৰাইজে বিচৰা নাই । এইবাৰ অসমত গৌৰৱ গগৈৰ চৰকাৰ হ'ব ।’’
আনহাতে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিকদাৰে কয়, ‘‘নিৰ্বাচন আয়োগে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ সৈতে অন্যায় কৰিছে । নিৰ্বাচন আয়োগে বিজেপিৰ কথামতে উঠা-বহা কৰে । এইজন যদি বিজেপিৰ প্ৰাৰ্থী হ'লহেঁতেন তেন্তে বৈধ ঘোষণা কৰিলেহেঁতেন । কিন্তু একমাত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ বাবে মনোনয়ন নাকচ কৰিছে ।’’
বৃহস্পতিবাৰে অঞ্চলটোৰ ভোটাৰ ৰাইজে শিকদাৰক উষ্ম আদৰণি জনায় । ৰাইজৰ উৎসাহ আৰু উদ্দীপনা চাই তেওঁ কয়, ‘‘বেকী নদীৰ পশ্চিম পাৰৰ পৰা ৰাইজে ৯০ শতাংশ ভোট এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক প্ৰদান কৰিব ।’’ লগতে তেওঁ কয়, ‘‘মই জয়ী হ’লে হাউলীৰ জোৱানবজাৰ আৰু গুইলেজা অঞ্চলত বেকী নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হ'ব মোৰ প্ৰথম কাম ।’’ এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্যৰে ভোটাৰ ৰাইজক আকৰ্ষণৰ চেষ্টা কৰে কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে ।
লগতে পঢ়ক:
ৰাইদঙীয়া দ'লত সাষ্টাংগে সেৱা লৈ ৰণত নামিল লুৰীণ
এম এল এ নহ'লে ছোৱালীয়ে তেওঁৰ লগত বিয়াত নবহে, সেয়ে নিৰ্বাচনত নামিছে : কাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে

