বিজেপিৰ জ্যেষ্ঠ নেতা ইশ্বৰ প্ৰসন্নই নিৰ্দলীয়ভাৱে খেলাৰ হুংকাৰ, সাজু মনোনয়ন পত্ৰ, কিন্তু...
টীয়ক সমষ্টিত অগপ-বিজেপিৰ হ'ব নেকি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা ?

Published : March 23, 2026 at 12:31 AM IST
যোৰহাট : ৰাজ্য ৰাজনীতি পুনৰচৰ্চিত হৈছে টীয়ক সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট । কাৰণ টীয়ক সমষ্টিটো বিজেপিয়ে তেওঁলোকৰ মিত্ৰদল অসম গণ পৰিষদক এৰি দিছে । ফলত টীয়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিকাশ শইকীয়াই ।
কিন্তু অগপক উক্ত সমষ্টিটো এৰি দিয়া বাবে তীব্ৰ ক্ষোভ অসন্তুষ্টিৰ অভিযোগ উঠিছিল টীয়ক সমষ্টিৰ বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশী ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ । সেয়েহে ৰাইজৰ আৱেগ ,অনুৰোধক শ্ৰদ্ধা জনাই ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে নিৰ্দলীয় হিচাপে টীয়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কথা ঘোষণা কৰে ।
লগতে নিজা অধিবক্তা জৰিয়তে মনোনয়ন পত্ৰ সাজু কৰি ৰাখিছে, এই খবৰ বিজেপি ৰাজ্যিক নেতৃত্বৰ হাতত পৰাৰ লগে লগে ইশ্বৰ প্ৰসন্ন বৰদলৈক ফোন কৰি বুজনি দিয়ে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী পীযুষ হাজৰীকাই ।
টিকটৰ পৰা বঞ্চিত হোৱাৰ দিনাৰে পৰাই ইশ্বৰ প্ৰসন্ন বৰদলৈৰ বাসগৃহত দলীয় সমৰ্থক, ৰাইজ আৰু শুভাকাংক্ষীয়ে ভিৰ কৰি আহিছে । দেওবাৰে দলীয় সমৰ্থকৰ মাজত থাকি ইশ্বৰ প্ৰসন্ন বৰদলৈয়ে কয়, ''মই আজি দুটা বছৰে টীয়কবাসী ৰাইজৰ সৈতে সম্পৰ্কিত হৈ আছো । ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে, টীয়ক সমষ্টিৰ পৰা বিজেপিৰ এজন শক্তিশালী দাবীদাৰো আছিলো । দলত দায়িত্ব থাকোতে আৰু দায়িত্বত নথকা পিছতো দলৰ হৈ বিজেপি এজন কাৰ্যকতা হিচাপে কাম কৰি আহিছো, টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতো মই পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা বাবে অগপৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন জনাইছিলো । কিন্তু দলীয় কাৰ্যকতা, ৰাইজ, সংগঠনৰ মোৰ প্ৰতি থকা থকা মৰম,আগ্ৰহ আৰু আৱেগক শ্ৰদ্ধা জনায় মই নিৰ্দলীয় হিচাপে খেলা সিদ্ধান্ত গ্ৰহণ কৰো ।''
তেওঁ আৰু কয়, ''ইতিমধ্যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰো, কিন্তু সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীযুষ হাজৰীকাই মোলৈ ফোন কৰে । ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে মোক গুৱাহাটীলৈ আলোচনাৰ বাবে মাতি পঠাইছে । নিশা ১২ ৰ পৰা ১বজাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ বাসভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিত আলোচনা হ'ব । তাৰ পিছতেই মোৰ সিদ্ধান্ত স্পষ্ট হ'ব । নিৰ্দলীয়ভাৱে খেলিম নে বন্ধুত্ব মূলক প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম ।''

