ভোটাৰে কি কয় ? ৫ বছৰে হোৱা উন্নয়নক লৈ সন্তুষ্ট নহয় চিচিবৰগাঁও সমষ্টিৰ ৰাইজ
অনাগত দিনত কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে স্থানীয় ভোটাৰ ৰাইজে ? কি কয় জানো আহক...

Published : February 27, 2026 at 2:52 PM IST
জোনাই : ২০২৬ ৰ বিধানসভা নিৰ্বাচন সমাগত । নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই সমষ্টিসমূহত নিজৰ সাংগঠনিক ভেটি মজুত কৰিবলৈ উঠি-পৰি লাগিছে শাসক-বিৰোধী । আনহাতে, সমষ্টি পুনৰ গঠনৰ পিছত ৰাজ্যত মুঠ বিধানসভা সমষ্টি অপৰিৱৰ্তিত আছে যদিও বহু নতুন সমষ্টি সৃষ্টি হৈছে ।
পূৰ্বৰ সমষ্টিৰ পৰা কৰ্তন কৰি নতুন সমষ্টিত অন্তৰ্ভুক্ত অথবা নাম সলনি কৰি বা নতুন সমষ্টিৰ সৃষ্টি কৰা হৈছে । ঠিক তেনেদৰেই জোনাই আৰু ধেমাজি সমষ্টিৰ পৰা পৃথক হৈ নতুনকৈ গঠিত চিচিবৰগাঁও (অসংৰক্ষিত) হৈছে উত্তৰ অসমৰ নতুন বিধানসভা সমষ্টি ।
এসময়ত জোনাই সমষ্টিৰ অন্তৰ্গত বৰ্তমান নতুনকৈ গঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ মুক্তিয়াৰ গাঁও পঞ্চায়তৰ এগৰাকী ভোটাৰে কোৱা মতে, ‘‘বিজেপি চৰকাৰৰ দিনত কিছু উন্নয়ন হৈছে যদিও গাঁৱে ভূঞে বহুখিনি উন্নয়ন হোৱা নাই ৷ বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাস্তা-ঘাট পকী হোৱা নাই ৷ বহু ঠাইত দলং নিৰ্মাণ হোৱা নাই । গতিকে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ দিনত উন্নয়ন হৈছে যদিও যিমানখিনি হ’ব লাগিছিল ইমানখিনি হোৱা নাই ।’’

তেওঁ কয়, ‘‘বিধায়ক ভূৱন পেগুৱে যথেষ্ট কৰিছে নকৰা নহয়, কিন্তু এতিয়ালৈকে উন্নয়ন হোৱা নাই চিচিবৰগাঁও সমষ্টিৰ মুক্তিয়াৰ গাঁও পঞ্চায়তত । ৰাজহুৱা কাম বহুখিনি বাকী আছে ৷ বৰ্তমানলৈকে মাজৰবাৰীলৈ যোৱা দলং নিৰ্মাণ নোহোৱাৰ ফলত প্ৰায় ৩০ হাজাৰ মানুহ বাৰিষা হ’লে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিব লগীয়া হয় ।’’
তেওঁ আৰু কয়, ‘‘পূৰ্বৰ বিধায়ক ভূৱন পেগুৱে যিখিনি পাৰিছে কৰিলে, তেখেতক আমি দোষ দি লাভ নাই । তেখেতে চৰকাৰৰ পৰা যিখিনি পাৰিছে কৰিছে । গতিকে আমি আগন্তুক বিধানসভা নিৰ্বাচনত নতুন সমষ্টি হিচাপে ৰাস্ত-ঘাটৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা তথা উন্নয়নৰ হকে কাম কৰা বিধায়ক আমি বিচাৰো ।’’
আন এজন ভোটাৰে কয়, ‘‘আগন্তুক বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে নিজৰ স্বাৰ্থ কাৰণে নহয় ৰাইজৰ বাবে কাম কৰা জনপ্ৰতিনিধি বিচাৰো । কিয়নো চিচিবৰগাঁও সমষ্টিৰ গাঁও অঞ্চলত ৰাস্তা-পদুলিৰে যাবলৈ উপায় নাই, গোটেইসোপা বালি আৰু শিলগুটি, খলাবমা পথ । তদুপৰি দুখীয়া পৰিয়ালৰ ভিতৰত পোৱাই পাই আছে, নোপোৱাই একেবাৰে পোৱা নাই । কৃষক আঁচনিৰ টকাও মাটি নথকাসকলে পাই আছে ৷’’

আনহাতে নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ নিলখ গাঁও পঞ্চায়তৰ এগৰাকী যুৱ ভোটাৰে কয়, ‘‘নতুন সমষ্টি হিচাপে আমি ৰাজনীতি বুলিলে কথাৰ ফুলজাৰি নামাৰি, যিজনে সম-উন্নয়ন সম-বিকাশ আৰু প্ৰতিটো মুহূৰ্ততে ৰাইজৰ কাষত থাকি ৰাইজৰ হকে কাম কৰে এনেকুৱা এজন প্ৰাৰ্থী বিচাৰো । নতুনকৈ গঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিটো জোনাই বিধানসভা সমষ্টিৰ লগত সংলগ্ন আছিল, তেতিয়াৰ যিকেইজন জনপ্ৰতিনিধি আছিল এইকেইজন জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি দি যায় যদিও নিৰ্বাচন যোৱাৰ পিছত ঘূৰি নাচায় । গতিকে নিৰ্বাচনত ফুলজাৰি মৰা জনপ্ৰতিনিধি আমাক প্ৰয়োজন নাই ৷’’
তেওঁ আৰু কয়, ‘‘আমাক নিৰ্বাচনৰ পিছত ৰাইজৰ হকে কাম কৰা প্ৰাৰ্থীৰ প্ৰয়োজন । আমাৰ গাঁও পঞ্চায়ত যথেষ্ট জলন্ত সমস্যা জৰ্জৰিত যদিও বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে উন্নয়ন ঢাক ঢোল বজাই তেনে সময়ত এনেকুৱা ধৰণৰ জীয়া ছবিবোৰ দেখো তেতিয়া আমি বুজি উঠো প্ৰকৃত উন্নয়ন কি হৈছে ৷ ইয়াৰ প্ৰতিচ্ছবি তেতিয়া স্পষ্ট হয় । গতিকে বিদ্যালয়, পথ গুৰুত্ব প্ৰদান কৰা তথা সম উন্নয়নৰ হকে কাম কৰা জনপ্ৰতিনিধি আমি বিচাৰো ।’’
আন এজন যুৱ ভোটাৰে কয়, ‘‘বিজ্ঞাপনত দেখুওৱা সৰ্বশ্ৰেষ্ঠ আত্মনিৰ্ভৰশীল অসম আৰু বাস্তৱত সমস্যাৰে জৰ্জৰিত দুৰ্দশাগ্ৰস্ত এখন অসমৰ এক জীয়া ছবি চিচি বৰগাঁও সমষ্টিত দেখিবলৈ পোৱা যায় । তুলনামূলকভাৱে চাবলৈ গ’লে বিজ্ঞাপনত উন্নয়নহে হৈছে । গুৱাহাটী মহানগৰীত ১০-১২ খন ফ্লাই অভাৰ হ’লেই অসমখন উন্নয়ন নহয় । সামগ্ৰীক বাবে উন্নয়ত হ’বলৈ হ’লে গ্ৰামাঞ্চল উন্নয়ন হ’ব লাগিব । গ্ৰামাঞ্চল উন্নয়ন হ’লেহে সামগ্ৰীকভাৱে অসমখন উন্নয়ন হ’ব ।’’
তেওঁ আৰু কয়, ‘‘মই এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে ধেমাজি জিলাত দুখন বিধানসভা সমষ্টি আছিল দুয়োখনে সংৰক্ষণ আছিল । ২০ বছৰ সংগ্ৰামৰ পিছত অ-সংৰক্ষিত বিধানসভা সমষ্টি পাইছো ৷ গতিকে সমাজৰ হৈ কাম কৰা সংগ্ৰামী প্ৰাৰ্থীকে আমি বিচাৰো ।’’
আন এজন জ্যেষ্ঠ লোকে কয়, ‘‘চৰকাৰে দিয়া সকলো আঁচনিয়েই লাভ কৰিছো ৷ কিন্তু মোৰ জন্ম '৭২ চনত ৷ তেতিয়াৰে পৰাই আমি পকী পথ দেখিবলৈ পোৱা নাই । মাজে মাজে এম জি এনৰেগা আঁচনিৰ কাম হয় যদিও ফলপ্ৰসূ হোৱা নাই । কিয়নো আমাৰ গাঁৱৰ পথসমূহ পথ নে নলা ধৰিবই নোৱাৰি । প্ৰায় কাণিবিল ন-গাঁৱৰ ৰাইজে এইখন মূল ৰাস্তাৰে চলাই গৈছে বহিঃ জগতৰ সৈতে যোগাযোগ । বাৰিষা অহাৰ লগে লগে ভয়ত বুকু কপি উঠে সাধাৰণ ৰাইজ ।’’
তেওঁ আৰু কয়, ‘‘গাঁৱত আছে একমাত্ৰ প্ৰাথমিক বিদ্যালয় কাণিবিল নগাঁও প্ৰাথমিক বিদ্যালয় লগতে অন্যান্য সামাজিক অনুষ্ঠান । বাৰিষাত বিদ্যালয়লৈ যাব নোৱাৰে কণ কণ শিশুৱে । ৰোগীক চাঙীত নিব লগা হয় চিকিৎসালয়লৈ । গতিকে আমাক প্ৰতিশ্ৰুতি দিয়া প্ৰাৰ্থী নালাগে, আমাক লাগে আমাক আগত কাম কৰা প্ৰাৰ্থী লাগে ৷’’

