বিধানসভা বৃত্তান্ত : জানো আহক তিনিচুকীয়া বিধানসভা সমষ্টিক
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ঐতিহাসিক তিনিচুকীয়া জিলাৰ সদৰ সমষ্টি তিনিচুকীয়া বিধানসভা সমষ্টিৰ এক চমু অৱলোকন ৷

Published : January 25, 2026 at 3:16 PM IST
তিনিচুকীয়া : উজনিৰ শেষৰখন জিলা তিনিচুকীয়া আৰু তিনিচুকীয়া জিলাখনৰ ৬ টা বিধানসভা সমষ্টিৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিটো হৈছে ৮৬ নং তিনিচুকীয়া বিধানসভা সমষ্টি ।
বৰ্তমান তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক ভাৰতীয় জনতা পাৰ্টীৰ সঞ্জয় কিষাণ । যিহেতু জিলাখনৰ ৬ টা বিধানসভা সমষ্টিৰ ভিতৰত তিনিচুকীয়া বিধানসভা সমষ্টিটো সদৰ সমষ্টি । ইয়াতেই আছে উজনিৰ অন্যতম বাণিজ্যিক চহৰখন । তাৰ লগতে জিলাখনৰ প্ৰায় সকলো বিভাগৰ মুৰব্বীৰ কাৰ্যালয়সমূহো তিনিচুকীয়াতেই অৱস্থিত ।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত এই ৮৬ নং তিনিচুকীয়া বিধানসভা সমষ্টি । তিনিচুকীয়া বিধানসভা সমষ্টিটোত ৭ খন গাঁও পঞ্চায়তৰ লগতে এখন পৌৰসভা আছে ৷

১৯৫৭ চনত প্ৰতিষ্ঠা লাভ কৰা তিনিচুকীয়া বিধানসভা সমষ্টিটোৰ শেহতীয়াকৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ নিৰ্বাচনী শাখাই ৰাজহুৱা কৰা তথ্য অনুসৰি ২১৬ টা ভোটকেন্দ্ৰ আছে আৰু সমষ্টিটোত মুঠ ১,৭৬,২৯৯ গৰাকী ভোটাৰ আছে । ইয়াৰে ভিতৰত ৮৬,৫১৬ জন পুৰুষ ভোটাৰ, ৮৯,৭৬৫ গৰাকী মহিলা ভোটাৰ আৰু ১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ।
তিনিচুকীয়া বিধানসভা সমষ্টিত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা ৩,২৪৯ গৰাকী বেছি । তিনিচুকীয়া জিলাখনৰ ৬ টা বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক তৃতীয় লিংগৰ ভোটাৰো ইয়াত আছে ।


ইফালে তিনিচুকীয়া বিধানসভা সমষ্টিটোত ১,৭৬,২৯৯ গৰাকী ভোটাৰৰ ভিতৰত অসমীয়া ভোটাৰ প্ৰায় ৫৬,০০০ গৰাকী, হিন্দীভাষী ভোটাৰ প্ৰায় ২২,০০০ গৰাকী, হিন্দু বাংলাভাষী ভোটাৰ প্ৰায় ৬০,০০০ গৰাকী, চাহ জনগোষ্ঠীৰ ভোটাৰ প্ৰায় ১৭,০০০ গৰাকী, সংখ্যালঘু ভোটাৰ প্ৰায় ১৪,০০০ গৰাকী আৰু গোৰ্খা ভোটাৰ প্ৰায় ৬,০০০ গৰাকী আছে ।

ঐতিহাসিক তিনিচুকীয়া বিধানসভা সমষ্টিৰ ১৯৫৭ চনত প্ৰথমগৰাকী বিধায়ক হৈছিল কংগ্ৰেছ দলৰ ৰাধা কিষাণ খেমকা, তেওঁ ১৯৬২ চনত পুনৰ বিধায়ক হিচাপে জয়যুক্ত হয় । তাৰ পাছত পুনৰ ১৯৬৭ চন আৰু ১৯৭২ চনত কংগ্ৰেছ দলৰ পৰমানন্দ গগৈয়ে দুবাৰকৈ বিধায়কৰ দায়িত্বত থাকে । ৪ টাকৈ কাৰ্যকাল কংগ্ৰেছ দলৰ বিধায়কে সমষ্টিটো চলোৱাৰ পাছত ১৯৭৮ চনত প্ৰথমবাৰৰ বাবে জনতা দলৰ গোলাপ বৰবৰা বিধায়ক হিচাপে জয়যুক্ত হয় ।

কিন্তু ১৯৮৩ চনত পুনৰ কংগ্ৰেছ দলৰ ৰাজেন্দ্ৰ নাথ ফুকনে জয়যুক্ত হোৱাৰ পাছত ক্ৰমে কংগ্ৰেছ দলৰ পৰা ১৯৮৫ চন আৰু ১৯৯১ চনত দুবাৰ শিউশম্ভু ওঝা, ১৯৯৬ চনত সুধাংশু কুমাৰ দে' সৰকাৰ, ২০০১, ২০০৬ আৰু ২০১১ চনত তিনিবাৰকৈ ৰাজেন্দ্ৰ প্ৰসাদ সিঙে বিধায়ক হিচাপে দায়িত্ব পালন কৰে ।

অৱশেষত ২০১৬ চনত ৩৩ বছৰীয়া কংগ্ৰেছ দলৰ শাসন ওফৰাই ভাৰতীয় জনতা পাৰ্টীৰ পৰা সঞ্জয় কিষাণ তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে জয়যুক্ত হয় । ২০১৬ চনত বিজেপিৰ সঞ্জয় কিষাণে ৭০,৯৩৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৰাজেন্দ্ৰ প্ৰসাদ সিঙে মাত্ৰ ৩৫,৮৬৮ টা ভোট লাভ কৰে ।

ঠিক তেনেদৰেই ২০২১ চনতো বিৰোধী পক্ষই কোনো শক্তিশালী ভূমিকা গ্ৰহণ কৰিব নোৱৰাত বিজেপি দলৰ পৰা সঞ্জয় কিষাণে দ্বিতীয়বাৰৰ বাবে তিনিচুকীয়া বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে জয়যুক্ত হয় । বিগত দিনসমূহত তিনিচুকীয়া সমষ্টিটো দীঘলীয়া কাৰ্যকালৰ বাবে কংগ্ৰেছ দলে শাসন কৰে যদিও ২০২১ চনত তিনিচুকীয়া বিধানসভা সমষ্টিটো আৰ জে ডিক গতাই দিছিল । আৰ জে ডিৰ তৰফৰ পৰা ২০২১ চনত হিৰা দেৱীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপিৰ সঞ্জয় কিষাণৰ তুলনাত নগণ্য ভোট লাভ কৰে ৷
লগতে পঢ়ক : বিধানসভা বৃত্তান্ত : জানো আহক টিংখাং সমষ্টিক

