ETV Bharat / politics

বিধানসভা বৃত্তান্ত: জানো আহক টীয়ক বিধানসভা সমষ্টিক

অগপৰ দুৰ্গত বিজেপিয়ে খোপনি পুতিব পাৰিব নে ?

Teok Assembly constituency
৯৯ নং টীয়ক বিধানসভা সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 19, 2026 at 5:44 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা যথেষ্ট বৃদ্ধি পাইছে । একালৰ অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত ৯৯ নং টীয়ক সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ইয়াৰ বিন্যাস সলনি হ'ল । পূৰ্বৰ দেৰগাঁও সমষ্টিৰ পৰা বৃহৎ পৰিসৰ অন্তৰ্ভুক্ত হ'ল টীয়ক সমষ্টিত ।

পূৰ্বৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত উত্তৰ-পশ্চিম যোৰহাটৰ বিশেষকৈ মিচিং, দেউৰী, অনুসূচিত জাতি, সাধাৰণ জাতি, কোচ, চুতীয়া আদিৰ আধিপত্য থকা অঞ্চল অন্তৰ্ভুক্ত হৈছে । উল্লেখ্য় যে নৱগঠিত টীয়ক সমষ্টিত দেৰগাঁও সমষ্টিৰ পৰা ১৬ খন পঞ্চায়ত, পূৰ্বৰ যোৰহাট সমষ্টিৰ পৰা ৬খন পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে । একেদৰে টীয়ক সমষ্টিৰ কেইবাটাও অঞ্চল কৰ্তন কৰি মৰিয়নী আৰু যোৰহাট সমষ্টিত অন্তৰ্ভুক্ত কৰা হ'ল ।

শেহতীয়াকৈ প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি টীয়ক সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,98,320গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ 96,986 জন আৰু মহিলা ভোটাৰ 1,01,334 গৰাকী । তদুপৰি বিশেষভাৱে সক্ষম 1425 গৰাকী, বয়োজ্য়েষ্ঠ (৮০ৰ উৰ্ধৰ)1059 গৰাকী আৰু 18ৰ পৰা 19 বছৰ ভোটাৰ সংখ্যা 842 গৰাকী ।

Teok Assembly constituency
৯৯ নং টীয়ক বিধানসভা সমষ্টি (ETV Bharat Assam)

জনগাঁথনি অনুসৰি সাধাৰণ জাতি 55,570 গৰাকী ,অনুসূচিত জনজাতি 24,781গৰাকী ,অনুসূচিত জাতিৰ 21,500 গৰাকী, আহোম 30,860 গৰাকী, চুতীয়া 15,790 গৰাকী, কোচ 21,460 গৰাকী, মুছলিম 12,672 গৰাকী আৰু চাহ জনগোষ্ঠীৰ 11,298 গৰাকী ভোটাৰআছে ।

Teok Assembly constituency
৯৯ নং টীয়ক বিধানসভা সমষ্টি (ETV Bharat Assam)

ভোটগ্ৰহণ কেন্দ্ৰ :

টীয়কৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 249 টা ।

অগপ নে বিজেপি ?

৯৯ নং টীয়ক সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ইয়াৰ ভৌগোলিক সীমাৰ ব্যাপক সালসলনি হোৱাত বিজেপিয়ে মিত্ৰদল অগপৰ পৰা টীয়ক সমষ্টিটো বিচাৰিছে । ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাইজৰ আস্থা ল'বলৈ সোমাই পৰিছে । আনহাতে বিজেপিয়ে বিচৰা টীয়ক আসনখন অগপৰ শীৰ্ষ নেতৃত্বই এৰি নিদিলে বিজেপি আৰু অগপই বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও ইতিমধ্যে চৰ্চা হৈছে ।

Ishwar Prasanna Bordoloi
ইশ্বৰ প্ৰসন্ন বৰদলৈ (ETV Bharat Assam)
Shantanu Pujari
যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী (ETV Bharat Assam)

বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ :

বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত আছে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, সমাজকৰ্মী ইশ্বৰ প্ৰসন্ন বৰদলৈ, যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন উপ-সভাপতি ৰাণা গোস্বামী । তিনিওগৰাকীয়েই শক্তিশালী দাবীদাৰ ৷ কিন্তু পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে যোৰহাট জিলাত চমকপ্ৰদ সফলতা পোৱাৰ ক্ষেত্ৰত জিলা সভাপতি শান্তনু পূজাৰীৰ ভুমিকা আছিল উল্লেখনীয় । ইয়াৰ পুৰস্কাৰ হিচাপে বিজেপিয়ে শান্তনু পূজাৰীক টীয়ক সমষ্টিৰ পৰা টিকট দিলেও আচৰিত হ'বলগীয়া একো নাই ।

Bikash Saikia
বিকাশ শইকীয়া (ETV Bharat Assam)

অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী :

আনহাতে অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত অন্য়তম হৈছে বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ কাম-কাজ পৰিচালনা কৰা আৰু ঘনিষ্ঠ বিকাশ শইকীয়া, দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, বিলুপ্তি ঘটা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু যোৰহাট জিলা অগপৰ সভাপতি সৌৰভপ্ৰাণ বৰা ।

Bani Hazarika
বাণী হাজৰিকা (ETV Bharat Assam)
Pallavi saikia Gogoi
পল্লৱী শ‍ইকীয়া গগৈ (ETV Bharat Assam)

কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী :

ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত টীয়ক সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী শ‍ইকীয়া গগৈ, সাধাৰণ জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰভাত কলিতা, পুৰণি দেৰগাঁও সমষ্টিৰ কংগ্ৰেছৰ পৰাজিত প্রার্থী বাণী হাজৰিকা আৰু পুৰণি কংগ্ৰেছ কৰ্মী মনজিৎ চাংমাই অন্য়তম ।

উল্লেখ্য় যে 2024ৰ লোকসভাৰ নিৰ্বাচনত টীয়ক বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৮৬,৭১২ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৬৩,৩৩৫ টা ভোট লাভ কৰিছিল । এই সমষ্টিটোতো বিজেপিতকৈ কংগ্ৰেছে ২৩ হাজাৰৰো অধিক ভোট লাভ কৰিছিল । নৱগঠিত ৯৯ নং টীয়ক সমষ্টিৰে অংশ ১০ টা ৱাৰ্ডযুক্ত এখন পৌৰসভা ।

Dhekiakhowa Bor Namghar
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ (ETV Bharat Assam)

1952-2021 লৈ টীয়ক সমষ্টিটোৰ বিধায়কসকলৰ নাম :

1952 হৰিনাৰায়ণ বৰুৱা (কংগ্ৰেছ)

1962/1967 তিলক গগৈ (কংগ্ৰেছ)

1972 দুলাল চন্দ্ৰ খাউণ্ড (ভাৰতীয় কমিউনিষ্ট পাৰ্টী )

1978 দেৱানন্দ বৰা (জনতা পাৰ্টী)

1985 ললিত চন্দ্ৰ ৰাজখোৱা (অগপ)

1991/1996 ৰেণুপমা ৰাজখোৱা (অগপ)

2000/2011 মেম্বৰ গগৈ (কংগ্ৰেছ)

2016/2021 ৰেণুপমা ৰাজখোৱা (অগপ)

উল্লেখ্য যে ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা, যতীন্দ্ৰ নাথ গোস্বামীৰ দৰে বিদগ্ধ পণ্ডিত আৰু বহুকেইগৰাকী স্বাধীনতা আন্দোলনৰ অগ্ৰণী যোদ্ধা তথা প্ৰখ্যাত ৰাজনীতিক আৰু মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আদিৰে স্মৃতি বিজড়িত টীয়ক সমষ্টিত এইবাৰ কোনে বিজয়ৰ শেষ হাঁহিটি মাৰিব তাৰ বাবে সকলোৱে কৰিছে অপেক্ষা ।

লগতে পঢ়ক:বিধানসভা বৃত্তান্ত : জানো আহক খোৱাং সমষ্টিক

বিধানসভা বৃত্তান্ত: জানো আহক ৰঙানদী বিধানসভা সমষ্টিক