বিধানসভা বৃত্তান্ত : জানো আহক ৰঙাপৰা বিধানসভা সমষ্টিক
শোণিতপুৰ জিলাৰ এক অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৬৮ নং ৰঙাপৰা বিধানসভা সমষ্টি । এই প্ৰতিবেদনত সমষ্টিটোৰ এক চমু অৱলোকন আগবঢ়োৱা হৈছে ।

Published : January 16, 2026 at 10:07 PM IST
তেজপুৰ: অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত এক গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে ৰঙাপৰা বিধানসভা সমষ্টি । ৬৮ নং ৰঙাপৰা বিধানসভা সমষ্টি অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকা আৰু ই চাহ বাগিচা অধ্যুষিত । ৰঙাপৰা বিধানসভা সমষ্টিটো এটা সাধাৰণ শ্ৰেণীৰ বিধানসভা সমষ্টি । সমষ্টিটো শোণিতপুৰ জিলাত অৱস্থিত আৰু ই তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টা বিধানসভা খণ্ডৰ ভিতৰত অন্যতম ।
সমষ্টিতো তেজপুৰ, নদুৱাৰ, বৰচলা আৰু ঢেকীয়াজুলি এই চাৰিটা সমষ্টিৰ প্ৰভাৱ আছে । সমষ্টিতো শোণিতপুৰ জিলাৰ ব্যৱসায়-বাণিজ্যৰ এক উল্লেখযোগ্য কেন্দ্ৰ হিচাপে পূৰ্বৰে পৰা চলি আহিছে । বহু সময়ত ৰে’ল যোগাযোগ ব্যৱস্থাৰ বাবে ৰঙাপৰা জংচনত যাবলগীয়া হয় ।

সমষ্টিৰ পুনৰ নিৰ্ধাৰণ
বিগত ২০২৪ চনত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে এইবাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । এই সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত ৰঙাপৰা সমষ্টিৰ দুখন চাহ বাগিচা বৰচলা সমষ্টিত সংলগ্ন হয় ৷ তাৰাজুলি আৰু ধেন্দাই চাহ বাগিচা ৰঙাপৰা সমষ্টিৰ পৰা কৰ্তন হয় আৰু বালিপৰাৰ কিছু অংশ নদুৱাৰ সমষ্টিত সংলগ্ন হয় ।
ভোটাৰৰ গাঁথনি
ৰঙাপৰা বিধানসভা সমষ্টিৰ জনগাঁথনি মিশ্ৰিত । বিভিন্ন জনগোষ্ঠীৰ লোক সমষ্টিটোত বসবাস কৰে ।চাহ বাগিচা অধ্যুষিত লোকৰ বাহিৰেও বিভিন্ন জনগোষ্ঠীৰ লোক আছে ৷ সমষ্টিটোত পৌৰসভাৰ অন্তৰ্গত ১০ টা ৱাৰ্ড আছে । আনহাতে সমষ্টিটোত থকা পঞ্চায়তৰ সংখ্যা হৈছে ১৮ টা ।

ভোটাৰৰ সংখ্যা
নিৰ্বাচনী তথ্য অনুসৰি সমষ্টিটোত মুঠ ১,৭৩,৯৫০ জন ভোটাৰৰ বিপৰীতে ৮৭,৬৬৫ জন পুৰুষ আৰু ৮৬,২৮৫ গৰাকী মহিলা ভোটাৰ । সমষ্টিটোত এতিয়া ২১৪ টা ভোটকেন্দ্ৰ আছে । মুঠ ৩,৯১০ জন ভোটাৰ যোগ কৰাৰ বিপৰীতে ২,৩৩৫ জনৰ নাম কৰ্তন কৰা হয় ৷ যাৰ ফলত ১,৫৭৫ জন ভোটাৰৰ সংখ্যা বৃদ্ধি পায় ।

অৱশ্যে মুঠ ভোটাৰৰ সংখ্যা ১,৭১,৯৬৫ জন যদিও ইয়াৰ সম্পূৰ্ণ তথ্য ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাব । পূৰ্বতে ১,৭৩,৯৫০ মুঠ ভোটাৰ আছিল যদিও এছ আৰৰ জৰিয়তে নতুন ভোটাৰ অন্তৰ্ভুক্ত আৰু কৰ্তন কৰাৰ পিছত বৰ্তমান ভোটাৰৰ সংখ্যা হৈছে ১,৭১,৯৬৫ জন ।
সমষ্টিৰ বিৱৰণ
- বিধানসভাৰ ঐতিহাসিক তথ্য — তেজপুৰ আৰু বালিপৰা বিধানসভা সমষ্টি ।
- ৰঙাপৰা বিধানসভা সমষ্টি পূৰ্বতে তেজপুৰ উত্তৰ বিধানসভা সমষ্টি হিচাপে পৰিচিত আছিল ৷ পৰৱৰ্তী সময়ত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিতো বালিপৰা বিধানসভা সমষ্টি হিচাপে পৰিচিত হয় ৷
- ১৯৫২ চনত অনুষ্ঠিত প্ৰথম অসম বিধানসভা নিৰ্বাচনত তেজপুৰ উত্তৰ সমষ্টিৰ পৰা বিশ্বদেৱ শৰ্মাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিকটত বিজয়ী হৈ বিধায়ক হিচাপে নিৰ্বাচিত হয় ৷ পৰৱৰ্তী সময়ত ১৯৫৭ চনত সমষ্টি পুনৰ সংৰচন হৈ বালিপৰা বিধানসভা সমষ্টি হিচাপে পৰিগণিত হয় । এই সমষ্টিটোত ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত বিশ্বদেৱ শৰ্মাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ জয়লাভ কৰে ৷
- ১৯৭২ চনৰ বিধানসভা নিৰ্বাচনত গোলক ৰাজবংশীয়ে বালিপৰা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হকে জয়লাভ কৰে ।
বিধানসভাৰ সদস্যসকল
তেজপুৰ উত্তৰ সমষ্টি (১৯৫২–১৯৫৭) -
- ১৯৫২ চন: বিজয়ী - বিশ্বদেৱ শৰ্মা
দল - ভাৰতীয় জাতীয় কংগ্ৰেছ
বালিপৰা বিধানসভা সমষ্টি (১৯৫৭–১৯৭৮) - ১৯৫৭ চন: বিজয়ী - বিশ্বদেৱ শৰ্মা
দল - ভাৰতীয় জাতীয় কংগ্ৰেছ - ১৯৬২ চন: বিজয়ী - বিশ্বদেৱ শৰ্মা
দল - ভাৰতীয় জাতীয় কংগ্ৰেছ - ১৯৬৭ চন: বিজয়ী - বিশ্বদেৱ শৰ্মা
দল - ভাৰতীয় জাতীয় কংগ্ৰেছ - ১৯৭২ চন: বিজয়ী - গোলক ৰাজবংশী
দল - ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮ চনত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হয় আৰু এই সমষ্টিটো ৰঙাপৰা বিধানসভা সমষ্টি হিচাপে জনাজাত হয় ।
৬৮ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়কসকলৰ ইতিহাস (১৯৭৮ পৰা বৰ্তমানলৈ)
- ১৯৭৮ চনৰ পৰা আৰম্ভ কৰি ৰঙাপৰা বিধানসভা সমষ্টিয়ে অসমৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এই সময়ছোৱাত সমষ্টিটোৰ পৰা বিভিন্ন সময়ত বিভিন্ন দলৰ প্ৰতিনিধিয়ে বিধানসভাত প্রতিনিধিত্ব কৰিছে ।

- ১৯৭৮, ১৯৮৩, ১৯৮৫ আৰু ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত গোলক ৰাজবংশীয়ে ৰঙাপৰা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে একাধিকবাৰ বিজয় লাভ কৰে । ১৯৯৬ আৰু ২০০১ চনৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা ভীমানন্দ তাঁতীয়ে কংগ্ৰেছ দলৰ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হয় ।
- ২০০৬ চনৰ নিৰ্বাচনত ৰঙাপৰা সমষ্টিত ৰাজনৈতিক পৰিৱর্তন ঘটে । এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অভিজিত হাজৰিকাই বিজয় সাব্যস্ত কৰে । পুনৰ ২০১১ চনৰ নিৰ্বাচনত ভীমানন্দ তাঁতীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ সমষ্টিটো পুনৰবাৰ দখল কৰে ।

- ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পল্লৱলোচন দাসে বিজেপিৰ হৈ বিজয় লাভ কৰে । তাৰপাছত ২০১৯ চনত পল্লৱলোচন দাস তেজপুৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাত সেই বছৰে অনুষ্ঠিত উপ-নিৰ্বাচনত ৰাজেন বৰঠাকুৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ৰঙাপৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় ।
ৰঙাপৰা বিধানসভা সমষ্টিৰ এই দীঘলীয়া ৰাজনৈতিক ইতিহাসে অঞ্চলটোৰ জনমত আৰু ৰাজনৈতিক ধাৰাৰ উত্থান-পতনৰ এক স্পষ্ট ছবি দাঙি ধৰে ।

ৰঙাপৰা বিধানসভা সমষ্টি(১৯৭৮ পৰা বৰ্তমানলৈ) ৰ বিধায়কসকলৰ নামসমূহ ক্ৰম অনুসাৰে দিয়া হ’ল -
- ১৯৭৮ - গোলক ৰাজবংশী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৮৩ - গোলক ৰাজবংশী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৮৫ - গোলক ৰাজবংশী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৯১ - গোলক ৰাজবংশী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৯৬ - ভীমানন্দ তাঁতী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ২০০১ - ভীমানন্দ তাঁতী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ২০০৬ - অভিজিত হাজৰিকা (ভাৰতীয় জনতা পাৰ্টী)
- ২০১১ - ভীমানন্দ তাঁতী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ২০১৬ - পল্লৱ লোচন দাস (ভাৰতীয় জনতা পাৰ্টী)

- ২০১৯ (উপ-নিৰ্বাচন) - ৰাজেন বৰঠাকুৰ (ভাৰতীয় জনতা পাৰ্টী)
- ২০২১ - কৃষ্ণ কমল তাঁতী(ভাৰতীয় জনতা পাৰ্টী) বৰ্তমানলৈকে…
উল্লেখযোগ্য যে, এই বিধানসভা সমষ্টিটো অধিকাংশ সময় ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধীনত আছিল ৷ অৱশ্যে সমষ্টিটো চাৰিবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰে ৷
লগতে পঢ়ক: বিধানসভা বৃত্তান্ত: জানো আহক গোলকগঞ্জ বিধানসভা সমষ্টিক

