বিধানসভা বৃত্তান্ত: জানো আহক ৰঙানদী বিধানসভা সমষ্টিক
লখিমপুৰ জিলাৰ নৱগঠিত সমষ্টি হৈছে ৰঙানদী বিধানসভা সমষ্টি । এই প্ৰতিবেদনত সমষ্টিটোৰ এক চমু অৱলোকন ।

Published : January 19, 2026 at 3:02 PM IST
|Updated : January 19, 2026 at 3:09 PM IST
লখিমপুৰ : ২০২৪ চনৰ সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াত নতুনকৈ গঠন হ'ল কেইবাটাও বিধানসভা সমষ্টি । নৱগঠিত এনে সমষ্টি সমূহৰ অন্যতম হৈছে লখিমপুৰৰ ৭৪ নং ৰঙানদী বিধানসভা সমষ্টি । লখিমপুৰ জিলাত পূৰ্বতে আছিল চাৰিটা বিধানসভা সমষ্টি । এই সমষ্টিকেইটা হ'ল- বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ আৰু ঢকুৱাখনা বিধানসভা সমষ্টি ।
যোৱা ২০২৪ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত জিলাখনত নতুনকৈ গঠন হ'ল ৰঙানদী সমষ্টি । এই লৈ জিলাখনত বিধানসভা সমষ্টিৰ সংখ্যা পাঁচটালৈ বৃদ্ধি পালে । জিলাখনৰ পুৰণি নাওবৈচা সমষ্টিৰ একাংশ আৰু লখিমপুৰ সমষ্টিৰ একাংশ কাটি আনি নতুনকৈ ৰঙানদী সমষ্টিটো গঠন কৰা হয় । এই সমষ্টিটোৰ মাজেৰে বৈ গৈছে ইতিহাস প্ৰসিদ্ধ ৰঙানদী । ৰঙানদীক বুকুত সাৱতি লৈ গঠন হোৱা নতুন সমষ্টিটোৰ নাম ৰঙানদী ৰখা হয় ।

মুঠ ভোটাৰৰ সংখ্যা :
নৱগঠিত সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,৮,০৪১২ গৰাকী । ইয়াৰে ৮৯,৭৪১ জন পুৰুষ আৰু ৯০,৬৬৮ গৰাকী মহিলা ভোটাৰ । আনহাতে তৃতীয় লিংগৰ ভোটাৰ ৩ গৰাকী । সংখ্যালঘু, চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা যথেষ্ট আছে নৱগঠিত সমষ্টিটোত । সেয়ে সমষ্টিটোত চকু বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ।

প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ৰেহৰূপ :
সম্প্রতি জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক চৰ্চাত আছে নৱগঠিত ৰঙানদী সমষ্টি । কিয়নো এই সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত উচ্চাৰিত হৈছে প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা, অগপৰ কেন্দ্রীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ড আদিৰ নাম । কংগ্রেছৰ পৰা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ নাম চৰ্চালৈ আহিছে । তেনেদৰে পংকজ শইকীয়া, সঞ্জিৎ তাঁতী, যীচুচ কেক্কেটা আদিৰ নামো চৰ্চিত হৈছে ।
আনহাতে বিজেপি দলৰ পৰা সৰ্বাধিক চৰ্চাত আছে যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকাৰ নাম । সমানে দলটোৰ পৰা গহীন বৰা, ধৰ্মকান্ত গগৈ, গোবিন শইকীয়া, ফণীধৰ বৰুৱা আদিও প্ৰাৰ্থিত্বৰ দৌৰত আছে । আনহাতে অগপৰ কেন্দ্রীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডো সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ শক্তিশালী দাবীদাৰ ।
সমষ্টিটোৰ বৰ্তমানৰ ৰেহৰূপ :
নিৰ্বাচন লৈ এতিয়াও কিছু দিন বাকী; কিন্তু সমষ্টিটোত প্ৰচাৰ চলাই তল-ওপৰ কৰি আছে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে । বৃহৎ বৃহৎ হ'ৰ্ডিং, বেনাৰ -পোষ্টাৰ লগাই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ভোটাৰ ৰাইজৰ মন আকৰ্ষণৰ চেষ্টা কৰিছে । ঋষিৰাজ হাজৰিকা, জয়ন্ত খাউণ্ড আদি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে সমষ্টিটোৰ চুকে-কোণে আঁৰিছে বৃহৎ বৃহৎ হ'ৰ্ডিং, বেনাৰ-পোষ্টাৰ । পিছে এই লৈ আৰম্ভ হৈছে এক অশুভ পৰম্পৰা । নিশাৰ ভিতৰত কোনো দুস্কৃতিকাৰীয়ে এনে বৃহৎ হ'ৰ্ডিং, বেনাৰ-পোষ্টাৰ আদি ফালি পেলাইছে । এয়া সুস্থ গণতন্ত্রৰ পৰিপন্থী কাৰ্য বুলি সচেতন মহলে মতপোষণ কৰিছে ।
বন্ধুত্বপূর্ণ যুঁজৰ সম্ভাৱনা :
জিলাখনৰ এই নতুন সমষ্টিটো দখল কৰিবলৈ শাসক-বিৰোধী সকলোৱে টঙালি বান্ধিছে । শাসকীয় বিজেপি দলৰ পৰা ঋষিৰাজ হাজৰিকাৰ লগতে আৰু কেইবাগৰাকী টিকটৰ দাবীদাৰ । আনফালে অগপৰ কেন্দ্রীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডেও জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰিছে । জয়ন্ত খাউণ্ডে সমষ্টিটোত যিদৰে ৰাইজৰ মাজত সোমাই কাম-কাজ কৰি আছে আৰু নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে সেই দিশৰ প্ৰতি লক্ষ্য কৰিলে এশ শতাংশই তেওঁ নিৰ্বাচন খেলাটো খাটাং ।
আনহাতে বিজেপিৰ ঋষিৰাজ হাজৰিকায়ো ভোটাৰ ৰাইজৰ মাজত একেই তৎপৰতা আৰম্ভ কৰিছে ৷ অগপৰে মিত্রতা অব্যাহত ৰাখি আসন বুজাবুজি কৰিলেও বিজেপিয়ে এই সমষ্টিটো কোনো কাৰণতে অগপক এৰি নিদিয়াৰ পূৰ্ণ সম্ভাৱনা আছে । অগপৰ জয়ন্ত খাউণ্ডেও কোনো কাৰণতে নিৰ্বাচনী যুঁজৰ পৰা পিছ হুহকি অহাৰ সম্ভাৱনা নাই । এনে প্ৰেক্ষাপটত অগপ-বিজেপি মিত্রজোঁটে সমষ্টিটোত বন্ধুত্ব সুলভভাৱে নিৰ্বাচন খেলাটো খাটাং বুলিয়েই কব পাৰি ।
মিত্রজোঁটৰ মাজত এনে বন্ধুত্বপূর্ণ নিৰ্বাচনী সংঘাত হ'লে পৰোক্ষভাৱে কংগ্রেছ দল লাভাম্বিত হব নে কি ? ৰাইজৰ দলেও যদি সমষ্টিটোত প্ৰাৰ্থী ঠিয় কৰাই তেন্তে ভোট বিভাজন হৈ কোন দলক লাভাম্বিত কৰিব ? এইবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ আৰু কিছু দিন বাট চাব লাগিব । নিৰ্বাচনী বতাহ তীব্র নহওতেই হ'ৰ্ডিং, বেনাৰ-পোষ্টাৰ ফলা আদি ঘটনাই জোকাৰি যোৱা জিলাখনৰ নতুন সমষ্টিটো অৱশেষত কাৰ দখললৈ যাব ? এই সময়ত সেই কথা অনুমান কৰাটো কঠিন যদিও নতুন সমষ্টিটোত যে এখন থৈয়া-নথৈয়া যুঁজ হ'ব সেই কথা নিশ্চিত ।

