ETV Bharat / politics

বিধানসভা বৃত্তান্ত : জানো আহক ৩৯ নং নলবাৰী বিধানসভা সমষ্টিক

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নলবাৰী সমষ্টিৰ ৰূপৰেখাৰ বিষয়ে জানো আহক...

Assam Assembly Election 2026
জানো আহক ৩৯ নং নলবাৰী বিধানসভা সমষ্টিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 19, 2026 at 8:12 PM IST

6 Min Read
Choose ETV Bharat

নলবাৰী : ৰাজ্যৰ ৰাজনীতিত বলিছে এতিয়া বিধানসভা নিৰ্বাচনৰ বতাহ । বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত বাঢ়িছে ৰাজনৈতিক কুচকাৱাজ ।

তাৰ মাজতে সমষ্টিৰ ভোটাৰ ৰাইজৰ ওচৰ চাপিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল । লগতে তৎপৰতা বাঢ়িছে প্ৰশাসনৰ । ব্যতিক্ৰম নহয় নলবাৰীও । নলবাৰীতো বলিছে বিধানসভা নিৰ্বাচনৰ বতাহ । শাসক-বিৰোধী সকলোৱে সমানে তৎপৰ হৈ উঠিছে নলবাৰী সমষ্টিত ।

ইতিমধ্যে সৰু-বৰ কাৰ্যসূচীৰে সমষ্টিটোত শাসক-বিৰোধীয়ে নিৰ্বাচনী প্ৰস্ততি চলোৱা পৰিলক্ষিত হৈছে । বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ দিনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ।

Assam Assembly Election 2026
নগেন শৰ্মা (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যদিও বিধানসভাৰ সমষ্টিৰ সংখ্যা ১২৬ টা আছে । তাৰ মাজতে বহু সমষ্টিৰ সীমা, জনগাঁথনিকে আদি কৰি ব্যাপক সাল-সলনি হৈছে ।

এসময়ৰ নলবাৰী জিলাৰ আটাইতকৈ বেছি ভোটাৰ থকা সমষ্টি আছিল নলবাৰী সমষ্টি । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত জিলাখনৰ ভিতৰতেই আটাইতকৈ কম ভোটাৰ থকা সমষ্টিলৈ পৰিগণিত হৈছে নলবাৰী ।

নলবাৰী বিধানসভা সমষ্টিত আছে দুটাকৈ ৰে'ল ষ্টেচন । এটা ঘগ্ৰাপাৰ, আনটো নলবাৰী । ঠিক একেদৰে সমষ্টিটোত উন্নয়ন খণ্ডও আছে দুটা । এটা পূব নলবাৰী আৰু আনটো হ'ল বড়িগোগ বনভাগ উন্নয়ন খণ্ড ।

সমষ্টিটোৰ প্ৰাণকেন্দ্ৰৰূপে নলবাৰী চহৰখন নলবাৰী বিধাসনভা সমষ্টিৰ অন্তৰ্গত । নলবাৰী চহৰৰ ১৭ টা ৱাৰ্ড লগ লাগি গঠিত হৈছে নলবাৰী পৌৰসভা । যি নলবাৰী পৌৰসভা নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত । সমান্তৰালভাৱে সমষ্টিটোত দুখন আঞ্চলিক পঞ্চায়তৰে নৱগঠিত হৈছে নলবাৰী বিধানসভা সমষ্টি ।

নলবাৰী সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ এনেকুৱা :

নলবাৰী সমষ্টিটো প্ৰথমাৱস্থাত অৰ্থাৎ অবিভক্ত কামৰূপ জিলাৰ অন্তৰ্গত অৱস্থাত উত্তৰ নলবাৰী বিধানসভা সমষ্টি ৰূপে নামাকৰণ হৈছিল । তেতিয়া সময় আছিল ১৯৫২ চন ।

তাৰ পিছত অৰ্থাৎ ১৯৫৭ চনত সমষ্টিটোৰ নাম আছিল পূব নলবাৰী বিধানসভা সমষ্টি । তাৰ পৰৱৰ্তী সময়ত ১৯৭৮ চনত পুনৰ পূব নলবাৰী সমষ্টিটোক নলবাৰী বিধানসভা সমষ্টি ৰূপে নামাকৰণ কৰা হয় ।

Assam Assembly Election 2026
অলকা শৰ্মা (ETV Bharat Assam)

নলবাৰী সমষ্টিৰ চাৰিসীমা :

এই সমষ্টিটোৰ পূব দিশত আছে ৰঙিয়া বিধানসভা সমষ্টি । আনহাতে পশ্চিম দিশে আছে টিহু, বৰমা বিধানসভা সমষ্টি । ঠিক একেদৰে উত্তৰে আছে তামুলপুৰ বিধানসভা সমষ্টি আৰু দক্ষিণে আছে বৰক্ষেত্ৰী আৰু হাজো-শুৱালকুছি বিধানসভা সমষ্টি ।

Assam Assembly Election 2026
মদন কলিতা (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নলবাৰী সমষ্টিৰ সালসলনি :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নলবাৰী সমষ্টিৰ জনগাঁথনি আৰু ইয়াৰ ভৌগোলিক দিশৰ পৰিৱৰ্তন হয় । য'ত উত্তৰ-পশ্চিম দিশে নতুন দেহৰ পঞ্চায়তৰ দুখন গাঁও পূৰ্বৰ ধৰ্মপুৰ তথা বৰ্তমানৰ টিহু সমষ্টিৰ পৰা সংলগ্ন হয় নলবাৰী সমষ্টিত ।

একেদৰে বাঁহজানীৰ দক্ষিণ বাঁহজানী গাঁও পঞ্চায়তৰ চাৰিখন গাঁও ক্ৰমে দেহৰ কালাকুছি, পশ্চিম খাতাৰ কালাকুছি, কুমাৰীকাটা আৰু মাকালডোবা গাঁওকেইখন টিহু সমষ্টিলৈ গুচি যায় ।

39 No Nalbari LAC
নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰা বিধায়কসকল (ETV Bharat Assam)

ইপিনে উক্ত দক্ষিণ বাঁহজানী গাঁও পঞ্চায়তত বৰক্ষেত্ৰী সমষ্টিৰ ঘোগা গাঁও পঞ্চায়তৰ ঘোগা, ডাঙৰদী, হামলাকুৰ আৰু বালিকুছি গাঁওকেইখন নলবাৰী সমষ্টিত সংলগ্ন হয় । আনহাতে পূব বাঁহজানীৰ কৰ্দ্দৈতোলা, বালিকুছিৰ লগতে খাটা গাঁও পঞ্চায়তৰ বালিলেচা, বৰমুৰিকোনা, বালিকুছি, খাটা গুৱাকুছি আদি গাঁও নলবাৰী সমষ্টিৰ পৰা বৰক্ষেত্ৰী সমষ্টিত সংলগ্ন কৰা হয় ।

আনহাতে সমষ্টিটোৰ পূৰ্বৰ বড়িগোগ বনভাগ খণ্ডৰ নাৰপাৰা, দতৰা, ধুৰকুছি, আমৰা, বৰ ধনৰা ১ আৰু ২, পূৰ্ণকামদেৱ, কিচমৎপুৰ, লহকৰপাৰা, চতমা, দেহাৰকুছি, পূৰ্নদৈচপৰা, লৰমা বটকুছি আদি গাঁও বৰক্ষেত্ৰী সমষ্টিত সংলগ্ন হয় । আনহাতে পূৰ্বৰ উত্তৰ বাঁহজানীৰ পৰা দৌকুছি গাঁওখন টিহু সমষ্টিত অন্তৰ্ভুক্ত কৰা হয় ।

Assam Assembly Election 2026
জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

নলবাৰী সমষ্টিৰ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ বিৱৰণ :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নলবাৰী চহৰৰৰ উপৰিও নলবাৰী সমষ্টিত দুখনকৈ আঞ্চলিক পঞ্চায়ত গঠিত হয় । এখন নলবাৰী আনখন ঘগ্ৰাপাৰ । ইয়াৰে চহৰখন পৌৰ নিগমৰ অন্তৰ্গত ৷ সমান্তৰালকৈ দুখন আঞ্চলিক পঞ্চায়তৰে কেইবাখনো গাঁও পঞ্চায়ত সাঙুৰি গঠিত হৈছে নলবাৰী বিধানসভা সমষ্টি ।

নলবাৰী আঞ্চলিক পঞ্চায়তত ১১ খন গাঁও পঞ্চায়ত আৰু ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তত ৮ খন গাঁও পঞ্চায়তেৰে গঠিত সমষ্টিটোৰ দুয়োখন আঞ্চলিক পঞ্চায়ত ।

39 No Nalbari LAC
নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰা বিধায়কসকল (ETV Bharat Assam)

নলবাৰী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহ হ'ল : বালিতাৰা বতাহগিলা, চান্দকুছি, দক্ষিণ বাহজানী, দক্ষিণ নলবাৰী, ধমধমা চটাইবাৰী, দীঘেলী, হাতী নমাটি, মধ্য বাঁহজানী, নাহেৰবাৰী, পূব বাঁহজানী আৰু সৰিয়হতলী ।

ইয়াৰে সৰিয়হতলী গাঁও পঞ্চায়তত বুঢ়ী নগৰ আৰু টৌমুৰা গাঁওকেইখন টিহু সমষ্টিৰ পৰা নলবাৰী সমষ্টিলৈ অন্তৰ্ভুক্ত হয় । য'ত বতাহগিলা বালিতাৰাত ৯ খনকৈ গাঁৱৰে গঠিত এখন গাঁও পঞ্চায়ত ।

Assam Assembly Election 2026
অশোক শৰ্মা (ETV Bharat Assam)

ঠিক একেদৰে চান্দকুছি গাঁও পঞ্চায়তত ৫ খন গাঁও, দক্ষিণ বাহজানীত ১১ খন গাঁও, দক্ষিণ নলবাৰীত ৩ খন গাঁও, ধমধমা চটাইবাৰীত ৪ খন গাঁও, দীঘেলীত ৫ খন, হাতী নমাটিত ৫ খন, মধ্য বাহজানীত ৩ খন, নাহেৰবাৰীত ৬ খন, পূব বাহজানীত ৬ খন, ৮ খনকৈ গাঁও অন্তৰ্ভুক্ত ।

খচৰা ভোটাৰ তালিকাৰ তথ্য অনুসৰি নলবাৰী সমষ্টিৰ মুঠ ভোটাৰৰ বিৱৰণ :

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ তথ্য অনুসৰি ৩৯ নং নলবাৰী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল ২,০১,০৪৪ গৰাকী ।

39 No Nalbari LAC
নলবাৰী সমষ্টিৰ মুঠ ভোটাৰৰ বিৱৰণ (ETV Bharat Assam)

ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,০১,৭৫৩ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৯৯,২৯১ গৰাকী । নলবাৰী বিধানসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰ নাই । আনহাতে আগন্তুক '২৬ ৰ বিধানসভা নিৰ্বাচনত নলবাৰী সমষ্টিৰ ২৬৯ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব নিৰ্বাচন ।

39 No Nalbari LAC
নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰা বিধায়কসকল (ETV Bharat Assam)

নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰা বিধায়কসকল :

  • ১৯৫২ চনত সমষ্টিটোৰ নাম আছিল উত্তৰ নলবাৰী : প্ৰফুল্ল কুমাৰ গোস্বামী (কংগ্ৰেছ) জয়ী
  • ১৯৫৭ ত পূব নলবাৰী : প্ৰভাত নাৰায়ণ চৌধুৰী (প্ৰজা চ'ছিয়েলিষ্ট পাৰ্টী) জয়ী
  • ১৯৬২ ত পূব নলবাৰী : পবীন শৰ্মা (কংগ্ৰেছ)
  • ১৯৬৭ ত : প্ৰভাত নাৰায়ণ চৌধুৰী (কংগ্ৰেছ)
  • ১৯৭২ ত : বদন চন্দ্ৰ তালুকদাৰ (প্ৰজা সমাজবাদী পাৰ্টী)
  • ১৯৭৮ ত : নলবাৰী : নৰেন্দ্ৰ নাথ দত্ত (চিপিআইএম)
  • ১৯৮৩ ত : নলবাৰী : চন্দ্ৰধৰ কলিতা (IND)
  • ১৯৮৫ ত : নলবাৰী : নগেন শৰ্মা (IND)
  • ১৯৯১ ত : নলবাৰী : নগেন শৰ্মা (AGP)
  • ১৯৯৬ ত : নলবাৰী : নগেন শৰ্মা (AGP)
  • ২০০১ ত : নলবাৰী : মদন কলিতা ( কংগ্ৰেছ)
  • ২০০৬ ত : নলবাৰী : অলকা শৰ্মা (AGP)
  • ২০১১ত : নলবাৰী : জয়ন্ত মল্লবৰুৱা (কংগ্ৰেছ)
  • ২০১৬ ত: নলবাৰী : অশোক শৰ্মা (বিজেপি)
  • ২০২১ ত : নলবাৰী : জয়ন্ত মল্লবৰুৱা (বিজেপি)

লগতে পঢ়ক : বিধানসভা বৃত্তান্ত : জানো আহক ১০২ নং তিতাবৰ বিধানসভা সমষ্টিক

লগতে পঢ়ক : বিধানসভা বৃত্তান্ত : জানো আহক ৰঙাপৰা বিধানসভা সমষ্টিক

লগতে পঢ়ক : বিধানসভা বৃত্তান্ত: জানো আহক হাফলং বিধানসভা সমষ্টিক

লগতে পঢ়ক : বিধানসভা বৃত্তান্ত : জানো আহক খোৱাং সমষ্টিক