বিধানসভা বৃত্তান্ত : জানো আহক ১০২ নং তিতাবৰ বিধানসভা সমষ্টিক
মুখ্যমন্ত্ৰী উপহাৰ দিয়া ১০২ নং তিতাবৰ বিধানসভা সমষ্টিৰ ৰূপৰেখাৰ বিষয়ে জানো আহক...

Published : January 16, 2026 at 5:00 PM IST
যোৰহাট : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ তৎপৰতা অধিক বৃদ্ধি পাইছে । বিশেষকৈ শাসকীয় দল বিজেপিত টিকট প্ৰত্যাশীৰ তালিকাখন যথেষ্ট দীঘলীয়া হৈ পৰিছে । সকলোৱে টিকটৰ আশাত নিজৰ নিজৰ সমষ্টিত কাম-কাজ আৰম্ভ কৰি ৰাইজৰ আস্থাভাজন হোৱাৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে ।
আন সমষ্টিৰ লগতে অসমৰ ৰাজনৈতিক পটভূমিত অতি গুৰুত্বপূৰ্ণ ১০২ নং তিতাবৰ সমষ্টিতো বিজেপিৰ টিকট প্ৰত্যাশীৰ তালিকাখন ক্ৰমাৎ দীঘলীয়া হৈছে । সমষ্টিটোত কেইবাগৰাকী নেতাই টিকট লাভৰ সপোন লৈ ৰাইজৰ কাষলৈ গৈছে । ৰাইজক আকৰ্ষণ কৰাৰ লগতে দলীয় নেতৃত্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে ।
কংগ্ৰেছৰ দুৰ্গ হিচাবে খ্যাত তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা বিজেপিয়ে নিজৰ দখললৈ নিবলৈ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত এটা টীমে সকলো কাম-কাজ তদাৰক কৰি আছে ।
ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত তিতাবৰ সমষ্টিৰ বিন্যাস সলনি হৈছে ৷ তিতাবৰ সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত গাঁও পঞ্চায়তৰ সংখ্যা বৃদ্ধি হৈ 26 খন হ'ল । পূৰ্বতে তিতাবৰ সমষ্টিত আছিল ২০ খন গাঁও পঞ্চায়ত ।

যোৰহাট পৰা তিতাবৰ সমষ্টিত নতুনকৈ চিনামৰা, কৰঙা, উত্তৰ গড়মূৰ, মধ্য কাটনি আৰু বাঘচোং গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল ৷ মৰিয়নী পৰা দক্ষিণ কৰঙা, দক্ষিণ কাটনি, কুশল কোঁৱৰ গাঁও পঞ্চায়ত তিতাবৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল ।
আনহাতে তিতাবৰ সমষ্টিত নতুনকৈ কাটনিবাৰী, চৈকটা, বাহনি, শিলিখা, ডকলঙীয়া, খৰিকটীয়া, চিনামৰা আৰু মুৰমুৰীয়া চাহ বাগিচা তিতাবৰ সমষ্টিত অন্তৰ্ভুক্ত হ’ল । তিতাবৰ সমষ্টিৰ বেকাজান গাঁও পঞ্চায়ত গ'ল গোলাঘাট সমষ্টিলৈ আৰু মধ্য ঠেঙাল গাঁও পঞ্চায়তৰ আধা অন্তৰ্ভুক্ত হ'ল ১০২নং তিতাবৰ বিধানসভা সমষ্টিত ।
আনহাতে কংগ্ৰেছৰ দুৰ্গ হিচাবে খ্যাত তিতাবৰ সমষ্টিত ১০ টা ৱাৰ্ড যুক্ত এখন পৌৰসভা আছে । তিতাবৰ সমষ্টিত মুঠ ভোটাৰ সংখ্যা ২,০৪,৫৬৮ ৷ ইয়াৰে পুৰুষ ভোটাৰ ৯৮,৮৫১, মহিলা ভোটাৰ ১,০৫ ৭১৭, বিশেষভাৱে সক্ষম ১৪২৫, বয়োজ্যেষ্ঠ (৮০ উৰ্ধৰ) ১০৫৯ আৰু ১৮ৰ পৰা ১৯ বছৰ ভোটাৰ সংখ্যা ৮৪২ জন ।

আনহাতে তিতাবৰ সমষ্টিটো জয় পৰাজয় ক্ষেত্ৰত এইবাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব চাহ জনগোষ্ঠীয় ভোটাৰে ৷ কাৰণ সমষ্টিটোত পূৰ্বৰ তুলনাত চাহ জনগোষ্ঠীয় ভোটাৰ সংখ্যা বৃদ্ধি পাইছে ।

আনহাতে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে তিতাবৰ বিধানসভা সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত ন বিজেপি তথা আটছা প্ৰাক্তন সভাপতি ধীৰাজ গোৱালা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ কছাৰী, বিজেপি প্ৰাক্তন জিলা সভাপতি তথা প্ৰাক্তন বিধায়ক হেমন্ত কলিতা ।

এইসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী ভিতৰত ধীৰাজ গোৱালাই বিজেপি পৰা তিতাবৰ সমষ্টিত টিকট পোৱা সম্ভৱনা অধিক আৰু নিশ্চিত বুলিও জানিব পৰা গৈছে । কাৰণ তিতাবৰ সমষ্টি সৰ্বাধিক চাহ জনগোষ্ঠী ভোটাৰ আছে ৷ আনহাতে কংগ্ৰেছৰ দুৰ্গ খ্যাত তিতাবৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ভিতৰত বৰ্তমান বিধায়ক ভাস্কৰ বৰুৱা আৰু প্ৰায়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অতি ঘনিষ্ঠ প্ৰাণ কুৰ্মী ৷ কিন্তু পুনৰ কংগ্ৰেছৰ পৰা বিধায়ক ভাস্কৰ বৰুৱাই টিকট পোৱা সম্ভৱনাই অধিক ।

কংগ্ৰেছৰ দুৰ্গ ৰূপে তিতাবৰ সমষ্টিক প্ৰতিষ্ঠা কৰি গৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ তেওঁ ২০০১, ২০০৬, ২০১১ আৰু ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজয়ী হৈ তেওঁ একেৰাহে চাৰিবাৰকৈ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল ৷ তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শাসন ভাৰ চলাইছিল ।

তৰুণ গগৈ মৃত্যু পিছত ২০২১ত ভাস্কৰ বৰুৱাই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াই অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল । সেয়েহে তিতাবৰ বিধানসভা সমষ্টিটো এতিয়া অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত খুব আকষণীয় হৈ পৰিছে ৷
তাপৰ্যপূৰ্ণ যোৰহাট জিলাৰ চাৰিটা সমষ্টিৰ ভিতৰত ১০২ নং তিতাবৰ সমষ্টিতেই ভোটাৰ সংখ্যা অধিক হোৱা লগতে পুৰুষ তুলনাত মহিলা ভোটাৰ সংখ্যা বৃদ্ধি পাইছে ।

