ETV Bharat / politics

বিধানসভা সমষ্টি বৃত্তান্ত : জানো আহক নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিক

পূৰ্বতে নগাঁও সদৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ২,০১,৯৫০ গৰাকী । বৰ্তমান ১,৯৭,২৮৪ গৰাকী ।

Nagaon Batadraba Assembly constituency
নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 11:40 AM IST

3 Min Read
Choose ETV Bharat

নগাঁও : মধ্য অসমৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হিচাপে পৰিচিত নগাঁও সদৰ সমষ্টি এতিয়া নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি হিচাপে পৰিচিত । পূৰ্বৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ এটা অংশ সংলগ্ন কৰি গঠন কৰা হৈছে নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি ।

সমষ্টি পুনৰ নিৰ্দ্ধাৰণে পূৰ্বৰ নগাঁও সদৰ সমষ্টিৰ যথেষ্ট সাল-সলনি কৰিছে । পূৰ্বতে নগাঁও সদৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ২০১,৯৫০ গৰাকী । বৰ্তমান নগাঁও বটদ্ৰৱা সমষ্টিৰ মুঠ ভোটাৰ হৈছে (চূড়ান্ত ভোটাৰ তালিকা অনুসৰি) ১,৯৭,২৮৪ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৫,৩৪৮ জন । মহিলা ভোটাৰৰ সংখ্যা ১,০১,৯৩০ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ৬ গৰাকী ।

Nagaon–Batadraba Assembly constituency
নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি (ETV Bharat Assam)

মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২৫০ টা । সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পাছত নগাঁও বটদ্ৰৱা সমষ্টিৰ মুঠ ১৪ খন গাঁও পঞ্চায়তৰ লগতে পৌৰসভাৰ মুঠ ৱাৰ্ডৰ সংখ্যা ২৬ টা । নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা ৭ খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পাছত ।

বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা গাঁও পঞ্চায়তকেইখন হৈছে উৰিয়া গাঁও পঞ্চায়ত, শিঙিয়া পুটনি গাঁও পঞ্চায়ত, তেলিয়া পহুকটা গাঁও পঞ্চায়ত, ভূটাই পাথৰি গাঁও পঞ্চায়ত, কাটনী গাঁও পঞ্চায়ত , বেঙেনাআটি গাঁও পঞ্চায়ত, ছোটহয়বৰ গাঁও পঞ্চায়ত আৰু মাজৰআটি গাঁও পঞ্চায়ত ।

বটদ্ৰৱা বিধানসভা সমষ্টিৰ পৰা নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্ভূক্ত গাঁও পঞ্চায়তকেইটা হৈছে মাজ জাজৰি গাঁও পঞ্চায়ত, আইভেটি গাঁও পঞ্চায়ত, ৰাইদঙীয়া গাঁও পঞ্চায়ত, বটদ্ৰৱা গাঁও পঞ্চায়ত আৰু হাতীচোং গাঁও পঞ্চায়তৰ এটা অংশ দলঙিয়াল ।

পূৰ্বৰ নগাঁও সদৰ বিধানসভা সমষ্টিৰ কৰ্তন হৈ বৰ্তমানৰ চামগুৰি বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা গাঁও পঞ্চায়ত কেইখন ক্ৰমে ভকতগাঁও গাঁও পঞ্চায়ত, বৰভেটি গাঁও পঞ্চায়ত, হেৰাপতি গাঁও পঞ্চায়ত, কেন্দুগুৰি গাঁও পঞ্চায়ত আৰু লাওগাঁও গাঁও পঞ্চায়ত |

নগাঁও সদৰ বিধানসভা সমষ্টিৰ পৰা কৰ্তন হৈ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা গাঁও পঞ্চায়ত কেইখন হৈছে বেবেজীয়া গাঁও পঞ্চায়ত, তুলসী দেউৰী গাঁও পঞ্চায়ত, ডাকৰ ঘাট গাঁও পঞ্চায়ত আৰু দক্ষিণপাট গাঁও পঞ্চায়ত ।


নগাঁও সদৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকল :

Pratap Chandra Sarma
প্ৰতাপ চন্দ্ৰ শৰ্মা (ETV Bharat Assam)
Devkanta  Baruah
দেৱকান্ত বৰুৱা (ETV Bharat Assam)
Phani Bora
ফণী বৰা (ETV Bharat Assam)
Motiram Bora
মতিৰাম বৰা (ETV Bharat Assam)
Rupram Sut
ৰূপৰাম সূত (ETV Bharat Assam)
Lilakanta Bora
লীলাকান্ত বৰা (ETV Bharat Assam)
Mukut Sarma
মুকুট শৰ্মা (ETV Bharat Assam)
Prafulla Kumar Mahanta
প্ৰফুল্ল কুমাৰ মহন্ত (ETV Bharat Assam)
Girindra Kumar Baruah
গিৰিন্দ্ৰ কুমাৰ বৰুৱা (ETV Bharat Assam)
Dr. Durlav Chamua
ডাঃ দুৰ্লভ চমুৱা (ETV Bharat Assam)
Rupak Sarma
ৰূপক শৰ্মা (ETV Bharat Assam)
১৯৫২ প্ৰতাপ চন্দ্ৰ শৰ্মা (কংগ্ৰেছ) ১৯৫৭ দেৱকান্ত বৰুৱা (কংগ্ৰেছ) ১৯৫৯ উপ নিৰ্বাচন- ফণী বৰা (কমিউনিষ্ট পাৰ্টী) ১৯৬২ মতিৰাম বৰা (কংগ্ৰেছ) ১৯৬৩ উপ নিৰ্বাচন- ৰূপৰাম সূত (ছ'চিয়েলিষ্ট পাৰ্টী) ১৯৬৭ ফণী বৰা (কমিউনিষ্ট পাৰ্টী)১৯৭২ লীলাকান্ত বৰা- (কংগ্ৰেছ) ১৯৭৮ মুকুট শৰ্মা (কংগ্ৰেছ) ১৯৮৩ মুকুট শৰ্মা ( কংগ্ৰেছ) ১৯৮৫ প্ৰফুল্ল কুমাৰ মহন্ত (অগপ) ১৯৯১ মুকুট শৰ্মা ( কংগ্ৰেছ) ১৯৯৬ প্ৰফুল্ল কুমাৰ মহন্ত (অগপ) ১৯৯৬ উপ নিৰ্বাচন- গিৰিন্দ্ৰ কুমাৰ বৰুৱা (অগপ)২০০১ গিৰিন্দ্ৰ কুমাৰ বৰুৱা (অগপ)২০০৬ গিৰিন্দ্ৰ কুমাৰ বৰুৱা (অগপ)২০১১ ডাঃ দুৰ্লভ চমুৱা (কংগ্ৰেছ) ২০১৬ ৰূপক শৰ্মা ( বিজেপি) ২০২১ ৰূপক শৰ্মা ( বিজেপি)দীৰ্ঘসময় কংগ্ৰেছ আৰু অগপৰ দখলত থকা নগাঁও সদৰ সমষ্টিটো শেহতীয়া দুটা কাৰ্যকাল বিজেপিৰ দখলত আছে ।

লগতে পঢ়ক:বিধানসভা সমষ্টি বৃত্তান্ত: জানো আহক ৮৭ নং চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিক

ভোটাৰে কি কয় : জানো আহক নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ ভোটাৰৰ মনৰ কথা

ভোটাৰে কি কয় ? ছিপাঝাৰবাসীৰ মনৰ কথা...