বিধানসভা বৃত্তান্ত: জানো আহক মৰিয়নী বিধানসভা সমষ্টিক
যোৰহাট জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে মৰিয়নী বিধানসভা সমষ্টি । এই প্ৰতিবেদনত সমষ্টিটোৰ এক চমু অৱলোকন ।

Published : January 28, 2026 at 4:40 PM IST
যোৰহাট: যোৰহাট জিলাৰ চাৰিটা সমষ্টিৰ ভিতৰত এক অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হ'ল ১০১ নং মৰিয়নী সমষ্টি । অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰে আবৃত্ত মৰিয়নী সমষ্টি নানা জাতি-জনগোষ্ঠীৰ মিলন ভূমি, বিৰল হ'লৌ বান্দৰ বিচৰণ ভুমি তথা বসতি স্থল গিবন অভয়াৰণ্য মৰিয়নী সমষ্টিৰে অন্তৰ্গত ।
কংগ্ৰেছৰ দুৰ্গখ্যাত মৰিয়নী সমষ্টিটো ২০২১ চনৰ উপ-নিৰ্বাচনত বিজেপি হাতলৈ যায় । সেয়েহে ১০১নং মৰিয়নী সমষ্টিটো নিজৰ দখললৈ নিবলৈ কংগ্ৰেছ আৰু বিজেপিয়ে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰি ৰাইজৰ আস্থা বুটলিবলৈ সাম্ভাব্য প্ৰাৰ্থীসকলে সভা-সমিতিৰ জৰিয়তে প্ৰচাৰ আৰম্ভ কৰিছে । ইয়াৰ পৰা বাদ পৰি যোৱা নাই ৰাইজ দলো, কাৰণ মৰিয়নী সমষ্টিতে ৰাইজ দলৰ সভাপতি অখিল গগৈ জন্মস্থান আৰু বাসস্থান ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ব্যাপক পৰিৱৰ্তন মৰিয়নী সমষ্টি:
সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ১০১নং মৰিয়নী সমষ্টি ভৌগোলিক সীমা আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰ ব্যাপক সালসলনি দেখা পোৱা গৈছে । মৰিয়নী সমষ্টিত মুঠ ভোটাৰ সংখ্যা ১,৬৯,৮৭৫ গৰাকী, ইয়াৰে পুৰুষ ভোটাৰ ৮২,৯০৭ আৰু মহিলা ভোটাৰ ৮৬,৯৬৭ জন ।

বিশেষভাৱে সক্ষম ১০২৯, বয়োজ্যেষ্ঠ (৮০ উৰ্দ্ধৰ)-১০৪৩, তৃতীয় লিংগ এজন আৰু ১৮ৰ পৰা ১৯ বছৰ ভোটাৰ সংখ্যা ৭৩১ জন । এই ১০১নং মৰিয়নী সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ অৱস্থান ১৫৪ টা আৰু মুঠ ভোটগ্ৰহণ কেন্দ্ৰ সংখ্যা ২১০ টা । আনহাতে এই সমষ্টিৰ অন্তৰ্গত ১০টা ৱাৰ্ডযুক্ত এখন পৌৰসভা আছে ।
মৰিয়নী সমষ্টিৰ ৰেহৰূপ কেনেকুৱা হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত:
১০১নং মৰিয়নী সমষ্টিত পূৰ্বে চাহ বাগিচাৰ সংখ্যা আছিল ৫০খন, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত ইয়াৰে ১০খন চাহ বাগিচা অন্তৰ্ভুক্ত হ'ল ১০২নং তিতাবৰ সমষ্টিত, বৰ্তমান নতুন মৰিয়নী সমষ্টিত আছে ২১ খনকৈ গাঁও পঞ্চায়ত ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ৯৯নং টীয়ক সমষ্টিৰ পৰা মৰিয়নীত অন্তৰ্ভুক্ত হ'ল ৯খন পঞ্চায়ত আৰু মৰিয়নী সমষ্টিৰ পৰা বাদ পৰিল ৫ খনকৈ গাঁও পঞ্চায়ত । ইয়াৰে এখন অন্তৰ্ভুক্ত হ'ল যোৰহাট সমষ্টিত আৰু বাকী চাৰিখন অন্তৰ্ভুক্ত হ'ল তিতাবৰ সমষ্টিত । আনহাতে নতুনকৈ মৰিয়নী সমষ্টিত অন্তৰ্ভুক্ত হৈছে তামুলিছিগা, ভগামুখ, চিন্তামনি গড়, বামুণ পুখুৰী, পূব টীয়ক, বলমা, গাখীৰখোৱা, মধ্য টীয়ক আৰু পশ্চিম টীয়ক পঞ্চায়ত ।
সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত জাতি-জনগোষ্ঠীৰ ভোটাৰ বিন্যাস সলনি:
সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত মৰিয়নী সমষ্টিৰ জাতি জনগোষ্ঠীৰ ভোটাৰ বিন্যাস সলনি হৈ পৰিল কাৰণ পূৰ্বতে মৰিয়নী সমষ্টিত এগৰাকী প্ৰাৰ্থী জয়-পৰাজয় ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে চাহ জনগোষ্ঠী ভোটাৰে । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত বহু চাহ অধ্যুষিত অঞ্চল অন্তৰ্ভুক্ত হ'ল তিতাবৰত । ফলত এইবাৰ মৰিয়নী নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব চাহ জনগোষ্ঠী ভোটাৰ পৰিৱৰ্তে আহোম জনগোষ্ঠীয় ভোটাৰে ।

মৰিয়নী সমষ্টিত আহোম জনগোষ্ঠীয় ভোটাৰ ৬৫ হাজাৰ, মুছলমান ২৬ হাজাৰ, খ্ৰীষ্টান ভোটাৰ ১৫ হাজাৰ, উচ্চ বৰ্ণ ব্ৰাহ্মণ ভোটাৰ ৩ হাজাৰ, অন্যান্য শ্ৰেণী ভোটাৰ ১৮ হাজাৰ, ইয়াৰে ১৪ হাজাৰ বেংগলী ভোটাৰ । আনহাতে এইবাৰ মৰিয়নী সমষ্টিটো চাহ জনগোষ্ঠীয় ভোটাৰ আছে ৪২ হাজাৰ ।
২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল:
কংগ্ৰেছৰ দুৰ্গ খ্যাত ১০১নং মৰিয়নী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত শীৰ্ষত বিশিষ্ট চিকিৎসক ডাঃ যদুনাথ বুঢ়াগোঁহাই, যোৰহাট জিলা কংগ্ৰেছ কমিটি উপ-সভাপতি লোহিত কোঁৱৰ, যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোঁহাই । বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত বৰ্তমান বিধায়ক ৰূপজ্যোতি কুৰ্মী, পুৰণি সক্ৰিয় বিজেপি কৰ্মী দুলেন নায়ক আৰু অসম চৰকাৰ প্ৰাক্তন বিষয়া অসীম বৰুৱা ।

আনহাতে বিজেপি আৰু কংগ্ৰেছৰ সমান্তৰালভাৱে ৰাইজৰ দলেও তৎপৰতা আৰম্ভ কৰিছে মৰিয়নী সমষ্টিত আৰু অখিল গগৈয়ে ঘোষণা কৰিছে এইবাৰ মৰিয়নী পৰা ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব পাৰে ৰাজ্য এগৰাকী প্ৰতিষ্ঠিত শিল্পী । আনহাতে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিতো ১৬হাজাৰৰো অধিক ভোট লাভ কৰিছিল গৌৰৱ গগৈয়ে ।
মৰিয়নী বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৭০, ৯১৬টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে পাইছিল ৫৪,১৩১টা ভোট । মৰিয়নী সমষ্টিটো বিজেপি লগতে কংগ্ৰেছ দলে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে আৰু মৰিয়নী সমষ্টি বৰ্তমান বিজেপি হাতত যদিও সমষ্টিটো পুনৰুদ্ধাৰৰ বাবে কংগ্ৰেছ দলে চেষ্টা অব্যাহত ৰাখিছে ।

সমষ্টিটোৰ চমু নিৰ্বাচনী অৱকোলন:
১৯৮৫ চনত অগপৰ প্ৰাৰ্থী নৰেন তাঁতী জয়ী হোৱা পাছত ১৯৯১ চনৰ পৰা একেৰাহে ২০২১ চনলৈ কংগ্ৰেছৰ হাততে আছিল সমষ্টিটো । ১৯৯১,১৯৯৬ আৰু ২০০১ চনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে একেৰাহে তিনিটা কাৰ্যকালত প্ৰয়াত ৰূপম কুৰ্মী জয়ী হৈছিল আৰু অন্তিমটো কাৰ্যকালত কেবিনেট মন্ত্ৰিত্বও লাভ কৰিছিল । ২০০৪ চনত ৰূপম কুৰ্মী মৃত্যু হোৱাত খালী হৈ পৰা আসনত হোৱা উপ-নিৰ্বাচনত তেতিয়া ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল প্ৰাৰ্থী প্ৰয়াত অলক কুমাৰ ঘোষ জয়ী হৈছিল ।

ইয়াৰ পাছৰে পৰা ২০০৬,২০১১,২০১৬ আৰু ২০২১ চনত ৰূপম কুৰ্মী কনিষ্ঠ পুত্ৰ ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ দলৰ পৰা জয়ী হৈ চাৰিবাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । কিন্তু ২০২১ চনতে কংগ্ৰেছ দল ত্যাগ কৰাৰ লগতে বিধায়ক পদো ত্যাগ কৰাত মৰিয়নী সমষ্টিত সেই বছৰতে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি পুনৰ জয়ী হৈ বিধায়ক হিচাপে নিৰ্বাচিত হয় । ২০২১ চনৰ পৰাই কংগ্ৰেছৰ দুৰ্গত বিজেপিয়ে আঘাত হনাৰ পৰাই সমষ্টিটো বিজেপি হাতত আছে ।

