বিধানসভা বৃত্তান্ত: জানো আহক নৱগঠিত মানাহ বিধানসভা সমষ্টিক
বাক্সা জিলাৰ নৱগঠিত সমষ্টি হৈছে মানাহ বিধানসভা সমষ্টি । এই প্ৰতিবেদনত সমষ্টিটোৰ এক চমু অৱলোকন ।

Published : January 25, 2026 at 4:40 PM IST
বাক্সা: ২০২৬ ৰ বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ১২৬ টা সমষ্টিৰ অন্যতম বাক্সা জিলাৰ ৪১ নং মানাহ বিধানসভা সমষ্টিক লৈ ব্যাপক চৰ্চা অব্যাহত আছে । ৪১ নং মানাহ বিধানসভা সমষ্টি নৱগঠিত সমষ্টি ৷ এই সমষ্টিটোত পুৰ্বতে থকা ৬১ নং চাপাগুৰী বিধানসভা আৰু ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ বি টি চি অন্তৰ্ভুক্ত অঞ্চলসমূহক লৈ ৪১ নং মানাহ বিধানসভা সমষ্টি গঠন কৰা হৈছে ৷
জিলাখনৰ মুঠ ভোটাৰ ২,০৬,৫৯৯ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ ১,০৪,০১৩ গৰাকী, মহিলা ভোটাৰ ১,০২,৫৮৬ গৰাকী ৷

সমষ্টিটোৰ ভৌগোলিক চাৰিসীমা:
মানাহ অভয়াৰণ্য হৈছে বিশ্বৰ অভয়াৰণ্যসমূহৰ মাজত অন্যতম ৷ প্ৰাকৃতিক আৰু জীৱ-জন্তুৰে ভৰপুৰ মানাহ ৷ এই অঞ্চলত মানাহ অভয়াৰণ্য অৱস্থিত হোৱাৰ কাৰণেই হয়তো সমষ্টিটোৰ নাম মানাহ দিয়া হৈছে ৷ সমষ্টিটোত দক্ষিণে বজালী জিলা, পূবে বাক্সা জিলা, পশ্চিমে চিৰাং জিলা আৰু উত্তৰে সুউচ্চ হিমালয় পৰ্বত ৷ সমষ্টিটোত ভূটান পাহাৰৰ পৰা মানাহ নৈ বৈ গৈছে ৷

- ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ সংক্ষিপ্ত অৱলোকন:
৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ পৰা-
- ১৯৭৮ চনত মাণিক চন্দ্ৰ দাস (নিৰ্দলীয়)
- ১৯৮৩ চনত বিমল গয়াৰী (পি.টি.চি.এ.)
- ১৯৮৫-৯১ লৈ একেৰাহে দুবাৰ প্ৰতিনিধিত্ব কৰে সুৰেণ স্বৰ্গীয়াৰীয়ে (এ.জি.পি.)
- ১৯৯৬ চনত জগমোহন বসুমতাৰী (নিৰ্দলীয়)
- ২০০১ চনত টিজেন বসুমতাৰী (নিৰ্দলীয়)
- ২০০৬ চনত থানেশ্বৰ বসুমতাৰী (নিৰ্দলীয়)
- ২০১১ হিতেশ বসুমতাৰী (বি.পি.এফ)
- ২০২১ চনত বৰ্তমান ৬৩ নং চাপাগুৰী সমষ্টিৰ পৰা ইউ পি পি এল দলৰ পৰা উৰ্খাও গৌৰা ব্ৰহ্মই নিৰ্বাচিত হৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে বৰ্তমানো প্ৰতিনিধিত্ব কৰি আছে ৷
২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বি এল টিৰ মাজত হোৱা চুক্তি অনুসৰি বি টি চি চুক্তি হোৱাৰ লগে লগে অসমৰ ৰাজনীতিৰ আমুল পৰিৱৰ্তন ঘটে ৷ সেই অনুসৰি বি টি চিত অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহক লৈ বৰ্তমানলৈকে পাঁচখন জিলা গঠন কৰে ৷ পূৰ্বতে সমষ্টি নিৰ্ধাৰণ নোহোৱালৈকে বি টি চি অন্তৰ্ভুক্ত আৰু বাহিৰৰ অঞ্চলসমূহেৰে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছিল ৷


এইবাৰ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে সেয়েহে বি টি চি অন্তৰ্ভুক্ত অঞ্চলসমূহক লৈ মানাহ বিধানসভা সমষ্টি গঠন কৰা হৈছে ৷ সেই অনুসৰি পুৰ্বৰ ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিটোৰ বৰপেটা জিলাৰ গাঁওসমূহ বাহিৰ কৰা হয় ৷ ইপিনে পূৰ্বৰ ৪১ নং ভৱানীপুৰ সমষ্টিৰ বৃহৎ অংশ ৪১ মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে ৷ ৪১ নং মানাহ বিধানসভা সমষ্টিত বি টি চি পৰিষদীয় সমষ্টিৰ মথনগুৰি সমষ্টি, শালবাৰী সমষ্টি, ককলাবাৰী সমষ্টিৰ লগতে দিহিৰা পৰিষদীয় সমষ্টিৰ কেইবাখনো গাঁও অন্তৰ্ভুক্ত হৈছে ৷ সমষ্টিটোত অসমীয়া, বড়ো, বঙালী, নেপালী, আদিবাসী, কোচ ৰাজবংশী লোক বাস কৰে ৷

সমষ্টিটোৰ ৰূপৰেখা:
বাক্সা জিলাৰ অন্তৰ্গত ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ উন্নয়ন বুলি কলে সমষ্টিটোৰ কাম লেহেমীয়া গতিৰে আগবাঢ়ি আছে ৷ যাৰ ফলত একাংশ যু্ৱ-যুৱতীয়ে বহিঃৰাজ্যত কাম বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে ৷ চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজালেও বৰ্তমানৰ চাপাগুৰী সমষ্টিৰ উন্নয়ন লেহেমীয়া গতিৰে চলি আছে বুলি উল্লেখ কৰে স্থানীয় বাসিন্দাই ৷
এগৰাকী স্থানীয় লোকে জানিবলৈ দিয়ে এইদৰে, "২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বি টি চি চুক্তি স্বাক্ষৰিত হৈছিল আৰু বি টি চিত চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলা গঠন হয় ৷ সেই অনুসৰি বাক্সা জিলাৰ অন্তৰ্ভুক্ত হয় ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টি ৷ হিতেশ বসুমতাৰী বি টি চি পৰিষদৰ হৈয়েই বাক্সা জিলাৰ সদৰ চাপাগুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মুছলপুৰত স্থাপন কৰে ৷"

তেওঁ পুনৰ জনাই, "লগে লগে যাতায়তৰ পথ সুগম হয় আৰু অঞ্চলটোৰ উন্নয়নৰ ধাৰাবাহিক পৰিৱৰ্তন হয় ৷ ২০১১ চনত হিতেশ বসুমতাৰী ৬৩ নং চাপাগুৰী সমষ্টিৰ বিধায়ক (বি পি এফ) হয় আৰু সমষ্টিটোৰ সকলো ফালে যাতায়তৰ ব্যৱস্থা কৰে ৷ ২০২১ চনত ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৷ মন্ত্ৰী হিচাপে সমষ্টিটোত যিমান কাম কৰিব লাগিছিল সিমান হোৱা নাই ৷"

