বিধানসভা বৃত্তান্ত : জানো আহক খোৱাং সমষ্টিক
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পূৰ্বৰ মৰাণ সমষ্টি তথা বৰ্তমানৰ খোৱাং সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ বাঢ়িছে ।

Published : January 19, 2026 at 3:18 PM IST
ডিব্ৰুগড় : অসমৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকা অৱস্থাত উজনি অসমৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিচিত ৮৯ নং খোৱাং বিধানসভা সমষ্টিটোত বলিছে ৰাজনৈতিক বতাহ । নৱগঠিত খোৱাং সমষ্টিত এইবাৰ শাসক-বিৰোধী উভয়ৰে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ডিব্ৰুগড় জিলাৰ পূৰ্বৰ মৰাণ সমষ্টি বিলুপ্ত কৰি গঠন কৰা হয় খোৱাং সমষ্টি । ডিব্ৰুগড় জিলাৰ শেষৰটো সমষ্টি অৰ্থাৎ শিৱসাগৰ, চৰাইদেউ আৰু ধেমাজি জিলাৰ সীমাতে অৱস্থিত খোৱাং সমষ্টি । প্ৰাকৃতিকভাৱে চহকী হিচাপে বিবেচিত হৈছে নৱগঠিত খোৱাং সমষ্টি । কিয়নো খোৱাং সমষ্টিৰ মাজেদি পাৰ হৈ গৈছে বুঢ়ীদিহিং, চেঁচা আৰু ডিমৌ নদী । খোৱাং সমষ্টি আৰু ধেমাজি সমষ্টিক সংযোগ কৰিছে বগীবিল দলঙে । আনহাতে গেছ ক্ৰেকাৰ প্ৰকল্প আৰু কেইবাখনো চাহ বাগিচাই খোৱাং সমষ্টিক সমৃদ্ধ কৰিছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰাণ সমষ্টি বিলুপ্ত কৰি গঠন খোৱাং সমষ্টি
সমষ্টি পুনৰ নিৰ্ধাৰণত পূৰ্বৰ ১১৫ নং মৰাণ বিধানসভা সমষ্টিৰ তিলৈ, মৰাণ দিখাৰী আৰু বামুণবাৰী পঞ্চায়তক টিংখাং বিধানসভা সমষ্টিৰ লগত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে বৰবৰুৱা, দুলীয়া-কাকতি, বৰপথাৰ আৰু জকাই পঞ্চায়তক নৱগঠিত ৮৯ নং খোৱাং বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰি গঠন হোৱা খোৱাং সমষ্টিত জাতি-জনগোষ্ঠীৰ ভোটৰ বিন্যাস কিছু সালসলনি ঘটিছে । পূৰ্বে ডিব্ৰুগড় সমষ্টিত থকা বৰবৰুৱা পঞ্চায়ত খোৱাং সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ দৰে দুলীয়া-কাকতি, বৰপথাৰ আৰু জকাই পঞ্চায়ত সম্পূৰ্ণকৈ বিলুপ্ত হৈ পৰা লাহোৱাল বিধানসভা সমষ্টিৰ পৰা খোৱাং সমষ্টিত অন্তৰ্ভুক্ত হয় ।

নৱগঠিত খোৱাং সমষ্টিৰ ভোটাৰৰ সংখ্যা
সমষ্টি পুনৰ নিৰ্ধাৰণে খোৱাং সমষ্টিৰ ভোটাৰৰ বিন্যাস কিছু সালসলনি ঘটাইছে । নিৰ্বাচন আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা ভোটাৰ তালিকা অনুসৰি খোৱাং সমষ্টিত মুঠ ভোটাৰ ১,৫৩,৯২৪ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৭৫,২০৩ জন, মহিলা ভোটাৰ ৭৮,৭২১ গৰাকী আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে খোৱাং সমষ্টিত । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰ হ'বলগা বিধানসভা নিৰ্বাচনত ১৯৫ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ।



খোৱাং সমষ্টিত বিধায়ক হিচাপে আছে চক্ৰধৰ গগৈ
খোৱাং সমষ্টিৰ বৰ্তমানৰ বিধায়ক হিচাপে দায়িত্ব পালন কৰি আছে চক্ৰধৰ গগৈয়ে । ২০১৬ চনত প্ৰাক্তন কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰক পৰাজিত কৰি পূৰ্বৰ মৰাণ সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল বিধায়ক চক্ৰধৰ গগৈ । ইয়াৰ পাছতে ২০২১ চনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰক পৰাজিত কৰি মৰাণ সমষ্টিত দ্বিতীয়বাৰৰ বাবে বিধায়ক হৈছিল চক্ৰধৰ গগৈ । পূৰ্বৰ মৰাণ সমষ্টি তথা বৰ্তমানৰ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে তৃতীয়বাৰৰ বাবে টিকট লাভ নকৰে বুলি বিজেপি দলৰ একাংশ নেতাই প্ৰচাৰ চলাইছে । তদুপৰি প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰম্ভ হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে । বিধায়ক চক্ৰধৰ গগৈৰ উত্তৰসূৰী হ'বলৈ বিজেপি দলৰ কেইবাজনো নেতাই সমষ্টিটোত চলাই আহিছে সাংগঠনিক কুচকাৱাজ ।

বৰ্তমানৰ খোৱাং সমষ্টিৰ নিৰ্বাচনী ইতিহাস
মৰাণ সমষ্টি বিলুপ্ত হোৱাৰ পাছত কেইটামান পঞ্চায়ত সালসলনি কৰি গঠন হোৱা খোৱাং সমষ্টিৰ নিৰ্বাচনী ইতিহাস অতি লক্ষণীয় । কিয়নো সমষ্টিটোত দীৰ্ঘসময় শাসন কৰিছিল কংগ্ৰেছ দলে । আনকি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থা এৰি অসম গণ পৰিষদ দলত যোগদান কৰি প্ৰথমবাৰলৈ নিৰ্বাচন খেলি বিধায়ক হৈছিল পূৰ্বৰ মৰাণ সমষ্টি তথা বৰ্তমানৰ খোৱাং সমষ্টিৰ পৰা ।

ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় ১৯৫১ আৰু ১৯৫৭ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধায়ক হৈছিল ঘনকান্ত গগৈ । ১৯৬২ আৰু ১৯৬৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বিধায়ক হৈছিল পদ্মা কুমাৰী গোহাঁই । ১৯৭২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বিধায়ক হৈছিল তৰুণ চন্দ্ৰ চুতীয়া । ১৯৭৮ আৰু ১৯৮৩ চনত দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰাই জয়চন্দ্ৰ নাগবংশী বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ।

ইয়াৰ পাছতে ১৯৮৫ চনত সেই সময়ৰ মৰাণ সমষ্টিত পুনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কিৰণ কুমাৰ গগৈয়ে জয়লাভ কৰে । পূৰ্বৰ প্ৰাক্তন বিধায়ক জয়চন্দ্ৰ নাগবংশীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা ১৯৯১ আৰু ১৯৯৬ চনত পুনৰ দুবাৰকৈ বিধায়ক হয় ।
ভাৰতীয় কংগ্ৰেছ দলৰ জয়চন্দ্ৰ নাগবংশীৰ পাছতেই ২০০১ চনত পূৰ্বৰ মৰাণ সমষ্টি তথা বৰ্তমানৰ খোৱাং সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কিন্তু সৰ্বানন্দ সোণোৱালে ৫ বছৰীয়া বিধায়কৰ কাৰ্যকাল সম্পূৰ্ণ নকৰে । ২০০৪ চনত বিধায়কৰ দায়িত্ব এৰি সাংসদ হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । ইয়াৰ লগে লগে অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন । উপ-নিৰ্বাচনত ২০০৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা জীৱনতাৰা ঘাটোৱাৰে জয়লাভ কৰি বিধায়িকা হৈছিল । ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰি ২০০৬ আৰু ২০১১ চনটো জীৱনতাৰা ঘাটোৱাৰে বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল ।
কিন্তু ২০১৬ত সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা মোদী ঢৌত মৰাণ সমষ্টিৰ পৰা অস্তিত্বহীন হৈ পৰিছিল কংগ্ৰেছ দল । ফলত ২০১৬ আৰু ২০২১ চনত বিপুল ভোটত জয়লাভ কৰিছিল বিজেপি দলৰ প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে ।
কিন্তু এইবাৰ বিধায়ক চক্ৰধৰ গগৈৰ টিকট কৰ্তন হ'ব বুলি চৰ্চা চলি থকা সময়ত সমষ্টিত প্ৰাৰ্থিত্বৰ দাবীদাৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন জিলা সভাপতি ৰঞ্জিত বৰুৱা, সমাজকৰ্মী তথা বিজেপি নেতা পৰাগ দত্তৰ লগতে প্ৰাৰ্থিত্বৰ দৌৰত সমানে সমানে আগবাঢ়িছে ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈ আৰু চাহ জনগোষ্ঠীৰ নেতা অশোক ওৰাং আৰু দীপক তাঁতীও এই দৌৰত আছে ।
খোৱাং সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী হ'ব পাৰে লুৰীণজ্যোতি গগৈ

খোৱাং সমষ্টিত বিৰোধী ঐক্যৰ হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি চৰ্চা চলিছে । কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে আলোচনা কৰি খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সাংগঠনিক কাম-কাজত তৎপৰ হৈছে । বিৰোধী ঐক্য স্থাপনৰ স্বাৰ্থত খোৱাং সমষ্টি লুৰীণজ্যোতি গগৈক এৰি দিলেও কংগ্ৰেছ কৰ্মীয়ে সহায় নকৰিলে খোৱাঙত বিপদত পৰিব পাৰে লুৰীণজ্যোতি গগৈ । কাৰণ খোৱাঙত বিজেপিৰ সাংগঠনিক ভেটি বৰ্তমান সময়ত অতি শক্তিশালী ।
লগতে পঢ়ক :বিধানসভা বৃত্তান্ত : জানো আহক নৱগঠিত চেণ্ট্ৰেল গুৱাহাটী সমষ্টিক
লগতে পঢ়ক :বিধানসভা বৃত্তান্ত : জানো আহক জালুকবাৰী সমষ্টিক
লগতে পঢ়ক :বিধানসভা বৃত্তান্ত : জানো আহক গৌৰীপুৰ বিধানসভা সমষ্টিক

