বিধানসভা বৃত্তান্ত: জানো আহক যোৰহাট বিধানসভা সমষ্টিক
ঐতিহাসিক যোৰহাট জিলাৰ এক অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে যোৰহাট বিধানসভা সমষ্টি । এই প্ৰতিবেদনত সমষ্টিটোৰ এক চমু অৱলোকন ।

Published : January 18, 2026 at 4:20 PM IST
যোৰহাট: শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ ১৯৮৩ চনৰ ১ জুলাই তাৰিখে গঠন হৈছিল ঐতিহাসিক যোৰহাট জিলা । আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট এখন সাংস্কৃতিক আৰু শিক্ষাৰ নগৰী হিচাপে পৰিচিত । ৰাজ্যখনৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ সমষ্টি হ'ল ১০০নং যোৰহাট সমষ্টি । সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ফলত যোৰহাট সমষ্টিৰ বিন্যাস সলনি হ'ল । ১৯ টা ৱাৰ্ডৰে পৰিপূৰ্ণ হৈ থকা শতবৰ্ষ গৰকা যোৰহাট পৌৰসভা এই সমষ্টিৰে অন্তৰ্ভুক্ত । ১৯ টা ৱাৰ্ডযুক্ত পৌৰসভাৰ ভোটাৰে এগৰাকী প্ৰাৰ্থীক জয়ী কৰোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে ।
আনহাতে যোৰহাট সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল ১,৫০,৯২৪ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা হ'ল ৭২,৫০৭ জন, মহিলা ভোটাৰ ৭৮,৪১৭ গৰাকী । বিশেষভাৱে সক্ষম ৬৯৭ গৰাকী, বয়োজ্যেষ্ঠ ১১৭২ গৰাকী আৰু ১৮ৰ পৰা ১৯বছৰ ভোটাৰ সংখ্যা ৭০৫ গৰাকী । আনহাতে ১০০নং যোৰহাট সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ অৱস্থান ১০৩ টা আৰু মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১৮২ টা ।


সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ফলত টীয়ক সমষ্টিৰ চেনীজান, ফেচুৱাল, চিপাহীখোলা, মেলেং বাগান, হোলাঙাপাৰ, লাহদৈগড় আৰু কাকজান আদি অঞ্চল নতুনকৈ অন্তৰ্ভুক্ত হ'ল যোৰহাট সমষ্টিত । ইয়াৰ সমান্তৰালভাৱে বিজেপি আৰু কংগ্ৰেছৰ সমানে সমানে প্ৰভাৱ বিস্তাৰ থকা যোৰহাট সমষ্টিৰ উত্তৰ অংশ প্ৰায় সংখ্যক অঞ্চলেই অন্তভুক্ত হ'ল টীয়ক সমষ্টিত । ইয়াৰ সমান্তৰালভাৱে পূৰ্বতে যোৰহাট সমষ্টিত অন্তৰ্ভুক্ত হৈ থকা চিনামৰা, কৰঙা, উত্তৰ গড়মূৰ, মধ্য কাটনি, বাঘচোং গাঁও পঞ্চায়তৰ লগতে চিনামৰা চাহ বাগিচা আদি সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত তিতাবৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল ।


তাৎপৰ্যপূৰ্ণ যে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ দখলত থকা ১০০নং যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৬০,৬৯৭ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৪৮,৫৬৭ টা ভোট লাভ কৰিছিল । ভোটৰ ব্যৱধান আছিল ১২হাজাৰ ১৩০টা । কিন্তু ইয়াৰ ৯ মাহৰ পিছতে অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপি হাতত ধাৰাশায়ী হ'ল কংগ্ৰেছ ।

উল্লেখ্য যে বৰ্তমান বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ১৯৯১, ১৯৯৬, ২০০১, ২০১৬ আৰু ২০২১চনত (বিজেপি পৰা) যোৰহাট সমষ্টিৰ পৰা অসম বিধানসভালৈ পাঁচবাৰকৈ নিৰ্বাচিত হৈছে । এই সময়ছোৱাত তেওঁ অগপৰ শাসন কালত মন্ত্ৰীৰ আসন শুৱনি কৰা লগতে বিজেপিৰ শাসনকালত অসম বিধানসভাৰ অধ্যক্ষৰ দৰে সন্মানীয় আসনত অধিষ্ঠিত হৈছিল ।



২০২৬ৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ সমান্তৰালভাৱে বিজেপি যুৱ মৰ্চা প্ৰাক্তন সভাপতি তথা বৰ্তমান ৰাজ্যিক বিজেপি সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱা বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তালিকাৰ দৌৰত আছে । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব তালিকাত আছে যোৰহাট পৌৰসভা প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা, যুৱ নেতা ন-কংগ্ৰেছী দিব্যজ্যোতি লিখক আৰু কৃষাণু বৰুৱা । কিন্তু এইসকলৰ ভিতৰত প্ৰশান্ত বৰাই কংগ্ৰেছৰ টিকট দৌৰৰ শীৰ্ষত আছে ।

আনহাতে এই সমষ্টিৰ অন্তৰ্গত যোৰহাট বাল্যভৱনৰ পৰাই প্ৰাক প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে যোৰহাটৰে সু-সন্তান তৰুণ গগৈয়ে তিনিটা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আসন শুৱনি কৰিছিল । ইয়াৰ লগতে যোৰহাট জিলাৰে আন এগৰাকী সু-সন্তান বিজয়কৃষ্ণ সন্দিকৈয়ে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু অসম উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ সংগীত যাত্ৰা আৰম্ভ হোৱা আৰু গৃহ চহৰ যোৰহাট সমষ্টিৰেই অন্তৰ্গত ।

আনহাতে এই সমষ্টিতে অসম সাহিত্য সভা মুখ্য কাৰ্যালয়, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰ'ৰৈয়া বিমানবন্দৰ, নেচনেল ইনষ্টিটিউট অৱ ডিজাইন, আহোমৰ শেষ ৰাজধানীৰ ৰাজকাৰেং, হোলোঙাপাৰ লাচিত মৈদাম, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ, উত্তৰ-পূবৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান আদি ।

বৰ্তমানলৈ বিধায়কৰ তালিকা:
- ১৯৫২-দেবেশ্বৰ শৰ্মা (কংগ্ৰেছ)
- ১৯৫৭-মহিধৰ পেগু (কংগ্ৰেছ)
- ১৯৬২-দুলাল চন্দ্ৰ বৰুৱা (নিৰ্দলীয়)
- ১৯৬৭-যোগেন শইকীয়া (কংগ্ৰেছ)
- ১৯৭২-বিজয় কৃষ্ণ সন্দিকৈ (কংগ্ৰেছ)
- ১৯৭৮-দুলাল চন্দ্ৰ বৰুৱা (জনতা পাৰ্টি)
- ১৯৮৩-দীননাথ ৰাজখোৱা (কংগ্ৰেছ)
- ১৯৯১-২০০১-হিতেন্দ্ৰ নাথ গোস্বামী(অগপ)
- ২০০৬-১১-ৰাণা গোস্বামী (কংগ্ৰেছ)
- ২০১৬-২১-হিতেন্দ্ৰ নাথ গোস্বামী (বিজেপি)

