ETV Bharat / politics

বিধানসভা বৃত্তান্ত : জানো আহক জাগীৰোড সমষ্টিক

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জাগীৰোড সমষ্টি, নতুন ৰূপ লাভ কৰা সমষ্টিটোৰ ৰূপৰেখাৰ বিষয়ে জানো আহক...

Assam assembly election 2026
জাগীৰোড বিধানসভা সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 6:13 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে একেই আছে যদিও ১২৬ টা সমষ্টিৰে সীমাৰ ব্যাপক সালসলনি হৈছে । সমষ্টিৰ জনগাঠনিৰ যথেষ্ট পৰিৱৰ্তন হৈছে ।

বহু সমষ্টি নোহোৱা হোৱাৰ বিপৰীতে বহু সমষ্টি নতুনকৈ হৈছে । যাৰ বাবে এইবাৰৰ নিৰ্বাচন যথেষ্ট নতুনত্ব দেখিবলৈ পোৱা যাব । বহু বিধায়কে নিজৰ সমষ্টি নোহোৱা হৈ পৰাত আন সমষ্টিলৈ চকু দিবলগীয়া হৈছে । মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ।

Assam assembly election 2026
জানো আহক জাগীৰোড সমষ্টিক (ETV Bharat Assam)

ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজা নিজা সমষ্টিত টিকটৰ আশাৰে কাম-কাজ আৰম্ভ কৰিছে । এই প্ৰতিবেদন ৰাজ্যৰ জাগীৰোড বিধানসভা সমষ্টিক সামৰি প্ৰস্তুত কৰা হৈছে ।

জাগীৰোড বিধানসভা সমষ্টি :

Assam assembly election 2026
জাগীৰোড বিধানসভা সমষ্টি (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আন সমষ্টিৰ লগতে জাগীৰোড সমষ্টিৰো ব্যাপক পৰিৱৰ্তন ঘটিল । অনুসূচীত জাতিৰ বাবে সংৰক্ষিত জাগীৰোড সমষ্টিটো ১৯৭৮ চনত প্ৰতিষ্ঠা হৈছিল । জাগীৰোড সমষ্টিটো নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত । এসময়ত কাগজ কলৰ বাবে প্ৰসিদ্ধ জাগীৰোড এতিয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে বিখ্যাত ।

Assam assembly election 2026
শুকান মাছৰ বাবেও জাগীৰোড যথেষ্ট প্ৰসিদ্ধ (ETV Bharat Assam)
Assam assembly election 2026
টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প (ETV Bharat Assam)

আনহাতে শুকান মাছৰ বাবেও জাগীৰোড যথেষ্ট প্ৰসিদ্ধ । জাগীৰোডত আছে দক্ষিণ-পূব এছিয়াৰ বৃহৎ শুকান মাছৰ বজাৰ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা ৫২নং জাগীৰোড সমষ্টিটো মৰিগাঁও জিলাৰ অন্তৰ্গত ।

জাগীৰোড সমষ্টিৰ ভোটাৰৰ ৰূপৰেখা :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা ৫২নং জাগীৰোড বিধানসভা সমষ্টিৰ শেহতীয়া প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫০,১৪২ গৰাকী । ইয়াৰ ভিতৰত আছে ১,২৪,৭২৯ জন পুৰুষ ভোটাৰ, ১,২৫,৪১১ গৰ‍াকী মহিলা ভোটাৰ আৰু ২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

Assam assembly election 2026
জাগীৰোড সমষ্টিৰ ভোটাৰৰ ৰূপৰেখা (ETV Bharat Assam)

এই সমষ্টিটো পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । সমষ্টিটোত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৩৩৫ টা । সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ।

জাগীৰোড সমষ্টিৰ অন্তৰ্গত এলেকাসমূহ :

৫২ নং জাগীৰোড বিধানসভা সমষ্টিটোৰ অন্তৰ্গত এলেকাসমূহৰ ভিতৰত আছে ভূৰবন্ধা উন্নয়ন খণ্ডৰ অংশবিশেষ । ইয়াৰ ভিতৰত আছে আজাৰবাৰী গাঁও পঞ্চায়ত, বাঘাৰা গাঁও পঞ্চায়তৰ অংশৰ বাঘাৰাগাঁও, শিলসাকো, বাকাৰিচাপৰি, বাঘাৰা পথাৰ, গুণামৰা নং-১, গুণামৰা নং-২ আৰু জেৰেঙাগাঁও ।

Assam assembly election 2026
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আন সমষ্টিৰ লগতে জাগীৰোড সমষ্টিৰো ব্যাপক পৰিৱৰ্তন ঘটিল (ETV Bharat Assam)

সেইদৰে দীঘলীবাৰী গাঁও পঞ্চায়ৰ অন্তৰ্গত বাখাৰবৰী, বৱালগুৰী, চুতীয়াখাল, দা-চিকাবৰী, ঢেকিফালাবৰী, বালিপথাৰ, উদাৰি, বাৰুংগুৰী আৰু পাতখুমই । মাণিপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বাছনাঘাট, মাণিপুৰ নং-১, বৰমাণিপুৰ, উলুবাৰী, ওজাৰিগাঁও, কাটালামাৰা, বাহাকাজাৰি পথাৰ, পাকামূৰা আৰু জাৰবৰী ।

শলমাৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিহুকি চামাক, শলমাৰি আৰু শলমাৰি মিকিৰগাঁও । নৱাৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত চাৰুদুৱানি । মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়ং উন্নয়ন খণ্ডৰ লেহপালি গাঁও পঞ্চায়তক বাদ দি বাকী অংশ, গাগলমাৰি গাঁও পঞ্চায়ত, তেলেহি গাঁও পঞ্চায়তৰ অন্তৰ্গত নাৰামাৰি নং-১, নাৰামাৰি নং-২, গাগলমাৰি আচিগড়, গৰৈমাৰী, নন্দিনীবৰী, কপৌজাৰি, বেলৰবৰী, কাছাৰীজান, গাগুৱা গাঁও পঞ্চায়তৰ কাৰাটিপাম, চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম মায়ং গাঁও পঞ্চায়তৰ কাজলি চকী, গোৱৰধন গ্ৰাণ্ট, হাতীবাগৰা, ঘোৰামাৰাজান পাম, ডেপুজিজান পাম, মিকিৰপাম, ঘোভালি, কামাৰপুৰ পাহাৰ, কমাৰপুৰ গাঁও, এক নং ধনখুন্দা, দুই নং ধনখুন্দা আৰু ঢেপুজি পথাৰ ।

জাগীৰোড সমষ্টিৰ ৰাজনৈতিক ইতিহাস :

জাগীৰোড সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে পীযুষ হাজৰীকা । শাসকীয় বিজেপিৰ এগৰাকী শক্তিশালী মন্ত্রী । ২০১৬ চনৰ পৰা তেওঁ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে ।

Assam assembly election 2026
জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়কসকল (ETV Bharat Assam)

২০২১ৰ নিৰ্বাচনত পীযুষ হাজৰীকাই ১,০৬,৬৪৩ টা ভোট লাভ কৰি জয়ী হৈছিল । ভোটৰ হাৰ আছিল ৫৩.৫৪ শতাংশ । আনহাতে ৭৭,২৩৯ টা (৩৯ শতাংশ) ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল কংগ্ৰেছৰ স্বপন কুমাৰ মণ্ডল ।

সেইদৰে ২০১৬ চনৰ নিৰ্বাচনত পীযুষ হাজৰীকাই ৯৪,৫৫০ টা (৫৫ শতাংশ) ভোট লাভ কৰি জয়ী হৈছিল । বিপৰীতে কংগ্ৰেছৰ বিবেকানন্দ দলৈয়ে লাভ কৰিছিল ৬৬,২২৪ টা (৩৯ শতাংশ) ভোট ।

নিৰ্বাচনী ইতিহাসৰ ফালৰ পৰা চালে জাগীৰোড সমষ্টিটো দীঘলীয়া সময় কংগ্ৰেছ আৰু অগপৰ দখলতে আছিল । গঠন হোৱাৰ পাছতে ১৯৭৮ চনত আৰু ১৯৮৩ চনত জাগীৰোড সমষ্টিক প্ৰতিনিধিত্ব কৰে কংগ্ৰেছৰ প্ৰসাদ চন্দ্ৰ দলৈয়ে ।

Assam assembly election 2026
বুবুল দাস (ETV Bharat Assam)
Assam assembly election 2026
২০১৬ চনৰ পৰা বিজেপিৰ পীযুষ হাজৰীকাই জাগীৰোডক প্ৰতিনিধিত্ব কৰি আহিছে (ETV Bharat Assam)

১৯৮৫ চনত সমষ্টিটোক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ মতিৰাম দাসে । ইয়াৰ ১৯৯১ চনত, ১৯৯৬ চনত আৰু ২০০১ চনত সমষ্টিটোক প্ৰতিনিধিত্ব কৰে অগপৰ বাবুল দাসে । ২০০৬ চনত পুনৰ কংগ্ৰেছৰ দখললৈ যোৱা সমষ্টিটোক ২০০৬ আৰু ২০১১ চনত প্ৰতিনিধিত্ব কৰে কংগ্ৰেছৰ বিবেকানন্দ দলৈয়ে ।

ইয়াৰ পাছত ২০১৬ চনৰ পৰা বিজেপিৰ পীযুষ হাজৰীকাই জাগীৰোডক প্ৰতিনিধিত্ব কৰি আহিছে । জাগীৰোড সমষ্টিত পীযুষ হাজৰীকাৰ বিৰুদ্ধে বিজেপিৰ পৰা কোনেও তৎপৰতা আৰম্ভ কৰা নাই যদিও বিৰোধীৰ ফালৰ পৰা বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কুচকাৱাজ আৰম্ভ কৰিছে ।

লগতে পঢ়ক : বিধানসভা বৃত্তান্ত : জানো আহক ৩৯ নং নলবাৰী বিধানসভা সমষ্টিক

লগতে পঢ়ক : বিধানসভা বৃত্তান্ত : জানো আহক খোৱাং সমষ্টিক

লগতে পঢ়ক : বিধানসভা বৃত্তান্ত: জানো আহক ৰঙানদী বিধানসভা সমষ্টিক

লগতে পঢ়ক : বিধানসভা বৃত্তান্ত: জানো আহক যোৰহাট বিধানসভা সমষ্টিক