ETV Bharat / politics

বিধানসভা বৃত্তান্ত: জানো আহক গোলকগঞ্জ বিধানসভা সমষ্টিক

অসমৰ ধুবুৰী জিলাৰ এক অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৬ নং গোলকগঞ্জ বিধানসভা সমষ্টি । পলকতে নামনি অসমৰ এই সমষ্টিৰ এক চমু অৱলোকন ।

Assam Assembly Election 2026 an overview of Golakganj assembly constituency after delimitation
জানো আহক গোলকগঞ্জ বিধানসভা সমষ্টিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 13, 2026 at 9:52 PM IST

6 Min Read
Choose ETV Bharat

ধুবুৰী: ২০২৬ ৰ বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ১২৬ টা বিধান সভা সমষ্টিৰ অন্যতম ধুবুৰী জিলাৰ পাঁচটা বিধানসভা সমষ্টিক লৈ ব্যাপক চৰ্চা অব্যাহত আছে । আজিৰ এই প্ৰতিবেদনত জিলাখনৰ অতিকৈ গুৰুত্বপূৰ্ণ তথা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গোলকগঞ্জ বিধানসভা সমষ্টিৰ বৃত্তান্ত দিবলৈ প্ৰয়াস কৰা হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ৰাজনৈতিক ৰেহৰূপ তথা জনগাঁথনি সলনি হৈ পৰিছে এই সমষ্টিটোৰ ।

৬ নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভৌগলিক পৰিসৰ:

ভাৰত-বাংলাদেশ আৰু অসম-পশ্চিম বংগ সীমান্তৰ গাতে লাগি থকা ৬ নং গোলকগঞ্জ বিধান সভা সমষ্টিটোৰ কাষেৰে বৈ গৈছে গংগাধৰ নৈ । সমষ্টিটোৰ কাষতে ভাৰত-বাংলাদেশ সীমান্ত, অসম-পশ্চিম বংগ সীমান্ত, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কাষতে অৱস্থিত হৈ আছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গোলকগঞ্জত দেশী মুছলমান ভোটাৰৰ সংখ্যা বৃদ্ধি পায় । ২০২৬ৰ বিশেষ সংশোধনীৰ খচৰা অনুসৰি ৬ নং গোলকগঞ্জ বিধানসভা সমষ্টিত গোলকগঞ্জ সমষ্টিত মুঠ ভোটাৰ ২,০৫,৭৯৭ গৰাকী, ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,০৬,৩২০ জন আৰু মহিলা ভোটাৰ ৯৯,৪৭৭ গৰাকী ।

Assam Assembly Election 2026 an overview of Golakganj assembly constituency after delimitation
ভোটাৰৰ পৰিসংখ্যা (ETV Bharat Assam)

আনহাতে হিন্দু ভোটাৰ ১,২০,৩০০ গৰাকী, মুছলিম ভোটাৰৰ সংখ্যা ৮৫,৪৯৭ । ইয়াৰ ভিতৰত দেশী মুছলিম ভোটাৰ ৫৫,৩০০ গৰাকী, মিঞা মুছলিম ভোটাৰৰ সংখ্যা ৩০,১৯৭ গৰাকী ।

Assam Assembly Election 2026 an overview of Golakganj assembly constituency after delimitation
ভোটাৰৰ পৰিসংখ্যা (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুন ৰূপ লৈছে গোলকগঞ্জ বিধানসভা সমষ্টি:

ধুবুৰী জিলাৰ ভিতৰত সর্বাধিক হিন্দু ভোটাৰ থকা সমষ্টিটো হৈছে ৬ নং গোলকগঞ্জ বিধানসভা সমষ্টি । ভাৰত-বাংলাদেশ আৰু অসম-পশ্চিম বংগ সীমান্তৰ গোলকগঞ্জ বিধানসভা সমষ্টিটোত পূৰ্বতে চিপিআই আৰু কংগ্ৰেছৰ দপদপনি আছিল । চিপিআই দলৰ হৈ সমষ্টিটোত ১৯৭৮ চনৰ বিধানসভা নিৰ্বাচন, ১৯৯১ আৰু ১৯৯৬ ৰ বিধানসভা নিৰ্বাচনত আলাউদ্দিন সৰকাৰে তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ।

আলাউদ্দিন সৰকাৰে জনদৰদী নেতা হিচাপে গোলকগঞ্জ সমষ্টিত ৰাইজৰ মাজত যথেষ্ট সুনাম অৰ্জন কৰিছিল । বিধায়ক তথা লোকগীত শিল্পী আলাউদ্দিন সৰকাৰে পশ্চিম অসমৰ বহু লোক গীত নিজে লিখি সেই গীতসমূহ নিজে গাই ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল ।

সমষ্টি পুনৰ নির্ধাৰণৰ পিছত গোলকগঞ্জ সমষ্টিটোত মুঠ গাঁও পঞ্চায়তৰ সংখ্যা হৈছে ১৬ টা । গৌৰীপুৰ বিধানসভা সমষ্টিৰ চাৰিটা গাঁও পঞ্চায়ত মটেৰঝাৰ, দুমৰদহ, গাইখোৱা আৰু ঢেপঢেপি গাঁও পঞ্চায়ত গোলকগঞ্জ সমষ্টিত অন্তৰ্ভূক্ত হৈছে । গৌৰীপুৰ বিধানসভা সমষ্টিৰ অধীনত থকা ১৩ টা ৱাৰ্ডৰ ১১ টা ৱাৰ্ডেই সমষ্টি পুনৰ নির্ধাৰণৰ পিছত গোলকগঞ্জ সমষ্টিত অন্তৰ্ভূক্ত হৈছে ।

Assam Assembly Election 2026 an overview of Golakganj assembly constituency after delimitation
প্ৰাক্তন বিধায়ক কে চি ৰায় প্ৰধানী (ETV Bharat Assam)

প্ৰায় ৪৯ হেজাৰ ভোট গৌৰীপুৰ সমষ্টিৰ পৰা গোলকগঞ্জ সমষ্টিত অন্তৰ্ভূক্ত হৈছে । আনহাতে পুৰণি গোলকগঞ্জ সমষ্টিৰ পৰা গৌৰীপুৰ সমষ্টিত এইবাৰ অন্তৰ্ভূক্ত হৈছে প্ৰায় ৭৯ হেজাৰ ভোট । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৬ নং গোলকগঞ্জ বিধানসভা সমষ্টি হিন্দু প্ৰধান সমষ্টি হিচাপে পৰিগণিত হ'ল । কোচ-ৰাজবংশী জনগোষ্ঠীটোৱে সমষ্টিটোত এইবাৰৰ বিধানসভা নিৰ্বাচনত ল'ব নিৰ্ণায়ক ভূমিকা ।

গোলকগঞ্জৰ ৰাজনৈতিক ইতিহাস:

গোলকগঞ্জ এখন ইতিহাস প্ৰসিদ্ধ ঠাই । ২০১৯ চনত গোলকগঞ্জ পৌৰসভাখন গঠন কৰা হয় । গোলকগঞ্জ সমষ্টিত থকা সত্ৰশালৰ ৰামৰায় কুটিৰ সত্ৰ, জিনকাটা সত্ৰ, আলোকঝাৰী মা মহামায়া মন্দিৰ, মটেৰঝাৰৰ প্ৰাচীন মঠ-মন্দিৰকে ধৰি প্ৰাচীন কালৰ পৰা থকা বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠান, ঐতিহাসিক কীৰ্তি-চিহ্নই চহৰখনক চিৰ যুগমীয়া কৰি ৰাখিছে ।

বৃটিছৰ ৰাজত্বকালৰ সময়ৰ পৰা গোলকগঞ্জৰ এক সুকীয়া পৰিচয় আছে । দেশ ভাগ হোৱাৰ পূৰ্বে গোলকগঞ্জৰ পৰা সোণাহাট হৈ বাংলাদেশলৈ মিটাৰগজ যাত্ৰীবাহী ৰে'ল গাড়ীৰ চলাচল আছিল । বৃটিছৰ দিনত পশ্চিম বংগ আৰু পূৰ্ব বংগৰ লোকৰ বাণিজ্য আৰু যাতায়তৰ ক্ষেত্ৰত অন্যতম প্ৰাণকেন্দ্ৰ আছিল গোলকগঞ্জ চহৰ ।

Assam Assembly Election 2026 an overview of Golakganj assembly constituency after delimitation
বিধায়ক আব্দুছ ছোবহান আলী সৰকাৰ (ETV Bharat Assam)

ভাৰত-বাংলাদেশৰ মাজত বেপাৰ-বাণিজ্য উন্নত কৰাৰ উদ্যেশ্যে ভাৰত চৰকাৰে ২০১০ চনত গোলকগঞ্জৰ লক্ষীমাৰীৰ সোণাহাটত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ শুভ উদ্বোধন কৰিছিল । এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে দুই ৰাষ্ট্ৰৰ মাজত সা-সামগ্ৰীৰ আমদানি-ৰপ্তানি চলি আছে ।

গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়কসকল:

Assam Assembly Election 2026 an overview of Golakganj assembly constituency after delimitation
বৰ্তমানলৈ বিধায়কসকল (ETV Bharat Assam)
  1. ১৯৫১ চনত সন্তোষ বৰুৱা(কংগ্ৰেছ)
  2. ১৯৫৭ চনত ভুৱন চন্দ্ৰ প্ৰধানী (কংগ্ৰেছ)
  3. ১৯৬২ চনত শৰৎ চন্দ্ৰ সিংহ (কংগ্ৰেছ)
  4. ১৯৬৭ চনত কে চি ৰায় প্ৰধানী (নিৰ্দলীয়)
  5. ১৯৭২ চনত কে চি ৰায় প্ৰধানী(নিৰ্দলীয়)
  6. ১৯৭৮ চনত আলাউদ্দিন সৰকাৰ(চিপিআই)
  7. ১৯৮৩ চনত কে চি ৰায় প্ৰধানী (কংগ্ৰেছ)
  8. ১৯৮৫ চনত ডালিম ৰায় (নিৰ্দলীয়)
  9. ১৯৯১ চনত আলাউদ্দিন সৰকাৰ (চিপিআই)
  10. ১৯৯৬ চনত আলাউদ্দিন সৰকাৰ (চিপিআই)
  11. ২০০১ চনত দীনেশ চন্দ্ৰ সৰকাৰ (বিজেপি)
  12. ২০০৬ চনত আবু তাহেৰ আলী বেপাৰী (কংগ্ৰেছ)
  13. ২০১১ চনত আবু তাহেৰ আলী বেপাৰী (কংগ্ৰেছ)
  14. ২০১৬ চনত অশ্বিনী ৰায় সৰকাৰ (বিজেপি)
  15. ২০২১ চনত আব্দুছ ছোবহান আলী সৰকাৰ (কংগ্ৰেছ)

নিৰ্বাচিত বিধায়কসকলৰ চমু তথ্য:

১৯৫১ চনত গৌৰীপুৰ নিৱাসী সন্তোষ বৰুৱাই কংগ্ৰেছ দলৰ পৰা গোলকগঞ্জ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । গোলকগঞ্জৰ ৰাইজৰ সৈতে সময় অতিবাহিত কৰি ভালপোৱা সন্তোষ বৰুৱাই গোলকগঞ্জৰ প্ৰতিজন লোকৰ সৈতে আছিল এটা মধুৰ সম্পৰ্ক । গোলকগঞ্জৰ প্ৰথম বিধায়ক সন্তোষ বৰুৱাৰ কথা আজিও গোলকগঞ্জ অঞ্চলৰ প্ৰবীণ লোকৰ মুখে মুখে শুনা যায় ।

গোলকগঞ্জৰ ৰাজনৈতিক ইতিহাসত আন এগৰাকী ব্যক্তি বিধায়ক হিচাপে ৰাইজৰ মাজত বেছ জনপ্ৰিয় আছিল । তেওঁ হৈছে আলাউদ্দিন সৰকাৰ । তিনিবাৰকৈ গোলকগঞ্জ বিধানসভাৰ পৰা তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ।

Assam Assembly Election 2026 an overview of Golakganj assembly constituency after delimitation
প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ (ETV Bharat Assam)

সমষ্টিটোত পোন প্ৰথমবাৰৰ বাবে ২০০১ চনত দীনেশ চন্দ্ৰ সৰকাৰে বিজেপি দলৰ বিধায়ক হৈছিল । তাৰপিছত ২০১৬ চৰ বিধানসভা নিৰ্বাচনত অশ্বিনী ৰায় সৰকাৰে বিজেপি দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচনত জয়ী হৈছিল ।

আনহাতে সমষ্টিটোত কংগ্ৰেছৰ আবু তাহেৰ আলী বেপাৰী ২০০৬ আৰু ২০১১ ৰ বিধান সভা নিৰ্বাচনত দুবাৰ কৈ জয়ী হৈ বিধায়ক হৈছিল । উল্লেখনীয় যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জন নেতা শৰৎ চন্দ্ৰ সিংহই ১৯৬২ চনত কংগ্ৰেছৰ হৈ গোলকগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ।

Assam Assembly Election 2026 an overview of Golakganj assembly constituency after delimitation
প্ৰাক্তন বিধায়ক ডালিম ৰায় (ETV Bharat Assam)

২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে পুনৰ সমষ্টিটোত নিজৰ বিজয় ধ্বজা উৰিয়াবলৈ সক্ষম হৈছিল । কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছোবাহান আলী সৰকাৰে বিজেপিৰ প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰক পৰাস্ত কৰি জয়ী হৈছিল ।

Assam Assembly Election 2026 an overview of Golakganj assembly constituency after delimitation
গোলকগঞ্জ বিধানসভা সমষ্টি (ETV Bharat Assam)

মনকৰিবলগীয়া যে, বৰ্তমানৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ ২০২১ ৰ বিধান সভা নিৰ্বাচনত জয়ী হৈছে । অতি প্ৰাচীন গোলকগঞ্জ বিধানসভা সমষ্টিটোত এইবাৰ বিভিন্ন ৰাজনৈতিক দলৰ আগমনে নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: বিধানসভা বৃত্তান্ত: জানো আহক সৰুপথাৰ সমষ্টিক

বিধানসভা বৃত্তান্ত : জানো আহক ডিমৰীয়া সমষ্টিক