বিধানসভা বৃত্তান্ত : জানো আহক গৌৰীপুৰ বিধানসভা সমষ্টিক
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰলৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । এনে পৰিস্থিতিত কিদৰে সলনি হৈছে গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট ?

Published : January 11, 2026 at 6:56 PM IST
ধুবুৰী: ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ অন্যতম ধুবুৰী জিলাৰ ৫ টা বিধানসভা সমষ্টিক লৈ ব্যাপক চৰ্চা অব্যাহত আছে । জিলাখনৰ ইতিহাস প্ৰসিদ্ধ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বৃত্তান্ত দিয়াৰ প্ৰয়াস এই প্ৰতিবেদনত ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজনৈতিক ৰেহৰূপ তথা জনগাঁথনি কেনেদৰে সলনি হৈ পৰিছে এই সমষ্টিটোৰ ?
৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ ভৌগোলিক পৰিসৰ :
অসমৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত গৌৰীপুৰ সমষ্টিটো ধুবুৰী বিধানসভা সমষ্টিৰ গাতে লাগি আছে । সমষ্টিটোৰ কাষেৰে গদাধৰ আৰু ব্ৰহ্মপুত্ৰ নৈ বৈ গৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গৌৰীপুৰত দেশী মুছলমান ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ।

গৌৰীপুৰ সমষ্টিৰ ভোটাৰ :
২০২৬ৰ বিশেষ সংশোধনীৰ পিছত প্ৰকাশ পোৱা ভোটাৰ তালিকাৰ খচৰা অনুসৰি ৭ নং ধুবুৰী বিধানসভা সমষ্টিত ৩ লাখ ৩ হাজাৰ ১৪৫ গৰাকী ভোটাৰ আছে । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ১,৫৭,০৫৭ টা আৰু মহিলা ভোটাৰ আছে ১,৪৬,০৮৪ গৰাকী । একদৰে গৌৰীপুৰ সমষ্টিটোত হিন্দু ভোটাৰ আছে ৪৬ হাজাৰ ৭৪৯ গৰাকী । দেশী মুছলমান ভোটাৰ আছে ১ লাখ ৫১ হাজাৰ ৪৯৭ গৰাকী আৰু মিঞা মুছলমান ভোটাৰ আছে ১ লাখ ৪ হাজাৰ ৮৯৯ গৰাকী ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গৌৰীপুৰ বিধানসভা সমষ্টি :
অসমৰ ভিতৰত সর্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে গৌৰীপুৰ বিধানসভা সমষ্টি । গৌৰীপুৰ বিধানসভা সমষ্টি ২০১৬ চনৰ পৰাই এ আই ইউ ডি এফৰ হাতত আছে । বৰ্তমানৰ বিধায়ক হৈছে নিজানুৰ ৰহমান । সমষ্টি পুনৰ নির্ধাৰণৰ পিছত গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব আৰু ধুবুৰী বিধানসভা সমষ্টিৰ পৰা বৃহৎ সংখ্যক সংখ্যালঘু ভোটাৰ অন্তৰ্ভুক্ত হোৱাত সংখ্যালঘু প্ৰধান সমষ্টি হৈ পৰিছে ৭ নং গৌৰীপুৰ বিধানসভা সমষ্টি ।
- সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পুৰণি গোলকগঞ্জ বিধানসভা সমষ্টিৰ পৰা ৮ টাকৈ গাঁও পঞ্চায়তৰ ৬৯,০০০ ভোট অন্তর্ভুক্ত হৈছে গৌৰীপুৰ সমষ্টিত । অন্তর্ভুক্ত হোৱা গাঁও পঞ্চায়তসমূহ হৈছে ক্ৰমে বটেৰহাট, কৈমাৰী, বিদ্যাডাবৰী, সোণাখুলি, সিন্দুৰাই, বৰুণডাংগা, পাগলাহাট আৰু কুমাৰগঞ্জ গাঁও পঞ্চায়ত ।
- গোঁসাইগাঁও বিধানসভা সমষ্টিৰ পৰা দুখন গাঁও পঞ্চায়তসহ মুঠ ২৯,০০০ হাজাৰ ভোট অন্তর্ভুক্ত হৈছে গৌৰীপুৰ সমষ্টিত । গাঁও পঞ্চায়ত দুখন হ'ল ক্ৰমে কামানডাঙা আৰু ডিংডিঙা গাঁও পঞ্চায়ত ।
- বিলাসীপাৰা পশ্চিম সমষ্টিৰ পৰা ৯ খনকৈ গাঁও পঞ্চায়তসহ ৭৬,০০০ ভোটাৰ অন্তর্ভুক্ত হৈছে গৌৰীপুৰ সমষ্টিত । গাঁও পঞ্চায়ত কেইখন হ'ল ক্ৰমে নয়াহাট, যুগীৰমহল, কাজাইকাটা, শগুনমাৰী, ডুবাচুৰী, পাণবাৰী, সাধুভাসা, মাছপাৰা বৰকান্দা আৰু আমবাৰী পনে'নয়ানী গাঁও পঞ্চায়ত ।
- বিলাসীপাৰা পূব সমষ্টিৰ পৰা আনন্দনগৰ বাঙালীপাৰা গাঁও পঞ্চায়তসহ ১০ হাজাৰ ভোটাৰ অন্তর্ভুক্ত হৈছে গৌৰীপুৰ সমষ্টিত ।
- ধুবুৰী বিধানসভা সমষ্টিৰ পৰা মধুশৌলমাৰী টিয়ামাৰী গাঁও পঞ্চায়তসহ ১১,০০০ হাজাৰ ভোটাৰ অন্তৰ্ভুক্ত হৈছে গৌৰীপুৰ সমষ্টিত ।
গৌৰীপুৰ সমষ্টিৰ অধীনত বৰ্তমান ৩৩ খনকৈ গাঁও পঞ্চায়ত আছে ।
গৌৰীপুৰৰ ৰাজনৈতিক ইতিহাস :
গৌৰীপুৰ অসমৰ এখন ইতিহাস প্ৰসিদ্ধ স্থান । গৌৰীপুৰ চহৰত থকা গৌৰীপুৰ ৰাজবাৰী, গৌৰীপুৰৰ মাটিয়াবাগত থকা হাৱাখানা, গৌৰীপুৰ নামঘৰ, মহামায়া মন্দিৰকে ধৰি প্ৰাচীন কালৰ পৰা থকা বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠান, ঐতিহাসিক কীৰ্তি-চিহ্নই চহৰখনক চিৰ যুগমীয়া কৰি ৰাখিছে । গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই গৌৰীপুৰ চহৰখনক খুবেই আটক ধুনীয়াকৈ সজাই তুলিছিল । গৌৰীপুৰৰ সেই সময়ৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই চহৰখনত যি নলা নিৰ্মাণৰ ব্যৱস্থা কৰিছিল সেয়া দেশৰ ভিতৰতে উন্নত আছিল বুলিও চৰ্চা লাভ কৰিছিল ।

সংস্কৃতিৰ পীঠস্থান গৌৰীপুৰতে জন্মলাভ কৰিছিল গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সু-সন্তান তথা ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবাদপুৰুষ প্ৰমথেশ বৰুৱাই । গৌৰীপুৰৰ শেষ জমিদাৰ প্ৰকৃতিশ চন্দ্ৰ বৰুৱা(লালজী), পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে, হস্তীৰ কন্যা পাৰ্বতী বৰুৱাকে ধৰি কেইবাজনো গৌৰীপুৰ জমিদাৰ পৰিয়ালৰ সু-সন্তানে তেওঁলোকৰ কৰ্মৰাজিৰ জৰিয়তে গৌৰীপুৰৰ নাম বিশ্বৰ দৰবাৰত চিৰযুগমীয়া কৰি ৰাখিছে ।

ব্ৰিটিছৰ ৰাজত্বকালৰ সময়ত ১৯১৯ চনত স্থাপিত গৌৰীপুৰ টাউন কমিটীখন পৰৱৰ্তী সময়ত পৌৰসভালৈ উন্নীত হৈছিল । পূৰ্বতে ৪ টাকৈ ৱাৰ্ডেৰে গঠিত হোৱা গৌৰীপুৰ টাউন কমিটীখন পৌৰসভাৰ মৰ্যাদা পোৱাৰ পিছতে বৰ্তমানে চহৰখনত ৱাৰ্ডৰ সংখ্যা হৈছে ১৩ টা । বিজেপি দলৰ নেতৃত্বতে জয়া বিশ্বাস গৌৰীপুৰ পৌৰসভাৰ পৌৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে ।
গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়কসকল :
- ১৯৫৭ - জমিদাৰ প্ৰকৃতিশ চন্দ্ৰ বৰুৱা (নিৰ্দলীয়)
- ১৯৬২ - ছৈয়দ আহমদ আলী (কংগ্ৰেছ)
- ১৯৬৭ - মহম্মদ আজাদ আলী (প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী)
- ১৯৭২ - ছৈয়দ আহমদ আলী (কংগ্ৰেছ)
- ১৯৭৮ - মহম্মদ আজাদ আলী (জনতা পাৰ্টী)
- ১৯৮৩ - জয়নাল আবেদিন (কংগ্ৰেছ)
- ১৯৮৫ - অনিৰুদ্ধ সিংহ চৌধুৰী (নিৰ্দলীয়)
- ১৯৯১ - মহিবুল হক (কংগ্ৰেছ)
- ১৯৯৬ - বনেন্দ্ৰ মুছাহাৰী (নিৰ্দলীয়)
- ২০০১ - বনেন্দ্ৰ মুছাহাৰী (অগপ)
- ২০০৬ - মহিবুল হক (নিৰ্দলীয়)
- ২০১১ - বনেন্দ্ৰ মুছাহাৰী (বি পি এফ)
- ২০১৬ - নিজানুৰ ৰহমান (এ আই ইউ ডি এফ)
- ২০২১ - নিজানুৰ ৰহমান (এ আই ইউ ডি এফ)
নিৰ্বাচিত বিধায়কসকলৰ চমু তথ্য :
১৯৫৭ চনত গৌৰীপুৰ জমিদাৰ শাসনৰ শেষ জমিদাৰ প্ৰকৃতিশ চন্দ্ৰ বৰুৱাই গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । গৌৰীপুৰীয়া ৰাইজৰ লগত থাকি ভালপোৱা প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ গৌৰীপুৰৰ প্ৰতিজন লোকৰ সৈতে আছিল এটা মধুৰ সম্পৰ্ক । আজিও জমিদাৰ প্ৰকৃতিশ চন্দ্ৰ বৰুৱাক প্ৰতিজন গৌৰীপুৰীয়াই স্মৰণ কৰি থাকে ।

গৌৰীপুৰৰ ৰাজনৈতিক ইতিহাসত আন এগৰাকী বিধায়ক হিচাপে ৰাইজৰ মাজত অতি জনপ্ৰিয় আছিল মহম্মদ আজাদ আলী । গৌৰীপুৰ নিবাসী মহম্মদ আজাদ আলী ১৯৬২ চনত প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীৰ হৈ গৌৰীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল । ১৯৭৮ চনত পুনৰ জনতা পাৰ্টীৰ হৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল মহম্মদ আজাদ আলী ।
১৯৯১ চনৰ বিধানসভাৰ নিৰ্বাচনত গৌৰীপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী মহিবুল হকে বিজেপি প্ৰাৰ্থী বীৰেন্দ্ৰ নাথ ৰায়ক পৰাস্ত কৰি জয়ী হৈছিল ।

১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে কংগ্ৰেছ প্ৰাৰ্থী মহিবুল হকক পৰাস্ত কৰি গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । একেদৰে ২০০১ ৰ বিধানসভা নিৰ্বাচনত অগপৰ হৈ বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰে আৰু কংগ্ৰেছ প্ৰাৰ্থী মহিবুল হকক পুনৰ হৰুৱাই দ্বিতীয়বাৰৰ বাবে বিধায়ক হয় ।
২০০৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা টিকট নাপাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মহিবুল হকে অগপ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীক পৰাস্ত কৰি পুনৰ গৌৰীপুৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

অগপৰ পৰা বিপিএফ দলত যোগদান কৰি ২০১১ৰ বিধানসভা নিৰ্বাচনত বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে গৌৰীপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এ আই ইউ ডি এফৰ প্ৰাৰ্থী নিজানুৰ ৰহমানক পৰাস্ত কৰি পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ।
ইফালে ২০১৬ৰ বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফয়ে গৌৰীপুৰ সমষ্টিত শক্তিশালী ভূমিকা লৈ কংগ্ৰেছ, বিজেপি, অগপ আৰু বি পি এফৰ উত্থানৰ পথ একেবাৰে বন্ধ কৰি দিয়ে । সমষ্টিটোত ক্ৰমে উত্থান ঘটে এ আই ইউ ডি এফৰ ।
গৌৰীপুৰ বিধানসভা সমষ্টিত এ আই ইউ ডি এফ দলে চমকপ্ৰদ উত্থান কৰি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থী নিজানুৰ ৰহমানে বিপিএফ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীক পৰাস্ত কৰি জয়ী হয় ।

২০২১ৰ বিধানসভা নিৰ্বাচনতো পুনৰ এ আই ইউ ডি এফ দলে সমষ্টিটোত নিজৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় । এ আই ইউ ডি এফৰ প্ৰাৰ্থী নিজানুৰ ৰহমানে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীক পৰাস্ত কৰি যোৱা বিধানসভা নিৰ্বাচনত জয়ী হয় ।
মন কৰিবলগীয়া যে বৰ্তমানৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক নিজানুৰ ৰহমানে দুবাৰকৈ বিধানসভা নিৰ্বাচনত জয়ী হৈছে । ইতিহাস প্ৰসিদ্ধ গৌৰীপুৰ সমষ্টিটোত এইবাৰ বিভিন্ন ৰাজনৈতিক দলৰ আগমনৰ লগে লগে নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে ।
লগতে পঢ়ক : বিধানসভা বৃত্তান্ত : বৰছলা বিধানসভা সমষ্টিক জানো আহক

