ETV Bharat / politics

বিধানসভা বৃত্তান্ত : জানো আহক দেৰগাঁও বিধানসভা সমষ্টিৰ বিষয়ে

প্ৰথমবাৰৰ বাবে পূৰ্ণাংগ সমষ্টি হিচাপে নিৰ্বাচন অনুষ্ঠিত হ'ব এই সমষ্টিটোত ।

DERGAON ASSEMBLY CONSTITUENCY
দেৰগাঁও বিধানসভা সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 14, 2026 at 8:22 PM IST

4 Min Read
Choose ETV Bharat

গোলাঘাট: গোলাঘাট জিলা পূৰ্ণাংগ ৰূপত গঠন হোৱাৰ পাছত প্ৰথম অৱস্থাত দুটা বিধানসভা সমষ্টিৰ আছিল । পৰৱৰ্তী সময়ত নতুনকৈ আৰু তিনিটা সমষ্টি সংযোগ কৰা হয় । ইয়াৰে অন্যতম সমষ্টিটো হ'ল দেৰগাঁও বিধানসভা সমষ্টি ।

গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰে গঠিত দেৰগাঁও সমষ্টিত মুঠ ২২খন গাঁও পঞ্চায়ত, এখন পৌৰসভা আৰু এটা উন্নয়ন খণ্ড আৰু চাৰিখন জিলা পৰিষদ-আঠগাঁও, দেৰগাঁও, ব্ৰহ্মপুত্ৰ আৰু কাকোডোঙা আছে ।

DERGAON ASSEMBLY CONSTITUENCY
দেৰগাঁও বিধানসভা সমষ্টি (ETV Bharat Assam)

দেৰগাঁও সমষ্টিৰ ৰাজনৈতিক বৃত্তান্ত :

স্বাধীনতাৰ পাছত গঠিত দেৰগাঁও সমষ্টিত পোন প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত । সেই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দেৱেশ্বৰ ৰাজখোৱা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । তাৰ পাছত ১৯৫৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা নৰেন্দ্ৰ নাথ শৰ্মা, ১৯৬২ চনত ৰামনাথ দাস, ১৯৬৫ চনত এন কে হাজৰিকা, ১৯৬৭ চনত নৰেন্দ্ৰ নাথ শৰ্মা নিৰ্বাচিত হয় ।

DERGAON ASSEMBLY CONSTITUENCY
দেৰগাঁও বিধানসভা সমষ্টি (ETV Bharat Assam)

তাৰ পাছত ১৯৭২ চনত লেমাদ্ৰ বৰুৱা, ১৯৭৮ চনত জনতা দলৰ প্ৰাৰ্থী ৰমেশ দাস বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । তাৰ পাছত ক্ৰমে ১৯৮৩ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হেম প্ৰকাশ নাৰায়ণ, ১৯৮৫ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভৱেন্দ্ৰ নাথ ভৰালী, ১৯৯১ চনত পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হেম প্ৰকাশ নাৰায়ণ বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

Bust of Hemchandra Barua
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তি (ETV Bharat Assam)

১৯৯৬ চনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে সুশীলা হাজৰিকা বিধায়ক হিচাপে নিৰ্বাচিত হয় । ২০০১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হেম প্ৰকাশ নাৰায়ণ, ২০০৬ চনত অসম গণ পৰিষদৰ সুশীলা হাজৰিকা, ২০১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰতি হাজৰিকা কছাৰী, ২০১৬ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ ভৰালী, ২০২১ চনত অসম গণ পৰিষদৰ পৰা পুনৰ ভৱেন্দ্ৰ নাথ ভৰালী বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

Hem Prakash Narayan
হেম প্ৰকাশ নাৰায়ণ (ETV Bharat Assam)
Sushila Hazarika
সুশীলা হাজৰিকা (ETV Bharat Assam)
Bhavendra Nath Bharali
ভৱেন্দ্ৰ নাথ ভৰালী (ETV Bharat Assam)

গুৰুত্বপূৰ্ণ কথাটো হৈছে এইবাৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ৰাজহুৱা সভাত সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব বুলি ঘোষণা কৰিছে ।

মুকলি হ'ল দেৰগাঁও:

পূৰ্বতে দেৰগাঁও সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল ৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই সমষ্টিটো সকলোৰে বাবে মুকলি কৰা হয় ৷

Dergaon Sahitya Sabha
দেৰগাঁও সাহিত্য় সভা (ETV Bharat Assam)

মন্ত্ৰীসভাত আসন অলংকৃত কৰাসকল:

দেৰগাঁও সমষ্টিৰ পৰা ভাৰতীয় কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ হেম প্ৰকাশ নাৰায়ণে শিক্ষা আৰু আৱকাৰী মন্ত্ৰীৰ আসন অলংকৃত কৰিছিল ।

DERGAON ASSEMBLY CONSTITUENCY
দেৰগাঁও বিধানসভা সমষ্টি (ETV Bharat Assam)

ভোটাৰৰ সংখ্যা :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ১০৪ নং দেৰগাঁও বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৭৭,৫২৯ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৮৭,১১৪ জন, মহিলা ভোটাৰ ৯০,৪১৫গৰাকী,সংযোজিত ভোটাৰ ৬,০৩৫ গৰাকী, নাম কৰ্তন হোৱা ভোটাৰ ৯৬৮৭ গৰাকী, ছাৰ্ভিচ ভোটাৰ ১৭১ গৰাকী, 'ডি' ভোটাৰ ৯৮ গৰাকী ।

Puthi Namghar
পুথিনামঘৰ (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জনগাঁথনি :

দুটা ৰাজহ চক্ৰৰে গঠন কৰা হয় দেৰগাঁও বিধানসভা সমষ্টি । এই ৰাজহ চক্ৰ দুটা হৈছে-দেৰগাঁও আৰু গোলাঘাট । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত খুমটাই সমষ্টিৰ ব্ৰহ্মপুত্ৰ অঞ্চল আৰু গোলাঘাট সমষ্টিৰ এটা অংশ অন্তৰ্ভুক্ত কৰা হয় এই সমষ্টিটোত আৰু বাদ পৰে পূৰ্বে যোৰহাট জিলা এটা অংশ ।

ব্ৰহ্মপুত্ৰ অঞ্চল মিচিং জনগোষ্ঠী লোকৰ বসতি প্ৰধান । দেৰগাঁও সমষ্টিত ২৩ খন চাহ বাগিচা আছে । এই চাহ বাগিচাৰ ভোটাৰৰ সংখ্যা ৪৯,৫,৩২ গৰাকী । গতিকে এই সমষ্টিটোত চাহ বাগিচাৰ ৰাইজে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে ।

Lachit Barphukan Police Academy
লাচিত বৰফুকন পুলিচ একাডেমী (ETV Bharat Assam)

সমষ্টিটোৰ চাৰিসীমা :

দেৰগাঁও সমষ্টিত পূব দিশত যোৰহাট জিলা, পশ্চিমে বোকাখাত, উত্তৰ দিশত মাজুলী আৰু দক্ষিণত আছে খুমটাই সমষ্টি ।

Dergaon Kamal Duwara College
দেৰগাঁও কমল দুৱৰা মহাবিদ্য়ালয় (ETV Bharat Assam)

প্ৰথমবাৰৰ বাবে পূৰ্ণাংগ সমষ্টি হিচাপে নিৰ্বাচন :

দেৰগাঁও সমষ্টিৰ পূৰ্বে যোৰহাট জিলাৰ এটা অংশ লৈ গঠন কৰা হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত এই সমষ্টিটোত বিধানসভা নিৰ্বাচনৰ কাম-কাজ যোৰহাট জিলাৰ পৰা পৰিচালনা হৈছিল; কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত খুমটাই আৰু গোলাঘাট সমষ্টিৰ কিছু অংশ লৈ গঠন কৰাত প্ৰথমবাৰৰ বাবে দেৰগাঁও সমষ্টিত পূৰ্ণাংগ ৰূপত নিৰ্বাচন অনুষ্ঠিত হ'ব । এইবাৰ গোলাঘাট জিলাৰ পৰা দেৰগাঁও সমষ্টিৰ নিৰ্বাচনী কাম-কাজ পৰিচালনা কৰা হ'ব ।

লগতে পঢ়ক:বিধানসভা বৃত্তান্ত : জানো আহক বিশ্বনাথ বিধানসভা সমষ্টিৰ বিষয়ে

ভোটাৰে কি কয় ? ৫ বছৰে হোৱা 'উন্নয়ন'ক লৈ সন্তুষ্টনে বজালীবাসী ?