বিধানসভা বৃত্তান্ত : জানো আহক বঙাইগাঁও বিধানসভা সমষ্টিৰ বিষয়ে
চাৰি দশক ধৰি অসম গণ পৰিষদৰ দুৰ্গস্বৰূপ বঙাইগাঁও বিধানসভা সমষ্টিৰ ইতিবৃত্ত ।

Published : February 14, 2026 at 11:33 PM IST
বঙাইগাঁও : নামনি অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বঙাইগাঁও মূলতঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ বসতি প্ৰধান হিচাবে পৰিচিত এখন ঐতিহাসিক অঞ্চল ৷ ১৯৬৭ চনত বিধানসভা সমষ্টি হিচাবে গঠন হোৱাৰ পিছৰে পৰা অঞ্চলটোৰ ৰূপৰেখা সলনি হৈ পৰে ।
কোচ ৰাজবংশী জনগোষ্ঠীৰ উপৰি বঙাইগাঁৱত বড়ো, ৰাভা, গাৰো, মাৰোৱাৰী, কলিতা, নাথ-যোগী, বেংগলী, বিহাৰী, চাওতাল আৰু ভাষিক সংখ্যালঘু লোকৰ বসতিস্থল হিচাবে জনা যায় । বঙাইগাঁও সমষ্টিৰ পূৱ দিশে বৰপেটা, পশ্চিমে চিৰাং, উত্তৰ দিশত বৰপেটা আৰু দক্ষিণ দিশত গোৱালপাৰা জিলা অৱস্থিত ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰূপৰেখা :
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিটো ১৮ নং বঙাইগাঁও বিধানসভা সমষ্টি হিচাবে নামকৰণ কৰা হয় । বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৫ টাকৈ ৱাৰ্ডৰ জৰিয়তে পৌৰসভা গঠন কৰা হয় । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বঙাইগাঁও বিধানসভা সমষ্টিত বিশেষ প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই । যদিও চিৰাঙৰ কেইবাখনো পঞ্চায়ত বঙাইগাঁও সমষ্টিৰ পৰা কৰ্তন কৰা হয় ।

জনগাঁথনি আৰু ভোটাৰ:
বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে পৰিপূৰ্ণ বঙাইগাঁও বিধানসভা সমষ্টি ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি ১৮ নং বঙাইগাঁও বিধানসভা সমষ্টিত মুঠ ভোটাৰ ১ লাখ ৭১হেজাৰ ২০০ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৮৪৭৭৩ জনৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৮৬৪২৭ গৰাকী । উল্লেখ্য় যে ভোটাৰ তালিকা সংশোধনীৰ পিছত বঙাইগাঁও সমষ্টিৰ ৪,৩৫৪ গৰাকী লোকৰ নাম কৰ্তন কৰা হয় ।

2021ৰ নিৰ্বাচনী ফলাফল:
বঙাইগাঁও বিধানসভা সমষ্টিত বৰ্তমান বিধায়িকা হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে সাংসদ ফণীভূষণ চৌধুৰীৰ সহধৰ্মিনী দিপ্তীময়ী চৌধুৰীয়ে । ২০২১ ৰ বিধানসভা নিৰ্বাচনত ফণীভূষণ চৌধুৰীয়ে ৮২৮০০ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে লাভ কৰিছিল ৪৪৬৩৩ টা ভোট।

নিৰ্বাচনী ইতিহাস (১৯৬৭ ৰ পৰা ২০২১):
১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ মথুৰা মোহন সিনহা। ১৯৬৭ চনত মথুৰা মোহন সিনহা (আইএনচি),১৯৭২ত ধনীৰাম তালুকদাৰ (আইএনচি),১৯৭৮ত অঞ্চিল বসুমতাৰী (জে এন পি),১৯৮৩ চনত মথুৰা মোহন সিনহা (আইএনচি)ই জয়লাভ কৰে । ইয়াৰ পিচত ১৯৮৫ৰ পৰা ২০২১লৈকে ফণীভূষণ চৌধুৰী (অগপ) একেৰাহে ৮টা কাৰ্যকালৰ বাবে নিৰ্বাচিত হয় ।

ঐতিহাসিকভাৱে ১৯৮৫ চনৰ পৰা ২০২৪ চনলৈকে ফণীভূষণ চৌধুৰীয়ে (অগপ) দীৰ্ঘদিন ধৰি এই আসনখনক প্ৰতিনিধিত্ব কৰি আহিছে যদিও ২০২৪ চনত তেওঁ বৰপেটা লোকসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হোৱাৰ পিছত ২০২৪ চনৰ উপ-নিৰ্বাচনত চৌধুৰীৰ সহধৰ্মিনী দীপ্তিময়ী চৌধুৰীয়ে (অগপ) কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহক পৰাজিত কৰি নিৰ্বাচিত হয় ।


