ETV Bharat / politics

বিধানসভা বৃত্তান্ত: জানো আহক ডুমডুমা বিধানসভা সমষ্টিক

ঐতিহাসিক তিনিচুকীয়া জিলাৰ এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি ডুমডুমা বিধানসভা সমষ্টি । এই প্ৰতিবেদনত সমষ্টিটোৰ এক চমু অৱলোকন...

Doomdooma assembly constituency
জানো আহক ডুমডুমা বিধানসভা সমষ্টিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 1:45 PM IST

4 Min Read
Choose ETV Bharat

তিনিচুকীয়া: তিনিচুকীয়া জিলাখনৰ ছটা বিধানসভা সমষ্টিৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ বিধানসভাৰ সমষ্টি হৈছে ৮২ নং ডুমডুমা বিধানসভা সমষ্টি । এই ৮২ নং ডুমডুমা বিধানসভা সমষ্টিটো লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৷ ১৯৫১ চনত গঠন কৰা হৈছিল এই ডুমডুমা বিধানসভা সমষ্টিটো ।

বৰ্তমান লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ বিজেপিৰ প্ৰদান বৰুৱা ৷ ডুমডুমা বিধানসভা সমষ্টিটো ১৪ খন গাঁও পঞ্চায়ত আৰু ১ খন পৌৰনিগমেৰে গঠিত । ডুমডুমা বিধানসভা সমষ্টিটো এইকাৰণেই অন্যতম গুৰুত্বপূৰ্ণ বুলি কোৱা হয় যে ডুমডুমাক চাহ নগৰী হিচাপে পৰিচিত ।

Doomdooma Circle Office
ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় (ETV Bharat Assam)

চাহ নগৰী হিচাপেই বিখ্যাত ঐতিহাসিক ডুমডুমা চহৰক সকলোৱে জানে ৷ যিহেতু ডুমডুমা বিধানসভা সমষ্টিটোত সকলোফালে সৰু-বৰ চাহ বাগিচাই আগুৰি আছে । ইয়াৰ অৰ্থনীতি মূলত চাহ বাগিচাৰ পৰাই আহে ।

Doomdooma Police Station
ডুমডুমা আৰক্ষী থানা (ETV Bharat Assam)

১৪৬৫০৯ গৰাকী ভোটাৰ :

বৃটিছৰ দিনতেই ডুমডুমাত বহুকেইখন বৃহৎ বৃহৎ চাহ বাগিচা স্থাপন কৰি থৈ গৈছে; কিন্তু শেহতীয়াকৈ কেইবাটাও সৰু-বৰ উদ্যোগো স্থাপন হৈছে ডুমডুমাত । তাৰেই ভিতৰত অন্যতম হিন্দুস্থান ইউনিলিভাৰ ৷

Minister Rupesh Gowala
মন্ত্ৰী ৰূপেশ গোৱালা (ETV Bharat Assam)

৮২ নং ডুমডুমা বিধানসভা সমষ্টিত শেহতীয়াকৈ নিৰ্বাচন আয়োগৰ খচৰাৰ তথ্য অনুসৰি সমষ্টিটোত মুঠ ১৪৬৫০৯ গৰাকী ভোটাৰ থকাৰ বিপৰীতে ভোটকেন্দ্ৰ আছে ১৮১ টা ৷ ইয়াৰে ভিতৰত ৭৬২৫৮ গৰাকী মহিলা ভোটাৰ, ৭০২৪৪ জন পুৰুষ ভোটাৰ আৰু ৭ গৰাকী তৃতীয় লিংগ ভোটাৰ । অন্যান্য বিধানসভা সমষ্টিৰ দৰেই ডুমডুমা বিধানসভা সমষ্টিটো ৬০১৪ গৰাকী মহিলা ভোটাৰৰ সংখ্যা অধিক ৷

Doomdooma assembly constituency
ডুমডুমা বিধানসভা সমষ্টি (ETV Bharat Assam)

আদিবাসীৰ ভোটাৰৰ সংখ্যা সৰ্বাধিক :

চাহ নগৰী হিচাপে পৰিচিত ডুমডুমা বিধানসভা সমষ্টিত প্ৰায় ২০-২২ খন সৰুবৰ চাহ-বাগিচা আছে ৷ ১৪৬৫০৯ গৰাকী ভোটাৰে গঠিত ডুমডুমা বিধানসভা সমষ্টিটোত হিন্দীভাষী, মুছলমান আৰু বাংলাভাষীৰ প্ৰায় ৯-১১ হাজাৰ গৰাকী ভোটাৰ, অসমীয়াৰ প্ৰায় ২২-২৫ হাজাৰ গৰাকী ভোটাৰ, আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰায় ৫৫-৬০ হাজাৰ গৰাকী ভোটাৰ, গোৰ্খাৰ প্ৰায় ১৩ হাজাৰ গৰাকী ভোটাৰ আৰু খ্ৰীষ্টানৰ প্ৰায় ১১ হাজাৰ গৰাকী ভোটাৰ আছে ৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে ডুমডুমা বিধানসভা সমষ্টিটোত চাহ জনগোষ্ঠী আদিবাসীৰ ভোটাৰৰ সংখ্যা সৰ্বাধিক।

Doomdooma assembly constituency
ডুমডুমা বিধানসভা সমষ্টি (ETV Bharat Assam)

কংগ্ৰেছৰ আধিপত্য় :

ডুমডুমা বিধানসভা সমষ্টিৰ ১৯৫২ চনত প্ৰথমগৰাকী বিধায়ক হয় কংগ্ৰেছ দলৰ হৰিহৰ চৌধুৰী ৷ তাৰ পাছত পুনৰ ক্ৰমে চাৰিটাকৈ কাৰ্যকাল ১৯৫৭, ১৯৬২, ১৯৬৭ আৰু ১৯৭২ চনত কংগ্ৰেছ দলৰে মলীয়া তাঁতীয়ে দায়িত্বভাৰ পালন কৰে । তাৰ পাছত পুনৰ ছয়টাকৈ কাৰ্যকাল ক্ৰমে ১৯৭৮, ১৯৮৩, ১৯৮৫, ১৯৯১, ১৯৯৬ আৰু ২০০১ চনত কংগ্ৰেছৰ ডিলেশ্বৰ তাঁতী বিজয়ী হয় ।

Doomdooma assembly constituency
ডুমডুমা বিধানসভা সমষ্টি (ETV Bharat Assam)

ঠিক তেনেদৰেই ২০০৬ চনতো কংগ্ৰেছৰ পৰা দূৰ্গা ভূমিজে জয়লাভ কৰে । অৱশেষত ১২ টাকৈ কংগ্ৰেছ দলৰ কাৰ্যকালৰ শাসন ওফৰাই ২০১১ চনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা দিলীপ মৰাণে জয়লাভ কৰে; কিন্তু পুনৰ ২০১৬ চনত কংগ্ৰেছৰ দূৰ্গা ভূমিজেই বিজয়ী হয় । শেহতীয়াকৈ ২০২১ চনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৰূপেশ গোৱালাই জয়লাভ কৰে ।

Former MLA Durga Bhumij
প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজ (ETV Bharat Assam)

বৰ্তমান ৮২ নং ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক হৈ তেওঁ মন্ত্ৰী হোৱাৰো সুযোগ লাভ কৰে । মন্ত্ৰী ৰূপেশ গোৱালাৰ বিভাগসমূহ ক্ৰমে চাহ জনজাতি আৰু আদিবাসীৰ কল্যাণ, চাহ জনজাতি আৰু আদিবাসীৰ কল্যাণ আৰু কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগ ।

Former MLA Dilip Moran
প্ৰাক্তন বিধায়ক দিলীপ মৰাণ (ETV Bharat Assam)

শেহতীয়াকৈ কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজ বৰ্তমান তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্বত আছে । গতিকে আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ পৰা ৰূপেশ গোৱালা আৰু কংগ্ৰেছৰ পৰা দূৰ্গা ভূমিজে প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক:বিধানসভা বৃত্তান্ত : জানো আহক ৰাতাবাৰী বিধানসভা সমষ্টিক

বিধানসভা বৃত্তান্ত : জানো আহক মঙলদৈ বিধানসভা সমষ্টিক