বিধানসভা বৃত্তান্ত : জানো আহক ঢেকীয়াজুলি বিধানসভা সমষ্টিক
সমষ্টিটোত পূৰ্বতে মুঠ ভোটাৰৰ সংখ্যা ২,২১,১০১ গৰাকী আছিল যদিও শেহতীয়া খচৰা ভোটাৰ তালিকা অনুসৰি ভোটাৰৰ সংখ্যা বৃদ্ধি হৈ ২,২৮,৫০১ গৰাকী হৈছে ।

Published : February 5, 2026 at 10:42 AM IST
তেজপুৰ : অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত এক গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে ঢেকীয়াজুলি বিধানসভা সমষ্টি । ৬৫নং ঢেকীয়াজুলি বিধানসভা সমষ্টি অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকা আৰু ই চাহ বাগিচা অধ্যুষিত । বিধানসভা সমষ্টিটো এটা সাধাৰণ শ্ৰেণীৰ বিধানসভা সমষ্টি ।
ঢেকীয়াজুলি বিধানসভা সমষ্টিটো শোণিতপুৰ জিলাত অৱস্থিত আৰু ই তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা খণ্ডৰ ভিতৰত অন্যতম । সমষ্টিটোত বৰচলা আৰু ৰঙাপৰা সমষ্টিৰ প্ৰভাৱ আছে । সমষ্টিতো শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী হিচাপে পৰিচিত ।
সমষ্টি পুনৰ নিৰ্ধাৰণ
বিগত ২০২৪ চনত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে এইবাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ঢেকীয়াজুলি সমষ্টিত । এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিটোৰ প্ৰায় ৭ টা পঞ্চায়ত ঢেকীয়াজুলি সমষ্টিৰ পৰা কৰ্তন হৈ বৰচলাত অন্তৰ্ভুক্ত হৈছে । পূৰ্বৰ জীয়া গাভৰু, মিছামাৰী, গৰুবন্ধা, বাঘজোৰা, গড়মৰা, কেহেৰুখণ্ডা আৰু ঘগৰা পঞ্চায়ত ঢেকীয়াজুলিৰ পৰা কৰ্তন হৈ বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত বৰচলা সমষ্টিত অন্তৰ্ভুক্ত হয় ।
ভোটাৰৰ গাঁথনি
বিধানসভা সমষ্টিটোৰ জনগাঁথনিত মিশ্ৰিত প্ৰভাৱ আছে । বিভিন্ন জনগোষ্ঠীৰ লোকে সমষ্টিটোত বসবাস কৰে । চাহ বাগিচা অধ্যুষিত লোকৰ বাহিৰেও বিভিন্ন জনগোষ্ঠীৰ লোকো আছে । সমষ্টিটোত পৌৰসভাৰ অন্তৰ্গত ১০ টা ৱাৰ্ড আছে । আনহাতে, সমষ্টিটোত পঞ্চায়তৰ সংখ্যা হৈছে ১৮ টা ।
ভোটাৰৰ সংখ্যা
পূৰ্বৰ নিৰ্বাচনী তথ্য অনুসৰি, সমষ্টিটোত মুঠ ২,২১,১০১ গৰাকী ভোটাৰ আছে । আনহাতে, ১,১১,৪৬৭ জন পুৰুষ ভোটাৰৰ বিপৰীতে ১,০৯,৬৩০ গৰাকী মহিলা ভোটাৰ আছে । সমষ্টিটোত বৰ্তমান ২৮৫ টা ভোটকেন্দ্ৰ আছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মুঠ ৫,৩৭৬ গৰাকী ভোটাৰ অন্তৰ্ভুক্ত কৰা হয় আৰু ৪,৩৫৭ গৰাকী কৰ্তন কৰা হয় । যাৰ ফলত ১,০১৯ গৰাকী ভোটাৰ বৃদ্ধি পাইছে ।

পূৰ্বতে মুঠ ভোটাৰৰ সংখ্যা ২,২১,১০১ গৰাকী আছিল যদিও বৰ্তমান এছ আৰৰ পিছত প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি ভোটাৰৰ সংখ্যা বৃদ্ধি হৈ ২,২৮,৫০১ গৰাকী হৈছে । অৱশ্যে ইয়াৰ সম্পূৰ্ণ তথ্য চলিত মাহত প্ৰকাশ পাব ।
সমষ্টিৰ বিৱৰণ
বিধানসভা সমষ্টিটোৰ ঐতিহাসিক তথ্য :
ঢেকীয়াজুলি বিধানসভা সমষ্টিটো পূৰ্বতে ঢেকীয়াজুলি উত্তৰ হিচাপে আছিল । পৰৱৰ্তী সময়ত ৭১নং ঢেকীয়াজুলি সমষ্টি হয় আৰু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত বৰ্তমান ৬৫নং ঢেকীয়াজুলি বিধানসভা সমষ্টি হয় ।

বৰ্তমানলৈকে শোণিতপুৰ জিলাৰ এই বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক তথা অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে । অঞ্চলটোৰ এগৰাকী বিশিষ্ট ৰাজনৈতিক ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰা সিংহলে ২০১৬ আৰু ২০২১ চনৰ অসম বিধানসভাৰ দুয়োটা নিৰ্বাচনতে এই আসনখন জয় কৰি সমষ্টিটোত বিজেপিৰ দখল সুদৃঢ় কৰি তুলিছে ।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত সিংহলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বেণুধৰ নাথক পৰাস্ত কৰি তেওঁৰ নেতৃত্বৰ ওপৰত ভোটাৰৰ আস্থা পুনৰ দৃঢ় কৰে । বিজেপি পুনৰ ক্ষমতালৈ অহাৰ পাছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন চৰকাৰত তেওঁ কেবিনেট মন্ত্রী হিচাপে নিযুক্তি লাভ কৰে ৷
ঢেকীয়াজুলি তেজপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত আৰু বহু বছৰ ধৰি একাধিক দলৰ প্ৰতিনিধিত্বৰ সাক্ষী হৈ আহিছে । সিংহলৰ জয়ৰ পূৰ্বে ২০১১ চনত কংগ্ৰেছ দলৰ হাবুল চক্ৰৱৰ্তী আৰু ২০০১ আৰু ২০০৬ চনত অগপ দলৰ জোচেফ টপ্পোৰ হাতত আছিল ।
বিধানসভা সমষ্টিটোৰ ঐতিহাসিক তথ্য
ঢেকীয়াজুলি বিধানসভা সমষ্টিত ১৯৫২ চনৰ পৰা এক কালক্ৰমিক ৰাজনৈতিক যাত্ৰা চলি আছে । ১৯৫২ চনৰ প্ৰথম বিধানসভা নিৰ্বাচনৰ পৰাই ঢেকীয়াজুলি বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে । সেই সময়ত ঢেকীয়াজুলি উত্তৰ বিধানসভা হিচাপে পৰিচিত আছিল আৰু অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক ধাৰা প্ৰতিফলিত হৈ এক চহকী আৰু বিকশিত ৰাজনৈতিক ইতিহাসৰ সাক্ষী হৈ আহিছে ।

১৯৫২, ১৯৫৭, ১৯৬২ চনত নিৰ্বাচনত জয়ী হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অমিয় কুমাৰ দাসে প্ৰথমে সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আগতীয়াকৈ কংগ্ৰেছৰ এক শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰে । ১৯৬৭ চনত তেওঁৰ পিছত পুষ্পলতা দাস কংগ্ৰেছৰ পৰা বিধায়ক পদত অধিষ্ঠিত হয় । তাৰ পিছতে ১৯৭২ চনত হিৰণ্য বৰাই (কংগ্ৰেছ) এই আসনখন দখল কৰে ।
১৯৭৮ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতাপ কলিতা বিজয়ী হয় । পৰৱৰ্তী সময়ত হিৰণ্য বৰাই ১৯৮৫ আৰু ১৯৯১ চনত পুনৰ জয়লাভ কৰি সেই সময়ছোৱাত কংগ্ৰেছৰ আধিপত্যক অধিক শক্তিশালী কৰি তোলে ।
উল্লেখ্য যে ২০০০ চনৰ আৰম্ভণিতে বিশেষ ৰাজনৈতিক পৰিৱৰ্তন ঘটিছিল । ফলস্বৰূপে ২০০১ আৰু ২০০৬ চনত অসম গণ পৰিষদৰ জোচেফ টপ্পোৱে এই সমষ্টিৰ আসন দখল কৰিছিল । ২০০৯ চনত সমষ্টিটো পুনৰ কংগ্ৰেছৰ দখললৈ ঘূৰি যায় বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতীৰ বিজয়েৰে । তাৰ পিছত ২০১১ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱা হাবুল চক্ৰৱৰ্তীয়ে কংগ্ৰেছ দলৰ পৰা বিধায়ক পদত অধিষ্ঠিত হয় ।

মন কৰিবলগীয়া যে ২০১৬ চনত অসমৰ ৰাজনীতিত আন এটা ডাঙৰ টাৰ্নিং পইণ্ট আহিছিল । সেয়া আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত । সেই সময়তে ভাৰতীয় জনতা পাৰ্টীৰ পৰা অশোক সিংহলে এই সমষ্টিটোৰ পৰা বিধায়কৰ আসন লাভ কৰিছিল । যাৰ ফলত সমষ্টিটোত বিজেপি দলটোৰ উত্থান ঘটিছিল । পৰৱৰ্তী সময়ত ২০২১ চনৰ নিৰ্বাচনত এই আসনখন অক্ষুণ্ণ ৰাখি সিংহলে বৰ্তমান ঢেকীয়াজুলিক প্ৰতিনিধিত্ব কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।
ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়কসকলৰ তালিকা
- ১৯৫২ : অমিয় কুমাৰ দাস (ভাৰতীয় জাতীয় কংগ্ৰেছ, ঢেকীয়াজুলি উত্তৰ বিধানসভা সমষ্টি)
- ১৯৫৭ : অমিয় কুমাৰ দাস (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৬২ : অমিয় কুমাৰ দাস (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৬৭ : পুষ্পলতা দাস (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৭২ : হিৰণ্য বৰা (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৭৮ : প্ৰতাপ কলিতা (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৮৫ : হিৰণ্য বৰা (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৯১ : হিৰণ্য বৰা (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৯৬ : জোচেফ টপ্পো (অসম গণ পৰিষদ)
- ২০০১ : জোচেফ টপ্পো (অসম গণ পৰিষদ)
- ২০০৬ : জোচেফ টপ্পো (অসম গণ পৰিষদ)
- ২০০৯ : ভীমানন্দ তাঁতী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ২০১১ : হাবুল চক্ৰৱৰ্তী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ২০১৬ : অশোক সিংহল (ভাৰতীয় জনতা পাৰ্টী)
- ২০২১ : অশোক সিংহল (ভাৰতীয় জনতা পাৰ্টী)

