বিধানসভা সমষ্টি বৃত্তান্ত: জানো আহক ৮৭ নং চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিক
পূৰ্বে চাবুৱা সমষ্টি হিচাপে পৰিচিত সমষ্টিটোৰ নতুন নামকৰণ হ'ল চাবুৱা-লাহোৱাল সমষ্টি ৰূপে ।

Published : February 24, 2026 at 3:46 PM IST
মৰাণ : উজনি অসমৰ ডিব্ৰুগড় জিলাৰ এটা উল্লেখযোগ্য সমষ্টি হ'ল ৮৭ নং চাবুৱা-লাহোৱাল বিধানসভা সমষ্টি । পূৰ্বৰ চাবুৱা সমষ্টিৰ লগত বিলুপ্ত হোৱা লাহোৱাল সমষ্টিৰ এটা অংশ সংযোগ ঘটাই গঠন কৰা হৈছে চাবুৱা-লাহোৱাল বিধানসভা সমষ্টি । এই সমষ্টিটো ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সীমাত অৱস্থিত । চাহ বাগিচা আৰু গ্ৰাম্য অঞ্চল সামৰি গঠন হৈছে এই সমষ্টিটো ।
নতুনকৈ নিৰ্মাণ কৰা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ডিব্ৰুগড়-তিনিচুকীয়া সংযোগী গুৰুত্বপূৰ্ণ ৰে'ল লাইন এই সমষ্টিটোৰ মাজেদি পাৰ হৈ যোৱাত যাতায়তৰ ক্ষেত্ৰত আগবঢ়া এই সমষ্টিটো । ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীয়ে সমষ্টিৰ কিছু কিছু অংশ স্পৰ্শ কৰি যোৱাত প্ৰাকৃতিকভাৱে চহকী সমষ্টিটো ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ ৰূপৰেখা :
সমষ্টি পুনৰ নিৰ্ধাৰণত বাৰুকৈয়ে প্ৰভাৱ পৰিল চাবুৱা-লাহোৱাল সমষ্টিত । কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে চাবুৱা সমষ্টি হিচাপে অতি পৰিচিত সমষ্টিৰ নতুন নামকৰণ কৰা হ'ল চাবুৱা-লাহোৱাল সমষ্টি হিচাপে । ডিব্ৰুগড় জিলাৰ পৰা সম্পূৰ্ণ বিলুপ্ত হোৱা লাহোৱাল সমষ্টিৰ বহু গাঁও পঞ্চায়ত সংযোগ কৰা হ'ল চাবুৱা লাহোৱাল সমষ্টিত ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে ১৭ টা গাঁও পঞ্চায়ত থকা চাবুৱা সমষ্টিৰ পৰা গটঙ, গুঁইজান, খামটি গোৱালী, বজালতলী, পানীতোলা, ডিমৌতলি, আৰু বৰুৱাহোলা পঞ্চায়ত কৰ্তন কৰি মাকুম সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছিল । ইয়াৰ বিপৰীতে বিলুপ্ত হোৱা লাহোৱাল সমষ্টিৰ পৰা বকুল, টিমনা, ৰমাই, চিৰিংহোলা, মদাৰখাত, লাহোৱাল , ইকৰাতলি , ফুকনাখাট আৰু ৰহমৰীয়া পঞ্চায়ত চাবুৱা সমষ্টিত অন্তৰ্ভুক্ত কৰি ১৮ টা গাঁও পঞ্চায়ত লৈ গঠন কৰা হয় চাবুৱা-লাহোৱাল সমষ্টি । এই সমষ্টিটোত আছে চাবুৱা পৌৰসভা।
জনগাঁথনি আৰু আনুমানিক ভোটাৰৰ সংখ্যা:
এই বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৮৭ নং চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৭৭,২৩৮ গৰাকী । তাৰ ভিতৰত ৮৫,২৫৬ জন পুৰুষ ভোটাৰ আৰু ৯১,৯৮১ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ১ গৰাকী ।

জিলা নিৰ্বাচন আয়োগৰ তথ্য় অনুসৰি ২৭ ডিচেম্বৰ ২০২৫ তাৰিখে প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা আছিল ১,৭৯,০৯৩ । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮৬,৩২৪ আৰু মহিলা ভোটাৰৰ সংখ্যা ৯২,৭৬৪ আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ১ গৰাকী ৷ কিন্তু ৪৪১২ জন পুৰুষ আৰু ৫০০৮ গৰাকী মহিলাৰ নাম কৰ্তন কৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে ।

বৰ্তমানৰ বিধায়ক :
চাবুৱা-লাহোৱাল সমষ্টিত বৰ্তমান দুজন বিধায়ক আছে বুলি ক'লেও ভুল কোৱা নহয় । পূৰ্বৰ চাবুৱা সমষ্টিৰ অসম গণ পৰিষদৰ দলৰ বিধায়ক পোনাকণ বৰুৱা আৰু বিলুপ্ত হোৱা লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা দুইজনে শক্তিশালীভাৱে ৰাইজৰ মাজত চৰকাৰী কামকাজ সমষ্টিটোত কৰি থকা বাবে দুইজনকে বিধায়ক হিচাপে গণ্য কৰা হৈছে ।
২০২১ৰ নিৰ্বাচনৰ ফলাফল :
পূৰ্বৰ চাবুৱা সমষ্টিক কেন্দ্ৰ কৰি যিহেতু বৰ্তমানৰ চাবুৱা-লাহোৱাল সমষ্টি গঠন কৰা হৈছে । সেয়ে পূৰ্বৰ চাবুৱা সমষ্টিৰ ২০২১ চনৰ বিধানসভা নিৰ্বাচন ফলাফলৰ বিষয়ে আলোচনা কৰা হৈছে । ২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই অজয় ফুকনে লাভ কৰিছিল ৩৪৮২৪ টা ভোট । অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই পোনাকণ বৰুৱাই লাভ কৰিছিল ৫৩৫৫৪ টা ভোট । আনহাতে উক্ত নিৰ্বাচনত বহুকেইজন নিৰ্দলীয় প্ৰাৰ্থী আছিল সমষ্টিটোত ।

নিৰ্বাচনী ইতিহাস :
পূৰ্বৰ চাবুৱা সমষ্টিৰ নিৰ্বাচনী ইতিহাস ফঁহিয়াই চালে দেখা যায় সমষ্টিটোত কংগ্ৰেছ দলে বেছি সময় নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে । ১৯৭৮ চনত জনতা পাৰ্টীৰ পৰা জ্ঞান গগৈয়ে বিধায়ক হিচাপে নিৰ্বাচিত হয় । ১৯৮৩ চনত কংগ্ৰেছ দলৰ পৰা উপেন্দ্ৰ সনাতন নিৰ্বাচিত হয় । ১৯৮৫ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয় ভূৱন বৰুৱা। ১৯৯১ চনত পুনৰ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হয় উপেন্দ্ৰ সনাতন । ১৯৯৬ চনত প্ৰথমবাৰলৈ অসম গণ পৰিষদ দলৰ পৰা ভবেন বৰুৱাই নিৰ্বাচিত হয় ।
ইয়াৰ পিছত ২০০১ চনৰ পৰা ২০১১চনলৈ কংগ্ৰেছ দলৰ পৰা ৰাজু চাহু সমষ্টিটোত বিধায়ক নিৰ্বাচিত হয়। ২০১৬ চনত প্ৰথমবাৰলৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিনোদ হাজৰিকাই নিৰ্বাচিত হৈছিল যদিও ২০২১ চনত পুনৰ সমষ্টিত অসম গণ পৰিষদ দলৰ পৰা পোনাকণ বৰুৱাই জয়লাভ কৰি বৰ্তমান বিধায়কৰ দায়িত্ব পালন কৰি আছে ।

কি হ'ব '২৬ ৰ নিৰ্বাচনত ?
২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ চাবুৱা-লাহোৱাল সমষ্টিত সমুখ সমৰত নামিছে দুজনকৈ বিধায়কে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত চাবুৱাৰ অসম গণ পৰিষদৰ বিধায়ক পোনাকণ বৰুৱা আৰু বিলুপ্ত হোৱা লাহোৱাল সমষ্টিৰ বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই এতিয়া পৃথকে পৃথকে নিজ নিজ দলৰ সাংগঠনিক কাম কাজত ব্যস্ত চাবুৱা-লাহোৱাল সমষ্টিত ।


ৰাজ্যিক বিজেপিৰ নেতৃত্বই বিধানসভা নিৰ্বাচনত সমষ্টিটোত কোনে দলে অৱতীৰ্ণ হ'ব সেই কথা স্পষ্ট কৰা নাই বাবেই চাবুৱা-লাহোৱাল সমষ্টিত দুই গৰাকী বিধায়কৰ স্থিতি লক্ষ্যণীয় হৈ উঠিছে । এক প্ৰকাৰে চাবুৱা- লাহোৱাল সমষ্টিক লৈ টনা আঁজোৰা আৰম্ভ হৈছে বিজেপি আৰু অগপৰ বিধায়ক দুগৰাকীৰ মাজত । দুয়োগৰাকী বিধায়কে চাবুৱা লাহোৱাল সমষ্টিত নিজৰ শক্তি প্ৰদৰ্শন কৰা প্ৰতিযোগিতাত নামি পাৰিছে । আনহাতে সমষ্টিটোত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে কংগ্ৰেছ দলৰ টিকট লাভ কৰিব বুলি চৰ্চা চলিছে ।

