বহিঃৰাজ্যৰ একাংশ লোকক কেন্দ্ৰ কৰি খোৱাঙত নিৰ্বাচনী হিংসা : ভাঙি-ছিঙি চূৰ্ণ-বিচূৰ্ণ বলেৰ’
নিৰ্বাচনৰ দিনটোত খোৱাঙত অসম জাতীয় পৰিষদ আৰু বিজেপি দলৰ সমৰ্থকৰ মাজত মুকলি সংঘাত । দুয়োটা দলৰ কেইবাজনো নেতা আঘাতপ্ৰাপ্ত ৷ ঘটনাস্থলীত শীৰ্ষ আৰক্ষীৰ দল ৷

Published : April 9, 2026 at 6:36 PM IST
ডিব্ৰুগড় : অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণৰ পৰা নিৰ্বাচন অনুষ্ঠিত হোৱা দিনটোলৈকে ৰাজ্যত কেইবাটাও সৰু-বৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে ৷ এক কথাত এইবেলি ৰাজ্যত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত নহ’ল ৷ উজনিৰ পৰা নামনিলৈ কেইবাটাও প্ৰান্তত নিৰ্বাচনী হিংসা সংঘটিত হৈছে ৷
নিৰ্বাচনৰ দিনটোত খোৱাঙত অসম জাতীয় পৰিষদ আৰু বিজেপি দলৰ সমৰ্থকৰ মাজত দেখা যায় মুকলি সংঘাত । খোৱাং সমষ্টিৰ কোটোহাত চক্ৰধৰ গগৈৰ বাসগৃহৰ সমীপতে থকা এটা বাসগৃহত বিজেপি দলৰ একাংশ কৰ্মকৰ্তাৰ ওপৰত অসম জাতীয় পৰিষদৰ এটা দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
জানিব পৰা মতে, বিধায়ক গগৈৰ বাসগৃহৰ কাষতে থকা এটা পৰিত্যক্ত ঘৰত বহিঃৰাজ্যৰ কেইজনমান ব্যক্তি থকাৰ বিষয়ে জানিব পাৰি তাত উপস্থিত হৈছিল অসম জাতীয় পৰিষদৰ এটা দল ৷ দলটোৱে লোকসকলক কিছু কথা জানিবলৈ সোধা-পোছা কৰাক কেন্দ্ৰ কৰিয়েই বিজেপি সমৰ্থকৰ দলটোৰ সৈতে প্ৰথমে তৰ্কাতৰ্কি আৰু পিছলৈ মাৰপিটৰ ঘটনা সংঘটিত হয় ।
এই আক্ৰমণ-প্ৰত্যাক্ৰমণত বিজেপি দলৰ নেতা ঝাৰখণ্ডৰ প্ৰহ্লাদ পাণ্ডে, উত্তৰ প্ৰদেশৰ শিবেন্দ্ৰ গুপ্তা আৰু বিজেপিৰ লৰুৱা মণ্ডলৰ সভাপতি মৃণাল দাস আহত হয় । আনহাতে, অসম জাতীয় পৰিষদৰ বিষয়ববীয়া সমুদ্ৰ বৰুৱা, চিত্ৰকমল সন্দিকৈ আৰু স্বাক্ষৰ বৰগোহাঁই আঘাতপ্ৰাপ্ত হৈছে ।
একাংশ বিজেপি কৰ্মীয়ে ভাঙি চূৰমাৰ কৰে এএছ ০৬ আৰ ৪৭৭৪ নম্বৰৰ এখন বলেৰ’ বাহন । আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত কোটোহাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে বিজেপি কৰ্মীসকলে । নিৰ্বাচনৰ দিনটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে আৰক্ষীৰ এটা দল ৷
হতাশাত ভূগি বিধায়ক চক্ৰধৰ গগৈৰ ভেৰোণীয়া বাহিনীয়ে লিপ্ত হৈছে গুণ্ডাগিৰি, জালিয়াতিত
পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ গগৈয়ে কয়, ‘‘হতাশাত ভূগি বিধায়ক চক্ৰধৰ গগৈৰ ভেৰোণীয়া বাহিনীয়ে লিপ্ত হৈছে গুণ্ডাগিৰি, জালিয়াতিত ৷’’
লগতে পঢ়ক: জুবিন গাৰ্গৰ ন্য়ায়ৰ দাবীৰে ভোটকেন্দ্ৰৰ সমুখত প্ৰতিবাদ অনুৰাগীৰ

