প্ৰতিকূল বতৰ, ইভিএম বিকলৰ পিছতো বৰপেটাত ৯২.৮৩ শতাংশ ভোটদান
‘মানুহৰ মনত যেতিয়া জেদ, ক্ষোভ আৰু আক্ষেপ থাকে, তেতিয়া বতাহ-বৰষুণেও তেওঁলোকক ৰখাব নোৱাৰে’- ভোটদানৰ পিছত পাকাবেতবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ এই মন্তব্য ৷

Published : April 9, 2026 at 10:52 PM IST
বৰপেটা: ইতিমধ্যে সামৰণি পৰিছে বহু প্ৰত্যাশিত অসম বিধানসভা নিৰ্বাচনৰ ৷ অন্যান্য জিলাসমূহৰ দৰে বৰপেটা জিলাতো ব্যাপক সঁহাৰি ভোটাৰৰ ৷ প্ৰতিকূল বতৰৰ মাজতো নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজ উচ্ছ্বাসেৰে ভোটকেন্দ্ৰলৈ ওলাই আহে ।
বহু ঠাইত ভোটাৰৰ দীঘলীয়া শাৰী দেখা যায় ৷ আনকি বৰষুণক নেওচি ছাতি লৈ হ’লেও ভোটদানৰ বাবে অপেক্ষা কৰে সাধাৰণ ভোটাৰসকলে । এই উৎসাহৰ মাজতেই বিশেষভাবে সক্ষম ভোটাৰসকলৰ অংশগ্ৰহণে সকলোৰে মন-মগজু স্পৰ্শ কৰে ।

বৰপেটা বিধানসভা সমষ্টিৰ এনডিএ তথা অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপক কুমাৰ দাসে বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে । অৱশ্যে ইভিএমত সাময়িক বিজুতি দেখা দিয়াত ভোটগ্ৰহণ কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হয় । প্ৰায় ২০ মিনিটৰ পাছত ইভিএম পুনৰ সক্ৰিয় হোৱাত দাসে ভোটদান কৰিবলৈ সক্ষম হয় । ভোটদানৰ পিছত প্ৰাৰ্থীগৰাকীয়ে সাধাৰণ ৰাইজক ভোটদানৰ বাবে ওলাই আহিবলৈ আহ্বান জনায় ৷
পাকাবেতবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৭১৭ নং কুৰিহা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটদান কৰে । ভোটদানৰ পিছত শিকদাৰে কয়, ‘‘নিজৰ ভোট নিজকে দিব পাৰি অত্যন্ত সুখী অনুভৱ কৰিছো । এইবাৰৰ ভোট পৰিবৰ্তনৰ ভোট । চৰকাৰ সলনি কৰিব লাগিব ।’’ তেওঁ লগতে কয় যে মানুহৰ মনত যেতিয়া জেদ, ক্ষোভ আৰু আক্ষেপ থাকে, তেতিয়া বতাহ-বৰষুণেও তেওঁলোকক ৰখাব নোৱাৰে ।

বহিঃৰাজ্যৰ পৰা ভোটদানৰ বাবে অহা ভোটাৰসকলৰ প্ৰসংগত শিকদাৰে কয়, ‘‘দূৰ-দূৰণিৰ পৰা ভোট দিবলৈ অহাসকলক চেল্যুট জনাব লাগে । এয়াই গণতন্ত্ৰৰ সৌন্দৰ্য ।’’
উল্লেখ্য যে, বৰষুণৰ মাজতো পাকাবেতবাৰী সমষ্টিৰ বহু ভোটাৰে ডেৰঘণ্টা পৰ্যন্ত শাৰী পাতি ৰৈ ভোটদান কৰে ।
আনহাতে, মন্দিয়া সমষ্টিৰ মন্দিয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদে । ভোটদানৰ পিছত তেওঁ কয়, ‘‘ভোটদান গণতান্ত্ৰিক ব্যৱস্থাৰ এক শক্তিশালী মাধ্যম । যিমান বেছি শতাংশ ভোটদান হ’ব, সিমানেই গণতন্ত্ৰ অধিক শক্তিশালী হ’ব ।’’ তেওঁ সকলো ভোটাৰকে আগবাঢ়ি আহি ভোটদান কৰিবলৈ আহ্বান জনায় ।
বৰপেটা জিলাৰ চাৰিটা সমষ্টিত ভোটদানৰ হাৰ ৯২.৮৩%
- বৰপেটা – ৮৭.০৬%
- চেঙা – ৯৪.৫৭%
- মন্দিয়া – ৯৩.৩১%
- পাকাবেতবাৰী – ৯৪.৩২%
প্ৰতিকূল বতৰৰ মাজতো বৰপেটা নিৰ্বাচনী জিলাত ভোটাৰৰ বিপুল সঁহাৰিয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি ৰাইজৰ গভীৰ আস্থা আৰু সচেতনতাক পুনৰ এবাৰ প্ৰতিফলিত কৰে ।
লগতে পঢ়ক: বিপদত সুৰেন দৈমাৰী ! আইন বিৰুদ্ধ কাম কৰাৰ অভিযোগত কংগ্ৰেছৰ গোচৰ

