শাসকীয় দলক প্ৰত্যাহ্বান জনাই লখিমপুৰত দলীয় কৰ্মীৰ মনোবল বৃদ্ধি গৌৰৱ গগৈৰ
কেইদিনমান পূৰ্বে মুখ্যমন্ত্রীয়ে দলৰ শক্তি আৰু তেওঁৰ জনপ্রিয়তা প্ৰদৰ্শনৰ পিছত এইবাৰ লখিমপুৰত শক্তি প্ৰদৰ্শন প্ৰদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈৰ । তিনিটাকৈ সমষ্টি সামৰি যাত্রা ।

Published : March 16, 2026 at 9:22 PM IST
লখিমপুৰ: মুখ্যমন্ত্রীৰ পাছত এইবাৰ লখিমপুৰত শক্তি প্ৰদৰ্শন গৌৰৱ গগৈৰ । তিনিটা সমষ্টি সামৰি হেজাৰ হেজাৰ সমৰ্থকক লৈ সমদল । কিছু দিন পূৰ্বে লখিমপুৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই জন আশীর্বাদ যাত্রা কৰি শক্তিশালী জন সমৰ্থন প্ৰদৰ্শন কৰে । তাৰ পাছত সোমবাৰে লখিমপুৰত শক্তি প্ৰদৰ্শন কৰে প্ৰদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে ।
জিলাখনৰ পাঁচটা সমষ্টিৰ ভিতৰত পথালিপাহাৰৰ পৰা বিহপুৰীয়া, নাওবৈচাক সামৰি ৰঙানদী সমষ্টিলৈকে তেওঁ হেজাৰ হেজাৰ দলীয় কৰ্মী-সমৰ্থকৰ মাজেৰে যাত্রা কৰে । এক কথাত তেওঁ জিলাখনত মুখ্যমন্ত্রীৰ পিছতে সোমবাৰে শক্তি প্ৰদৰ্শন কৰে ।
তেওঁৰ এই যাত্রাকালত ন-কংগ্রেছী জয়ন্ত খাউণ্ড, জয়প্ৰকাশ দাস, ৰাম ভূঞা, ঘন বুঢ়াগোঁহাই, জিলা কংগ্রেছৰ সভাপতি গংগাজ্যোতি টায়েগামসহ ভালেকেইজন দলীয় প্ৰাৰ্থিত্বপ্ৰত্যাশী আৰু বিষয়ববীয়া তথা কৰ্মীয়ে সহযোগ কৰে । এক কথাত শাসকীয় দলক প্ৰত্যাহ্বান জনাই দলীয় কৰ্মীৰ মনোবল বৃদ্ধি কৰে গৌৰৱ গগৈৰ এই যাত্রাই ।

কংগ্রেছত ন-প্ৰতিচ্ছবি দেখা পাইছোঁ
যাত্ কালত গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয়, "মই লখিমপুৰ জিলাত ব্যতিক্রমী ছবি এখন দেখা পাইছোঁ । বহু নতুন মুখ দেখিছোঁ । যিসময়ত আমি বৰ অসমৰ কথা কৈছোঁ, সেই সময়ত আমি মিলিজুলি নতুন কংগ্রেছৰ জন্ম দিবলৈ বিচাৰিছোঁ । কংগ্রেছ দলৰ ভিতৰত সমাজসেৱক, অধিবক্তা, বিভিন্ন চিন্তাধাৰাৰ মানুহবোৰ একত্রিত হৈ অসমৰ বৃহত্তৰ স্বাৰ্থত ৰাইজক সেৱা কৰিবলৈ আৰু ৰাজনীতি বিকাশলৈ লৈ যাবলৈ এটা নতুন চিন্তা প্ৰকাশ হৈছে । এনে ধৰণৰ এটা নতুন কংগ্রেছ, যি কংগ্রেছে পৰৱৰ্তী দিনত নতুন বৰ অসম সৃষ্টি কৰিব । আজি মই ৰাম ভূঞা, জয়ন্ত খাউণ্ড, ঘন বুঢ়াগোঁহাই, জয়প্ৰকাশ দাস, গংগাজ্যোতি টায়েগাম আদিক লগত লৈ মোৰ যি ব্যক্তিগত অনুভৱ হৈছে, সেয়া প্ৰকাশ কৰিছোঁ ।"

কিছু সময় দলীয় কৰ্মীৰ ক্ষোভ সহ্য কৰিম, কিন্তু পাছত পুনৰ বিবেচনা কৰিম
ইফালে বিন্নাকান্দিৰ ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি গৌৰৱ গগৈয়ে কয়, "কংগ্ৰেছ দলৰ ভিতৰৰ মানুহবোৰ যথেষ্ট আবেগিক । যোৱা পাঁচ বছৰত তেওঁলোকে বহু কষ্ট কৰি বুথ কমিটী, বি এল এ আদি বনাইছে । কিন্তু যেতিয়া দলটোক অধিক মজবুত কৰিবলৈ দলৰ প্ৰতিনিধিক জিকাবলৈ সুযোগটো হাতৰ পৰা নাইকিয়া হৈ যায়, তেতিয়া তেওঁলোক আবেগিক হোৱাটো স্বাভাৱিক । কিন্তু অলপ সময়ৰ কাৰণে মই দলীয় কৰ্মীৰ ক্ষোভ সহ্য কৰিম । এটা সময়ৰ পাছত আমি পুনৰ বিবেচনা কৰিবলৈ বাধ্য হ'ম । এদিন-দুদিনৰ বাবে তেওঁলোকক ক্ষোভ প্ৰকাশ ৰ সুবিধাটো দিছোঁ । তাৰ পিছত আমি এটা এটাকৈ ঘটনাবোৰ পৰ্যবেক্ষণ কৰিম ।"

সৰ্বানন্দ সোণোৱালৰ দৰে নেতাক অপমান কৰাতো উচিত হৈছেনে ?
প্ৰদ্যুৎ বৰদলৈৰ ক্ষোভ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি গৌৰৱ গগৈয়ে বিজেপিক সমালোচনা কৰে । তেওঁ কয়, "আমাৰ দলৰ ভিতৰত সকলোৱে নিজৰ কথা কোৱাৰ সুযোগ পায় । দলৰ নেতাসকলে সেই কথাবোৰৰ গুৰুত্ব দিয়ে । কিন্তু মই জানিবলৈ বিচাৰোঁ যে অসমৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ চেহেৰা কিয় ক'তো দেখিবলৈ নেপাওঁ ? গুৱাহাটীৰ পৰা লখিমপুৰলৈ কেৱল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰহে চেহেৰা । কিয়, সৰ্বানন্দ সোণোৱালৰ কোনো অৰিহণা নাই নেকি ? সৰ্বানন্দ সোণোৱালক ব্যক্তিগত কাৰণত বেয়া পায় নেকি ? এজন জনজাতীয় নেতাক এনেদৰে অপমান কৰাটো উচিতনে ? এনেদৰে এজন প্ৰাক্তন মুখ্যমন্ত্রীক অপমান কৰাটো উচিতনে ?"

এইদৰে তেওঁ বিজেপিলৈ এজাউৰি প্ৰশ্ন ঠেলি পঠিয়ায় । আনহাতে, নিজৰ দল সন্দৰ্ভত তেওঁ কয়, "অসমৰ ছবিখন, অসমৰ প্ৰতিটো কথা আমি নিজৰ কেন্দ্রীয় নেতৃত্বক জনাইছোঁ । কেন্দ্রীয় নেতৃত্বই সকলো কথা জানে । আমি তেওঁলোকৰ নিৰ্দেশৰ অপেক্ষা কৰি আছোঁ ।"
ইফালে গৌৰৱ গগৈক সংগ দি ন-কংগ্রেছী জয়ন্ত খাউণ্ডে কয়, "ৰাইজৰ আশীর্বাদ শিৰত লৈ ৰঙানদীবাসীৰ বাবে কাম কৰি যাম । ৰাহুল গান্ধী, গৌৰৱ গগৈয়ে যি মাৰ্গদৰ্শন কৰাইছে, তাক শিৰোগত কৰি ৰঙানদীবাসীৰ বাবে মই কাম কৰিম ।"

