জালনোট চক্ৰই কিদৰে কাম কৰিছে অসমত ? সদনত বিৱৰণ পীযুষ হাজৰিকাৰ
অসমত ক’ৰ পৰা কেনেকৈ চলে জালনোটৰ বেহা ৷ এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ? বিধানসভাত জালনোট চক্ৰক লৈ আলোচনা ৷

Published : July 9, 2026 at 4:59 PM IST
গুৱাহাটী: ৰাজধানী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত বিগত সময়ছোৱাত জালনোট উদ্ধাৰ হোৱা প্ৰসংগত বৃহস্পতিবাৰে বিধানসভাত আলোচনা হয় । বিধানসভাৰ বাজেট অধিৱেশনৰ শূন্যকালীন ঘণ্টাত জালনোটৰ বিষয়টো উত্থাপন কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে । দেশৰ অৰ্থনীতি ধ্বংস কৰা অসাধু ব্যৱসায় বন্ধৰ দাবী উত্থাপন কৰে বিৰোধী দলপতিগৰাকীয়ে ।
বিৰোধী দলপতিয়ে উত্থাপন কৰা জালনোটৰ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই কয়, ‘‘গুৱাহাটীত জালনোট জব্দৰ দুটা ঘটনাত অভিযুক্তৰ পৰা আৰক্ষীয়ে ১৩.৪ লাখ টকাৰ ভুৱা নোট উদ্ধাৰ কৰিছে । এটা ঘটনাত অনুজ গুপ্তা, ঋষভ গুপ্তা আৰু মোহিত শুক্লাক ধৰা হৈছে আৰু তেওঁলোক উত্তৰ প্ৰদেশৰ পৰা আহিছে । আন এটা কেচত ধৰা হৈছে দেৱজিত দেউৰী আৰু অজয় বিশ্বকৰ্মাক । এই দুটা পৃথক কেচত অভিযুক্তৰ পৰা ১৩.৪ লাখ টকাৰ ভুৱা ভুৱা নোট উদ্ধাৰ কৰা হয় ।’’
অসমত উদ্ধাৰ হোৱা জালনোটৰ গুণমান সন্দৰ্ভত পীযুষ হাজৰিকাই কয়, ‘‘আৰক্ষীয়ে ভাল কোৱালিটিৰ ভুৱা নোট জব্দ কৰিলে এন আই এলৈ পঠিয়াই দিয়ে । কিন্তু বহু বছৰ ধৰি অসমত যিখিনি ভুৱা নোট উদ্ধাৰ হৈ আছে সেইখিনি ভাল কোৱালিটিৰ নহয় । এই নোটবোৰ প্ৰিণ্টাৰত বনায় । প্ৰিণ্টিং প্ৰেছত প্ৰিণ্ট কৰা হয় । চুলেই গম পোৱা যায় যে এইবোৰ ফেকৰো ফেক নোট ।"
মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘আৰক্ষীৰ জেৰাত উত্তৰ প্ৰদেশৰ ধৃত লোক কেইজনে জনাই যে তেওঁলোকে সোণৰ নাও কিনিবলৈ আহিছিল । সোণৰ নাৱৰো ডুপ্লিকেট কাহিনী আছে । লখিমপুৰ জিলাৰ নাওবৈচা আৰু বঙালমৰাত এইবোৰ ওলাই থাকে । তাত এপিক চেণ্টাৰ বুলি কোৱা হয় । সোণৰ নাও এখন দেখাই মানুহক ঠগায় । উত্তৰ প্ৰদেশৰ লোক কেইজনে জালনোট লৈ আহিছিল সোণৰ নাও কিনিবলৈ । আমি কঠোৰ পদক্ষেপ লৈছোঁ ।’’
‘‘আনটো কেচত দেৱজিত দেউৰী আৰু অজয় বিশ্বকৰ্মাৰ পৰা ২.৫৬ লাখ টকাৰ জালনোট জব্দ কৰা হৈছিল । আৰক্ষীৰ জেৰাত তেওঁলোকে জনাই যে জালনোটৰ চক্ৰটোত লখিমপুৰৰ আব্দুল গফুৰ আৰু সহযোগী চাহিল ওৰফে ইলচাম আলী আৰু চুমি নামৰ এগৰাকী যুৱতী জড়িত হৈ আছে । অভিযুক্তই স্বীকাৰ কৰে যে দুই-তিনি বছৰৰ পৰা লখিমপুৰ জিলাৰ ইক্ৰামুল ইছলাম, নিজামুৰ ৰহমান, হাজিবুৰ ৰহমান আদি বহু লোক অসমৰ বিভিন্ন প্ৰান্তত জালনোট প্ৰচলনৰ সৈতে জড়িত হৈ আছে ।’’ মন্ত্ৰী হাজৰিকাই কয় ৷
জালনোট চক্ৰৰ চক্ৰান্তৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘বঙালমৰাত ভুৱা ডি এছ এন জি ভান আছে, ভুৱা এস্কৰ্ট-পাইলট ভান আছে । আৰক্ষীয়ে এনে ভুৱা চক্ৰ ধৰিও আছে । জালনোট বা নকল সোণ দিম বুলি মাতি আৰক্ষীৰ গাড়ী বুলি ভয় দেখুৱাই পইচা লয় । আনকি ভুৱা এ কে ৪৭ বন্দুকো আছে । আমি এইবোৰ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো ।’’
ধৃত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘অজয় বিশ্বকৰ্মাক লৈ আৰক্ষীয়ে তদন্তৰ বাবে গ্ৰাউণ্ডলৈ যাওঁতে তেওঁ পলাব বিচাৰিছিল । তেতিয়া পুলিচে বাধ্য হৈ দুটা ৰাউণ্ড গুলী চালনা কৰিছিল আৰু বৰ্তমান সেইজন হাস্পতালত আছে । জালনোট ব্যৱসায়ীক অসমৰ পৰা উৎখাত কৰাৰ বাবে অতি কঠোৰ হোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে ।’’
আনহাতে ১০০ কোটি টকাৰ জালনোট প্ৰচলন হৈ থকা বুলি ধৃত অজয় বিশ্বকৰ্মাই কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এশ কোটি টকাৰ কথাটোৰ কোনো লিংক আমি ক’তো পোৱা নাই । গুৱাহাটীত কোনো ভুক্তভোগীয়ে তেওঁ জালনোট পোৱা বুলি কোৱা নাই । এইটো এজন গভাইত ডকাইতে চাঞ্চল্যৰ বাবে টিভিৰ আগত কোৱা কথা । কিন্তু তদন্তকালত আৰক্ষীৰ আগত তেওঁ কোৱা নাই । গতিকে মই নাভাবোঁ গুৱাহাটীত এনেকুৱা এটা কাম হৈ আছে । যদি হয় আমি যথেষ্ট ছিৰিয়াছ । কঠোৰ ব্যৱস্থা হাতত ল'ম । আমি দেশৰ অৰ্থনীতি ধ্বংস হ'বলৈ দিব নোৱাৰো । আমি সচেতন ।’’
উল্লেখ্য যে পহিলা জুলাইৰ নিশা গুৱাহাটীৰ ছয়মাইলত দিছপুৰ আৰক্ষীয়ে জালনোটসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীয়ে AS-01-PC-8433 নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনৰ পৰা ২ লাখ ৫৬ হাজাৰ টকাৰ জালনোট উদ্ধাৰ কৰিছিল আৰু দুই সৰবৰাহকাৰী দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মাক গ্ৰেপ্তাৰ কৰিছিল । দুই জুলাই বৃহস্পতিবাৰে ধৃত অজয় বিশ্বকৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল যে গুৱাহাটীত এশ কোটি টকাৰ জালনোটৰ ক'লা বেহা চলিছে । লখিমপুৰৰ বঙালমৰাৰ পৰা গুৱাহাটীত চলিছে জালনোটৰ ক’লা বেহা ।
ধৃত অজয় বিশ্বকৰ্মাৰ বিস্ফোৰক স্বীকাৰোক্তিৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে আৰক্ষী মহলতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । ইয়াৰ পাছত ৪ জুলাইৰ পুৱতি নিশা দিছপুৰ আৰক্ষীয়ে জালনোট চক্ৰৰ সন্ধানত অভিযান চলোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল ধৃত অজয় বিশ্বকৰ্মাই । পৰণতিত গুলীবিদ্ধ হয় জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা । বৰ্তমান অজয় বিশ্বকৰ্মা জি এম চি এইচত চিকিৎসাধীন হৈ আছে ।
লগতে পঢ়ক: ৫০০ টকাত মালামাল হোৱাৰ সুবৰ্ণ সুযোগ...পাই যাব পাৰে ৩০ কোটি !

