ETV Bharat / politics

ছিণ্ডিকেট কৰা মানুহেৰে বাজপেয়ী ভৱন ভৰাইছে মুখ্যমন্ত্ৰী শৰ্মাই, এয়াই পতনৰ মূল কাৰণ হ'ব: গৌৰৱ গগৈ

বিৰোধী উমৈহতীয়া প্ৰাৰ্থী জীৱন চুতীয়াৰ হৈ সৰুপথাৰত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ ৷ তেওঁৰ দাবী শীঘ্ৰে পতন ঘটিব মুখ্যমন্ত্ৰী শৰ্মা ৷

Gaurav Gogoi
ছিণ্ডিকেট কৰা মানুহবোৰক বাজপেয়ী ভৱনত ভৰাইছে মুখ্যমন্ত্ৰী শৰ্মাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 9:41 PM IST

|

Updated : March 22, 2026 at 10:00 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ : দেওবাৰে সৰুপথাৰত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী জীৱন চুতীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷ সৰুপথাৰ বিধানসভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, "যিখন অসমত বানপানী-গৰাখহনীয়াৰ কাৰণে মানুহে আজি ভূমি হেৰুৱাইছে, তেওঁলোকৰ একচনীয়া মাটি পট্টা একচনীয়া হৈ আছে, ভূমিহীন মানুহবোৰে ভূমি পট্টা পোৱা নাই সেই সময়ত জনজাতিলোকৰ ৪০ হাজাৰ বিঘা ভূমি আদানি-আম্বানীৰ ওচৰলৈ গুচি গ’ল ৷"

তেওঁ লগতে কয়, "খিলঞ্জীয়া মানুহে ভূমি পট্টা পোৱা নাই, কিন্তু ১২ হাজাৰ বিঘা ভূমি আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ তাত আছে ৷ সেই কাৰণে অসমৰ জনসাধাৰণে আগন্তুক দিনত ন্যায় বিচাৰি ১২ হাজাৰ বিঘাৰ মুখ্যমন্ত্ৰীক অসমৰ পৰা বিদায় দিব ৷"

ছিণ্ডিকেট কৰা মানুহবোৰক বাজপেয়ী ভৱনত ভৰাইছে মুখ্যমন্ত্ৰী শৰ্মাই (ETV Bharat Assam)

চুঙাজান অ' এন জি চি ফিল্ডত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ ভোট বিচাৰি গগৈয়ে কয় যে, কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ এই মিত্ৰতাই সমষ্টিটোত শাসকীয় পক্ষক এক কঠিন প্ৰত্যাহ্বান জনাব ৷ তেওঁ দাবী কৰে যে জীৱন চুতীয়া এজন শিক্ষিত আৰু নিষ্ঠাবান নেতা, সেয়ে তেওঁক অধিক ভোটত জয়যুক্ত কৰাব লাগে সৰুপথাৰবাসীয়ে ৷

বিজেপিৰ বহু জ্যেষ্ঠ নেতাই টিকট নোপোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাক কটাক্ষ কৰি গৌৰৱে কয়, "বিজেপিত বিদ্ৰোহ হোৱাটো স্বাভাৱিক কাৰণ বৰ্তমান বিজেপি বিজেপি হৈ থকা নাই ৷ বিজেপিৰ ভিতৰত পুৰণি কংগ্ৰেছৰ মানুহ ৷ পুৰণি কংগ্ৰেছৰ মানুহে দপদপনি এতিয়া চলাই আছে বাজপেয়ী ভৱনত ৷ কেমেৰাৰ সন্মুখতহে তেওঁলোকক আমি দেখা পাওঁ ৷"

বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টিকটৰ প্ৰসংগ টানি আনি গগৈয় কয়, "যিজনক ভৰি চুই হিমন্ত বিশ্ব শৰ্মাই বিজেপিত সোমালে, সেইজনক আজি তেওঁ টিকটৰ পৰা বঞ্চিত কৰিলে ৷ এই হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ লগত বিশ্বাসঘাটক কৰি মাত্ৰ নিজৰ লগত ঘনিষ্ঠ ছিণ্ডিকেট কৰা মানুহবোৰক বাজপেয়ী ভৱনত ভৰাইছে ৷ এয়াই হ’ব আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাৰ বাবে পতনৰ মূল কাৰণ ৷"

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে নিজৰ মুনাফা আৰু পৰিবাৰৰ প্ৰগতিৰ কাৰণে কাম কৰিছে: গৌৰৱ গগৈ

Last Updated : March 22, 2026 at 10:00 PM IST