ৰাজীৱ ভৱনত প্ৰদ্যুৎ বৰদলৈৰ ফটোত জোতা, চেণ্ডেলৰ কোব কংগ্ৰেছ কৰ্মীৰ
জোতা, চেণ্ডেলৰ কোব পৰিল প্ৰদ্যুৎ বৰদলৈয়ৰ ফটোত ৷ ক্ষোভিত কৰ্মীয়ে জ্বলাই দিলে বৰদলৈৰ ফটো ৷

Published : March 22, 2026 at 5:48 PM IST
ধিং : জোতা, চেণ্ডেল লৈ পাৰ্যমানে তেওঁৰ ফটোখনতে কোবাইছে একাংশ কংগ্ৰেছ কৰ্মীয়ে ৷ কোনবাই ফালিছে, কোনোৱাই জ্বলাই দিছে তেওঁ থকা পোষ্টাৰসমূহ ৷ মুঠতে কংগ্ৰেছ কৰ্মীৰ ক্ষোভ, অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটিল ধিঙৰ ৰাজীৱ ভৱনত ৷
দেওবাৰে নগাঁও জিলাৰ ধিং ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে কংগ্ৰেছৰ দলীয় কৰ্মীসকলে ৷ প্ৰাক্তন কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফটোত চেণ্ডেল, জোতাৰে কোবাই জ্বলাই সম্পূৰ্ণৰূপে পুৰি চাৰখাৰ কৰি দি ৷ যিহেতুকে ১৮ মাৰ্চত প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিছিল ৷ পৰিপ্ৰেক্ষিত ক্ষোভিত হৈ ধিং সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকল জ্বলাই দিয়ে প্ৰদ্যুৎ বৰদলৈৰ ফটোসমূহ ।
আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতি বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰত বিজেপিয়ে দিছপুৰৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে বৰদলৈয়ক ৷ দলৰ ভিতৰত অপমান, অৱহেলা অনুভৱ কৰা বুলি উল্লেখ কৰি বৰদলৈয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতালৈ ৷ ইফালে বৰদলৈয়ৰ কংগ্ৰেছ ত্যাগক ব্যক্তিগত কাৰণ বুলি অভিহিত কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৷
বৰদলৈয়ৰ কংগ্ৰেছ ত্যাগৰ প্ৰতিক্ৰিয়া বৰ্তমানও কংগ্ৰেছ কৰ্মীৰ মাজত আছে বাবে ধিঙৰ ৰাজীৱ ভৱনৰ সন্মুখত বৰদলৈয়ৰ ফটো জ্বালাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশ্বাসঘাতক, দল বেচা নেতা, প্ৰদ্যুৎ বৰদলৈ মুৰ্দাবাদ আদি শ্লোগানেৰে ক্ষুব্ধ কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ ২০২৬ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ মেনিফেষ্টো কমিটীৰ অধ্যক্ষ হিচাপেও দায়িত্বত আছিল বৰদলৈয় ৷ কিন্তু তেওঁৰ আকস্মিক দল ত্যাগে প্ৰদেশ কংগ্ৰেছত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল ৷ কংগ্ৰেছ নেতৃত্বই এই ঘটনাক দুৰ্ভাগ্যজনক” বুলি অভিহিত কৰিছে যদিও তৃণমূল কৰ্মীৰ ক্ষোভ আজিও দেখিবলৈ পোৱা গৈছে ৷
ইফালে, দেওবাৰে বিৰোধী ঐক্য মঞ্চৰ ধিং সমষ্টিৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে ধিং ৰাজীৱ ভৱনত উপস্থিত হৈ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ সেৱা দলৰ কৰ্মীসকলৰ লগতে পৃথক পৃথকে বৈঠকত মিলিত হয় ৷
লগতে পঢ়ক:বঢ়মপুৰ সমষ্টিত জিতু গোস্বামীলৈ সম্পূৰ্ণ সমৰ্থন নগাঁও জিলা চাহ মজদুৰ সংঘৰ

