ETV Bharat / politics

বিধানসভালৈ অহা কোন কোন বিধায়কৰ নামত আছে কিমান গোচৰ ?

কোন কোন বিজয়ী প্ৰাৰ্থীৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধজনিত গোচৰ ? নিৰ্বাচন আয়োগৰ তালিকাত ২১ জন প্ৰাৰ্থীৰ নাম । এক বিশেষ প্ৰতিবেদন ।

Assam 2026 Assembly Election Result, criminal Candidates Winners
বিধানসভালৈ অহা কোন কোন বিধায়কৰ নামত আছে গোচৰ ? (ETV Bharat Assam Gfx)
author img

By ETV Bharat Assamese Team

Published : May 6, 2026 at 8:53 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: ঘোষণা হ'ল অসম বিধানসভা নিৰ্বাচন-২০২৬ ৰ ফলাফল । গৰিষ্ঠসংখ্যক আসন লাভেৰে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বিজেপি নেতৃত্বাধীন এনডিএই । মুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই নিৰ্বাচনত বিজেপি দলে ৮২ খন আসন, অসম গণ পৰিষদে ১০ খন আসন, বিপিএফে ১০ খন আসনত বিজয় সাব্যস্ত কৰিছে ৷ এনডিএৰ এই তিনিটা দলে মুঠ ১০২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷

ইফালে বিৰোধী ঐক্য মঞ্চৰ ফলাফল একেবাৰে হতাশজনক ৷ কংগ্ৰেছে ১৯ খন আৰু ৰাইজৰ দলে দুখন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে এআইইউডিএফ দলে ২ খন আৰু তৃণমূল কংগ্ৰেছ দলে এখন আসন লাভ কৰিছে ৷

পিছে নৱ-নিৰ্বাচিত বিধায়কসকলৰ একাংশৰ নাই নিকা অতীত । কেইবাজনৰো বিৰুদ্ধে ৰুজু হৈ আছে কেইবাটাও গোচৰ । কাৰ কাৰ বিৰুদ্ধে কিমান গোচৰ ৰুজু হৈ আছে আপুনি জানেনে ? অসম বিধানসভা নিৰ্বাচন ২০২৬ ত নিৰ্বাচনী বৈতৰণী পাৰ হোৱা প্ৰায় ২১ জন বিধায়কৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু হৈ আছে বুলি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে ।

অখিল গগৈ:

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীৰ ভিতৰত আটাইতকৈ বেছি গোচৰ ৰুজু হৈ আছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিজয়ী প্ৰাৰ্থী অখিল গগৈৰ বিৰুদ্ধে । 'কা' আন্দোলন তথা বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি চৰকাৰী ৰোষত পৰা অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে ২১ টাকৈ গোচৰ । চানমাৰি, দিছপুৰ, বশিষ্ঠ, ভৰলুমুখ, ডিব্ৰুগড়, চাবুৱা আৰু উত্তৰ লখিমপুৰ আৰক্ষী থানাত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ । ২০১৬ চনৰ পৰা ২০২৫ চনলৈকে ৰুজু হোৱা এটাও গোচৰ বৰ্তমানলৈকে নিস্পতি হোৱা নাই ।

শিলাদিত্য দেৱ:

অপৰাধজনিত গোচৰ ৰুজু হৈ থকা বিজয়ী প্ৰাৰ্থীৰ তালিকাত দ্বিতীয় স্থানত আছে হোজাই সমষ্টিত বিজয় সাব্যস্ত কৰা বিজেপি প্ৰাৰ্থী বহুবল্কি নেতা শিলাদিত্য দেৱৰ নাম । অপৰাধজনিত কৰ্মৰ ষড়যন্ত্ৰ, সাম্প্ৰদায়িক মন্তব্য আদিৰ বাবে হোজাই আৰক্ষী থানাত ১২টা আৰু ডবকা আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈ আছে প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ।

শ্বেৰমান আলী আহমেদ:

অপৰাধৰ গোচৰ ৰুজু হৈ থকা প্ৰাৰ্থীৰ তালিকাত আছে বহু চৰ্চিত, তৃণমূল কংগ্ৰেছৰ পৰা ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱা শ্বেৰমান আলী আহমেদৰ নাম । প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ আছে ৪ টাকৈ গোচৰ । প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বাঘবৰ আৰক্ষী থানাত ৰুজু হৈ আছে গোচৰ ।

অৰূপ কুমাৰ দে':

শ্বেৰমান আলী আহমেদৰ দৰেই ৪ টাকৈ গোচৰ ৰুজু হৈ আছে বিজনী সমষ্টিৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থী অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে । কেইবাটাও অভিযোগত কোকৰাঝাৰ আৰু ফকিটাগ্ৰাম আৰক্ষী থানাত প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ ।

জুবেইৰ আনম মজুমদাৰ:

আলগাপুৰ-কাটলিচেৰাৰ কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী জুবেইৰ আনম মজুমদাৰো সাৰি নগ'ল এই তালিকাৰ পৰা । প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ আছে ৩ টাকৈ গোচৰ । দিছপুৰ আৰক্ষী থানাত প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ আছে তিনিওটা গোচৰ ।

জিতু গোস্বামী:

অপৰাধজনিত গোচৰ ৰুজু হৈ আছে বঢ়মপুৰ সমষ্টিত দ্বিতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰা বিজেপিৰ জিতু গোস্বামীৰ বিৰুদ্ধে । গোস্বামীৰ বিৰুদ্ধে কলকাতাৰ চিবিআই আৰক্ষীত ৰুজু হৈ আছে তিনিটা গোচৰ ।

জাকাৰিয়া আহমেদ:

কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকাৰিয়া আহমেদৰ বিৰুদ্ধে ৰুজু হৈ আছে দুটাকৈ গোচৰ ।

মৌলানা বদৰুদ্দিন আজমল:

হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰা, এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰুজু হৈ আছে দুটাকৈ গোচৰ । কৰিমগঞ্জ আৰু বৈঠালাংছ' আৰক্ষী থানাত আজমলৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ ।

আমিনুল হক লস্কৰ:

সোণাই সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰা আমিনুল হক লস্কৰৰ বিৰুদ্ধেও ৰুজু হৈ আছে দুটাকৈ গোচৰ । সোণাই আৰক্ষী থানাত হত্যাৰ ভাবুকিকে আদি কৰি কেইবাটাও বিষয়ত দুটা গোচৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ।

মজিবুৰ ৰহমান:

দলগাঁও সমষ্টিত এআইইউডিএফৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা মজিবুৰ ৰহমানৰ বিৰুদ্ধে ৰুজু হৈ আছে দুটাকৈ গোচৰ । মঙলদৈ আৰু খাৰুপেটীয়া আৰক্ষী থানাত প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ ।

ইয়াৰোপৰি, লাহৰীঘাট আৰু নাওবৈচা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ক্ৰমে আচিফ মহম্মদ নাজাৰ আৰু জয়প্ৰকাশ দাস, দুয়োজনৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু হৈ আছে বুলি প্ৰকাশ কৰে নিৰ্বাচন আয়োগে । একেদৰে এই তালিকাত নাম সোমাল অগপৰ সভাপতি তথা বোকাখাত সমষ্টিৰ বিজয়ী প্ৰাৰ্থী অতুল বৰাৰ নামো । বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত ৰুজু হৈ আছে এটা গোচৰ ।

একেদৰে বিজয়ী কংগ্ৰেছ প্ৰাৰ্থীৰ ভিতৰত জলেশ্বৰ সমষ্টিৰ আফটাব উদ্দিন মোল্লা, পাকাবেটবাৰী সমষ্টিৰ জাকিৰ হুছেইন শিকদাৰ, পৰ্বতঝোৰা সমষ্টিৰ মঃ আশ্ৰাফুল ইছলাম শ্বেখ, কৰিমগঞ্জ দক্ষিণৰ আমিনুৰ ৰশিদ চৌধুৰী, প্ৰত্যেকগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ আছে এটাকৈ গোচৰ ।

বিজেপিৰ বিজয়ী প্ৰাৰ্থীৰ ভিতৰত বৰক্ষেত্ৰী সমষ্টিৰ নাৰায়ণ ডেকা, হাইলাকান্দি সমষ্টিৰ মিলন দাস, সৰুপথাৰ সমষ্টিৰ বিশ্বজিৎ ফুকন, মৰিগাঁও সমষ্টিৰ ৰমাকান্ত দেউৰী, প্ৰত্যেকৰ বিৰুদ্ধে ৰুজু হৈ আছে এটাকৈ গোচৰ ।

লগতে পঢ়ক: ১১ মে’ৰ পাছতহে শপত ল’ব অসমৰ নতুন চৰকাৰে, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী

লিকটিয়া জীৱক পৰাস্ত কৰিব নোৱাৰি বদনাম কৰাত নামিছে হিমন্ত বিশ্ব শৰ্মা: অখিল গগৈ