পৰ্বতসম ঋণৰ ৬৫ শতাংশ হিতাধিকাৰী আঁচনিত খৰচ চৰকাৰৰ, ঋণ লৈ মাৰিছে ঋণৰ সূত: ৰিপুণ বৰা
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ বিত্তীয় বিশৃংখলতা আৰু খেলিমেলিৰ অভিযোগ কংগ্ৰেছ ।

Published : December 9, 2025 at 8:52 PM IST
গুৱাহাটী: "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ২০২১-২০২৫লৈ যিমান বিত্তীয় বিশৃংখল হৈছে, ১৯৫২চনৰ পৰা অসমৰ ইতিহাসত ইমান খেলিমেলি হোৱা নাছিল । ৰাজ্য চৰকাৰে লোৱা ১ লাখ ৭৪ হাজাৰ কোটি টকাৰ ৬৫ শতাংশ ধনেই মুখ্যমন্ত্ৰীয়ে কেৱল হিতাধিকাৰী আঁচনিত ব্যৱহাৰ কৰিছে ।” যোৱা ৩০ নৱেম্বৰত অসম বিধানসভাত CAG-এ দাখিল কৰা প্ৰতিবেদনৰ আধাৰত ৰাজ্য চৰকাৰৰ বৃহৎ বিত্তীয় খেলিমেলিক লৈ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ ।
মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন সাংসদ, এ পি চি চিৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কয়, “চৰকাৰখনে কেনেকৈ জালিয়াতি কৰিছে উদাহৰণ হিচাবে আমি তথ্য দিওঁ ৷ ২০২৩-২৪ চনত বাজেটৰ ১ লাখ ৬৯ হাজাৰ কোটি টকাৰ ভিতৰত ১ লাখ ৩৯ হাজাৰ কোটি টকা ব্যয় কৰা দেখুৱাইছে চৰকাৰখনে । প্ৰকৃততে জমা ধন নায়েই । আচলতে বাজেটত সিমান টকা দিয়াই নাছিল । ১ লাখ ৩৮ হাজাৰ কোটিহে বাজেটত দিয়া হৈছিল । এই তথ্য জালিয়াতি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ।”
CAGৰ প্ৰতিবেদনৰ আধাৰত ৰিপুণ বৰাই তথ্য দাঙি ধৰে এইদৰে—
- ২০২৩-২৪ ৰ বাজেটত ধাৰ্য হোৱা টকাৰ পৰিমাণ ১,৬৯,৯৬৬.১৩ কোটি টকা
- প্রকৃত খৰচ হ'ল ১,৩৯,৪৪৯.৬৬ কোটি টকা
- সঞ্চয় দেখুওৱা হৈছে ৩০,৫১৬.৪৭ কোটি টকা (বাজেটৰ ১৮%)
কংগ্ৰেছৰ মতে এইটো এটা জালিয়াতি, কিয়নো প্রকৃততে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰ নিৰ্ধাৰিত বাজেটৰ বিপৰীতে মুঠ ৰাজহ সংগৃহীত হৈছিল ১,৩৮,৮৩০.৭৯ কোটি টকাহে । অর্থাৎ CAG এ স্পষ্টভাৱে উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে দেখুওৱা ৩০,৫১৬.৪৭ কোটি টকাৰ সঞ্চয় প্রকৃততে সেই বাজেটত উপলব্ধ ন'হল ।
"বাজেটক লৈয়ো জালিয়াতি কৰিছে এই চৰকাৰখনে । এই তথ্য সৰ্বভাৰতীয় পৰ্যায়লৈ যাব । অডিট কৰোতাকো ফাঁকি দিছে অসম চৰকাৰে ।" অভিযোগ কংগ্ৰেছৰ ।

কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ সংবাদ মেলত মন্তব্য যে মুখ্যমন্ত্ৰীয়ে দাংকোপ মাৰে যে তেওঁ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী । কিন্তু কেৱল ছিণ্ডিকেটৰ ওপৰতহে তেওঁৰ নিয়ন্ত্ৰণ আছে । কিন্তু চৰকাৰৰ বিভাগসমূহৰ ওপৰত নিয়ন্ত্ৰণ নাই মুখ্যমন্ত্ৰীৰ ।
ৰিপুণ বৰাই কয়,"ৰাজ্যখনৰ ৫০ টা দপ্তৰে ২০২২-২৩ বিত্তীয় বৰ্ষত দিয়া ৫২ হাজাৰ কোটি টকাৰ ১৮ হাজাৰৰো অধিক কোটি টকাৰ খৰচৰ হিচাপ দিব পৰা নাই । খৰচৰ হিচাপ দিব নোৱৰাটোৱে এয়াই সূচায় যে মুখ্যমন্ত্ৰীৰ কোনো নিয়ন্ত্ৰণ নাই ।
ৰাজ্যৰ বিত্ত বিভাগে ২৯৮৬ কোটি টকাৰ হিচাপ দিব পৰা নাই । তেনেকৈ কেবাটাও মূল বিভাগে মুঠ ১৮ হাজাৰৰো অধিক কোটি টকাৰ খৰচৰ হিচাপ দিব পৰা নাই এই পৰ্যন্ত ।
- ২০২২-২০২৩ বিত্তীয় বর্ষ পর্যন্ত ৫০ টা বিভাগত আৱণ্টিত ৫২,৮৭১ কোটি টকা
- ১৮,৬৬৯.৫৫ কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ-পত্র দিয়া নাই ৰাজ্য চৰকাৰে
প্ৰমান-পত্ৰ দিব নোৱৰা মানে এই ধন লুণ্ঠন কৰাৰ থল আছে বুলি মন্তব্য কংগ্ৰেছৰ নিৰ্বাচনী ব্যৱস্থাপনা কমিটীৰ অধ্যক্ষৰ দায়িত্বতো থকা ৰিপুণ বৰাৰ । ৰিপুণ বৰাৰ প্ৰশ্ন,"এনে বৃহৎ পুঁজি ক'ত খৰচ কৰিলে চৰকাৰে হিচাপ দিব নোৱৰা মানে প্রকৃততে এই টকা উন্নয়নত খৰচ নকৰি আত্মসাৎ কৰিছে বুলি ভাবিবৰ সন্দেহ আছে ।"

কোন বিভাগে কিমান টকাৰ হিচাপ দিয়া নাই ?
- বিত্ত বিভাগ ২৯৮৬ কোটি টকা
- শিক্ষা বিভাগ ১৯০২ কোটি টকা
- ভৈয়াম জনজাতি কল্যাণ বিভাগ ১৭২১ কোটি টকা
- সমাজকল্যাণ বিভাগ ১৬২২ কোটি টকা
- সচিবালয় প্রশাসন বিভাগ ১৩৫৮ কোটি টকা
- পঞ্চায়ত গ্রামোন্নয়ন বিভাগ ১১৭৯ কোটি টকা
- ৰূপান্তৰ উন্নয়ন বিভাগ ৭২৫ কোটি টকা
- সংখ্যালঘু উন্নয়ন বিভাগ ৭০০ কোটি টকা
- পৌৰ প্ৰশাসন বিভাগ ৬৬৫ কোটি টকা
- উদ্যোগ বাণিজ্য বিভাগ ৬৪৯ কোটি টকা
ব্যৱহাৰৰ প্ৰমাণ পত্ৰ দিবলৈ সক্ষম নোহোৱা এই বিশাল পুঁজি আত্মসাৎ হোৱাৰ অভিযোগ তুলি ৰিপুণ বৰাৰ মন্তব্য,"আজি সামান্য ৩০০ টকা এটা ঘোচ লোৱা লাটমণ্ডলক গ্ৰেপ্তাৰ কৰি বাহ বাহ লৈছে মুখ্যমন্ত্ৰীয়ে । কিন্তু নিজৰ দপ্তৰসমূহে কিমান হাজাৰ কোটি টকা আত্মসাৎ কৰিছে, তাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই ।”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঋণ লোৱা নীতিৰ অসমকখনক ক্ৰমাৎ অন্ধকাৰলৈ লৈ গৈছে বুলি অভিযোগ কংগ্ৰেছৰ । এই গতিতেই যদি গৈ থাকে ২০২৬ চনৰ ৩১ মাৰ্চলৈ ১ লাখ ৭৪ হাজাৰ কোটি টকাৰ ধাৰ হ’বগৈ অসম চৰকাৰৰ ।
ৰিপুণ বৰাই কয়,"২০২৯ চনত ১৮ শতা’শ সুদসহ এই ধাৰ মাৰিব লাগিব । ৩-৫ বছৰৰ ভিতৰতহে দিবলগা এই পৰিমাণ । তাৰ পৰৱৰ্তী বছৰত এই সংখ্যা বাঢ়ি গৈ থাকিব । হিমন্ত বিশ্ব শৰ্মা স্ফুৰ্তিত আছে । কাৰণ তেওঁ জানেই যে ২০২৯ চনত তেঁও শাসনলৈ নাহেই । তেঁও ধাৰ মাৰিবলগা নহয়েই । কিন্তু পৰৱৰ্তী আন চৰকাৰ আহিলে কেনেকৈ এই ধাৰ মাৰিব ?"
লগতে ৰিপুণ বৰাই কয়, “ CAG এ কৈছে যে চৰকাৰৰ হাতত কোনো বিকল্প নাথাকিব । হয় টেক্স বঢ়াব লাগিব নহ’লে ব্যয়ৰ শিতান কমাব লাগিব । কাৰণ ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ এই দুটাই উপায় থাকিব বুলি CAG এ পৰ্যালোচনা কৰিছে । যাৰ ফলত যুৱ-প্ৰজন্মৰ ওপৰত অত্যধিক চাপ পৰিব । ৰাইজৰ ওপৰত মাধমাৰ পৰিব ।"
ৰিপুণ বৰাৰ অভিযোগ যে বৃহৎ পৰিমাণে ঋণ গ্ৰহণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজ্যিক ঘৰুৱা উৎপাদনৰ (GSDP)) হাৰ বৃদ্ধিৰ জালিয়াতি কৰিছে । এই কথাও CAG ৰ প্ৰতিবেদনত উল্লেখ আছে বুলি মন্তব্য কৰে ৰিপুণ বৰাৰ ৷
ঋণৰ বোজা প্ৰসংগত বৰাই কয়, "২০১৯-২০ বিত্তীয় বৰ্ষত চৰকাৰৰ ঋণৰ পৰিমাণ আছিল ৭২,২৫৬ কোটি টকা । ২০২৩-২৪ বিত্তীয় বৰ্ষত ঋণৰ পৰিমাণ ১০৩.৩৪% বৃদ্ধি হয় অর্থাৎ মুঠ ঋণৰ পৰিমাণ হয় ১,৪৬,৯২৭ কোটি টকা, চৰকাৰে মুকলি বজাৰৰ পৰা জধে মধে ঋণ লোৱাৰ বাবে ২০১৯-২০ বিত্তীয় বৰ্ষত ধাৰৰ বোজা ২০.৮৩% ৰ পৰা ২০২৩-২৪ বিত্তীয় বর্ষত ২৫% লৈ বৃদ্ধি হয় ।”
আনহাতে, ৰিপুণ বৰাৰ মন্তব্য,"ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নীতি অনুসৰি ৰাজ্যৰ মুঠ ঘৰুৱা জনমূৰি উৎপাদনৰ ২০ শতাংশহে ৰাজ্য চৰকাৰে ঋণ ল’ব পাৰে ৷ কিন্তু বিজেপি ৰাজ্য চৰকাৰৰ দিনত অসম এই GSDP ১১/১২ শতাংশ মানহে হ’ব । সেয়ে ৰাজ্য চৰকাৰে জালিয়াতিৰ আশ্ৰয় লৈ GSDP ২০ শতাংশ কৰিছে ।”
CAG ৰ প্ৰতিবেদনত থকা আটাইতকৈ উদ্বেগৰ কথা হ’ল যে ৰাজ্য চৰকাৰে পৰ্বতসম ধাৰৰ ঋণৰ সূতো ধাৰ লৈ মাৰিব লগা হৈছে । বৰাই এই প্ৰসংগত কয়, "ঋণ লৈ চৰকাৰে আগৰ ঋণ পৰিশোধ কৰিছে । ২০১৬-১৭ বিত্তীয় বৰ্ষত অসম চৰকাৰে ঋণৰ সুদৰ বাবদ ২,৯৬৩ কোটি টকা পৰিশোধ কৰিছিল আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত সুদৰ বাবদ ভৰিব লগা হৈছে ৯,৪৬৭ কোটি টকা ৷”
কংগ্ৰেছৰ মতে CAGৰ প্ৰতিবেদনে উদঙুৱা ৰাজ্য চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ভয়ংকৰ দুটা বিষয় হ’ল-
- ঋণৰ ৬৫ শতাংশ ধন হিতাধিকাৰী আঁচনিত খৰচ কৰা
- শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ বাজেটৰ ধন কৰ্তন
ঋণৰ ৬৫ শতাংশ ধন হিতাধিকাৰী আঁচনিত খৰচ:
সংবাদমেলত ৰিপুণ বৰাই কয়,"CAG ৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ২০২১-২০২৪ বিত্তীয় বর্ষত অসম চৰকাৰে যিমান ঋণ লৈছে ইয়াৰ প্ৰায় ৬৫% কেৱল বিভিন্ন হিতাধিকাৰীৰ আঁচনি, অনুদান এই বিলাকত খৰচ কৰিছে । ১০% কৰ্মচাৰীৰ দৰমহাত খৰচ কৰি মাত্র ২৫% হে উন্নয়নমূলক আঁচনিত খৰছ কৰিছে । সেয়েহে CAG এ ক'বলৈ বাধ্য হৈছে যে হিমন্ত বিশ্ব চৰকাৰে ঋণ লোৱাৰ যি Principle অর্থাৎ 'Borrow for investment not for consumption' ভংগ কৰিলে একমাত্ৰ নিজৰ ৰাজনৈতিক স্বার্থ পূৰণৰ বাবে ।"
আগৰ বছৰৰ তুলনাত শিক্ষাত ১৭.৭০% আৰু স্বাস্থ্যত ৫.২১% খৰচ কৰ্তন:
কংগ্ৰেছ নেতা বৰাই উল্লেখ কৰে যে CAG এ ৰাজ্য চৰকাৰৰ জালিয়াতিৰ আন এক ভয়ংকৰ তথ্য উদঘাটন কৰিছে । ৰিপুণ বৰাৰ মন্তব্য,"ঋণ পৰিশোধৰ নামত চৰকাৰে ২০২৩-২৪ বিত্তীয় বর্ষত ২,১৭২.২৭ কোটি টকা বাজেট বহির্ভূতভাৱে খৰচ কৰিছে । আনহাতেদি শিক্ষা খণ্ডত আগৰ বছৰৰ তুলনাত ১৭.৭০% আৰু স্বাস্থ্য খণ্ডত ৫.২১% খৰচ কৰ্তন কৰিছে ।”
সেয়ে কংগ্ৰেছ দলৰ অভিযোগ যে ৰাজ্যখনৰ জনসাধাৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা আৰু স্বাস্থ্য বিভাগত খৰচ কৰ্তন কৰি হিমন্ত বিশ্ব শৰ্মাই এক অক্ষমণীয় অপৰাধ কৰিছে । সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত CAG ৰ প্ৰতিবেদনৰ ভিত্তিত কংগ্ৰেছে কৰা এই সমালোচনাৰ উত্তৰ বিজেপি আৰু ৰাজ্য চৰকাৰে কিদৰে দিয়ে সেয়া হ’ব মনকৰিবলগীয়া ।

