ETV Bharat / politics

ভোটাৰে কি কয় ? বিগত পাঁচ বছৰত তেজপুৰ সমষ্টিৰ উন্নয়নৰ ৰূপৰেখা

বিমান চলাচল ব্যাহত । বন্ধ তেজপুৰ ৰে'ল ষ্টেচনো । তেজপুৰ বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজে জনালে বিগত পাঁচ বছৰত সমষ্টিটোৰ উন্নয়নৰ কথা ।

Tezpur Assembly Constituency
বিগত পাঁচ বছৰত তেজপুৰ সমষ্টিৰ উন্নয়নৰ ৰূপৰেখা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 4:33 PM IST

6 Min Read
Choose ETV Bharat

তেজপুৰ : ৰাজ্যত সমাগত অসম বিধানসভাৰ নিৰ্বাচন । ভোটাৰৰ মাজত গুণা-গথা চলিছে নিজ নিজ সমষ্টিত বিগত সময়ছোৱাত কি উন্নয়ন সাধন হ'ল আৰু কি কি হ'বলৈ বাকী থাকিল ।

তেজপুৰ বিধানসভা সমষ্টি অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত এক অন্যতম বিধানসভা সমষ্টি । সমষ্টিটো সুদীৰ্ঘ সময়ৰ পৰা অসম গণ পৰিষদৰ দখলত আছে । বৰ্তমান এন ডি এৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ বিধায়ক থকা সমষ্টিটোত চহৰ অঞ্চলৰ জনসাধাৰণৰ মাজত কি অভাৱ পূৰণ হ'বলৈ থাকিল, তেওঁলোকৰ মনৰ কথাৰে আমাৰ এই প্ৰতিবেদন ।

কি কয় চহৰ অঞ্চলৰ ভোটাৰে

ভোটাৰে কি কয় ? বিগত পাঁচ বছৰত তেজপুৰ সমষ্টিৰ উন্নয়নৰ ৰূপৰেখা (ETV Bharat Assam)

তেজপুৰ চহৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত অৱস্থিত অসমৰ সাংস্কৃতিক চহৰ হিচাপে পৰিগণিত । ঊষা-অনিৰুদ্ধৰ প্ৰেম কাহিনীৰে সমৃদ্ধ তেজপুৰ চহৰৰ ব্যৱসায়ীসকলৰ মতে, বিগত সময়ছোৱাত সমষ্টিটোত পথৰ উন্নতিসাধন আৰু বহুতো ক্ষেত্ৰত উন্নয়ন হৈছে । কিন্তু চহৰৰ ব্যৱসায়ীসকলে আজিও বহুতো ক্ষেত্ৰত বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ।

তেওঁলোকে জনায় যে চহৰৰ মাজত পথ যোগাযোগ ব্যৱস্থাৰ সমান্তৰালভাৱে খোৱাপানী যোগান আৰু বৰ্তমান গেছৰ সংযোগ নতুনকৈ হৈছে । যাৰবাবে তেওঁলোক এই ক্ষেত্ৰত সুখী । আনহাতে, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত চহৰৰ লগত আন্তঃৰাজ্যিক যোগাযোগ ব্যৱস্থা একেবাৰে বেয়া ।

এগৰাকী ব্যৱসায়ী তথা স্থানীয় ভোটাৰে কয়, "তেজপুৰ চহৰৰ পৰা গুৱাহাটীলৈ যাবলৈ ৰে'ল যোগাযোগ ব্যৱস্থা একেবাৰে বেয়া । কাৰণ তেজপুৰ চহৰৰ পৰা ডেকাৰগাঁও ৰে'ল ষ্টেচনলৈ যাবলৈ খৰচ হয় ৩০০ টকা । তাৰ বিপৰীতে ডেকাৰগাঁও ষ্টেচনৰ পৰা গুৱাহাটীলৈ খৰচ হয় ৭০ টকা । ফলস্বৰূপে যাত্ৰীয়ে হাৰাশাস্তি ভুগিবলগা হয় । পূৰ্বতে তেজপুৰ জাহাজঘাট ৰে'ল ষ্টেচনৰ পৰা নিয়মীয়াকৈ ৰে'ল চলাচল কৰিছিল । এতিয়া সেয়া বন্ধ কৰি ডেকাৰগাঁৱতে স্তব্ধ কৰি দিলে । ফলস্বৰূপে মিছন চাৰিআলিত ভয়ানক যান-জঁটৰ সন্মুখীন হ'বলগা হয় ।"

Tezpur Assembly Constituency
সদাব্যস্ত তেজপুৰ চহৰ (ETV Bharat Assam)

লগতে কয়, "তেজপুৰ চহৰৰ পৰা যোগাযোগৰ ক্ষেত্ৰত পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰ যদিও বহিঃৰাজ্যৰ লগত যোগাযোগৰ ব্যৱস্থা থকা তেজপুৰ বিমানবন্দৰ যোৱা এবছৰ ধৰি বন্ধ কৰি ৰাখিছে । জনসাধাৰণৰ যোগাযোগ ব্যৱস্থা সুচল কৰিবৰ বাবে তেজপুৰ শালনীবাৰী বিমানবন্দৰ যাতায়াতৰ বাবে মুকলি কৰিব লাগে ।"

এই বিষয়ত দেশৰ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে যে তেজপুৰত এটা ভাল বিমানবন্দৰ লাগে । চৰকাৰে যি উন্নয়ন সাধন কৰিছে তাৰ ভিতৰত এইসমূহ এৰাই চলিছে ।

আন এগৰাকী স্থানীয় ভোটাৰে কয়, "তেজপুৰ চহৰৰ মাজত অত্যন্ত প্ৰয়োজনীয় যান-বাহনৰ পাৰকিঙৰ ব্যৱস্থা নোহোৱা বাবে চহৰত অত্যধিক যান-জঁটৰ সৃষ্টি হয় । লগতে তেজপুৰ চহৰৰ ঐতিহাসিক চ'ক বজাৰ বিগত সময়ছোৱাত বিধ্বংসী অগ্নিকাণ্ডত জাহ যোৱাৰ পিছত নতুনকৈ নিৰ্মাণ কৰা হৈছে যদিও সেয়া অৰ্ধনিৰ্মিত অৱস্থাত আছে । সৰ্বমুঠ ৪০০ দোকানীৰ দৈনন্দিন জীৱনৰ আহিলা হোৱাৰ লগতে ১০ হাজাৰ লোকে কৰ্মসংস্থাপন পাই আছিল এই চ'ক বজাৰত । এতিয়া মাত্ৰ একাংশহে সম্পূৰ্ণ হৈ উঠিছে, বাকী অংশ আগন্তুক আৰু এটা বছৰৰ পিছত হোৱাৰ সম্ভাৱনা আছে ।"

Tezpur Assembly Constituency
তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ অগ্নিগড় (ETV Bharat Assam)

লগতে তেজপুৰ চহৰৰ পদপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, যাৰবাবে অধিক যান-জঁটৰ সৃষ্টি হৈছে ।

আন এগৰাকী ব্যৱসায়ী ভোটাৰে জনায়, "চৰকাৰে যি কৰিছে ভাল কাম কৰিছে । এতিয়া পুনৰ নিৰ্বাচন আহিছে । চৰকাৰ কোনে গঠন কৰে সেয়া বিষয় নহয় । কিন্তু আমাক যোগাযোগ ব্যৱস্থা লাগে । তেজপুৰ চহৰ সম্পূৰ্ণ একাষৰীয়া হৈ যোৱাৰ ফলত ব্যৱসায় একেবাৰে নাইকিয়া হৈ পৰিছে । ব্যৱসায়ীসকলে বজাৰ নোপোৱা হৈছে । বিশেষকৈ অনলাইন ব্যৱসায় আৰম্ভ হোৱাৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় বন্ধ হৈ পৰিছে । তাৰবাবে ব্যৱস্থা কৰিব লাগে ।

তেওঁ লগতে কয়, "মিত্ৰজোঁট চৰকাৰে ভাল কাম কৰিছে । চ'ক বজাৰৰ আধা কাম হৈছে, সেই দোকানীখিনিক তেওঁলোকৰ বাবে ব্যৱস্থা কৰা হৈছে । বিশেষকৈ ৰে'ল ষ্টেচন বিশেষ প্রয়োজন । পূৰ্বতে থকা ষ্টেচন পুনৰ আৰম্ভ কৰিব লাগে । আনহাতে, যাতায়াতৰ ক্ষেত্ৰত পথৰে যাবলৈ চাৰিখন টোল গে'টত এজন ব্যক্তিয়ে এবাৰত ৭০০ টকা দিব লাগে । সামগ্ৰী কঢ়িয়াই অনা গাড়ীৰো একেই ৭০০-৮০০ টকা দিয়াৰ বাবে সামগ্ৰীৰ মূল্যবৃদ্ধি হ'বলৈ ধৰিছে ।"

সেয়ে চৰকাৰক অনুৰোধ জনাইছে যে এই টোল গে'টৰ কৰ কমাই দিয়ক আৰু বিশেষকৈ কলিয়াবৰ টোল গে'ট স্থানীয় লোকৰ বাবে ৰেহাই দিব লাগে বুলি কয় ।

Tezpur Assembly Constituency
চিত্ৰলেখা উদ্যান (ETV Bharat Assam)

আন এগৰাকী ভোটাৰে কয়, "বিগত সময়ছোৱাত পাঁচ বছৰ অন্য জিলাৰ তুলনাত একেবাৰে বিমুখ হৈছোঁ । যিদৰে উন্নয়ন হ'ব লাগিছিল সেইদৰে হোৱা নাই । আঁচনি লৈছে তাৰ মানদণ্ড উন্নত নহয় ।" চৰকাৰী আঁচনি যিমান লৈছে সেয়া ফলপ্ৰসূ হোৱা নাই, আধৰুৱা হৈছে আৰু ধীৰ গতিৰে হোৱাৰ বাবে এটা কাম পাঁচ বছৰৰ পৰা ৭ বছৰ লাগিছে । উদাহৰণস্বৰূপে মিছন চাৰিআলি ফ্লাই অ'ভাৰ ,হজৰাপাৰ ষ্টেডিয়াম, জিলা পুথিভঁৰাল আৰু তেজপুৰ বাণ থিয়েটাৰ বিগত পাঁচ বছৰ ধৰি সম্পূৰ্ণ হৈ নুঠিল ।"

তেওঁ লগতে কয়, "ষ্টেডিয়ামৰ কাম কৰিলে, কিন্তু ইয়াৰ মানদণ্ড যেনেধৰণৰ হ'ব লাগিছিল সেয়া হোৱা নাই । মুকলি নকৰোঁতেই টাইলছ ফাটি গৈছে, ৱাল ফাটি গৈছে । জিলা পুথিভঁৰাল আজি পাঁচ বছৰ ধৰি আবদ্ধ হৈ আছে, বাণ থিয়েটাৰৰ অৱস্থাও একেই । আমাৰ চৰকাৰী ঠিকাদাৰ নাই । চৰকাৰে সদায় কয় যে মিঞা মুছলমানক আমি ঠিকা নিদিওঁ । কিন্তু ঠিকা লৈছে এজন হিন্দু লোকে, কিন্তু ছাব ঠিকা লৈছে এজন মুছলমান লোকক । গতিকে অসমীয়া মানুহৰ উন্নতি কেনেকৈ হ'ব ।"

"অন্য ডাঙৰ ডাঙৰ চহৰত ৰে'ল ষ্টেচন চহৰৰ মাজত । কিন্তু আমাৰ আছিল চহৰৰ পৰা কাষৰীয়া অঞ্চলত, সেয়াও বন্ধ কৰি ৰাখিলে । তেজপুৰৰ পৰা জামুগুৰিহাটৰ দূৰত্বতকৈ সংযোগৰ ব্যয় বেছি । চৰকাৰে সুবিধা দিছে, কিন্তু কিমানদূৰ অগ্ৰগতি লাভ কৰিছে চৰকাৰে নিজেই উপলব্ধি কৰক । আমি ভাবোঁ আমাৰ যি নেতৃবৰ্গ তেওঁলোক নিষ্ক্ৰিয় হৈ আছে ।" এই বক্তব্য স্থানীয় ভোটাৰগৰাকীৰ ।

লগতে পঢ়ক :নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টিৰ ভোটাৰৰ ক্ষোভ-সমস্য়া
লগতে পঢ়ক :ভোটাৰে কি কয় ? বিগত পাঁচ বছৰৰ উন্নয়নমূলক কামক লৈ সন্তুষ্ট নে খুমটাই সমষ্টিৰ ৰাইজ